সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬ষ্ঠ দৃশ্য ]
১৪৭
নগা কোঁৱৰ


 হুছেন—ময়ো তাকেহে ভাল দেখোঁ। মোৰ মনেও আক্ৰমণ আমি নকৰোঁ, সিহঁতেই কৰক।

 কাছি—মোৰ যিমান দূৰ বিশ্বাস আৰু যেনে দৰে শুনিছো, সিহঁতেই আমাক আক্ৰমণ কৰিব। আমাৰ আক্ৰমণলৈ সিহঁতে বাট নেচায়। আমাকো তাকে লাগে। আমাৰ সৈন্য প্ৰতি মুহূৰ্তে তাৰ কাৰণে প্ৰস্তুত থাকিব লাগে। কোনো ভয় নাই জনাব। আক্ৰমণ কৰিবলৈ আহি সিহঁতৰ এটাও সেনা শিবিৰলৈ উভটি যাবলৈ নেথাকিব।

 তুৰ—যদি তেনেকুৱাই হয়, আৰু আপোনালোকে তাকে ভাল দেখে, সেয়ে হওক। কিন্তু মোৰ মনে তাৰ লগতে আৰু অলপ কাচাজি কৰিলে কাম একেবাৰে চাফাই হব। আমাৰ এটা ফৌজ এজন সেনাপতিৰে সৈতে কিছু আগবাঢ়ি গৈ ৰাতিয়েই এক জাগাত লুকাই থাকক গৈ। যেতিয়া শত্ৰুদল, জিকি হওক হাৰি হওক শিবিৰলৈ ঘূৰিব, তেতিয়া সেই ফৌজ অতৰ্কিতে আহি সিহঁতক আক্ৰমণ কৰিব। তেতিয়া ক’ত বা সেনাপতি ক’ত বা যুৱৰাজ সব একেলগে জহন্নামে যাব। মোৰ বুদ্ধি বেয়া হবনে জনাব? কি কয় খাঁ চাহাবে?

 হুছেন—জনাবৰ তোফা বুদ্ধি। এই চালতে কিস্তি মাৎ।

 কাছি-পাৰোঁতেনো অত যুদ্ধ জিনিছেনে জনাব! এনেকুৱা প্ৰখৰ বুদ্ধি আছে বুলিয়েই তো নবাবে আনক নপঠিয়াই জনাবক পঠিয়াইছে।