চুক্লেন—আজিৰ ৰণত যে আমি গা সাৰি আহিব পাৰিলোঁ
ই বৰ ভাগ্যৰ কথা ডাঙৰীয়া।
চাও—ৰণস্থল বীৰৰ জীৱন মৰণৰ সন্ধিস্থল কোঁৱৰ। ইয়াত
আৰু একদিন গা সৰাটো কি কথা! আকৌ কোন মুহূৰ্তত কি
হয় কোনে জানে?
চুক্লেন—সেই কাৰণেই মই কওঁ ডাঙৰীয়া আমি নিজৰ
জীৱন কিটা বচাই কাম কৰিব লাগে। আমি অসতৰ্ক হৈ
ৰণত আগবাঢ়িলে পিছত গুৰি ধৰিব কোনে? সৈন্য সামন্তক
দিহা পোহাই বা দিব কোনে? মোৰ কিন্তু আজিৰ পৰা এটা
শিক্ষা হ’ল!
চাও-কোঁৱৰ, আপুনি আহি পোৱা দিনাৰে পৰা আমি
আজিলৈকে এখন ৰণত ঘটা নাই। আমাৰ সৈন্যই দুগুণ
উৎসাহেৰে ৰণ কৰিছে। পাঠানে এই কেদিনতে বুজিব
পাৰিছে আহোমক জোকাই লৈ কি মহৎ ভুল কৰিছে। এই
দৰে, বেছি নেলাগে আৰু এসপ্তাহ যুদ্ধ চলাব পাৰিলে আমি
পাঠানক সমুচিত শিক্ষা দি স্বৰ্গদেওৰ আগত আহোমৰ বিজয়
বাৰ্তা দিবগৈ পাৰিমহঁক। স্বৰ্গদেৱে যদি কোঁৱৰক আগেয়েই
ৰণলৈ পঠালেহেঁতেন, আমাৰ সৈন্যই মনত দুগুণ বল
পালেহেঁতেন! ইমান সৈন্যক্ষয়ো নহলহেঁতেন! কেতিয়াবাই
পাঠান দেশ এৰি পলাব লাগিলহেঁতেন!
চুক্লেন—সেইবোৰ কথা আৰু নুলিয়াব ভাঙৰীয়া! আহোমৰ
ডেকাৰজা মই, দেশৰ এনে দুৰ্দ্দিনত মই বন্দীশালত! পলাই