পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২০
[ ৩য় অঙ্ক
নগা কোঁৱৰ

 ৰেণু---[স্বগতঃ] এই কি মায়া জানে! এই যে মোৰ সকলো কথা ঠিক ঠিক কৈ গৈছে। এইৰ আগত দেখিছোঁ ধৰাই পৰিলোঁ। এতিয়া দেখিছোঁ পলাব পাৰিলেই ৰক্ষা।

 লুকু---মনে তাকিলে কিয় অ’ ডেকা। কাৰ বিচাৰিছে কিয় নকয়?

 ৰেণু-বিচাৰিছে। তোৰ যম নাগিনী---।

 লুকু—কং কালে! আমাৰ অলে বাল কতা য়ে কৈ পাইছে! তুৰ ডেকাটু অলে পৰ্পত পালে অআ নাই। আয়িলে অলে আমাৰ যেন তেন চিনি পাব। বৈয়াম মানু কিয়ানি কপ পাৰিব— তাৰ বৈয়াম য়ে তাকিছে- বৈয়াম পালে দেকিবি।।

 ৰেণু---মই ডেকা বিচাৰিছোঁ বুলিনো তোক কোনে কলেহি।

 লুকু—এনে জানিলে, কাৰ নু কপ লাকিছে। কাকে দেকিব আয়িছ আমাৰ উদিলে—তুৰ কং কালে, তাতে জানিলে। ডেকা নিবিচাৰি তুৰ ক’ত কাবৰু বিচাৰিব। কাবৰু বিচাৰিলে আমাৰ পালে মন নাকালে অয় না?

 ৰেণু-[ স্বগতঃ] এই দেখিছে। বাস্তবিকেই বৰ চতুৰা! এইৰ লগত আৰু কথা পাতিলে মই নিশ্চয় ধৰা পৰিম। ইয়াৰ পৰা সোনকালে যোৱাই হে ভাল। দেখিছে। মোৰ আশাও এই বাটে গৈ নিস্ফল হে হব। অনুমান ৰণক্ষেত্ৰৰ ফালেইহে গৈছে। যাও! যাব লাগিব তালৈহে।