দেশৰ এই দুৰ্দ্দিনত অতি গুৰুভাৰ এই অভাজনৰ ওপৰত
পৰিছে। সেই বুলিও মই নিশ্চিন্ত হই বহি থকা নাই দেৱী!
মই ভাবিছোঁ কেনেকৈ দুই ৰাজকোঁৱৰৰ উদ্ধাৰ হয়। স্বৰ্গদেৱে বন্দীক ৰণলৈ পাচিছে, কাইলৈ যাত্ৰা কৰিব লাগিব।
নগৰ ৰক্ষাৰ ভাৰ লবলৈ নগা কোঁৱৰ ৰাজ্যত নাই। আমাৰ
সৌভাগ্য যে তেওঁ জীৱন্তে দগ্ধ নহ’ল। দেশৰ বিলৈৰ কথা
শুনিলে বীৰৰ অন্তৰ অৱশ্যে কান্দিব। সকলো অভিমান
এৰিও আহিব লাগিব। যিমান শীঘ্ৰে আহে সিমানেই
আপোনাৰ আৰু লগে লগে দেশৰো মঙ্গল। মই নিজেগৈ
নগাকোঁৱৰৰ সন্ধানলৈ মাতি আনিলোহেঁতেন কিন্তু অবসৰ
ক’ত? তথাপিও মোৰ বিশ্বস্ত অনুচৰ পঠিয়াই আহিছোঁ।
মোৰ কাতৰ অনুৰোধ তেওঁ অৱশ্যে ৰাখিব। স্বৰ্গদেৱেও চাৰিও
ফালে চোৰাংচোৱা পঠাইছে! অতি শীঘ্ৰে সন্ধান পোৱা
যাব। কোঁৱৰ আহি পালেই আৰু কোনো চিন্তা নেথাকে
দেৱী।
হেলা—আহিব—এনে ভাগ্য মোৰ হবনে?
চাও—সতীৰ ইচ্ছত অসম্ভবে সম্ভব হয়। অৱশ্যে
আহিব দেৱী।
হেলা—যদি আহে বুজিম, অভাগিনীৰ প্ৰতি ভাগ্য সুপ্ৰসন্ন।
এতিয়া আহোঁ ডাঙৰীয়া! বাইদেউ!
মূলা—আইচুদেউতা! মই আগবঢ়াই দি আহোঁ।
[ মূলা আৰু হেলাৰ প্ৰস্থান।]