[ আহোম লৰাৰ সাজ পিন্ধি ৰেণুৰ প্ৰবেশ। ৰতি তাইৰ ছদ্মনাম ]
গীত
ফেনে ফোটোকাৰে সৌ ভদীয়া ধলৰে ঢৌ আহিলে—আহিলে;
ধুমুহা আহিলে ঘোৰ ভটিয়নী নাও মোৰ
কেনি উটি গল কেনি ভাহিলে—ভাহিলে—।
বতাহে বাউলী দিয়া দেখিয়ে কঁপিলে হিয়া—
এন্ধাৰেদি তুমি পিয়া বিজুলিটি হাঁহিলে—
এন্ধাৰ পোৰ হ’ল পোহৰ এন্ধাৰ হ’ল—
গুচি গ'ল—গুচি গ'ল—আৰু ঘূৰি নাহিলে।
⸻
ৰেণু—হে মোৰ দেৱতা, হে মোৰ চিৰ বাঞ্ছিত, ক’ত
তুমি? খন্তেকৰ মাত্ৰ দৰশন, সেয়ে যেন কত জনমৰ—কত
সাধনাৰ—কত ভাগ্যৰ। বিজুলী চমকেৰে এবাৰ চমকি ক’ত
তুমি লুকালা দেৱতা? চকুৱে চকুৱে ৰাখিও চকুৰ পছাৰতে
হাততে হেৰুৱালোঁ। যি ব্ৰতলৈ কাৰেং সোমাইছিলোঁ। এতো
দিনে শেষ কৰিব পাৰিলোঁতেন। যি অগ্নি শিখা জ্বালিছিলোঁ এতিয়াও যদি সি সৰ্ব্বগ্ৰাস কৰা নাই হয়তো উমি উমি
জ্বলিব লাগিছে। সকলো এৰি তোমাৰ পিছে পিছে লৰি
আহিলোঁ। ক’ত তুমি, কেনি তোমাৰ সন্ধান পাম!
ৰজাঘৰীয়া চোৰাংচোৱা, কটকী, সকলো ব্যৰ্থ হৈ ঘূৰি গৈছে,
তথাপিও আহিছোঁ, আহিছোঁ মনক প্ৰবোধ দিবলৈ। বীৰ
তুমি! হয়তো বা সন্তানৰ কৰ্ত্তব্য কৰিবলৈ যুদ্ধ ক্ষেত্ৰলৈ গৈছা।
যাম, তাতে তোমাৰ সন্ধান কৰিম, ক’ত লুকাবা দেৱতা?