কেতিয়াবা ৰজা হলে, তোক নিশ্চয় মোৰ ডাঙৰ বিষয়া পাতি লম।
ৰতি—সিও কোঁৱৰৰ অনুগ্ৰহ।
চুক্লেন—তেন্তে মই যি কৰিবলৈ কওঁ কৰিবি!
ৰতি—যদি জ্বলা জুইত জাপ দিবলৈ কয়, বতিমন তাতো
ৰাজী।
চুক্লেন—মোৰ আৰু কোনো ভয় নাই ৰতিমন। তই মোৰ
বুকুত দুগুণ সাহ বঢ়াই দিলি! তোৰ সাহতে মই মোৰ সকলো
কাম এতিয়া দুগুণ উৎসাহেৰে কৰি যাব পাৰিম। তই মোৰ
কোনোবা কালৰ বন্ধু আছিলি ৰতিমন! আহ মোৰ বিছনাত
বহ।
ৰতি—কি কৰে কোঁৱৰ? মই যে আপোনাৰ লিগিৰা।
চুক্লেন—হলিয়েই বা লিগিৰা! লিগিৰা হলেও তই মোৰ
বিশ্বাসী, মোৰ বন্ধু, মোৰ বিছনাত বহিলে একো দোষ নাই।
আহ ৰতিমন ইয়ালৈ আহ।
ৰতি—[ স্বগতঃ ] সৰ্বনাশ! এইবাৰ তো লেঠাত পেলালে!
এতিয়া কি কৰোঁ?
চুক্লেন—ভাবিছ কি ৰতিমন? একো শঙ্কা নাই।
আহ! তই মোৰ বন্ধু! এবাৰ মোক বন্ধু বুলি
আলিঙ্গন দে।
ৰতি--নেলাগে কোঁৱৰ, যদি আৰু বন্ধু বুলি ভাবিছে আলিঙ্গন দিলেও বন্ধু নিদিলেও বন্ধু! একেদিনাই ইমান