নগা কোঁৱৰ/দ্বিতীয় অঙ্ক
দ্বিতীয় অঙ্ক
প্ৰথম দৃশ্য
মানাহাৰ মুখ
[ঘাটত এখন নাও। পাৰত লেহেতীয়া আৰু ৰেণুকা।]ৰেণু--উদ্দেশ্য সিদ্ধ হবতে ককাই?
লেহে—কেনেকৈ কম আই।
ৰেণু—সৌৱা কোনোবা এজন আহিছে। আমাৰ ওচৰলৈকে কিজানি আহিছে!
লেহে—আহক, ভাল হয় তেও ৰঙামাটি কিমান দূৰ সুধি লব পাৰিম।
ডাঙৰীয়া, আমাক এটি বাতৰি দিব পাৰেনে? ৰঙামাটি ইয়াৰ পৰা কিমান দূৰ?
কাছিতাৰা--ৰঙামাটি! ৰঙামাটিত তোমালোক প্ৰয়োজন?
লেহে—প্ৰয়োজন গোপনীয়।
কাছি—[ ৰেণুলৈ চাই স্বগতঃ ] এই মুখখনি যেন চিনা চিনা।--মৰণ নহয় কত দেখিছিলোঁ!–[ একান্তে] লগত [ ৪৫ ]
আনিছা ধুনীয়া গাভৰু! সোমাইছাহি পাঠানৰ ৰাজ্য! প্ৰয়োজন অৱশ্যে গোপনীয় হবই।
লেহে—সেই জনী মোৰ জী ডাঙৰীয়া!
কাছি—তোমাৰ জী! হলেই বা! ই পাঠানৰ ৰাজ্য। ইয়াত বাঘে ছাগে একেঘাটে পানী খায়!
ৰেণু--পাঠানৰ ৰাজ্যত এনে কিবা বিধান আছেনে কি ডাঙৰীয়া যে পিতাপুত্ৰী—একেলগে ইয়াত সোমাব নোৱাৰে।
কাছি—[ স্বগতঃ ] এই স্বৰ যেন কোনোবা চিৰপৰিচিতৰ কোন এই ৰমণী? অৱশ্যে পৰিচয় লব লাগিব। [প্ৰকাশ্যে] তেনে বিধান নহলেও আছে বুলি ধৰিব লাগিব গাভৰু। মই তোমালোকৰ মঙ্গলৰ অৰ্থেই কৈছোঁ, অপৰিচিত দেশত অপৰিচিত তোমালোক, বিশেষ তোমালোকৰ কোনো ৰখীয়াও বোধ কৰোঁ নাই। এনে অবস্থাৰে তোমালোক মুছলমানৰ ৰাজ্যত সোমোৱাটো মই বৰ মঙ্গলজনক দেখা নাই। ৰঙামাটিত তোমালোক কোনোবা পৰিচিত মানুহ আছেনে কি?
লেহে—নাই।
কাছি--পৰিচিত মানুহো তাত কোনো নাই। অথচ কি এনে গোপনীয় প্ৰয়োজন লৈ তোমালোক আহিছা? কাৰ ওচৰত তোমালোকৰ প্ৰয়োজন?
লেহে—আপোনাৰ পৰিচয় পোৱা হলে আমাৰ প্ৰয়োজনৰ কথা আপোনাক কবলৈ একো বাধা নাছিল। আপোনাৰ কথা বতৰাত আপোনাক বৰ সহৃদয় যেন বুলি বিকাস হৈছে।
কাছি—তেন্তে মোৰ পৰিচয় একৰকম পাইছা বুলিয়েই ধৰাচোন। এতিয়া তোমালোকৰ পৰিচয় দিয়া। তোমালোক্ৰ নাওখন দেখিয়েই জানিছিলোঁ উজনীয়াল নাও কাজেই কোনোবা অসমীয়া মানুহ। সেই কাৰণেই এই পিনে তোমালোকৰ নাওকে লক্ষ্য কৰি তোমালোকৰ পৰিচয় লবলৈ আহিছিলোঁ।
লেহে—আমি অসমীয়া মানুহ সঁচা। ঘৰ আমাৰ উজনীত।
কাছি—উজনীত? উজনীৰ কোন খিনিত? মই কিছুমান দিন উজনীত আছিলোঁ। তোমাৰ গাওঁ আৰু নাম বা ওচৰ চুবুৰীয়া কোনো ডাঙৰীয়া বিষয়াৰ নাম কলে হয়তো চিনিও পাম।
লেহে—আপুনি উজনীত আছিলে? কিমান দিনৰ আগেয়ে?
কাছি--[ স্বগতঃ ] লোকৰ পৰিচয় লবলৈ গৈ নিজৰহে চিনাকী দি পেলালো নেকি? [ প্ৰকাশ্যে ] মোৰ তাত থকা বহুতদিন হ’ল তুমি চিনি নেপাবা।
লেহে—আপুনি দিন দিয়ে থাকিয়েই মোক চিনি পাৰিম বুলি ভাবিছে আৰু মই তাৰ বাসীন্দা মানুহহৈ আপোক চিনিব নোৱাৰিম নে?
কাছি—কেনেকৈ চিনিবা? মইতো আৰু তাত একে ঠাইতে বহি থকা নাই। আজি অ’ত কালি ত’ত এইদৰে গোটেই খনতে ভ্ৰমি ফুৰিছিলোঁ। বাৰু, তোমাৰ নাম কবলৈ কিবা আপত্তি আছেনে কি?
লেহে--[ স্বগতঃ ] কলোঁৱেই বা মোৰ নাম, এওঁনো মোক কি চিনি পাব। [ প্ৰকাশ্যে ] একো আপত্তি নাই। মোৰ নাম লেহেতীয়া।
কাছি--লেহেতীয়া। এইটো নাম অৱশ্যে শুনা যেন মনে নধৰে। বাৰু, এই ছোৱালীটিৰ নাম?
লেহে—তাইৰ নাম ৰেণুকা।
কাছি—[ স্বগতঃ] ৰেণুকা! ৰেণুকা। ইও কি সম্ভব। সেই সৰলা দেবী প্ৰতিমা। মোৰ প্ৰভুকন্যা! সেই নাক। সেই মুখ—সেই শ্ৰী। কিন্তু, ইও কি সম্ভব। মিছা কথা। ৰজাক শিৰশ্ছেদ কৰি নৰাধমহঁতে ৰজাৰ পৰিয়ালৰৰ যাকে য’তে পালে নিষ্ঠুৰ ভাবে হত্যা কৰিলে। ৰাণী নিৰুদ্দেশ। তেঁও লোকৰ একমাত্ৰ কন্যা ৰেণুকা কেনেকৈ নৰাধমহতঁৰ হাতৰ পৰা ৰা পৰিল! মোৰ তো সম্পূৰ্ণ বিশ্বাস আছিল ৰজাৰ অৱস্থাঁ ৰাণীৰো হ’ল; আৰু ৰেণুকাকো ৰাক্ষসহঁতে হত্যা কৰিলে, নতুবা উভয়ে আত্মহত্যা কৰিলে। ইমান অনুসন্ধান কৰিও নিস্ফল হলোঁ। এতিয়া সেই সৰলা প্ৰতিমা চকুৰ আগতে। ইওনো সম্ভব নে?
লেহে--ডাঙৰীয়া দেখোন নিমাত হ'ল।
কাছি--এটা কথা ভাবিছিলোঁ। ছোৱালিটি তোমাৰ কি হয় বুলিছিলা? সঁচা কথা কবা। মোলৈ কোনো ভয় নকৰিব।
লেহে--মোৰ জী ভাঙৰীয়া।
কাছি--মিছা কথা। প্ৰবক, ক, তোৰ বন্দিনী!
[ ৰেণুক ] আইদেও, কোনো ভয় নাই,--কোৱা তোমাৰ পিতা কোন? মোক তোমাৰ উপকাৰী বুলিয়েই জানিবা। কোৱা,-- তুমি এই পাষণ্ডৰ হাতত বন্দিনী।
ৰেণু--বন্দিনী! নহয় ডাঙৰীয়া, পৃথিবীতে মোৰ এক মাত্ৰ আশ্ৰয়—একমাত্ৰ আশা ভৰসাৰ স্থল।
কাছি--ইকি প্ৰহেলিকা! মোক বঞ্চনা নকৰিবা। তোমাৰ পিতা ছুটীয়াৰ মহাৰাজ ধীৰনাৰায়ণ!
ৰেণু--[ আচৰিত হৈ ] আপুনি কোন ডাঙৰীয়া?
কাছি—পৰিচয় পিছত পাবা। আগেয়ে কোৱা, মোৰ অনুমান সঁচা!
ৰেণু--[ হুমুনিয়া কাঢ়ি ] সঁচা। এই অভাগিনী ছুটীয়াৰ মহাৰাজ ধীৰনাৰায়ণৰ কন্যা। আজিও জীয়াই আছোঁ মোৰ এই আশ্ৰয়দাতা পিতাৰ অনুগ্ৰহত! কওক, আপুনি কোন?
কাছি—আগেয়ে কোৱা কি প্ৰয়োজনত, লগত কোনো উপযুক্ত ৰক্ষক নোহোৱাকৈ এই দূৰ দেশলৈ আহিছ? আৰু তোমাৰ মাতৃ মহাৰাণী!
ৰেণু--[ কান্দে ] মাতৃ! মাতৃয়েই মোক মোৰ এই আশ্ৰয়দাতা পিতাৰ হাতত মৰিবৰ সময়ত গতাই দি যায়! আপুনি যেয়ে হওক, যেতিয়া মোক চিনিছে—মোৰ মাতৃৰ সংবাদ বিচাৰিছে, আপুনি নিশ্চয় মোৰ শুভাকাঙ্খী! ঈশ্বৰেই মোক আজি শুভমুহূৰ্ত্তত আপোনাৰ লগ পোৱাই দিছে।
[ লেহেতীয়াৰ ফালে চায় ]
কাছি—মোক মাফ কৰিবা ভাই, নাজানি কটুবাক্য বুলিছিলোঁ; মোৰ অৱস্থাত হয়তো তুমিও বুলিলাহেঁতেন। কোৱা,--আই দেও, তোমালোকৰ ইয়ালৈ অহাৰ প্ৰয়োজন?
ৰেণু—প্ৰয়োজন জননীৰ অন্তিমৰ অনুৰোধ ৰক্ষা! পিতৃ হত্যা, মাতৃহত্যাৰ প্ৰতিশোধ পুৰোৱা। আত্মহত্যা কৰি মাতৃয়ে মোক পিশাচৰ প্ৰবৃত্তি বুকুতলৈ পিতৃহত্যাৰ প্ৰতিশোধ লবলৈ কৈ গৈছে,—মোক মোৰ পৈশাচিক কাৰ্যত সহায় কৰিবলৈ মোৰ আশ্ৰয়দাতাকে প্ৰতিজ্ঞাবদ্ধ কৰাই গৈছে। আজি ইমান দিন তাৰ চেষ্টাতে ব্যৰ্থমনোৰথ হৈ ঘূৰি ঘূৰি অৱশেষত আহিছোঁ নবাব খছলখাঁৰ—ওচৰলৈ! নবাবৰ সহায়েৰে এবাৰ পিতৃহত্যা মাতৃহত্যাৰ তৰ্পণ কৰিবলৈ--আহোমৰ নিপাত কৰিবলৈ। আপুনি যেয়ে হওক আপুনি এই অভাগিনীৰ শুভাকাঙ্খী! আপুনি আমাক এই কাৰ্য্যত সহায় কৰক—এই বিপদত উদ্ধাৰ কৰক।
কাছি—[ ৰেণুৰ ভৰি চুই ] প্ৰভুকন্যা মোৰ! মোক ক্ষমা কৰা; মোক বিশ্বাস কৰা, মই তোমাৰ শুভাকাঙ্খী! তোমালোক উদ্দেশ্যই মোৰ উদ্দেশ্য! সেই উদ্দেশ্য সিদ্ধিৰ কৰেণেই এই হীন ছদ্মবেশ ধৰি লোকৰ দুৱাৰে দুৱাৰে
৪
আশ্ৰয় ভিক্ষা কৰি ফুৰিছোঁ। মই তোমাৰ শুভাকাঙ্খী--তোমাৰ বন্ধু আই।
ৰেণু—কোন আপুনি আপোনাৰ পৰিচয় সুধিব পাৰোঁনে?
কাছি—মোৰ পৰিচয়! হয়তো চমকি উঠিবা! মই কাছিতাৰা।
লেহে—কাছিতাৰা! ছুটীয়া ৰাজ্যৰ বিচক্ষণ মন্ত্ৰী কাছিতাৰা! যাৰ নামত আহোম কছাৰী ত্ৰস্তমান আছিল। যাৰ কটামূৰৰ কাৰণে সহস্ৰমুদ্ৰা, ৰাজ অমাত্যৰ বিষয়—ঘোষিত হৈছিল।
কাছি--ময়ে সেই কাছিতাৰা, মহাৰাজ ধীৰনাৰায়ণৰ মন্ত্ৰী--।
ৰেণু--[ কাছিতাৰৰ ভৰিত পৰে ] পিতাৰ হিতাকাঙ্খী আপুনি—মোৰৰ পিতা।
কাছি--[ তুলি ধৰে ] আই মোৰ! প্ৰভুকন্যা মোৰ! অকৃতজ্ঞ মই আজি এই অৱস্থাত। ৰাজকুমাৰীক পথৰ ভিক্ষাৰী—দেখিবলৈকো জীয়াই আছোঁ। মহাৰাণীৰ কিমান অনুসন্ধান কৰিলোঁ—হাবিয়ে বননীয়ে কত বিচাৰিলোঁ ক’তো সন্ধান নেপালোঁ! ভাবিলোঁ হয়তো আত্মহত্যা কৰিলে। তাৰ পিছত পিশাচৰ প্ৰবৃত্তি লৈ প্ৰতিহিংসা চৰিতাৰ্থ কৰিবৰ অৰ্থে দেশে বিদেশে ঘূৰি ঘূৰি আজি এই হীন ছদ্মবেশ ধৰি মুছলমানৰ দাসত্ব কৰোঁ।
ৰেণু--তেনেহলেকি মোৰ পিতৃহত্যাৰ প্ৰতিশোধৰ কোনো উপায় নাই! শুনিছিলো কাছিতাৰা মন্ত্ৰীৰ কটামূৰ আৰু
মোৰ স্বৰ্গীয় পিতাৰ কটামূৰ আহোম চৰাই দেও মন্দিৰৰ দুৱাৰ দলিত মানুহে আহোঁতে যাওঁতে গছকি আহিবলৈ পুতি থৈছে।
কাছি—ঠিক শুনিছিলা আই মোৰ! কিন্তু সেই কাছিতাৰা—কোন জানানে? আহা কবলৈকো বুকু ফাটি যাব খোজে—প্ৰভুভক্ত শিষ্য মোৰ মোৰ বিশ্বস্ত অনুচৰ জীৱন দাতা বন্ধু মোৰ, ৰঘু। ৰঘুৱে মোৰ ৰাজমন্ত্ৰীৰ পৰিচ্ছদ পিন্ধি নিজে কাছিতাৰা সাজি মোক তাৰ নিজৰ পৰিচ্ছদ পিন্ধাই পলুৱাই জীৱন ৰক্ষা কৰালে। আৰু মোৰ কাৰণে-- তাৰ অকৃতজ্ঞ প্ৰভুৰ কাৰণে—নিজৰ প্ৰাণ বলি দিলে। আজিও তাৰ মূৰ তোমাৰ স্বৰ্গীয় পিতাৰ কটামুৰে সৈতে হয়তো চৰাই দেও মন্দিৰৰ খটখটিৰ তলত পোতা আছে। আই মোৰ, কাছিতাৰা মৰা নাই। আজিও তাৰ প্ৰভুহত্যাৰ প্ৰতিশোধ লবলৈ জীয়াই আছে। পাঠানৰ দাসত্ব কৰিছোঁ বুলি আই মোৰ, আশঙ্কা কৰিছা মোৰ প্ৰতিহিংসা তৃষ্ণা নুমাই গৈছে। দাসত্ব কৰিছোঁ সেই উদ্দেশ্য সিদ্ধিৰ কাৰণে। সামান্য সৈনিক হৈ সোমাই আজি কাছিতাৰা পাঠান সেনাপতি। পৰিচিত বঙাল সেনাপতি বুলি।
লেহে--পাঠানৰ সেনাপতি। তেনেহলেতো আমাৰ কাৰ্যসিদ্ধিৰ পথত একো বাধা নাই—ৰেণু!
কাছি—আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ নবাবক নিমন্ত্ৰণ কৰাটোৱেই তো তোমালোক উদ্দেশ্য--! সেই উদ্দেলৈয়েই কাছিতাৰাই—ইমানদিন পাঠানৰ দাসত্ব
কৰিছে। সেই উদ্দেশ্য সিদ্ধিৰ কাৰণেই নবাবৰ আজ্ঞামতে কামৰূপ অধিপতি ৰজা বিশ্বসিংহৰ ওচৰলৈ আহিছিলোঁ। বাটতে তোমালোকৰ লগত সাক্ষাত। আই মোৰ, ইমান দিন কুট ৰাজনীতি চচৰ্চ্চা কৰি যি কাৰ্য্য সিদ্ধিৰ কাৰণে অত যত্ন কৰিও কৃতকাৰ্য্য হব পৰা নাই—সামান্য ৰমণী হৈ তুমি সেই কাৰ্য সিদ্ধিৰ কাৰণে যি অসম সাহসৰ পৰিচয় দিছ সেয়ে কাছিতাৰাৰ পক্ষে ডাঙৰ উদগণি। যোৱাগৈ আই। নবাবৰ ওচৰলৈ যাবৰ কোনো প্ৰয়োজন নাই—ময়ে সেই যজ্ঞ আৰম্ভ কৰিছোঁ অচিৰে পূৰ্ণাহুতি দিম। তুমি তোমাৰ আশ্ৰয় দাতাৰে সৈতে তাত থাকি যিমান দূৰ পাৰা কাৰ্য্য সিদ্ধিৰ চেষ্টাত থাকাগৈ। মই ইয়াত যিখিনি পাৰোঁ কৰি থাকোঁ। কামৰূপৰ পৰা ঘূৰি আছি অচিৰে সৈন্য সামন্ত লই সৌমাৰ আক্ৰমণ কৰিবলৈ যে যাত্ৰা কৰা হব ই নিশ্চয়, ফলাফল ঈশ্বৰৰ হাতত। সময়ত দেখা হব আই। আজি ৰাতিয়েই তোমালোকেও তোমালোকৰ নাও মেলি দিয়া—আমিও আজি ৰাতিয়েই যাত্ৰা কৰিম।
লেহে—মোৰ দায় দোষ নধৰিব ডাঙৰীয়া--ঈশ্বৰে কি শুভ ক্ষণত আপোনাৰ দৰে এজন হিতাকাঙ্খী মিলাই দিলে।
কাছি--একে দোষ নাই ভাই! তুমি মোৰ প্ৰভুকন্যাৰ আশ্ৰয়দাতা মোৰ শ্ৰদ্ধাৰ পাত্ৰ। আমাৰ কাৰ্য্য নিশ্চয় অচিৰে সিদ্ধ হব। একে ব্ৰতৰ উদ্যোগী আমি—আমালোক বন্ধু! সময়ত দেখা হব বন্ধু। তোমালোকে ভাত আয়োজন কৰাগৈ
মই ইয়াত আয়োজন কৰোঁ। আহোমৰ ভিতৰুৱাল যোগাৰ যন্ত্ৰৰ সকলো বাতৰি যাতে আমি সময়মতে পাওঁ তাৰ চেষ্টা কৰিবা। আমাৰ যাত্ৰা নিশ্চয়। খুব সম্ভব আমি প্ৰথমে গৈ কালিয়াবৰৰ ওচৰতে ছাউনি পাতিম।
বেণু—আহোমৰ ভিতৰুৱা অৱস্থা জানিবৰ কাৰণেই আৰু আমাৰ যজ্ঞৰ পূৰ্ণাহুতি দিবৰ কাৰণেই মই আহোমৰ কাৰেঙত লিগিৰি সোমাবৰ দিহা কৰিছোঁ। এবাৰ সোমাব পাৰিলে যি দাবানল জ্বলাম তাক বৰুণে নিজেও নুমাব নোৱাৰিব।
কাছি--ৰাজকন্যা হৈ লিগিৰি! ভাবিলেও চকুপানী ওলায়। বাধা নিদিওঁ আই। তোমাৰ ইচ্ছা পূৰ্ণ হওক। এতিয়া বিদায় আই! সময়ত যেন দেখা হয়। এতিয়া আহোঁহে। সোনকালে নাও মেলিবৰ দিহা কৰা বন্ধু!
[ প্ৰস্থান।]
লেহে—ঈশ্বৰে চকুমেলি চাইছে ৰেণু! এইবাৰ আৰু শঙ্কা নাই। নিশ্চয় তোৰ আশা পূৰ্ণ হব।
[ দুয়ো নাৱত উঠে গৈ।]
—পট পৰে।—
দ্বিতীয় দৃশ্য
[ চাওফ্ৰাচেংমুং বৰ গোঁহাঞীৰ মাৰল। মুহিলা আৰু মূলা গাভৰু। মুহিলাই যতৰত সূতা কাটি থাকে আৰু লগে লগে গীত গায়। মূলাই তামোল পানৰ বটা আগতলৈ বহি থাকে]
মুহিলাৰ গীত
চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত বিনন্দীয়া
মাতিলি অমাতৰ মাত।
আমোলাই বননী উঠিলে বিননী
কি জুই লগালি গাত ঐ বলিয়া
কি জুই লগালি গাত।
জুৰকৈ বলিলে পছোৱা বা -ছাটি
আমৰ মল্ সৰালে বা-ত—
কলাকৈ ডাৱৰে জুৰ বৰষিলে
হিয়া মোৰ নপৰিল আঁত ঐ বলিয়া
হিয়া মোৰ নপৰিল শাঁত।
- - - -
মূলা—কোননো তোৰ বলিয়া অ’ বলিয়ানী? কাৰ
যহতনো আকৌ তোৰ হিয়াখন শাঁত নপৰিল?
মুহিলা—ঐ আই গাভৰু দেও! আমাৰনো আৰু হিয়াকৰি খন তেনেই টকম্ বাকৰি যেন বুলি ভাবেনে? গাভৰু দেওৰ হলে দেউতা এদিন ঘৰত নেথাকিলেই গা একেবেলি-
য়েই চিৎলং পাৎলং! আমাৰ নো আৰু সদায় নথকা বিলাকৰ ভুলতে হুমুনিয়াহ এটা গলেও জগৰ নে?
মূলা—ইস্ এই বলিয়ানী জনীৰ কথা বিলাক। তাইৰ চৰাইৰ মাততে গাত জুই লাগে! মোকনো কোন দিনা ডাঙৰীয়া নথকাত চিৎলং পাৎলং কৰা দেখিছিলি হঁয়।
মুহিলা—ক’ত দেখিছিলোঁ? মুঠেই দেখা নাই। দেউতাক তিনদিনলৈ কৰবালৈ যাবলৈ স্বৰ্গদেৱে আজ্ঞা বিহিলে—এখেত গাভৰুদেওৰ তিনদিনলৈ পেটলৈ কণ এটা নগল! মুহিলা মোৰ গাটো পুৰিছে। মুহিলা মোক বিছ্! মুহিলা মই পানী খাওঁ--মুহিলা মোৰ কি হ'ল। বিছনাত পৰি ইফালে বাগৰ মাৰিব উস্ সিফালে বাগৰ মাৰিব আস! মই বোলোঁ গাভৰুদেওৰ হ’ল কি? বেজবৰুৱাক মাতোঁ বলোঁ গাভৰুদেৱে বোলে “নেলাগে মৰতী”! যেই দেউতাই বাহিৰৰ পৰা মাত দিলে “মৃহিলা”–-গাভৰুদেওৰ ক’ৰ মোৰ কেনি গ'ল! মুহিলা, ডাঙৰীয়াৰ ভৰিধুৱাই দে। চাংমাই, ডাঙৰীয়ালৈ জলপান সজোৱা!
মূলা—ইস্, এই মৰতীজনীৰ কথাবোৰ শুনা! এইজনী এইজনী মৰতীজনী! এনে বৌটোকে ঢৌটো কৰিব পাৰে। বাৰু আহক আজি ডাঙৰীয়া মই যদি তোৰ চৰাইৰ মাতত গাত জুই জ্বলা হিয়া শাঁত নপৰাৰ কথা কৈ তোলৈ কালি পৰহিৰ ভিতৰতে এটা ডেকালৰা নচপাওঁ চাবি।
মুহিলা—বধলাগে গাভৰুদেও। এনে কাম নকৰিব! আপুনি ওঁহহে বুলিব লাগে ডাঙৰীয়াই কাইলৈকে আনি
একুড়ি ছঅঁৰা ডেকা হাজিৰ কৰিবহি। ছফল ডেকা জাকক জিয়া জুইত জাহ যাবলৈ নিদিব গাভৰুদেও। মই মাকটিয়েকে সিহঁতক বুঢ়ী বাঢ়নীৰ আগতহে থ’ম। যিটোৱেই মুহিলাৰ বাঢ়নীৰ আগত টিকিব পাৰিব তাকে মুহিলাই বৰিব।
মূলা--বলিয়ানী! স্বয়ম্বৰা হব খোজনেকি? বাৰু মই ডাঙৰীয়াক তাৰ কথাও কম।
মুহিলা—কব গাভৰুদেও! দহোকুড়ি কব। মই বাজলৈ ওলাব নোৱাৰোঁ। কটাৰপোহঁতে যেনেহে চকু পকোৱাপকি কৈ চায়! গোটা চেৰেকক বুটী বাঢ়নীৰে ভালকৈ এপৰালি দিব পাৰিলে তেও মোৰ গাটো চেচা হব।
মূলা—যাৰ যহত শাক সেন্দুৰ তাকে পাত ভোকোৰা এন্দুৰ মৰতী! যাকে নেপাই কলিজা শাঁত নপৰে তাকো নো আকৌ বাঢ়নীৰে খুচিব পাৰিবিনে?
মুহিলা—এবাৰ বৰিলে জানো গাভৰুদেও তালৈ হাত তুলিব পাৰিম! সিহঁতৰ হাতৰ তলুৱাহে হম আৰু! উঠ বুলিলে উঠিব লাগিব বহ বুলিলে বহিব লাগিব। এফালৰ পৰা পিহি নিলেও এঁ কৰিব নোৱাৰিম। সেই দেখি মাকটিয়েকে নৌ বৰোঁতেই ভালকৈ এপৰালি দি লম যেন জাউতি যুগীয়াকৈ শিকি লয় কেনেজনীৰ হাতত পৰিছে।
মূলা—থ তোৰ কথাখন বলিয়ানীজনী; ডাঙৰীয়া আহিছে হবলা যা হাত ভৰি ধুবলৈ পানী আন।
[ চাও বৰ গোঁহাইৰ প্ৰবেশ আৰু মুহিলাৰ প্ৰস্থান ]
মূলা— সন্ধিয়াই ভাবে কেতিয়া নিশা আহিব— বিলৰ পদুম পাহীয়ে ভাবে কেতিয়া দিনমণি আহিব— নিশাৰাণীয়ে ভাবে কেতিয়া উষা আহিব!
চাও—আৰু মোৰ মূলাই ভাবে কেতিয়া চাও আহিব।
মূলা— ইস্; আমি নেভাবোঁ যাওক।
চাও— নিশ্চয় ভাবা, নহলে সন্ধিয়া, নিশা, পদুম, উষা এই বিলাকে কি ভাবে কেনেকৈ জানিলা?
মূল— মই সিহঁতে সময়ৰ হিচাব পোৱাৰ কথাহে কৈছিলোঁ।
চাও— ময়োতো তাকে কৈছোঁ। সময়ৰ হিচাব ইমান ৰাখা দেখিয়েই তো কৈছোঁ তুমিও ভাবা চাও কেতিয়া আহিব?
মূলা— আপোনাৰ আগত কথাকৈ সাৰিব নোৱাৰি।
চাও—জানানে মূলা, ওৰে দিন প্ৰাণপাত পৰিশ্ৰম কৰি আহি তোমাৰ মুখখনি দেখিলেই সকলো দুখ সকলো ভাগৰ এক মুহুৰ্ত্ততে পাহৰি যাওঁ। ভাগৰুৱা পথিকে যেনেকৈ দিনমানৰ শ্ৰম বৰ গছৰ ছাঁয়াৰ তলত মুহুৰ্ত্ততে পাহৰিগৈ [ ৫৮ ]শান্তিদায়িনী নিদ্ৰাৰ কোলাত অচেতন হৈ পৰে—আকৌ সাৰ পাই নতুন উদ্যমেৰে বাট বুলিবলৈ লাগি যায়। অবিকল সেই দৰে চাওকো তোমাৰ কি ৰমণীয় ছাঁয়াৰে আবৰি কি মোহত অভিভূত কৰি ৰাখা? পুৱা হলে আকৌ কি উদ্যম কি নতুন উৎসাহ দানি কৰ্ত্তব্যলৈ আগবঢ়াই পঠোৱা! আহা! কি স্বৰ্গীয় এই শান্তি! চিৰদিন থাকিবতো এই শান্তি প্ৰিয়ে!
মূলা—কিয় নেথাকিব নাথ! যিজনে আপোনাৰ মনত এই শান্তি—এই সুখৰ নিজৰা বোৱাই দিছে সেই জনেই তাক চিৰন্তনীয়া কৰি ৰাখিবও।
চাও—কেতিয়াবা এনেই হঠাৎ আহি একোটা ভাব উদয় হয়হি প্ৰিয়ে—কোনোবাই যেন কাণে কাণে কৈ গুচি যায় “চাও, অত সুখ তোৰ ন’সব।” কেতিয়াবা ভয়ত বুকু কঁপি উঠে, কেতিয়াবা অমূলক--মিছা এটা মনৰ ভ্ৰান্তি বুলি উৰাই দিওঁ।
মূলা—সি এটা মনৰ ভ্ৰান্তি নাথ। কিয় এনে মিছা আশঙ্কাত মনলৈ অশান্তি আনে? যিজনে আমাৰ মনত এই শান্তি দিছে সেইজনক মইতো সম্পদে বিপদে কেতিয়াও পাহৰা নাই। তেওঁ সুখ শান্তি ঐশ্বৰ্য্য সম্পদ সকলো দিয়াৰ গৰাকী—। তেৱেঁই দিছে আৰু তেৱেঁই ৰাখিবও।
চাও--ৰাখিব! আহা প্ৰিয়ে, লোকে তেওঁক বিপদত মাতে, আহ আমি সম্পদত মাতোঁ।
[মুহিলাৰ পুনঃ প্ৰবেশ]
মুহিলা — চাংমাই ৰখি, আছে গাভৰু দেও!
চাও — গৈছোঁ বল।
[ সকলোৰে প্ৰস্থান ]
—পটপৰে—
⸺⸺⸺
কাৰেং। চুক্লেন কোঁৱৰৰ কোঠা
[চুক্লেন বৰ গাৰুত আউজী থাকে। লিগিৰিহঁতৰ কোনোৱে বিছে কোনোৱে কোঁৱৰৰ ভৰি পিটিকি দিয়ে]
চুক্লেন — আজি কি মোৰ ওচৰত কোনো নাই?
১ম লি — এইয়া দেখোন আমি আছোঁ কোঁৱৰ! আই-চুদেউতাক মাতিম নে কি?
চুক্লেন— হেলাক! নেলাগে! কাৰ কথা কব খুজিছিলোঁ। আঃ পাহৰি গলোঁ। বাৰু তহঁত এই ফালে আই।
১ম লি— আজিনো কাক বিচাৰিছে কোঁৱৰ?
চুক্লেন— কাকো বিচৰা নাই। গা, এটা গীত গা। এনে গীত গাবি যেন মোৰ মন প্ৰাণ কোনোবা ৰাজ্যলৈ গীতৰ লগে লগে উটি গুচি যায়! অ' তহঁতৰ লগৰ সেই ন লিগিৰি জনীয়েও গাৰ পাৰে নহয়। [ ৬০ ] ১ম লি—পাৰে কোঁৱৰ। তাই আমাৰ এটাইবোৰ লিগিৰিতকৈ চৰা! গাবও পাৰে ভাল নাচেও ভাল।
চুক্লেন--পাৰেনে কি? তাই দেখিবলৈকো বৰ ধুনীয়া!
১ম লি—আৰু কোঁৱৰ তাইৰ কদমকলি, পদুমকলি, বিজুলী নাচ, পখিলি নাচ, এইবোৰ যে অতিকৈ ধুনীয়া!
চুক্লেন—ক’ত তাই?
ৰেণু--এইয়া কোঁৱৰ। মই এই খিনিতে আছোঁ!
চুক্লেন—[ স্বগতঃ ] বাস্তবিকেই বৰ ধুনীয়া। ৰূপ যেন ফুটি পৰে।
[ প্ৰকাশ্যে ] বাৰু গাচোন লিগিৰিহঁত! অ' তোৰ নাম কি লিগিৰি?
ৰেণু--নামেৰে নো কি কৰিব কোঁৱৰ? মোৰ নাম ৰেণু।
চুক্লেন--ৰেণু! বৰ সুন্দৰ নাম! ৰেণু! বাৰু গা হঁত ৰেণু! বাস্তবিকেই সুন্দৰ নাম! গা!
[ লিগিৰিবিলাকৰ গীত। ৰেণুৰ ফালে চুক্লেন কোঁৱৰে একে ঠৰে চাই থাকে। ৰেণুৱেও মাজে মাজে চাই তলমূৰ কৰে ]
গীত
দেখা হলে সখি কবা কি--কবা কি?
দেখিয়ে ছবিটি হৰিব কথাটি কবা কি সখিটি কৰা কি?
মদনে হাণিব প্ৰেম ফুলশৰ--
বতাহতে হব তনু জৰজৰ,
বিৰহে দহিব প্ৰাণে নসহিব লাজে আগছিব কবা কি?
সপোনত গোপনে আলচ। কথাটি
সপোনত সাবটি নোখোৱা চুমাটি,
খাবানে নোেবা, বানে নকবা, ভাবিয়ে নেপাবা কবা কি?
⸻⸻
চুক্লেন—আঃ বৰ অৰািম। বাৰু ৰেণু! এইবাৰ তোৰ এটা নাচ!
১ম লি—এৰা এৰা। বাৰু কোঁৱৰ, এতিয়া চাব কিমান ধুনীয়া! নাচ ধুনীয়া নে মানুহ ধুনীয়া! আপুনিয়েই কৈ দিয়ক কোঁৱৰ পদুমকলি নাচ নে কদমকলি নাচ নাচিব?
চুক্লেন—মই সেইবোৰ ভূ নেপাওঁ—মোৰ ভাল লাগিলেই হ’ল! নাচ ৰেণু! তোৰ যি মন যায় সেই নাচোনকে নাচ।
[ ৰেণুৰ নাচ। চুক্লেনে ডিঙিৰ হাৰ সোলোকাই ৰেণুক দিয়ে ]
চুক্লেন—হোঁ ৰেণু। বব তৃপ্ত হলোঁ। বৰ সুন্দৰ। বৰ সুন্দৰ। হোঁ ৰেণু! ল মোৰ এই মুক্তা হাৰ!
ৰেণু—নেলাগে কোঁৱৰ। মোৰ লগৰ লিগিৰিহঁত সুদাহাতে যাব আৰু মই মুক্তাহাৰ লৈ যাম। মোক নেলাগে কোঁৱৰ!
চুক্লেন—মই এটাই কেউজনীকে একোধাৰ দিম! আজি তই ল ৰেণু।
ৰেণু—যেতিয়া এটাই কেউজনীকে একেধাৰ দিব তেতিয়া লম কোঁৱৰ! আজিলৈ থাওক।
চুক্লেন—বাৰু তেনেহলে সেয়ে হব।
ৰেণু—তেন্তে এতিয়া আমি যাওঁ কোঁৱৰ।
চুক্লেন—এতিয়াই।
১ম লি—সৌৱা আইচু দেউতা আহিছে। আমি যাওঁয়েই কোঁৱৰ।
[ ৰেনু আৰু লিগিৰিহতঁৰ প্ৰস্থান ]
চুক্লেন—বাস্তবিকেই সুন্দৰ। সুন্দৰ ৰূপ! সুন্দৰ গীত! সুন্দৰ নাচ! সকলো সুন্দৰ! একেবাৰ চাই গ’ল যেন মোৰ মনপ্ৰাণ সেই কটাক্ষৰ লগতে লৈ গুচি গ'ল! ৰেণু, ৰেণু, তইতো লিগিৰিৰ উপযুক্ত নহৱ! তোক দেখাৰ দিন ধৰি মন মোৰ তোক পাবৰ কাৰণে উত্ৰাৱল। তোক পাবই লাগিব। নহলে যে মোৰ জীৱনেই ব্যৰ্থ! ৰাজৰাণীৰ উপযুক্ত ৰূপ তোৰ! ৰাজৰাণীকে তোক পাতিম।
সৌৱা হেলা আহিছে। কিয় আহিছে? পিছত আহিলেও তো হলহেঁতেন।
[ হেলাৰ প্ৰবেশ ]
কোন! হেলা! অসময়ত কিয় আমনি কৰিবলৈ আহিলা?
হেলা—মই কি অপৰাধ কৰিছোঁ নাথ? মোৰ গাত কি এনে দূষিত বায়ু আছে যে মই অহা মাত্ৰে আপোনাৰ মন কোঁছ খাই যায়—মনলৈ অশান্তি আহি পৰে।
চুক্লেন—মইতো তুমি আহিলেই বেয়া লাগে বুলি কোৱা নাই। একো একো সময়ত মন কিবা দুশ্চিন্তাই আবৰি ৰাখে, কাৰো ক’তো মাত শুনিবৰ ইচ্ছা নেয়ায় তেনে সময়ত
যদি তুমি আহা তাত আমনি পোৱাটোতত একো অস্বাভাবিক নহয়।
হেলা—এইমাত্ৰ আপুনি লিগিৰিহঁতৰ গীত শুনি তন্ময় হৈ আছিল, মই আহিলতে আমনি লাগি গ'ল! অশান্তি আহি পৰিল। মই কি এনেকুৱাই পিশাচী যে সহধৰ্ম্মিনী হৈও আপোনাৰ দুখ দুশ্চিন্তাৰ এফেৰি লাঘব কৰিব নোৱাৰোঁ। আপোনাৰ মনলৈ এফেৰি শান্তি আনি দিব নোৱাৰে।
চুক্লেন—দুশ্চিন্তাত মন বেয়া লাগি আছিল বুলি লিগিৰি হঁতৰ গীত শুনি মনৰ ভাৰ পাতলাৰ চেষ্টা কৰিছিলোঁ, তাতো ভাল নেলাগিল বুলি সিহঁতকো খেদি দিলোঁ। তাৰ পিছতে তুমি আহিলা। মনৰ অশান্তিত কৈ পেলালোঁ কিয় আমনি কৰা বুলি, তাতে নো ইমান বেজাৰ লাগিলনে হেলা?
হেলা—জানেনে নাথ, আপোনাৰ এআষাৰ হাঁহিমুখৰ মাতৰ কাৰণে হেলাই অকাতৰে মৰণকো বৰিব পাৰে।
[ এজনী লিগিৰিৰ প্ৰবেশ ]
[ প্ৰস্থান ]
হেলা—কিয় এনে কথা কয় নাথ, হেলাৰ ওচৰত আপোনা কোনো অপৰাধ হব নোঁৱাৰে। হেলাৰ জনম
অপোনাৰ সেৱা কৰিবলৈ। সেই সেৱাত হেলাৰ কত ত্ৰুটি কত ভুল হৈ থাকিব পাৰে। সেই দেখি হেলাৰ হে নিতে নিতে শত অপৰাধ ক্ষমা কৰিব নাথ। অহক নাথ, মেল কৰিবৰ সময় উকলি যায়।
চুক্লেন—ব’লা হেলা, গৈছোঁ ব’লা।
[ হেলাৰ প্ৰস্থান ]
হেলাও তত সুন্দৰ! ৰেণুও সুন্দৰ! কোন বেছি সুন্দৰ! হেলা, উৰ্ম্মিবিহীন স্থিৰ ধীৰ গম্ভীৰ মহা সমুদ্ৰৰ দৰে স্থিৰা ধীৰা গম্ভীৰা। দক্ষিণ মলয়াৰ মৃদু হিল্লোলত নীৰবে ভাহি অহা ভবা নাও খনিৰ দৰে হেলাৰ মৃদু স্পৰ্শে মন প্ৰাণ কোনোব অজানা দেশৰ শান্তিৰ ৰাজ্যলৈ উটুৱাই লৈ গুচি যায়! আৰু ৰেণু, মহা সমুদ্ৰৰ উত্তাল তৰঙ্গ ঠেলি সমুদ্ৰ মন্থনত আবিৰ্ভূত হোৱা মোহিনী। পৰ্বতীয়া জুৰিটিৰ দৰে চঞ্চলা! দুৰ্দ্দমনীয় আকৰ্ষণ শক্তিৰে মুহূৰ্ত্ততে মনপ্ৰাণ অৱশ বহ্বল কৰি লালসাৰ বহ্নিত পেলাই দিয়ে—
[ ভাবি ভাবি প্ৰস্থান আৰু লাহে লাহে ৰেণু প্ৰবেশ ]
ৰেণু—গুটি সিচিছোঁ এই কেদিনতে তাৰ শিপাও মেলিছে। আই মোৰ, পিতা মোৰ, আশীৰ্ব্বাদ কৰা যেন তোমালোক হত্যাৰ তৰ্পণ কৰিহে এই পাপ পুৰী পবিত্যাগ কৰোঁ। আহাঁ দানবী! আহাঁ পিশাচী—! তোমালোকৰ অন্তৰৰ পৈশাচিক-প্ৰবৃত্তি মোৰ অন্তৰত সুমাই দিয়াহি। আহাঁ হত্যা! আহাঁ বিভীষিকা! মোৰ
[ প্ৰস্থান ]
—আঁৰকাপোৰ—
⸻
চতুৰ্থ দৃশ্য
[ মন্ত্ৰণাগৃহ ]
[ চুহুং, খেনলুং, চাওফ্ৰাচেংমুং আৰু কণচেং বৰপাত্ৰগোঁহাই ]
চুহু—বৰ ডাঙৰ সমস্যা ডাঙৰীয়া সকল। শান্তিপূৰ্ণ সুনিৰ্ম্মল আহোমৰ—ভাগ্যাকাশত আকৌ হঠাতে এচমকা ক’লা ডাৱৰে দেখা দিলে! হয়তো ধুমুহা ডাঙৰকৈয়ে মাৰিব! ৰঙামাটিৰ নবাব খছলখাঁই দেশজয় কৰিবলৈ সেনাপতি তুৰ্ব্বক আৰু হুছেন খাঁক সৈন্য সামন্ত দি পঠাইছে। সিহঁতে বোলে সৌমাৰ আক্ৰমণ কৰিব আৰু খুব সম্ভব কলিয়াবৰৰ ওচৰতে ছাউনী পাতিবহি।
৫ [ ৬৬ ] চাও—শিয়ালৰ ইমান সাহ যে সিংহক আহি গাঁতত জোকাই লয়! পাঠানে এতিয়াও বুজা নাই আহোমৰ পৰাক্ৰম! সমুচিত শাস্তি বিধান কৰিব লাগিব স্বৰ্গদেও। এনে ব্যবস্থা কৰিব লাগিব যেন চিৰকাললৈ পাঠানে এনে দুঃসাহস কৰাৰ পৰিণাম কি ভীষণ তাক সুঁৱৰি সুঁৱৰি শিঁয়ৰি উঠে।
খেনলুং—তেনে ব্যৱস্থাই কৰিব লাগিব ডাঙৰীয়া! ইয়াত অৱশ্যে কোছৰজা বিশ্বসিংহও তলে তলে সহায় আছে, নহলে কি সাধ্য ক্ষুদ্ৰ ৰঙামাটিৰ নবাবৰ যে পৰাক্ৰমী আহোমক জোকাবলৈ আগবাঢ়ে? যদি বিশ্বসিংহৰ যোগ আছে— তেনেহলে অৱশ্যে আশঙ্কাৰ যথেষ্ট কাৰণ আছে। কিবা কয় কোঁৱৰে?
কণচেং—আপোনাসকল বিজ্ঞ বহুদৰ্শী। কিয় সোধে মোক? আজ্ঞা দিব—যাম ৰণলৈ। দিয়ে যদি দিব সৈন্যবল। নতু, অকলৈ সংহাৰিম শতেক পদাতি! ৰণ দিম দেহত শক্তি থাকে মানে—প্ৰাণ দিম দেশৰ কাৰণে।
চুহু—বীৰৰচিত কথা। এনে বীৰ থাকোঁতে দেশত কাৰ সাধ্য আহোমক জিনে! ডাঙৰীয়া সকল, পাঠানক ভেটিবৰ যুক্তি স্থিৰ কৰক।
খেনলুং—তাকেহে ভাবিছোঁ স্বৰ্গদেও, যদি বিশসিংহে— পাঠানক সহায় দিছে তেনেহলে ৰণৰ আয়োজন ভাঙৰেই হব লাগিব।
চাও—চোৰাংচোৱা পঠাই গুৱাহাটীৰ পৰা বিশ্বসিংহ ৰজাই পক্ষাপক্ষ লোৱা নোলোৱাৰ বাতৰি অনা হওক।
খেনলুং—ডাঙৰীয়াৰ যুক্তি অতি সজ। আজিয়েই—চোৰাংচোৱা পঠোৱা হওক। ডাঙৰীয়াৰ ওপৰতে সেই ভাৰ থাকিল।
চাও—যিবা আজ্ঞা। কলিয়াবৰতে আমাৰ পক্ষৰো ছাউনী পাতি তাতেই সৈন্য সামন্ত গোট খুওৱাই মই ভাল বিবেচনা কৰোঁ।
খেলুং—সজ যুক্তি আপোনাৰ।
[ বৰবৰুৱা, ডেকাফুকন, হিলৈবৰুৱা, পানীফুকন, নাওবৈছা ফুকনৰ প্ৰবেশ ]
বৰবৰুৱা—বন্দীহতঁক কিয়বা মতালে স্বৰ্গদেও।
চুহু—মতালোঁ বিশেষ কামত। পাঠানে দুৱাৰত খুন্দিয়াই আহোমৰ শান্তিৰ নিদ্ৰা ভঙ্গ কৰিছেহি। সিদিনা মাথোন আমি যুদ্ধ বিগ্ৰহৰ পৰা মুকলি হই দুদিন জিৰণী লৈছিলোঁ, আকৌ সেই জিৰণী ভাঙ্গিবলৈ আহিল পাঠান। তাৰ বাবেই পৰামৰ্শ কৰি নিজৰ নিজৰ কৰ্ত্তব্য ঠিক কৰি লবলৈ আপোনাসকলক মতোৱাৰ প্ৰয়োজন। বৃদ্ধ বুঢ়া গোহাঞী ডাঙৰীয়া, কৃতী বৰগোঁহাই ভাঙৰীয়া আৰু ৰণনিপুণ বৰপাত্ৰ গোহাঞীদেৱে যাৰ যেনে কৰ্তব্য নিৰ্দ্ধাৰণ কৰি দিয়ে প্ৰত্যেকে সেই দৰে উপস্থিত কৰ্ত্তব্যত জাপ দিবগৈ বুলি মোৰ ভৰসা।
বৰবৰুৱা—অৱশ্যে জাপ দিমহঁক।
ডেকাফুকন—আজ্ঞা দিয়ক স্বৰ্গদেও। আজ্ঞা দিয়ক ডাঙৰীয়া সকল!
পানীফুকন—দেশৰ শান্তিভঙ্গকাৰীহঁতক সমুচিত শিক্ষা দিবৰ কাৰণে আমি প্ৰাণ দিবলৈকো প্ৰস্তুত।
খেলুং—বখানো বিষয়া সকল আপোনালোকৰ সজ ইচ্ছা। বৰ্তমান ক্ষেত্ৰত আমি অতি সতৰ্ক হৈ চলিব লাগিব, ব্যস্ত হলে নহব। এতিয়াই আমাৰ প্ৰত্যেক কৰ্তব্য নিৰ্ধাৰিত হব। বৰগোহাঞী ডাঙৰীয়াৰ ইচ্ছা আহোমৰ ছাউনী কলিয়াবৰৰ ওচৰতে হওক। মোৰ সেয়ে ইচ্ছা।
চুহু—ডাঙৰীয়াৰ ইচ্ছাই আমাৰ ইচ্ছা।
খেনলুং—তাত কিন্তু ৰছদৰ ব্য্স্থাব এবছৰৰ কাৰণে থাকিব লাগিব। শদীয়াখোৱা গোহাঞীলৈ আজিয়েই বতৰা দিব লাগিব ত’ত তিনিহেজাৰ কাঁড়ী সৈন্য ছমাহৰ ৰছদে সৈতে যোগাৰ দিব লাগিব।
চাও—সজ! সজ!
খেলুং—পানীফুকনক আজ্ঞা দিব লাগে স্বৰ্গদেও—এশ চৰানাও প্ৰত্যেকত আঢ়ৈকুড়িকৈ সৈন্য লৈ কালিলৈ কলিয়াবৰলৈ যাত্ৰা কৰক। ছাউনী নহয়গৈ মানে নাৱতে সকলো থাকিব।
চুহু—বুঢ়া গোহাঞী ডাঙৰীয়া বৃদ্ধ বিচক্ষণ তেখেতৰ ইচ্ছাই মোৰ ইচ্ছ। বিষয়া ডাঙৰীয়া সকলে মোৰ আজ্ঞালৈ
অপেক্ষা নকৰি তেখেতৰ কথাতে নিজৰ নিজৰ কৰ্তব্যলৈ আগবঢ়াইহে মোৰ একান্ত বাঞ্চা।
পানীফুকন—যিবা আজ্ঞা স্বৰ্গদেও! এতিয়া বিদায় হওঁ আপদেও। বন্দীয়ে যাত্ৰাৰ আয়োজন কৰোঁগৈ।
[ প্ৰস্থান ]
খেনলুং—সেই এশ নাৱৰ লগতে নতুবা পাৰিলে আজি ৰাতিয়েই, বৰবৰুৱা হিলৈবৰুৱা আৰু নাওবৈছাফুকনো কলিয়াবৰ অভিমুখে যাত্ৰা কৰক। বৰবৰুৱা ডাঙৰীয়াই ছাউনীৰ ওপৰত বিশেষ চকু দিবগৈ লাগিব, যাতে অতি শীঘ্ৰে হৈ উঠে। ডেকাফুকনে পঞ্চাছ খন নাও এহেজাৰ কাঁড়ী আৰু এহেজাৰ পদাতিৰে যাত্ৰা কৰি বিশ্বনাথত ছাউনী পাতক গৈ। হিলৈবৰুৱাই ছুটীয়া ৰাজ্যৰ পৰা অনা তোপ কিটাৰ দুটা নিজৰ জিম্মাত কলিয়াবৰত পাতিবগৈ আৰু আনটো ডেকাফুকন ডাঙৰীয়াই শালাৰ কোঠলৈ পঠোৱাৰ দিহা কৰিব। ইয়াৰ বাহিৰেও সলাল সন্দিকৈ মৰঙ্গীয়াল আদি সকলো ফুকন বৰুৱালৈ বেয়ে যাকে ওচৰত পায় কটকী পঠাই বাতৰি দিয়াব যেন প্ৰয়োজন হলেই বছদ সৈন্য সকলে পোৱা হয়, আৰু নিজৰ নিজৰ কোঠ গড় যেন সকলো সংস্কাৰ কৰি ৰণলৈ সাজু হৈ থাকে। ডেকাফুকন ডাঙৰীয়াই সলাল গোঁহাইলৈ কটকী পঠিয়াই শিঙ্গৰীৰ কোঠত বিশেষ চকু দিবলৈ স্বৰ্গদেও আজ্ঞা বিহিব।
ডেকাফুকন—যিবা আজ।
বৰবৰুৱা—তেনেহলে বন্দীহঁত বিদায় কৰোঁ স্বৰ্গদেও।
চুহু—ৰব বিষয়াসকল! শুনি যাওক বুঢ়া গোহাঞী ডাঙৰীয়াই এই মহা অনুষ্ঠানৰ গুৰিয়াল কাক মনোনীত কৰে!
খেন্লুং—স্বৰ্গদেৱে যাকে পাচে সেয়ে এই গুৰুভাৰ হাতত লব লাগিব। সেইটো স্বৰ্গদেওৰ ইচ্ছা।
চুহু—মোৰ মতে এই গুৰুভাৰ লবৰ উপযুক্ত পাত্ৰ বৰ্ত্তমান ক্ষেত্ৰত বৰগোহাঞী ডাঙৰীয়াকহে দেখিছোঁ। আপোনাসকলৰ অনুমতি পালে তেখেতক মই এই আকষ্মিক ৰণৰ গুৰিধৰা পদত বৰণ কৰোঁ।
খেন্লুং—বৰগোহাঞী ডাঙৰীয়া যে কৃতী আৰু সেই ভাৰৰ উপযুক্ত তাত তিলমাত্ৰও সংশয় নাই। কিন্তু বৰ্ত্তমানত আমাৰ সকলোতকৈ ডাঙৰ কৰ্ত্তব্য নগৰ ৰক্ষা। সেই কাৰণে সম্প্ৰতি বৰগোহাঞী আৰু বৰপাত্ৰ গোহাঞী ডাঙৰীয়াক মই নগৰৰ বাজ হবলৈ দিবলৈ সম্মত নহওঁ। ঘৰখন দূৰ্ব্বলকৈ বাজত বলী দেখুৱাবলৈ যোৱাটো মোৰ মনে প্ৰশস্ত নহব। যদি স্বৰ্গদেৱে অনুমতি দিয়ে এই স্থবীৰ হাতেৰে অস্ত্ৰ ধৰি পাঠান ভেটিব খোজোঁ।
বৰবৰুৱা—সজ! সজ! অতি সুন্দৰ কথা। আপদেৱে অস্ত্ৰ ধৰি পাঠানক ভেটিবলৈ ওলালে ডেকাবিলাকৰ বাউসীলৈ মত্ত হাতীৰ বল আহিব।
খেন্লুং—যদি স্বৰ্গদেও আৰু ডাঙৰীয়া সকলে অনুমতি দিয়ে মই আজিয়েই প্ৰস্তুত হওঁ। স্বৰ্গদেও আৰু ডাঙৰীয়া
সকলৰ আশীৰ্ব্বাদহে লাগে, বন্দীয়ে পাঠানক সমুচিত শাস্তি বিহি অচিৰে উলটি আহিম।
চুহু—অপোনাৰ বৃদ্ধ শৰীৰৰ উৎসাহ দেখি ইচ্ছা হয় নিজে অন্ত্ৰলৈ এবাৰ ওলাওঁ। এনে তেজ, এনে শক্তি, যদি মোৰ সকলো প্ৰজাৰ হ'লহেতেন! ডাঙৰীয়া! আপোনাৰ ইচ্ছাত বাধা দিবলৈ মই অপাৰগ। এই সমৰৰ সেনাপতি মই আপোনাকে বৰণ কৰিলোঁ।
খেন্লুং—বৰ তৃপ্ত হলোঁ স্বৰ্গদেও। বুঢ়াৰ শৰীৰত নতুন শক্তি সঞ্চাৰিত হল।
চাও—আমাক বৰঘৰ ৰখীয়া পাতি ডাঙৰীয়া বাজ ওলাইছে, ঈশ্বৰক খাটোঁ শত্ৰুৰ মুখত ছাই দি স্বদেশৰ আৰু স্বৰ্গদেও মুখ উজ্জ্বল কৰকহি।
কণচেং—এই বয়সতো ডাঙৰীয়াৰ উৎসাহ উদ্যম দেখি আমাৰ নিজৰ ওপৰত ধিক্বাৰ দিবলৈহে ইচ্ছা হয়। এই তেজ এই বীৰ্য্য এই পৌৰুষৰ শতাংশৰ একাংশৰো যদি অধিকাৰী হব পাৰিলোঁহেতেন! অজ্ঞা দিয়ক ডাঙৰীয়া, অধীনো লগতে ওলাওঁ।
খেন্লুং—নেলাগে কোঁৱৰ! আপোনাৰ আৰু বৰগোহাঞী ডাঙৰীয়াৰ কৰ্তব্য অতি গুৰুতৰ। ঈশ্বৰে নকৰক, যদি এই স্থবীৰ বাহু হীনবল হয়, হয়তো ডাঙৰীয়াৰ উপস্থিতি ৰণক্ষেত্ৰত প্ৰয়োজন হব পাৰে। তেতিয়া ৰণবাঞ্ছা পূৰ্ণ কৰিব।
চুহু—যদি প্ৰয়োজন হয় সৈন্যবল আৰু কিছু লওক ডাঙৰীয়া।
খেন্লুং—নেলাগে স্বৰ্গদেও। বন্দীৰ তলত পাঁচজনা ডাঙৰীয়াৰ সৈন্যবলেই যথেষ্ট হব। যদি স্বৰ্গদেওৰ হকে স্বদেশৰ হকে এই বুঢ়া দেহ ৰণত পৰে সি বৰ গৌৰবৰ কথা।
চুহু—তেন্তে চুক্লেন, চুৰেং, লগত যাওক। আপোনাৰো সহায় হব ৰণনীতিও সিহঁতে কিছু কিছু শিকিব।
খেন্লুং—নেলাগে স্বৰ্গদেও। প্ৰয়োজন হলে পিছত যাব। তেন্তে বিদায় দিয়ক বন্দীক স্বৰ্গদেও। বিদায়, ডাঙৰীয়া সকল!
বৰবৰুৱা—এতিয়া সেৱাহে স্বৰ্গদেও। আহিলোঁ ডাঙৰীয়া সকল।
[ বুঢ়াগোহাই, বৰবৰুৱা, হিলৈবৰুৱা আৰু নাওবৈছা ফুকনৰ প্ৰস্থান ]
চুহু—তেন্তে আজিলৈ আমিও ঘৰঘৰি যাওহঁক।
[ সকলোৰে প্ৰস্থান ]
—পট পৰে—
⸻
পঞ্চম দৃশ্য
[ নগা পৰ্ব্বতৰ নামনি। খুণবাওৰ ঘৰ ]
[ লুকুয়ে এটা শিলত বহি কোছত ফুললৈ মালা গাঁথি থাকে আৰু খুণবাৱে বেতসূত চাঁচি থাকে ]
চেংলং চেংলুং! কিয় নাঅ চেলুং। কিয় লুকু পালে—তুৰ বুবু পালে ইমান দুক দি পাইছ! আ চেংলুং! লুকু! তাৰ কিমান দিন অল্ কলেকৈ কপ পাৰিবি?
লুকু—পাৰিব তো! আমাৰ মালাকিনি লেকি দেকিলে কব পাৰিব। আমাৰ অলে মালা দিন দিন কাতিছে। আতাই তৈ নিছে। কাকাটি আয়ি দেকি পাব—পিনিব—
খুণবাও—তাৰ আৰু আয়িব না লুকু?
লুকু—তাৰ আয়িম বুলি যাইছে বুবু, কিয় নায়িব?
খুণবাও—আবিত পৰা বাক্ পোৱালী দৰি আনি বানি তলে কিমান দিন তাকিব লুকু। মুকলি অব পালে আবিত যাব! এই দেকি আমাৰ তাকে আনিব যাব বুলিছে—তই পালে যাব নিদিয়ে!
লুকু—যাব নালাকে বুবু তাৰ আয়িম কৈছে এদিন আয়িব। তাৰ যতি আয়িব বাল নাপায় দৰি আনিলে কিয় আয়িব।
খুণবাও—তুৰ ইমান দুক পাইছে আমাৰ ইমান দুক পাইছে জানি পালে তাৰ কেতিয়া তাকিব নুৱাৰে। উনি পালে আয়িব। তুকে দেকি নাপাই তাৰ মন দুক উৱা নাই না? আমাৰ যাম লুকু, মুকে যাব দিবি—তাকে তুৰ কতা তুৰ—মালা উকাই যুৱা কতা কলে তাৰ কেতিয়া তাকিব নুৱাৰে তাৰ আয়িব।
লুকু—মুৰ কত তাৰ পালে কব নালাকে বুবু! তুৰ য়ালে দূৰত পৰা—তাকে দেকি কুছি আৱিবি বুবু, তাৰ
বাল তাকিছে উনি পালে বাল পাম। কব নালাকে বুবু, তাৰ পালে দেকি নাপাই আমাৰ দুক পাইছে।
খুণবাও—লুকু, মুৰ দুক তাকি তুৰ দুক দেকি পাইয়ে তাকে মাতিব বাবিছে। তাৰ কিয়ানি এতিয়া তুকে দেকি পালেও চিনি নাপায়!
লুকু—নালাকে বুবু মুৰ পালে তাৰ চিনি পাব নালাকে!
খুণবাও—তুৰ মন ৰং নেদেকিলে তুৰ আঁয়ি নেদেকিলে মুৰ যে বুকু পাটি যুৱা অমান দুক পায় লুকু। তাৰ আয়িব জানিলে তুৰ ইমান দিন দিন উকাই যাইছে কিয় লুকু?
লুকু—আমাৰ ক’ত উকাইছে বুবু! তুৰ অদায় দিন আমাৰ পালে উকাইছে দেকিছে। আমাৰ অলে আকব অমান তাকিছে।
খুণবাও—মুকে কি পাকি দিবি লুকু, মুৰ পালে কি লুকাই ৰাকিব পাৰিবি লুকু! মই আটাই জানিছে আটাই দেকিছে—তুৰ অউ বুকু বিতৰতে কিমান দুক আমাৰ জানি পুৱা নাই বাবিছ লুকু! আমাৰ পালে তুৰ লুকাই তাকি কনা দেকি পুৱা নাই বাবিছ লুকু!
[ লুকুৱে চকুপানী মছি বাপেকৰ আগৰ পৰা আঁতৰি গুছি যায় ]
[ প্ৰস্থান ]
[ লাহে লাহে লুকুৰ পুনঃ প্ৰবেশ ]
[ আকৌ শিলত বহেগৈ ]
গীত
বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ
পাতত তিৰেবিৰায় পানী।
ৰ’দত তিৰেবিৰায় জিয়াৰে পাপি ঐ
ফুলনীত ফুলৰে ৰাণী।
এন্ধাৰত জিলিকে জোনাকী পৰুৱা
আকাশত জিলিকে জোন।
ক'লাকৈ ডাৱৰত বিজুলী জিলিকে
হিয়াত মোৰ জিলিকে কোন?
কলিজাত যিকুডা জলে ঐ জিয়াজুই
তাতো ঐ জিলিকে কেচাসোণ!
হবনে এনেদিন বাজিব ভগা বীণ
হিয়াত মোৰ জলিব পূৰ্ণিমাৰ জোন।
—পট পৰে—
⸻
ষষ্ঠ দৃশ্য
[ ৰজাৰ হাউলীৰ ভিতৰৰ বাগিচা।
চুৰেং কোঁৱৰ অকলে ইফাল সিফাল কৰি থাকে ]
চুৰেং—সমুদ্ৰৰ বুকুত ঢউ উঠে আপুনি মাৰ যায়! মোৰ বুকুৰ ইকি ভয়ানক ঢৌ! ক’ত সি মাৰ যাব দিনে দিনে ডাঙৰ হৈ মোকে তাৰ বুকুত মাৰ নিয়াব খোজে! আজি ইমান দিনে সেই এটা চিন্তা। দিন নাই ৰাতি নাই সপোন নাই দিঠক নাই চিন্তা সেই এখনি মুখৰ! সৌ গবাক্ষত থিয় হৈ আজি ইমান দিন লৰাই জোনটি চোৱাৰ দৰে দূৰৰ পৰা চায়েই মনৰ তৃপ্তি সাধন কৰিছোঁ ধৰিবলৈ হাত মেলোঁ যেন কত দূৰত! বুজা নাইনে মোৰ হিয়াৰ নীৰব যন্ত্ৰণাৰ কথা। কতদিন চাইছে—সেই চোৱা—সেই চকুদুটিত যেন কত কথা লুকাই আছে! কিমান দিন অপেক্ষা কৰিম! কিমান দিন আৰু এই অন্তৰৰ দাৰুণ পোৰণী সহিম! আজি নিশ্চয় সুধিম! আজি আৰু হতাশ অন্তৰে উভতি নেযাওঁ। মোৰ বুকুৰা ভালপোৱা ঢালিদি কৈ চাম, তুমি মোৰ হোৱা! তেতিয়ানো মোক উপেক্ষা কৰিবনে? ইমান নিষ্ঠুৰ হব পাৰিবনে? যাচি দিয়া প্ৰেম ভৰিৰে ঠেলি গুচি যাবনে? এই পিনেই তো আহিব! আহিবৰ সময়ো হৈছে। বাৰু মোৰ তৰোৱাল খনকে বাটত থৈ দিওঁ! পৰি থকা দেখিলে হয়তো বিচাৰ কৰিবও পাৰে কাৰ তৰৱাল! নতুবা খন্তেক
ৰবও পাৰে। [ ৭৭ ][ তৰোৱাল খাপৰ পৰা উলিয়াই বাটতে থৈ আঁতৰ হয় ]
[ ৰেণুৰ প্ৰবেশ আৰু দূৰৈত কাৰেঙৰ গবাক্ষৰ ফালে চাই আহোঁতে
তৰোৱালত উজুটি খাই ভৰি কাটি পৰি যায় ]
ৰেণু—উস্ কোনে এনে শত্ৰু শালিলে? কাৰ মই কি
অনিষ্ট কৰিছিলোঁ।
[ চুৰেং লৰি আহি ৰেণুক ধৰেহি ]
চুৰেং—কি কৰিলোঁ! কি কৰোঁতে কি কৰিলোঁ। মইয়ে
তোমাৰ এই অনিষ্টৰ মূল সুন্দৰী! মোক ক্ষমা কৰা।
ৰেণু—মই অপোনাৰ কি কৰিছিলোঁ কোঁৱৰ! মোক
এইদৰে নেমাৰি সেই তৰোৱাল বুকুত বহুৱাই দি হত্যা নকৰিলে
কিয়?
চুৰেং—মই তোমাৰ ভৰিত ধৰি ক্ষমা খুজিছোঁ সুন্দৰী!
মোৰ অপৰাধ হৈছে মোক ক্ষমা কৰা! কি কৰিলোঁ!
[ চুৰেঙ্গে মূৰৰ পাগুৰী ফালি তাৰে ৰেণুৰ ভৰি বান্ধি দিয়ে ]
ৰেণু—ছি! ছি! কি কৰে কোঁৱৰ? পাগুৰীৰ আগেৰে
এজনী লিগিৰিৰ ভৰি বান্ধি দিব।
চুৰেং—তাত কি? মোৰ নিজৰ মূৰ্খামীতে তোমাৰ এই
অৱস্থা! আৰু ইয়াত কাপোৰকে বা পাওঁ ক’ত?
ৰেণু—নেলাগে, মোৰ এনেয়ে ভাল হব! নেবান্ধিলেও হব।
চুৰেং—নহয়, নেবান্ধিলে তেজ নৰব! বান্ধি দিওঁ।
[ ৰেণুৰ ঘা বান্ধি দিয়ে ]
ৰেণু—উস্ মোৰ যে আজি সৰ্ব্বনাশ হ'ল। মই কি বুলি [ ৭৮ ] আজি ডেকাৰজাৰ আগত ইমান পলম হোৱাৰ বাবে ক্ষমা
খুজিম! আৰু এই ভৰিৰে কেনেকৈ নাচিম! নাচিব
নোৱাৰিলেও যে মোৰ সৰ্ব্বনাশ! ডেকা ৰজাই মোক সুদাই
এৰিবনে?
চুৰেং—তোমাৰ কোনো ভয় নাই সুন্দৰী! তুমি মোৰ
আশ্ৰয়ত থাকিবা!
ৰেণু—সেই কথাই গা নুজুৰায় কোঁৱৰ। ডেকাৰজাই
কালিলৈ ধৰাইনি নাক কাণ কাটি মোক ৰাজ্যৰ বাজ কৰি
দিব।
চুৰেং—মই কি এই ৰাজ্যৰ কোনো নহওঁ! তোমাৰ কোনো
ভয় নাই সুন্দৰী। মোৰ আশ্ৰয়ত থাকিবা—কাৰ সাধ্য তোমাৰ
চুলি এডাল স্পৰ্শ কৰে।
ৰেণু—আপোনালোক ৰাজকোঁৱৰ সকলৰ কথাহে বৰ ডাঙৰ
ডাঙৰ! কামৰ বেলিকা হলে একোটো নাই! মই সামান্য
লিগিৰি এজনী থাকিলেই বা কি গলেই বা কি? কাৰো একো
ক্ষতি নহয়! মোৰ কাৰণে আজি মোৰ আগত কৈছে কাৰ সাহ
এডাল চুলি স্পৰ্শ কৰে, কিন্তু এতিয়াই আপোনাৰ চকুৰ আঁৰ
হলে এই লিগিৰিৰ নাক কাণ কাটি ডডাখৰ ডোখৰ কৰিলেও
সোধোঁতা নহব কিয় কাটিলি বুলি?
চুৰেং—এই ৰাজ্যত ককাই দেউৰ যিমান ক্ষমতা মোৰৰ
সিমান। তুমি অকণো শঙ্কা নকৰিবা। মই জীয়াই থাকোঁ
মানে তোমাৰ কোনো ভয় নাই। মোৰ মহললৈ ব’লা, তুমি
আজিৰ পৰা মোৰ আশ্ৰয়ত থাকিবা। [ ৭৯ ] ৰেণু—এনেয়ে ডেকাৰজা আপোনাৰ ওপৰত খড়্গহস্ত তাৰ
ওপৰত মই আপোনাৰ মহললৈ যাওঁ, মোৰ আৰু কালিলৈ
ডিঙিত মূৰ নেথাকে।
চুৰেং—মোৰ ওপৰত খড়্গহস্ত! মই ককাইদেউৰ কি
পানীখোৱা পুখুৰীত বিহ ঢালিছোঁ যে মোৰ ওপৰত ইমান
আক্ৰোশ!
ৰেণু—আপোনালোকৰ আঁহে আঁহে কথা, আপোনালোকেই জানে ডেকাৰজাৰে অপোনাৰে কিহত বিৰোধ?
আমি আৰু সেইবোৰৰ কি ভূ পাওঁ!
চুৰেং—মোৰ কথা বাৰু ককাইদেৱে কিবা কৈছেনেকি?
ৰেণু—আপুনিও ভাল কোঁৱৰ। আমি লিগিৰি—, আমাক
নো সেইবোৰ পেটৰ কথা কিয় কবলৈ যাব? কাৰ পেটত কি
আছে কোনে জানে?
চুৰেং—মুখ ফুটাই নকলেওতো কথা বতৰৰ পৰা বুজি
পাইছা। তাকেহে সুধিছোঁ কিহৰ পৰা তোমাৰ এনে অনুমান
হল।
ৰেণু—আমাৰ অনুমান আৰু কি কোঁৱৰ,—লিগিৰিহতঁৰ
সৈতে কোৱা মেলা কৰোঁতে শুনিছিলোঁ বোলে ডেকাৰজাৰ
কোনোবা এজনী লিগিৰিৰ কাৰণে হেনো আপুনি একেবাৰে
বলিয়া। তাইক বোলে ডেকাৰজায়ো বৰ ভাল পায়! পিছে
লিগিৰি জনীক বোলে আপুনি হাত কৰিবৰ কাৰণে তলে তলে
খুব চক্ৰান্ত কৰিছে। সেই দেখি ডেকা ৰজাৰ হুকুম, কোন
লিগিৰি আপোনাৰ মহলৰ ফালে যাব নোৱাৰে। [ ৮০ ] চুৰেং—[ স্বগতঃ ] তেনেহলেকি মোৰ আশাত অঙ্কুৰতে
জলাঞ্জলি দিব লাগিব। কেতিয়াও নহয়! মোৰ প্ৰাণ গলেও
নহয়! এই ৰাজ্যত তোমাৰ যিমান ক্ষমতা মোৰো সিমান।
মোৰ স্বাৰ্থৰ বাটত অন্তবায় হলে মই কাকে ক্ষমা নকৰিম!
ৰেণু—মৌন হ’ল দেখোন কোঁৱৰ। অ’ কথা তেনে মিছা নহয়!
চুৰেং—কি মিছা নহয়!
ৰেণু—আপোনাৰে ডেকাৰজাৰে কাজিয়াৰ গুৰি।
চুৰেং—[ স্বগতঃ ] এতিয়াওনো বুজা নাইনে! [ প্ৰকাশ্যে ] যদি জানিলাহেঁতেন! যদি বুজিলাহেঁতেন সুন্দৰী কি দাৰুণ দাবানল এই বুকুৰ ভিতৰত!
ৰেণু—কাৰ কাৰণে কোঁৱৰ? কোন সেই হতভাগিনী!
চুৰেং—এতিয়াও বুজা নাই কাৰ কাৰণে সুন্দৰী? আজি অতদিন সৌ গবাক্ষৰ পৰা যাৰ মুখখনি নীৰবে চাই চাই কাল নিয়াইছোঁ। যি ছবিখনি হিয়াৰ সিংহাসনত থাপি নীৰবে পূজা কৰিছোঁ সেই মানস প্ৰতিমা মোৰ—তুমি—তুমি সুন্দৰী। এবাৰ কোৱা তুমি মোৰ হবা!
ৰেণু—মই! আপনি কৈছে কি কোঁৱৰ। মই যে লিগিৰি।
চুৰেং—লিগিৰি নোহোৱা মোৰ হৃদয় ৰাজ্যৰ অধিশ্বৰী। হয়তো বা এই সুবিস্তীৰ্ণ আহোম ৰাজ্যৰ ভাবী পটেশ্বৰী।
ৰেণু—নকব কোঁৱৰ! মোৰ আৰু আপোনাৰ নিজৰ
সৰ্ব্বনাশৰ বাট মুকলি নকৰিব। [ ৮১ ] চুৰেং—মোক বিমুখ নকৰিবা সুন্দৰী! বৰ আশা! বৰ
আশা বুকুত বান্ধি তোমাৰ ওচৰ চাপিছোঁ। তাতকৈ লোৱা সৌ
তৰোৱাল মোৰ বুকুত বহুৱাই দিয়া।
ৰেণু—ছিঃ কোঁৱৰ! আপুনি কয় কি? আপুনি এই
আশা বিসৰ্জ্জন দিয়ক। নহলে আপোনাৰ জীৱনলৈ টনাটনি
আৰু মোৰতো মৃত্যু নিশ্চয়।
চুৰেং—তোমাক নেপালে মৰোঁ সিও ভাল। জীৱন থাকে
মানে তোমাৰ আশা এৰিব নোৱাৰোঁ তুমি মোৰ সুন্দৰী!
কোৱা সুন্দৰী এবাৰ কোৱা, মোৰ তুমি হবা।
ৰেণু—কেনেকৈ কওঁ কোঁৱৰ। মৰিবলৈ কাৰ ভয় নাই।
চুৰেং—বুজিছোঁ! বুজিছোঁ! মোৰ প্ৰতি সদয় হৈছা।
ভয়ত কবলৈ সাহ কৰা নাই। একো ভয় নাই সুন্দৰী।
তোমাক পাবলৈ মই পৃথিবীৰ সকলোৰে বিপক্ষে ঠিয় দিবলৈকো
কুণ্ঠা বোধ নকৰোঁ।
ৰেণু—আপুনি নকৰিব পাৰে। আপুনি পুৰুষ আপোনা
ভয় নাই। মই যে নাৰী মোৰতো সিমান সাহ নাই।
চুৰেং—কিহৰ ভয়। তুমি সদয় হোৱা! মই আমাৰ
মিলনৰ বাটৰ সকলো কণ্টক দূৰ কৰিম। তেতিয়াতো তোমাৰ
কোনো শঙ্কা কোনো ভয় নেথাকে!
ৰেণু—আপুনি জানেনে কোঁৱৰ সেই পথৰ কণ্টক কোন?
চুৰেং—জানো! জানো সুন্দৰী!
ৰেণু—যদি জানে কোঁৱৰ। তেন্তে এই আশা পৰিত্যাগ কৰক! [ ৮২ ] চুৰেং—জীৱন থাকে মানে নহয়! ডেকাৰজা! ডেকাৰজা
তোমাৰে মোৰে মিলনৰ পথৰ অন্তৰায়!
ৰেণু—সেই ডেকাৰজা আপোনাৰ ককাইদেৱেক।
চুৰেং—হলেই বা! একো ক্ষতি নাই। ককাইদেও হলেও
মোৰ ইচ্ছাত বাধা দিলে মই ক্ষমা নকৰিম।
ৰেণু—বাধা দিলে কি—দিছেই আৰু দিবও। আপোনাৰ
আশা মিছা।
চুৰেং—মিছা! মই হত্যা কৰি হলেও কণ্টক দূৰ কৰিম।
ৰেণু—পাৰিব পাৰিব কোঁৱৰ!
চুৰেং—নিশ্চয় পাৰিম—কোৱা মোক—এবাৰ মুখ ফুটাই
কোৱা তুমি—তুমি মোৰ হবা?
ৰেণু—যেতিয়া পাৰিব তেতিয়া। এতিয়া আহোঁহে
কোঁৱৰ মোৰ বহুত পলম হল!
চুৰেং—আকৌ কলৈ যাবা সুন্দৰী? যেতিয়া মোৰ হৃদয়
আকাশত ৰঙা-বেলি ৰেঙাইছে—এবাৰ আহা প্ৰাণেশ্বৰী তাৰ
পূৰ্ণ উদয় হওক!
ৰেণু—মই কোৱা কথা পাহৰি নোেব কোঁৱৰ।
চুৰেং—নাই পাহৰা সুন্দৰী! মই কণ্টক দূৰ কৰিম।
নিশ্চয় কৰিম। মোক লাগে তোমাক।
ৰেণু—যেতিয়া কন্টক আপোনাৰ দূৰ হব তেতিয়া বিচাৰ
কৰিব কোঁৱৰ। তাৰ আগেয়ে নহয়।
চুৰেং—নহয়—নহয় তুমি ইমান নিষ্ঠুৰ হ্ব নোৱাৰা! [ ৮৩ ] এবাৰ আহাঁ মোৰ ইমান দিনৰ অন্তৰৰ পোৰণী চেঁচা কৰি
যোৱা! মোৰ হৃদয়ত বল দি যোৱা।
[ ৰেণুৰ ফালে আগবাঢ়ি যায়, ৰেণু আঁতৰ হয়।]
ৰেণু—মই যি কলোঁ পাহৰি নেযাব কোঁৱৰ। নহলে
আপোনাৰ সমূহ বিপদ। মই যাওঁ—মোক যাবলৈ দিয়ক।
চুৰেং—নেযাবা—নেযাবা—
[ ৰেণুক ধৰিবলৈ খেদি যাওঁতে এপাত কাঁড় আহি চুৰেঙ্গৰ বাহৰ
ওচৰেদি যায়। চুৰেং থমকি ৰই তৰোৱাল ডাঙ্গি লয়।]
ইকি? কাৰ এনে দুঃসাহস! কোনে আজি মৃত্যুক
মাতিছে—
[ হাতত ধেনু আৰু খোলা তৰোৱাললৈ উগ্ৰমূৰ্ত্তি চুক্লেন কোঁৱৰ
সোমাই আহে ]
চুক্লেন—পিশাচ! অকলে পাই এজনী অবলাৰ ওপৰত
অত্যাচাৰ কৰিবলৈ ওলাইছ? নিলাজ পশু মৃত্যুয়েই তোৰ
উপযুক্ত শাস্তি।
চুৰেং—তুমি! তুমি ডেকাৰজা! তুমিয়েই গুপ্ত ঘাতকৰ
দৰে মোকে লক্ষ্য কৰি কাঁড় মাৰিছিলা?
চুক্লেন—ময়ে মাৰিছিলোঁ। ভাবিছ সাৰি গলি! নহয়—
এনে পাপৰ শাস্তি মৃত্যু—প্ৰস্তুত হ ভীৰু।
[তৰোৱাল ডাঙে ]
চুৰেং—কাপুৰুষ! ল তেনে উপযুক্ত শাস্তি। [ ৮৪ ] [ দুয়োৰে যুদ্ধত চুক্লেন কোঁৱৰৰ তৰোৱাল পৰি যায়। চুৰেঙ্গে সুবিধা বুজি হাতত ধৰি চুক্লেনৰ ডিঙিলৈ তৰোৱাল ডাঙি ঘাপ মাৰিব খোজোঁতেই কণচেং বৰপাত্ৰ গোহাঞীদেও বেগাই সোমাই আহি চুৰেঙ্গৰ হাতত থাপ মাৰি ধৰি তৰোৱাল কাঢ়ি লয়। ৰেণুৱে একেথৰে কণচেঙৰ ফালে চাই থাকে।]
—আঁৰ কাপোৰ—
⸻
সপ্তম দৃশ্য
নগা কুঁৱৰীৰ মৈদাম
[ কোছত আৰু হাতত কিছুমান ফুল লৈ কণচেং সোমাই আহি
মাকৰ মৈদামত সেৱা কৰি ফুল বিলাক চতিয়াই দিয়ে।]
কণচেং—আই মোৰ! পৰমাৰাধ্যা জননী মোৰ! হৃদয়ত
বল দিয়া! তোমাৰ সেৱাই যেন তোমাৰ হতভাগ্য সন্তানৰ
জীৱনৰ ব্ৰত হয়। শক্তি দিয়া আই মোৰ, যেন তোমাৰ সেৱাতে
জীৱন পাত হয়।
[ খুণবাও সোমাই চাই থাকে। কণচেং সেৱা কৰি উঠি খুণবাওক
দেখি আচৰিত হয়। দুয়ো দুয়োলৈ ঠৰ হৈ চাই থাকে।]
খুণবাও—চেলুং! চেলুং!
কণচেং—বুবু! কিয় আহিলি বুবু?
[ দুয়ো দুয়োক সাবটি ধৰে]
[ ৮৫ ] খুণবাও—কিয় আয়িলে। তুৰ আততে মৰিপ আয়িলে।
জাতি ল চেংলুং—বুকুতে বউৱা—
কণচেং—বুবু—বুবু—
খুণবাও—একু উনি অয়া নাই—মৰিব আয়িছে! জাতি
ল চেংলুং।
কণচেং—মোক ক্ষমা কৰ বুবু—
[ খুণৰাওৰ ভৰি দুটাত সাবট মাৰি ধৰে।]
ক বুবু—সুকু ভালে আছে?
খুণবাও-লুকু কতা উদিছে—লুকু পালে পাঅৰা নাই
চেংলুং?
কণচেং—লুকুক পাহৰিম! ক বুবু! লুকু কেনে আছে?
খুণবাও—তঅঁতি অআম মানু, নকাকিনি দুক কি জানি
পাব! নকা অলে মৰি কলে কাৰ পালে ইমান দুক দেকিব
নুৱাৰে!
কণচেং—তোৰ গুৰিত মই সেই নগা বুবু!—তোৰ সেই
চেলুং—মোক পৰ নেভাবিবি—!
খুণবাও—তুৰ পালে পৰ বাবিলে তুৰ আততে মৰিপ
আয়িব কেলে চেংলুং?
কণচেং—লুকুক কবি বুবু মই যাম! দেশত ৰণ লাগিছে
সেই দেখি যাব পৰা নাই।।
খুণবাও—আমাৰ উনি পাইছে চেংলুং, অঅম মা্নু তুৰ
পালে ভানৰ বিকয়া পাতিছে। চেংলুং ডানৰ মানু অইছে। [ ৮৬ ] কণচেং—মই ডাঙৰ আছিলোঁ তোৰ গুৰিত বুবু! মই
ভাঙৰ আছিলোঁ হাবিৰ পহু খাই জুৰিৰ পানী খাই গছৰ গুটি
খাই!—মুকলি মনেৰে পৰ্ব্বতে পাহাড়ে ঘূৰি ফুৰি!—আজি
মই সৰু—নিচেই সৰু! লোৰ পিঁজৰাত বন্দী মইনা চৰাইৰ
দৰে পৰৰ বন্ধুৱা গোলাম।
খুণবাও—তেনেঅলে আক’ আয়িবি চেংলুং! আবিত পউ ৰকম আক’ পৰ্পত বৈয়াম গুৰি লুকু লকতে দেমালি কৰি পুৰিবি। আক’ অদায় দিন তুকে দেকি পাম। লুকু মুকত আঁয়ি দেকি পাম।
কণচেং—তেন্তে কি হাঁহিৰ নিজৰা—বনৰ পখিলি লুকুৰ মুখত হাঁহি নাই! ৰাংধালী কেতেকীৰ ৰঙৰ কুৰুলি নাই।
খুণবাও—নাই—চেংলুং—! পকিলিৰ ৰণা ডেউকা বাঙি পৰিলে—আৰু কি উৰিব—আৰু কি আঁয়িব।
কণচেং—ময়ে সেই ৰাক্ষস বুবু! উস্ কি কৰিলোঁ! ৰাক্ষস মই! পিশাচ মই। মোৰ কাৰণেই লুকুৰ আজি এনে অৱস্থা! কি সৰ্বনাশ কৰিলোঁ! কিয় এই জ্বলা জুইত জাপ দিলোঁ! স্বৰ্গ এৰি কিয় এই নৰকত পচি মৰিলোঁ। কি কৰিলোঁ। কি স্বৰ্গীয় সেই অনাবিল শান্তি ভৰিৰে ঠেলি আজি নৰকৰ লালসাত ডুবগৈ নিজৰ অস্তিত্বকো বিস্মৃতিৰ অতল গৰ্ভত ডুবাই দিছোঁ। কি মহাভুল! অযাচিতে পোৱা। অমৃত ভৰিৰে ঠেলি হলাহল বিষ পান কৰিলোঁ। নহয়! আৰু নহয়! আৰু বন্ধত আবদ্ধ নহওঁ। পিঞ্জৰ ভাঙ্গি [ ৮৭ ] মুক্ত পখি মুক্ত পক্ষ বিস্তাৰ কৰি মুক্ত আকাশত বিচৰণ। কৰিবলৈ আকৌ উৰি গুচি যাব! যাম! যা-বুবু! মই যাম। লুকুক চাবি, কবি, মই যাম। লুকুৰ ভৰিত ধৰি মোৰ অপৰাধৰ ক্ষমা খুজিম গৈ। এবাৰ চাম যদি লুকুৰ মুখৰ সেই হেৰোৱ হাঁহিৰ পুনৰুদ্ধাৰ কৰিব পাৰোঁ। নহলে নিজৰ ওপৰত প্ৰতিশোধ লম। এনে প্ৰতিশোেধ লম যাক কোনও কেতিয়াও কল্পনাও কৰিব পৰা নাই। যা বুবু। মই যাম।
খুণবাও—আয়িবি চেংলুং!
কণচেং—যাম বুবু! যোৱাৰ আগতে এবাৰ ৰজাক কৈ
আহিম। ৰজাই পতা বিষয় মই—মোৰ এই অশান্তিৰ
আবৰণ এই পৰিচ্ছদ আকৌ শোখাই দি আকৌ মুক্ত
আকাশৰ তলত বিচৰণ কৰিবলৈ গুচি যাম। যা বুবু। মই
যাম। সঁচাই কৈছোঁ মই যাম। তই যা।
[ খুণৰাওৰ প্ৰস্থান ]
কিয় মোৰ বুকু কঁপি উঠিল! ই আকৌ কি অমঙ্গলৰ সূচনা
নহয়। একো নেমানো। একো নুশুনো! যাম, নিশ্চয়
যাম।
[ প্ৰস্থান। ]
[ কোছত কিছুমান ফুললৈ ৰেণুৰ প্ৰৱেশ ]
ৰেণু—কব নোৱাৰোঁ কোন তোমাৰ পূজাৰ পাত্ৰ! কোন
তোলাৰ নীৰব গোপন আৰাধনাৰ প্ৰতিমা! যেয়ে হওক, [ ৮৮ ] মোৰ আৰাধনা তুমি। ইয়ালৈকে তুমি আহাঁ, ইয়াতে
তোমাৰ পূজা দি গুচি যোৱা—! ময়ো মোৰ সজীব দেৱতাৰ
জীৱন্ত মূৰ্ত্তিৰ এই খিনিতে এবাৰ গোপন দৰ্শন কৰি মোৰ অৰ্য্য
দি গুছি যাওঁ! অন্তৰৰ গোপন কথাটি কওঁ বুলি কব
নোৱাৰোঁ,—নীৰব যন্ত্ৰণাত ছাতিফুটি কৈ দেই পুৰি মৰোঁ।
কিয় তুমি মোৰ দৃষ্টিৰ পথত উদয় হলাহি—মোৰ সাধনাত
বাধা দিলাহি? সেই দিনা—সেই দিনাই মোৰ সাধনাৰ মোৰ
কৰ্ত্তব্যৰ অৰ্দ্ধেক সিদ্ধি হলহেঁতেন; তুমি কিয় বাধা দিলাহি?
তুমি আহি উপস্থিত নহলে কালৰ সোঁত আনফালে ব’লে
হেঁতেন। কি কৰিলা? কিয় এই হতভাগিনীৰ এনে দূৰ্গতি
কৰিলা। যি মুহূৰ্তে তোমাক দেখিছে। প্ৰাণমন সকলো সমৰ্পণ
কৰিছোঁ। সেই মুহূৰ্ত্ত অবধি তোমাৰ চিন্তা তোমাৰ সেই
মোহন মূৰ্ত্তিৰ ধ্যানে মোক সকলো পাহৰাই দিছে। যি
কৰ্তব্য সন্ধানত এই নৰকত সোমাইছোঁ তোমাৰ চিন্তাই যে
মোৰ সেই কৰ্ত্তব্যও পাহৰাই দিছে। কিয় এনে সৰ্ব্বনাশ কৰিলা!
মোৰ কি কৰিল।
[ কণচেঙে সিচা ঠাইত ফুলবিলাক সিচি দিয়ে ]
হে মোৰ দেৱতা! হে প্ৰিয়! লোৱা, তোমাৰ উদ্দেশ্যে অৰ্পণ
কৰিছোঁ।
[ লাহে লাহে প্ৰস্থান আৰু পিছতে ধেনুত কাড় জুৰিলৈ চুৰেং
কোঁৱৰৰ প্ৰবেশ ]
চুৰেং—ইয়ালৈকে সি আহে। আজিও হয়তো আহিব! [ ৮৯ ] নহয়, এই ফুল যে বাহি নহয়—আজি দিয়া। তেন্তে!
তেন্তেকি গ'লহি। সাৰিলি পিশাচ! আজিও সাৰিলি!
ক’ত সাৰিবি? কিমান দিন সাৰিবি! কলৈ পলাবি?
কিমান দিন পলাই সাৰিবি? মোৰ কৰ্ত্তব্যত বাধা দি—মোৰ জীৱনৰ উদ্দেশ্য নিস্ফল কৰি ক'ত লুকাই সাৰিবি
পিশাচ? আগেয়ে তই, তাৰ পিছত ডেকাৰজা! ভাবিছিলোঁ
আজিয়েই তোৰ শেষ কৰিম! এই সমাধিয়েই
তোৰ সমাধি হব! সাৰিলি! সাৰি গলি! আৰু এটাদিন
পৰমায়ু পালি! লগে লগে কোৰো যে মিলনৰ শুভ মুহূৰ্ত্তৰ
এটা দিন বাঢ়ি গ'ল! নহয়! পলম কৰিলে নহব! অন্য
উপায় ধৰিব লাগিব! পাইছোঁ! পাইছোঁ পিশাচ! সেয়ে
ঠিক। আজি ৰাতি! আজিৰ নিদ্ৰাই তোৰ চিৰনিদ্ৰা হব!
তোক জীৱন্তে দাহণ কৰিব লাগিব। তোৰ শোৱনী ঘৰত—যেতিয়া মাজ নিশা টোপনীত অচেতন থাকিবি—তেতিয়া—ঠিক হব! উপযুক্ত উপায়—অতি সজ—অতি সহজ!
নিজেই কৰিম কাকো নেপাছোঁ! মাজ নিশা! মাজ নিশা
জুই দিম কোনেও নেজানিব—কোনেও অনুমান কৰিব
নোৱাৰিব! এইবাৰ—এইবাৰ চাম কেনেকৈ সাৰ নৰাধম!
তাৰ পিছত—কালিলৈ—ডেকাৰজা—
[ প্ৰস্থান ]
[ ৯০ ]
অষ্টম দৃশ্য
[ ৰজাৰ চ’ৰা। স্বৰ্গদেও চুহুম্মুং অকলে।]
চুহুম্মুং—কুক্ষণত শিঙৰী ঘৰত উঠি এই সিংহাসন লাভ
কৰিছিলোঁ। লোকে কয় ৰজাসুখ। ইয়াতকৈ পৃথিবীত
কিবা ডাঙৰ দুখ আছে নে? ইমান চিন্তা, ইমান দুৰ্ভাবনা।
তিল তিলকৈ জীৱন দগ্ধ কৰি পেলায়। ৰণৰ কথাত নিশ্চিন্ত
আছোঁ বুঢ়া গোহাঞী ডাঙৰীয়া নিজে গৈছে বুলি। তথাপিও
আজিলৈকে যিমান বাতৰি পাইছোঁ। আমাৰ পক্ষৰ বিশেষ
মঙ্গলজনক একো শুনা নাই। কব নোৱাৰোঁ কি হয়।
ইফালে ঘৰত এই অশান্তি,—একে মাতৃৰ স্তনদুগ্ধ খাই পৰিপুষ্ট
হোৱা মোৰ দুই জ্যেষ্ঠ কোঁৱৰৰ বিৰোধ। সেই দিনা শুনিছোঁ
বৰপাত্ৰ ডাঙৰীয়াই বাধা নিদিয়া হলে এটা প্ৰাণ গ'লহেতেন!
কুক্ষণত এনে পুত্ৰৰ পিতা হৈছিলোঁ! দেশত ৰণ! ঘৰৰ
ভিতৰত এই অশান্তি! মই কি কৰোঁ! মই যে উপায়কে
স্থিৰ কৰিব নোৱাৰোঁ। ক’তা বৰগোহাী ডাঙৰীয়াও ইমান
পৰে নাহিল।
[ নগাৰ সাজত হাতত নগা জাঠিলৈ আৰু আহোমৰ ৰাজ পৰিচ্ছদ
তৰৰৱাল আদি হাততলৈ কণচেঙৰ প্ৰবেশ।]
ই আকৌ কি ৰহস্য বৰপাত্ৰ! এই সাজে তোমাক বৰ
ওয়ায় ভাই! ইচ্ছা হয় তোমাক সদায় এই সাজতে দেখা
পাওঁ।
কণচেং—-আৰু হয়তো দেখা নেপাৰ স্বৰ্গদেও। মই আজি [ ৯১ ] বিদায় লবলৈ আহিছোঁ। এই লওক স্বৰ্গদেও, আপুনি
অনুগ্ৰহ কৰি দিয়া ৰাজ পৰিচ্ছদ আৰু অস্ত্ৰ। মোক বিদায়
দিয়ক।
চুহু—বিদায় দিম! কিয় ভাই—এবাৰ মোক ভাই বুলি মোক তোমাৰ ভ্ৰাতৃত্বৰ দুৰ্ভেদ্য আবৰেণেৰে আৱৰি ধৰি আকৌ কিয় এৰি গুচি যাবলৈ ওলাইছা? কোৱা ভাই, কি হল? হঠাৎ কিয় এই পৰিবৰ্ত্তন—একে ৰাতিতে চেহেৰাৰে ইমান পৰিবৰ্ত্তন।
কণচেং—একো নহয় স্বৰ্গদেও। গোটেই ৰাতি উজাগৰে থকাৰ বাবেই হয়তো অলপ ক্ষীণ দেখিছে।
চুহু—গোটেই ৰাতি উজাগৰে কি এনে দুশ্চিন্তাত কটালা ভাই?
কণচেং—দুশ্চিন্তাত নহয় স্বৰ্গদেও। মোৰ স্বৰ্গীয়া জননীৰ গুৰিত বিদায় লবলৈ গৈ মাতৃৰ মৈদামতে গোটেই ৰাতি কটাই এইমাত্ৰ তাৰ পৰা স্বৰ্গদেওৰ ওচৰত বিদায় লবলৈ আহিছোঁ। মোক বিদায় দিয়ক স্বৰ্গদেও মই যাওঁ। ইমান দিনে যদি কিবা অপৰাধ কৰি আছে ক্ষমা কৰিব।
[ ৰজাক সেৱা কৰে।]
চুহু —তুমি কি অপৰাধ কৰিবা ভাই। হয়তো অপৰাধ কৰিছোঁ মই। যাৰ বাবে মোক আজি এনে দৰে দগ্ধ কৰি গুচি যাবলৈ ওলাইছা। মোক ক্ষমা কৰা ভাই! কোৱা ভাই কিয় যাবা? কলৈ যাবা?
কণচেং—নুসুধিব স্বৰ্গদেও! হয়তো বেলি হলে এই [ ৯২ ] বন্ধন ছিন্ন কৰিব নোৱাৰিম। ভাবিব, ই এটা পাগলৰ খিয়াল!
বন্ধনত আবদ্ধ থাকি ভাল নেলাগে বুলি মুক্ত আকাশৰ তলত
মুকলিমূৰীয়া হৈ বিচৰণ কৰিবলৈ ওলাইছোঁ। মই আহোঁহে
বৰ্গদেও
[ পৰিচ্ছদাদি ৰজাৰ আগত থৈ বেগাই প্ৰস্থান ]
চুহু—গুচি গ’ল! ৰাখিব নোৱাৰিলোঁ! কণচেং! ভাই
মোৰ! মোৰ যে সোঁ বাহু চিগি গ'ল। মোৰ যে সৰ্ব্বনাশ
হ’ল।
[ ৰজা মৌন হৈ থাকে আৰু চাও বৰগোহাজ্ঞীৰ প্ৰবেশ ]
চাও—স্বৰ্গদেও।
চুহু—কোন? ডাঙৰীয়া।
চাও—আজি স্বৰ্গদেওক ইমান বিহ্বল দেখিছোঁ কিয়?
চুই—অকল বিহ্বল! এয়ে ভাল যে এতিয়াও জীয়াই থকা
দেখিছে।
চাও—ৰণৰ কিবা অমঙ্গল বাতৰি আহিছেনে কি স্বৰ্গদেও?
[ বৰতি চোৰাংচোৱাৰ প্ৰবেশ ]
কি বাতৰি চোৰাংচোৱা?
বৰতি—বাতৰি বুকু ফাটি যোৱা স্বৰ্গদেও। গ’লৰাতি
কোনোবাই নগা বৰপাত্ৰ ডাঙৰীয়াৰ ঘৰত জুইদি ডাঙৰীয়াক
ঘৰৰ ভিতৰতে পুৰি মাৰিলে!
চাও—কি! কি কলি? কোন সি নৰাধম! কাৰ ইমান
সাহ! কাৰ উচ্ছন্ন যাবৰ কাল চাপিছে!
চুই—কোন সি নৰাধম? ধৰিব নোৱাৰিলি কোনে জুই [ ৯৩ ] দিলে? কি কৰিছিলি পিশাচ! এই দৰেই তহঁতৰ কৰ্ত্তব্যত
হেলা কৰি মোৰ সৰ্ব্বনাশ কৰ। ক নৰাধম কোনে জুই
দিলে! শাস্তি তাৰ জীৱন্তে দাহণ। ক, নহলে উগ্ৰ শাস্তি
তোক দিম।
বৰতি—[ কঁপি কঁপি ] বন্দীৰ কামত বন্দীয়ে হেলা কৰা
নাই—স্বৰ্গদেও! বন্দীৰ কোনো অপৰাধ নাই!
চুহু—তেন্তে ক, কোনে এই কাম কৰিলে?
বৰতি—কবলৈ সাহ নহয় স্বৰ্গদেও। কব পাৰোঁ যদি
বন্দীক অভয় দিয়ে।
চাও—ক, চোৰাংচোৱা। তোৰ কোনো ভয় নাই।
বৰতি—স্বৰ্গদেও।
চুহু—অভয় দিছোঁ। ক, কোন সি নৰাধম?
বৰতি—স্বৰ্গদেও, গ’লৰাতি বন্দী যেতিয়া বাজ ওলাওঁ
মানুহে শুই নিহপালি দিছে। ৰাতি তেতিয়া দুপৰ লাহ্
দিছে মাথোন। বন্দীয়ে বৰবৰুৱাৰ হাউলীৰ ওচৰৰ পৰা জুই
দেখা পাই লৰি আহোঁ। এটা মানুহ লৰি অহা দেখা পালোঁ।
বন্দীয়ে জুই নেখেদি মানুহটোকে ধৰিবলৈ প্ৰাণ টাকি লৰ
দিলোঁ। মানুহটোক, ৰজাৰ হাউলী পাওঁ পাওঁ হৈছে এনেতে
বন্দীয়ে পিছ ফালৰ পৰা গৰা মাৰি ধৰিলোঁহি। জোনৰ
পোহৰত যেতিয়া তাৰ মুখখন দেখিলোঁ স্বৰ্গদেও, বন্দীৰ
হাত ঢিলা হৈ গ'ল। একেঠৰে সেই মুখ খনৰ ফালেহে চাই
থাকিলোঁ। হাত এৰিদিলোঁ! সিও তাৰ পিছতে ৰজাৰ
হাউলী সোমাল। [ ৯৪ ] চুহু—এজাৰ হাউলী সোমাল! কোন সি নৰাধম! ক,
বৰতি কোন সি? হাতত পায়ো তাক এৰি দিলি? মোৰ
হাউলীৰ ভিতৰত কোন সি ৰাজদ্ৰোহী? ক, তাৰ মুখ তই
দেখিছিলি! তই চিনি পাৱ তাক!
বৰতি—চিনো স্বৰ্গদেও! বৰতিয়ে স্বৰ্গদেওৰ চাকৰি কৰি
চুলি পকাইছোঁ, আজিলৈকে মিছা কথা কোৱা নাই।
চুহু—ক, কোন সি? তাৰ শাস্তি জীৱন্তে দাহণ।
বৰতি—বন্দীক ক্ষমা কৰিব স্বৰ্গদেও। বন্দীয়ে তাৰ নাম
কব নোৱাৰোঁ। প্ৰাণ গলেও নোৱাৰোঁ।
চুহু—নোৱাৰ! এই ৰাজ্যৰ ৰজা মই! মোতকৈ তোৰ
সেই ৰাজদ্ৰোহীলৈ বেছি ভয়?
বৰতি—ভয় নহয় স্বৰ্গদেও! ভয় কাক বোলে বৰতিয়ে
নেজানে। খুৰৰ বাৰেদি বগাই বৰতিয়ে স্বৰ্গদেওৰ চোৰাং
চোৱা হৈ নিমখ খাইছোঁ, ভয় কি, ইমান দিনে জনা নাই।
কালি যেতিয়া মুকলি হৈ সি খাপৰ তৰোৱাল উলিয়াই মোলৈ
ডাঙ্গি ললে বন্দীয়ে তেতিয়া বুকু পাতি থিয়দি ইয়াকে মাথোন
কলোঁ—“কালিলৈ স্বৰ্গদেওৰ আগত যেন এই কথা প্ৰকাশ
কৰিবলৈ মই জীয়াই নেথাকোঁ। মোক কাটা এইয়া বুকুপাতি
থিয় দিছোঁ”। জোনৰ পোহৰত চিকমিকোৱা তৰোৱল
আকৌ লাহে লাহে তাৰ খাপত সোমাল। মোক নেকাটিলে
স্বৰ্গদেও। এবাৰ মোৰ ফালে তীক্ষ্ণদৃষ্টিৰে চাই হাউলী
সোমাল।
চুহু—কোন সি? কব লাগিব বৰতি! মোৰ ঘৰৰ [ ৯৫ ] ভিতৰত শত্ৰু! তাকে মােৰ বিশ্বাসী অনুচৰে হাতত পাই এৰি দিয়ে! শত্রু নিপাতৰ যত্ন নকৰি ৰাজদ্রোহীক প্রশ্রয় দিয়ে। তেন্তে মই কি কিছুমান বিদ্রোহীৰ মাজত। বিদ্রোহী অনুচৰলৈ বিদ্রোহী প্ৰজাৰ ওপৰত শাসন দণ্ড ধৰিছোঁ! ক, বৰতি, কোন সি পিশাচ!
বৰতি—ক্ষমা কৰিব স্বৰ্গদেও। নাম মই তাৰ কব নােৱাৰোঁ।
চুহু—কব লাগিব বৰতি! নতু জিভ তােৰ কাটি কাটি কুকুৰক খুৱাম।
বৰতি—তাতােকৈ ডাঙৰ কিবা শাস্তিৰ বিধান কৰিলেও নােৱাৰোঁ। স্বৰ্গদেও।
চুহু—বুজিছোঁ, তয়াে এই বিদ্রোহী দলৰ সহায়কাৰী! বেছ কথা। উপযুক্ত শাস্তিৱেই মই বিধান কৰিম। প্ৰহৰী।
প্ৰহৰী—[ প্রবেশ কৰি ] স্বৰ্গদেও।
চুহু—বা, চাওদাঙক মাতি আন। মােৰ সন্মুখত আজি ইয়াৰ নাক কাণ কাটি চকু কাঢ়ি তাৰ পিছত জিভা টানি বাহিৰ কৰিব লাগিব। যা—
[ প্ৰহৰীৰ প্রস্থান ]
সকলাে ৰাইজে দেখক, ৰাজদ্রোহী বিশ্বাস–ঘাতকৰ শান্তি কি ভীষণ।
বৰতি—বাজদ্রোহী! আজি দুকুড়ি বছৰ স্বৰ্গদেওৰে নিমখ খাইছোঁ স্বৰ্গদেওৰে চাকৰি কৰি চুলি পকাইছোঁ—কেতিয়াও কামৰ হেলা কৰা নাই—বাজদ্রোহী মই নহয় [ ৯৬ ] কোন? স্বৰ্গদেওৰে ইচ্ছা স্বৰ্গদেওৰে বৰকুঁৱৰী চলোঁতে নিজৰ
পুত্ৰক নিজ হাতে, শিলেৰে বুকু বান্ধি জীয়াই জীয়াই পুতি
থৈ আহিও—বিনা বাক্যব্যয়ে গোলামী কৰিছোঁ স্বৰ্গদেওৰ—ৰাজদ্ৰোহী মই নহয় কোন?
চুহু—এতিয়াও ক, বৰতি। এতিয়াও সময় আছে। কোন
সি পিশাচ?
বৰতি—মনত পৰেনে স্বৰ্গদেও, গোঁসানীৰ আগত বলি
দিবলৈ নিখুঁত ছাগলী বাছি অনাৰ দৰে মোৰ দহবছৰীয়া
ঠাণুক বাছি আনিছিল। মাউৰা বোপাইৰ মোৰ—ময়ে
আছিলোঁ মাক ৰজাৰ ইচ্ছাই ঈশ্বৰৰ ইচ্ছা বুলি তাকো
সহিছিলোঁ স্বৰ্গদেও! সহিছিলোঁ স্বৰ্গদেও ঠাণুৰ মুখখনিৰ
দৰে আৰু এখন মুখ চাই! সেই মুখকে চাই আজিও
ঠাণুক মোৰ পাহৰি আছোঁ। সেই মুখকে দেখিছিলোঁ
স্বৰ্গদেও গ’লৰাতি! ইমান দিনে তাক চকুৰে দেখিয়েই
তৃপ্তি পাই আছিলোঁ। কালি তাক প্ৰথম স্পৰ্শ কৰিছিলোঁ!
উস্ সি যে কি সুখ! যেতিয়া তাক সাবটি ধৰোঁ মোৰ
যেন কত জনমৰ বুকুৰ ভাৰ পাতলি গ'ল! তাৰ কোমল
গাত গা লাগি মোৰ হাত ভৰি অৱশ হৈ গ'ল স্বৰ্গদেও!
পুত্ৰস্নেহ যে কি বস্তু এবাৰ নিজ পুত্ৰক জীয়াই জীয়াই পুতিব
নোৱাৰিলে বুজিব নোৱাৰি!
চুহু—এতিয়াও ক বৰতি। নহলে—
বৰতি—নহলে আৰু কি স্বৰ্গদেও! চাওাঙে মোৰ
নাক কাণ কাটিব। চকু কাঢ়িব! জিভা টানি বাজ কৰিব! [ ৯৭ ] তাৰ ভয় বৰতিয়ে নকৰে স্বৰ্গদেও! হয়তো যন্ত্ৰণাত মোৰ
এই জিভাই বিশ্বাসঘাতকতা কৰিব। তাৰে বাট বন্ধ কৰিম
স্বৰ্গদেও! এই জিভাই মোৰ কিমানৰ সৰ্বনাশ কৰিছে—আজীৱন মোৰ গোলামী কৰিছে কোনোকালে মোৰ অবাধ্য
হোৱা নাই। আজি মোৰ এই জীৱন মৰণৰ সন্ধিস্থলত
হয়তো যন্ত্ৰণা সহিব নোৱাৰি মোৰ অবাধ্য হব! নিদিওঁ!
নিদিওঁ স্বৰ্গদেও! এইয়া চাওক তাৰ বাট বৰতিয়ে বন্ধ
কৰিলে!
[ নিজৰ হাতেৰে জিভা টানি নিজৰ তৰোৱালেৰে কাটি পেলায় ]
চাও—কি কৰিলি? কি কৰিলি বৰতি! [ স্বগতঃ ] কি
সৎসাহস! কি মানসিক বল! [প্ৰকাশ্যে] এনে দৃশ্য জীৱনত
এয়ে প্ৰথম দেখিলোঁ। এনে কৰ্মচাৰী পোৱাও পৰম ভাগ্য—আৰু হেৰুৱাও অতি দুৰ্ভাগ্য।
[ চাওদাং আৰু প্ৰহৰীৰ প্ৰবেশ ]
চাওদাং—[ সেৱা কৰি ] বন্দীৰ প্ৰতি কি আজ্ঞা হয়।
স্বৰ্গদেও।
[ ৰজাই তলমূৰ কৰে। বৰতি চাওদাঙৰ ওচৰ চাপি যায় আৰু
হাতেৰে নাক কাণ কাটিবলৈ ঈঙ্গিত কৰে ]
চাও—চাওদাংক আজ্ঞা দিয়ক স্বৰ্গদেও। নতুবা অনুমতি
কৰক সম্প্ৰতি বিদায় দিওঁ।
চুহু—নহয় ভাঙৰীয়া, এই ৰহস্যৰ ভেদ ভাঙ্গিবই লাগিব।
মোৰ মহলৰ ভিত কোন সেই বিদ্ৰোহী! মোৰ প্ৰাণলৈ
শান্তি নাহে ডাঙৰীয়া যেতিয়ালৈকে সেই বিদ্ৰোহীক জীৱন্তে
৭ [ ৯৮ ] দাহণ কৰিব নোৱাৰোঁ। মোৰ বিশ্বাস হৈছে ডাঙৰীয়া এই
বিদ্ৰোহৰ মূলত মোৰ দুই জ্যেষ্ঠ কোঁৱৰ আছেই আছে।
সিহঁতেই এই কাৰ্য্য কৰিছে। ৰজা মই মমতা কৰিলে নহব!
কঠোৰ হাতেৰে ৰাজদণ্ড ধৰিম। এদিন নাগাকোঁৱৰেই
সিহঁতক কটাকটিকৈ মৰাৰ পৰা ৰক্ষা কৰিছিল! সিহঁতৰ
যত্ন নিষ্ফল কৰি সিহঁতক সুপথলৈ আনিবৰ যত্ন কৰিছিল!
সেই কাৰণেই ভাই মোৰ পুত্ৰৰ বিপক্ষে মোক গোচৰ দিব
লাগে বুলিয়েই ৰাজ্য এৰি গুচি গলা। এবাৰ নকলা!
ঘূণাক্ষৰেও মোক জানিব নিদিলা যে এই অত্যাচাৰেই
তোমাৰ এই পাপ ৰাজ্য এৰি যোৱাৰ কাৰণ। মই বুজিছোঁ
ডাঙৰীয়া! সকলো কথা এতিয়া মোৰ পৰিষ্কাৰ অনুমান
হৈছে। মই পাইছোঁ ক’ত এই বিদ্ৰোহৰ গুৰি! ইয়াৰ
উপযুক্ত বিধান দিম ডাঙৰীয়া! মোৰ বাহিৰৰ শত্ৰুত কৈ
দেখিছোঁ ঘৰৰ ভিতৰৰ শত্ৰুহে ডাঙৰ। ভিতৰৰ শত্ৰুয়েহে
মোৰ সৰ্ব্বনাশ কৰিব! প্ৰহৰী!
প্ৰহৰী—স্বৰ্গদেও!
চুহু—এই মুহূৰ্ত্ততে গৈ বন্দিশালৰ বৰুৱাক য’তে আছে
ত’তে মোৰ আজ্ঞ শুনাবি—মোৰ দুই জ্যেষ্ঠ কোঁৱৰ চুক্লেন
আৰু চুৰেঙ্গক বন্দি কৰিব লাগে। আজিয়েই। চাবি যেন
পলম নহয়। যা চাওদাং তয়ো যা। দুই পুত্ৰ বন্দী
নোহোৱালৈকে যেন ঘূণাক্ষৰে এই কথা প্ৰকাশ নেপায়।
যদি কিবা সম্ভেদ পাই মোৰ পুত্ৰ পলাই সাৰে তহঁতৰ শাস্তি
মৃত্যু। যা শীঘ্ৰে যা। [ প্ৰহৰী আৰু চাওদাঙৰ প্ৰস্থান ] [ ৯৯ ] চাও—স্বৰ্গদেও। একেবাৰেই অনুমানৰ ওপৰত—এনে—
চুহু—মোক বাধা দিবৰ চেষ্টা নকৰিব ভাঙৰীয়া ই অনুমান
নহয়! ই ধ্ৰুব সত্য!
চাও—স্বৰ্গদেওৰে পুত্ৰ! দোষ কৰিলেও এই বাৰলৈ
ক্ষমা কৰিলে একো অনিষ্ট নহয়। দেশৰ এনে শঙ্কট কালত
এটা অশান্তিৰ বাট বঢ়োৱাহে হব।
চুহু—অশান্তি আৰু কি বাঢ়িবৰ বাকী আছে ভাঙৰীয়া!
মমতায়ে মোৰ সৰ্ব্বনাশ কৰিছে। আৰু নহয় ডাঙৰীয়া!
এইবাৰ কঠোৰ হাতেৰে শাসন দণ্ড ধৰিম। জুইত আঙুলী
দিলে জানো জুইয়ে নুপুৰিব ডাঙৰীয়া? পুত্ৰ ৰাজদ্ৰোহী
হলে কি ৰজাই তাৰ শাস্তি বিধান নকৰিব!
চাও—যদি নিৰপৰাধ হয় স্বৰ্গদেও।
চুহু—নিৰপৰাধ! মোৰ মহলৰ ভিতৰত আৰু এনে
কোন আছে যে এনেকুৱা দুঃসাহসৰ কামলৈ আগবাঢ়িব!
আপুনি অতি শীঘ্ৰে বুজিব পাৰিব মোৰ অনুমান যথাৰ্থ।
মই অবিহিত একো কৰা নাই। বন্দী কৰিছোঁ মাথোন।
ৰাজ্যৰ এনে শঙ্কট কালত সিহঁতৰ অপৰাধলৈ চাই মই প্ৰাণ
দণ্ডৰ আজ্ঞা দিব লাগিছিল। দিম ডাঙৰীয়া, প্ৰয়োজন হলে
তালৈকো পুত্ৰ বুলি কুণ্ঠা বোধ নকৰোঁ। বৰতি! যাক
ৰক্ষা কৰিবলৈ এনে দৰে আত্মবিসৰ্জ্জন দিলি ক’ত তাকতো
ৰক্ষা কৰিব নোৱাৰিলি! মই বুজিছোঁ বৰতি! মোক
কোনোবাই বুকুত খুন্দিয়াই কৈ দিছেহি কোন তোৰ এনে
অবস্থা কৰাৰ গৰাকী—! মই তাক ক্ষমা নকৰোঁ বৰতি। [ ১০০ ] তাৰ শাস্তি অতি ভীষণ—তাক তিল তিল কৈ ভীষণ যন্ত্ৰণাদি
বধ কৰিম।
[{বৰতিয়ে নিজৰ তৰোৱাল বুকুত সুমাই আত্মহত্যা কৰে ]
কি কৰিলি! কি কৰিলি বৰতি! চাওক ডাঙৰীয়া,
বৰতিয়ে মোৰ অনুমানৰ সত্যতা প্ৰমাণ কৰি গ'ল! উত্স
মোৰ কি দুৰ্কপাল!
চাও—দুৰ্কপাল এই দেশৰ স্বৰ্গদেও। কি স্বৰ্গীয় এই
আত্মবিসৰ্জন! এনে হীন আবৰণৰ তলত ইমান মহৎ হৃদয়।
চুহু- মোৰ ভাইয়ে মোক এৰি গুচি গল—মোৰ বিশ্বাসী
অনুচৰে-মোৰ দৃষ্টি কাঢ়ি লৈ গ’ল! বৰতি! বৰতি।
ইমান মহৎ তই—জীৱনত অনুমান কৰিব নোৱাৰিলোঁ।
মোক ক্ষমা কৰি যা বৰতি। ডাঙৰীয়া—এই পবিত্ৰ দেহৰ
সৎকাৰৰ আয়োজন কৰক। জীৱনত একো কৰিব নোৱাৰিলোঁ।
মৰণত তাৰ কণামাত্ৰ ঋণ শোধ কৰোঁ।
চাও—ভাল স্বৰ্গদেও, সৎকাৰৰ বিশিষ্ট আয়োজনকে কৰা
[ কটকীৰ প্ৰবেশ]
কোন? কটকী? ৰণৰ সংবাদ কি?
চুহু—আকৌ কি ভীষণ বাতৰি লৈ আহিছ কটকী? আৰু
কি বিপদৰ বোজা মোৰ মূৰৰ ওপৰত থবলৈ আনিছা?
কটকী-ইকি দেখিছো স্বৰ্গদেও! বৰতি চোৰাংচোৱা।
কোনে এই অবস্থা কৰিলে?
[ ১০১ ] চুহু—কোনে কৰিব। ৰজা মই—মই কৰিছোঁ। কোৱা
তুমি কি বাতৰি আনিছা?
কটকী—বাতৰি স্বৰ্গদেও—আহোমৰ ভাগ্যাকাশত বিনামেঘে
বজ্ৰাঘাত।
চুহু—মোক পাতনি নেলাগে। লাগে ৰণৰ সংবাদ।
চাও—স্বৰ্গদেও, অধৈৰ্য্য নহব! বিপদত ধৈৰ্য্যই হে
সাৰথি।
কটকী—কবলৈ বুকু ফাটি যাব খোজে স্বৰ্গদেও, আহোমৰ
পাঁচজন সেনাপতি ৰণত পৰিল। আমাৰ সৈন্য ছত্ৰভঙ্গ
দিলে। পাঠানৰ যেনি তেনি জয় জয় ময় ময়। স্বৰ্গদেও।
বিশ্বাসঘাতক পাঠানে সমুখ ৰণত টিকিব নোৱাৰি ছল কৰি
কৰি চোৰাংকৈ আহি আমাৰ এনে সৰ্বনাশ কৰিলে।
তথাপিও স্বৰ্গদেও পাঠানৰ এটাও পদাতি নবাবক বাতৰি
দিবলৈ নেথাকিলহেঁতেন যদি বুঢ়া গোহাঞী ডাঙৰীয়া
আমাৰ গুৰি ধৰিবলৈ থাকিলহেঁতেন! আমাৰ দুৰ্কপাল
স্বৰ্গদেও, পাঠানৰ দিন ভাল! নহলেনো কিয় বুঢ়া গোঁহাই
ডাঙৰীয়াই সেইদিনা কঁকালৰ বিৰি সোলোকাই ববনৈত গা
ধুবলৈ যাব। সেয়ে আমাৰ কাল হ’ল। শেণ অহাৰ দৰে
ক’ৰ পৰা নৰকী পাঠানে আহি ডাঙৰীয়াক পানীতে আক্ৰমণ
কৰিলেহি। সেই বৃদ্ধ বাহুৰেই শত্ৰুৰ হাতৰ অস্ত্ৰ কাঢ়ি লৈ
ডাঙৰীয়াই দেখুৱাই গ'ল আহোমৰ পৰাক্ৰম! পাঠান
কেঁচা তেজেৰে নিজৰ দেহ ৰাঙলী কৰি বৰনৈৰ পানী ৰাঙলী
কৰিহে বীৰৰ দৰে স্বৰ্গলৈ গুচি গ'ল! সেয়ে আমাৰ [ ১০২ ] কাল হ’ল স্বৰ্গদেও। এতিয়াও কিজানি নৰকী পাঠানহঁতৰ
জয়োল্লাস মাৰ যোৱা নাই। এতিয়া যি হয় বিহিত কৰক
স্বৰ্গদেও।
চুহু—কৈ যোৱা কটকী আৰু কোৱা! কোৱা পাঠানে
আহোমৰ ৰাজধানী—আক্ৰমণ কৰিছেহি।
চাও—কাৰ সাধ্য স্বৰ্গদেও। অধৈৰ্য্য নহব স্বৰ্গদেও।
ৰণত সেনাপতি পৰিছে। কাৰ নপৰে? দেশৰ কাৰণে প্ৰাণ
দিবলৈ মাতৃভক্ত সন্তানৰ অভাব হোৱা নাই! কি ভয়
স্বৰ্গদেও! আজ্ঞা দিয়ক, বন্দী ওলাওঁ। পাঁচ হেজাৰ ডেকা
লৰা লগত লম। আজ্ঞা দিয়ক স্বৰ্গদেও বন্দী কালিলৈ যাত্ৰা
কৰে। বিশ্বাসঘাতক পাঠান সেনাপতিৰ মূৰ আনি স্বৰ্গদেওৰ
চৰণত উপহাৰ দিওঁহি।
চুহু—কাৰ হাতত নগৰ ৰক্ষাৰ ভাৰ দি যাব ডাঙৰীয়া!
নগাকেঁৱৰ নাই যে পৰ্বতৰ দৰে শত্ৰুক ভেটিব। খেন্লুং
বুঢ়া গোঁহাই নাই যে বৰ গছৰ ছাঁৰ দৰে আশ্ৰয় দি থাকিব।
মোৰ বিশ্বস্ত অনুচৰ বৰতি নাই যে দাঁড়ৰ বাতৰি দাঁড়ে আনি
দি থাকিব।
চাও—সকলো আছে স্বৰ্গদেও! জগত জননী পতিত
পাৱনী আইৰ মোৰ সকলো আছে। এতিয়াই লাগে বুলিলে
আইৰ কাৰণে জিয়া জুইত জাপ দিব পৰা আইৰ বুকুত মানুহ
হোৱা হেজাৰে হেজাৰে ছফল ডেকা লৰা আছে। সিহঁতৰ
মাজতে আছে শই শই খেন্লুং শই শই বৰতি—শই শই
কণচেং—একো শঙ্কা নাই স্বৰ্গদেও! বন্দীক অনুমতি দিয়ক। [ ১০৩ ] চুহু—মোৰ পুত্ৰ বিদ্ৰোহী, মোৰ ভাই দেশত্যাগী, মোৰ
সেনাপতি মৃত—মই কি কৰোঁ ভাঙৰীয়া? কোনে আজি মোৰ
নগা কোঁৱৰক ফিৰাই আনি দিব।
চাও—আমাৰ এই শঙ্কট কালত কালে এনেকৈয়ে আমাৰ
বাহু চিঙি নিলে!
চুহু—কালে নিয়া নাই ডাঙৰীয়া! ভাইক মোৰ ঈশ্বৰে
ৰক্ষা কৰিলে। বৰতিয়ে এই ভয়ানক বাতৰি দিয়াৰ আগে
আগে নগা কোঁৱৰে মোৰ গুৰিত বিদায় লবলৈ আহি—সৌৱা
ৰাজ পৰিচ্ছদ আৰু অস্ত্ৰ শোধাই দি, নগাৰ সাজ পিন্ধি,
মুকলিমূৰীয়া হৈ মুক্ত আকাশৰ তলত বিচৰণ কৰিবলৈ গুচি
গ’ল! এতিয়া বুজিছোঁ ডাঙৰীয়া—ভাইয়ে মোৰ—মোৰ ওপৰত
অভিমান কৰি মোৰেই পুত্ৰৰ বিপক্ষে মোক গোচৰ দিব লাগে
বুলি নিজেই আঁতৰি গল!
চাও—তেন্তে কিহৰ ভয় স্বৰ্গদেও! জ্বলন্ত অগ্নিৰ পৰা
ঈশ্বৰে যেতিয়া তেখেতক ৰক্ষা কৰিছে, দেশৰ এই দুৰ্দ্দিনত
ঈশ্বৰে আমালৈকো চকু মেলি চাব। খেদ এৰক স্বৰ্গদেও—
নগা কোঁৱৰ বীৰ—ৰাজ্যৰ এনে আসন্ন বিপদৰ কথা শুনিলে
কেতিয়াও স্থিৰে থাকিব নোৱাৰে—অৱশ্যে আহিব—চোৰাং
চোৱা পঠাওক। কোঁৱৰক মাতিবলৈ মানুহ পঠাওক স্বৰ্গদেও।
বন্দীয়ে যাত্ৰাৰ আয়োজন কৰোঁ গৈ। আশীৰ্ব্বাদ কৰক যেন
অচিৰে পাঠানক সমুচিত শিক্ষা দি ঘূৰি আহিব পাৰোঁ। বন্দীয়ে
সেৱাহে জনালোঁ।
[ ১০৪ ] চুহু—যাওক ডাঙৰীয়া। ঈশ্বৰে আপোনাৰ মঙ্গল কৰক।
যোৱা কটকী, বৰতিৰ মৃতদেহ সৎকাৰৰ কাৰণে গায়নহঁত
আহক আৰু লিগিৰাহঁত আহক। তুমিয়েই মোৰ আজ্ঞা
শুনাই আহাঁ।
[ চাওফ্ৰাচেংমুং আৰু কটকীৰ প্ৰস্থান। ৰজা মৌন হৈ বহি থাকে।]