সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
[ ৩য় অঙ্ক
নগা কোৱৰ


হেলা—নিশ্চয় পাব নাথ।

[ চুক্লেনৰ প্ৰস্থান। হেলাই চকুলো টোকে]

যাওক নাথ, ঈশ্বৰে আপোনাৰ মঙ্গল কৰক। কিন্তু,-মোৰ কাৰণে-মোৰ কি হব—এবাৰ যোৱাৰ আগতে সুধিবৰো অৱসৰ নহ’ল! যাওক! তাৰ বাবে দুখ কিয়? সিপুৰীত দেখা হলে সোঁৱৰাম! নেলাগে! স্বামী মোৰ নিৰাপদ হওক মোৰ সেয়ে গৌৰব! হৃদয়ত বল দিয়া নাৰায়ণ।

[ তলমূৰকৈ বহি চকুপানী টোকে]
—পট পৰে—
⸻⸻
ষষ্ঠ দৃশ্য
পাঠান শিবিৰ
[ তুৰবক, হুছেন খাঁ, তাজু খাঁ, কাছিতাৰা আৰু লেহেতীয়া]

 তুৰবক-সেনাপতি সকল! আপোনালোকৰ পৰিশ্ৰমৰ বলতে আৰু আপোনালোকৰ সহায়তে ইমান দিন পাঠানৰ বীৰ নাম অক্ষুন্ন ৰাখি আহিব পাৰিছোঁ। কিন্তু, এইবাৰ দেখিছোঁ। সমস্যা বৰ ডাঙৰ। আহোমৰ এইবাৰ অহ সেনাপতি দেখিছোঁ আগৰ বিলাকতকৈও ভয়ানক। সি আহিবৰ পৰা পাঠানৰ তো কোনোদিনেই জয় শুনা নাই। তাৰ উপৰি সেইদিনা শুনিছো সি বোলে অকলে যুদ্ধ কৰি আমাৰ বিজয়ী পাঠান সৈন্যকে পলাবলৈ বাধ্য কৰিলে আমাৰ সৈন্য বোলে তেতিয়াও প্ৰায় এশ মান আছিল।