ৰতি—মোক নো কিয় যাব মিদিয় মিতিনি? মই শপত
খাইছোঁ। মই তহঁতৰ একো অন্যায় নকৰোঁগৈ।
লুকু—আয়ু ইমান দুনীয়া ডেকাটু তুৰ নকা চাং কলে
আটাই কাবৰু নাগিনী কিনি তুৰ লকতে বাকি আয়িব। নকা
চাং কিনি উদি অব। মই তুকে কিতিয়া যাব দিব নুৱাৰে।
ৰতি—[হাঁহি] বাৰু তই ভবা দৰে মই তিৰোতা হলে
তো তোৰ আৰু সেই ভয় নেথাকে। সেই বুলিয়েই নহয়
মোক যাব দে।
লুকু—য়েই একে কতা। নকা ডেকা কিনি আৰু সুৰ
লকতে পলিয়া অব।
ৰতি—এই ভয়তে মোক যাব নিদিয়?
লুকু—ওঁ। এই বয়তে যাপ নিদিয়ে। তুৰ নু নকা চাং
পালে কি কাম তাকিছে?
ৰতি—একো তেনেকুৱা কাম নাই। এনেয়ে দেশ চাম
বুলি আহিছে।
লুকু—অক্ অক্ কতা কবি। মুৰ পালে তই লুকাব
নুৱাৰে। তুৰ চকু কইছে তুৰ মূক কইছে তুৰ অলে তিক্ তিক্
কাৰবা পালে বিচাৰি আয়িছে।
ৰতি—তই সৰবজান নে কি অ’ মিতিনি। তই দেখোন
মোক সকলো কথাতে মিছা পেলাইছ।
লুকু—অৰপজান অব নালাকে। মুক দেকিলে কপ
পাৰে। তই পালে অপত কালে আমাৰ সুউনে। তই তিক
তি কাৰবা পালে বিচাৰিব আহিছে।