পৃষ্ঠা:নগা কোঁৱৰ.djvu/১১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১ম দৃশ্য
১০৯
নগা কোঁৱৰ

 চাও—আহা! এনে সতীৰ এনেকুৱা সন্তাপ! দয়াময়! ই তোমাৰ কেনে বিচাৰ।

[ মূলাৰ পুনঃ প্ৰবেশ ]

 ৰণৰ বাতৰি শুনিছা মূলা? আমাৰ পক্ষৰ নিৰ্ঘাত পৰাজয়। বুঢ়া গোঁহাইকে আদি কৰি পাঁচজন সেনাপতি ৰণত পৰিল। এতিয়া আকৌ নতুন উদ্যমেৰে যুদ্ধ যাত্ৰা কৰিব লাগিব। এইবাৰ গুৰিধৰা মই। তোমাৰ নিশ্চয় আনন্দ হৈছে প্ৰিয়ে।
 মূলা—ক’ব নোৱাৰোঁ নাথ আনন্দ নে বিষাদ। স্বামীৰ গৌৰবত পত্নীৰ গৌৰব—বেছ বুজোঁ, কিন্তু নাথ, আপোনাক আগত নেদেখিলে ক’ব নোৱাৰোঁ কেনি পলায় সেই গৌৰব। কোনে কাঢ়িলৈ গুচি যায়—মোৰ নিজত্ব। মোৰ আনন্দ আপুনি নাথ।
  চাও—তুমি যে তলে তলে দাৰ্শনিক হৈ পৰিলা প্ৰিয়তমে। মোৰ গৌৰবত আনন্দ নহয় কিন্তু মোত আনন্দ! ক’ত এই দাৰ্শনিক তথ্য আবিষ্কাৰ কৰিলা!
 মূলা—বৰ গছত মেৰ খাই থকা লতা ডালিক যদি ধুমুহাই আহি ছিন্ন কৰি দি যায় আৰু বৰ গছে ধুমুহাৰ লগত যুঁজি আপোন গৌৰবত শিৰ উন্নত কৰি থিয় হয় ছিন্ন লতাৰ তাত আনন্দৰ ঠাই ক’ত নাথ!
 চাও—তোমাক যুক্তি বলে নোৱাৰোঁ প্ৰিয়তমে! নেজানো কোন অজানা দেশৰ কি অমিয়া ধুলাই মোৰ জীৱনত শান্তিৰ নিজৰা বোৱাই দিছা প্ৰিয়তমে! নেজানো কোন মহাসিন্ধু