তাৰ বুদ্ধি থাকক তাৰ দিন ওচৰ চাপিছে। হয় কালিলৈ
নহয় পৰহি-তাতো নহলে টানি মানি তিনিদিন! এই
তিনিদিনত তাৰ শেষ কৰিমেই কৰিম।
তুৰ—এই তিনিদিনতে আকৌ উল্টাও হব পাৰে।
কাছি—জনাবৰ বঙাল সেনাপতি ইমান কেঁচা লৰা নহয়! মোৰ সকলো ঠিক আছে জনাব।
তুৰ—সেনাপতি, মই আপোনাৰ কাণ্ড কাৰখানা দেখি বাস্তবিকে অবাক। কেনেকৈ আপুনি ইমান জোগাৰ কৰে আৰু ইমান খবৰ ৰাখে? আনকি আহোমৰ ভিতৰৰ সৰ্ব খবৰো পায়, মই যে ভাবি অবাক হওঁ। আমাৰ গুপ্তচৰ বিলাকতত সব, মিছা, কোনো কামৰ পাত্ৰ নহয়! আপুনি কেনেকৈ ইমান খবৰ ৰাখে?
হুছেন খাঁ—জনাবে নাজানে সেনাপতিৰ এটা তোফা গুপ্তচৰ আছে। যেনে খুবচুৰৎ তাৰ চেহেৰা তেনে সি বিশ্বাসী আৰু তেনে হুচিয়াৰ। জনাবে বোধকঁৰো তাক দেখা নাই।
তুৰ-কালি কি পৰহি কিজানি দেখিছিলোঁ। এটা লৰা আহি আমাৰ দুই দোস্তৰ লগত কি আলাপ কৰি গ'ল। মই মাতিলো, মোক খালি আদাব দি গুচি গ'ল! সিয়েই নেকি সেনাপতি আপোনাৰ গুপ্তচৰ!
কাছি—হয় জনাব।
হুছেন—তাৰ কি নাম কৈছিল জনাব,-হীৰামন নে তোৰামন কি মন। খুব ভাল এটা নাম!