চুক্লেন-ব’লক ডাঙৰীয়া, শিবিৰত গৈ নিশ্চিন্ত মনে সেই বিলাক ভাবি থাকিব।
চাও–যাওঁ। মোৰ বিশ্বাস হৈছে—নিশ্চয় মোৰ মূলাৰ কিবা অমঙ্গল হইছে।
চুক্লেন-অমঙ্গল নাই হোৱা ডাঙৰীয়া,অমূলক আশঙ্কা কৰি মন আপোনাৰ দূৰ্বল নকৰিব।
নেপথ্যত -- বন্দী কৰ! বন্দী কৰ!
চুক্লেন-কোন
[ হুছেন খাঁ, নছৰৎ খাঁ, আৰু কেটামান পাঠান সৈন্যৰ প্ৰবেশ। ]
হুছেন—বন্দী কৰ! বন্দী কৰ!
চাও—সাৱধান নৰকী পাঠান !আৰু এখোজ আগ বাঢ়িবি —কটামূৰ সৌ মাটিত বাগৰি পৰিব।
চুক্লেন—আহ কাপুৰুহঁত! কাৰ সাধ্য আছে আহ—বন্দী কৰ!
হুছেন—মিছা বাক্যব্যয় কৰি একো লাভ নাই। তোমালোক এতিয়া অকলশৰীয়া-ধৰা দিয়া।
চাও-নেজান পাঠান, তোৰ দৰে এশ শিয়ালক যম পুৰীলৈ পঠোৱা ক্ষমতা আছে এটা এটা আহোম সেনাৰ। আহ নৰাধম, যদি সাধ্য আছে—আহ চাপি—
হছেন-ধৰ ইয়াক-আক্ৰমণ কৰ সকলোৱে একেলগে চাৰিওফালৰ পৰা আক্ৰমণ কৰ!
[ হুছেন খাঁ আৰু সৈন্যবোৰ একেলগে বৰগোঁহাইক আক্ৰমণ কৰে। চুক্লেন কোঁৱৰে নছৰৎ খাঁক আক্ৰমণ কৰে।]