সঙ্গিনী তুমি,—তোমাৰ কোমল প্ৰাণত আঘাতদি চাও কি
সাধ্যে স্থিৰহৈ থাকিব—কি সাধ্যে বিচলিত নহৈ থাকিব!
মূলা—নাথ! বীৰ আপুনি—সমৰক্ষেত্ৰত আপোনাৰ
কৰ্ত্তব্য কৰিব, বীৰপত্নী মই—আপোনাৰ গাৰ আঁৰে আঁৰে
ছাঁৰ দৰে মই মোৰ কৰ্ত্তব্য কৰি যাম। আপোনাৰ কাৰ্য্যত
বাধা নিদিওঁ নাথ।
চাও—কোৱা প্ৰিয়তমে, মানুহৰ হাড় মূৰ লৈ শগুণ, কাউৰী
শিয়ালে উন্মত্তহৈ ক্ৰীড়া কৰা, সেই ভীষণ শ্মশানভূমিত কি তোমাৰ
কৰ্ত্তব্য? কি তোমাৰ কৰ্ত্তব্য সেই উন্মত্ত পিশাচৰ লীলাভূমি
য’ত মানুহে মানুহৰ ৰক্ত পান কৰিবলৈ উন্মত্ত।
মূলা—যত পুৰুষৰ কৰ্ত্তব্য আছে, ত'ত নাৰীৰৰ কৰ্ত্তব্য
আছে নাথ। কৰ্ত্তব্য মোৰ সেৱা কৰা নাথ। নাৰী জীৱনৰ
চৰম কৰ্ত্তব্যই সেৱা কৰা। সেই সেৱাধৰ্ম্ম আচৰণৰ যি বিমল
শান্তি তাৰ পৰা আপোনাৰ মূলাক বঞ্চিত কৰিবৰ চেষ্টা
নকৰিব নাথ! মুমূৰ্ষৰ মুখত এটোপা পানী দি—আহত
পীড়িতক এষাৰ মুখৰ মাত দি যি গৌৰব নাৰীয়ে অনুভব
কৰে তেনে গৌৰব একোখন ৰাজ্য জয় কৰিও বীৰে অনুভব
কৰিব নোৱাৰে নাথ।
চাও—মূল! মূলা! প্ৰিয়তমে, কোন নন্দন বনৰ পুষ্প
পাৰিজাত তুমি স্বৰ্গচ্যুতা হৈ মোৰ কণ্ঠত বিৰাজ কৰিছাহি।
মই যে ভাবিব নোৱাৰোঁ প্ৰিয়তমে কোন প্ৰাণে চিত্ৰলেখাৰ
শ্ৰেষ্ঠতম দুলিকাৰে অঁকা মোৰ এই সোণৰ প্ৰতিমাটিক
ভূলুষ্ঠিত দেখি স্থিৰ থাকিম। কেনেকৈ মই মোৰ কৰ্ত্তব্যলৈ
পৃষ্ঠা:নগা কোঁৱৰ.djvu/১২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য
১১১
নগা কোঁৱৰ