সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
[ ৩য় অঙ্ক
নগা কোঁৱৰ

সকলো বিসৰ্জন দিম মাতৃআজ্ঞা পৰিত্যাগ কৰিম—তুমি যদি নৰকলৈ ঠেলি পেলোৱা হাঁহি মুখে তাত জাপ দিম! মোক একো নেলাগে—লাগে তোমাক—

[ চুক্লেন কোঁৱৰৰ প্ৰবেশ ]

 চুক্লেন----ৰতিমন!

 ৰতি—কোঁৱৰ!

 চুক্লেন—এবাৰ বৰগোঁহাইৰ শিবিৰৰ পৰা আহিব পাৰ?

 ৰতি—কিয় নোৱাৰিম! কিন্তু এটা কথা, মোক বৰ- গোঁহাই দেৱে চকু পাৰি দেখিব নোৱাৰে। যেনেহে কোন্দোৱাকৈ চায়,---মোৰ সেই পিনেই মাটি ফালি সোমাবৰ মন যায়। সেই দেখিহে যাবলৈ অলপ ভয় লাগে!

 চুক্লেন—চালেই মানুহ মৰে নে অ! ডেকা ৰজাৰ লিগিৰা হৈ নো তোৰ ইমান ভয় নে?

 ৰতি—পাৰোঁতেনে কোঁৱৰ? বাৰু কি কৰিবগৈ লাগিব?

 চুক্লেন—একো নাই। এআষাৰ কথাকৈ গুচি আহিব লাগে।

 ৰতি—গুচি আহিবগৈ পাৰিম, কিন্তু, কথা হলে কব নোৱাৰিম। ভুল হই যাব, নাইবা পাহৰি থাকিম।

 চুক্লেন----বাৰু নেলাগে যা, অন্য কাৰবাক পঠিয়াই কোৱাম।

 ৰতি----ইস! তৰিলো, তৰিলোঁ! ভৰি পিটিকি দিমনে কি কোঁৱৰ?