নগা কোঁৱৰ/চতুৰ্থ অঙ্ক
প্ৰথম দৃশ্য
বধ্যভূমি
[ দুখন মানুহ কটা শাল। বন্ধা অৱস্থাত চুৰেং কোঁৱৰ আৰু হেলা গাভৰু। দুটা চাওদাঙে শাল প্ৰস্তুত কৰে, মূলা আৰু মুহিলাই কান্দি থাকে]
মূলা— [উঠিগৈ চুৰেঙ্গৰ ওচৰত বহেগৈ ] কি ক'ম কোঁৱৰ? কবলৈ ভাষা নাই! বুজনি দিবৰ ঠাই নাই। নিজেই দুৰ্ব্বলা নাৰী—কি বুলি বুজাম! কি বুলি প্ৰবোধ দিম! অত অনুনয় বিনয় অত কাকুতি মিনতিয়েও স্বৰ্গদেওৰ প্ৰাণ কোমলাব নোৱাৰিলে। সকলো চেষ্টা ব্যৰ্থ হ’ল। সৌৱা চাওক পতিগত প্ৰাণা সতী স্বামীৰ অৰ্থে নিজ প্ৰাণ দিবলৈ প্ৰস্তুতহৈ আছে। তথাপিও স্বৰ্গদেওৰ মায়া নাই দয়া নাই। পাষাণেৰে বুকু বান্ধি বিধান দিছে। এবাৰ সেই সৰ্ব্বশক্তিমান পৰম পিতা মাতক। তেৱেঁই বুকুত বল দিব। তেৱেই শক্তি আনি দিব!
সতী ৰাণী! এবাৰ যোৱাৰ আগতে সেৱা কৰোঁ, ---দেহ মোৰ পৱিত্ৰ হওক।
[ সেৱা কৰে] [ ১৬৭ ] যি দৃষ্টান্ত আজি জগতক দেখুৱালে সোণৰ আখৰেৰে চিৰদিন বুৰঞ্জীত জ্বলি থাকিব! সীতা সাৱিত্ৰীৰ দৰে নামলৈয়ে মানুহ পৱিত্ৰ হব। এনে কীৰ্ত্তি জগতত অতুলনীয়। সেই পৰমপিতা পৰমেশ্বৰক খাটিছোঁ, যেন আপোনাৰ পদাঙ্ক অনুসৰণ কৰিয়েই মৰিব পাৰোঁ।
মুহিলা—আই—আই। মোক আপোনাৰ চৰণৰ ধূলি দিয়ক।
চাওদাং-সাজু হওক। সাজু হওক। সময় উকলি যায়। যদি কিবা কৰিব লগা আছে কৰি লওক। [ হেলা আৰু চুৰেঙ্গৰ হাতৰ বান্ধ মোকোলাই দিয়ে। দুয়ো কৰযোৰে প্ৰাৰ্থনা জনায় ]
চুৰেং-জীৱনত কেতিয়াও তোমাক মতা নাই প্ৰভু। আজি অন্তিমত মাতিছোঁ। হে পৰমপিতা, পৰমেশ্বৰ। ভোমাৰ চৰণ তলত ঠাই দিয়া প্ৰভু।
হেলা—স্বামী। গুৰু! ইষ্ট দেৱতা মোৰ। পৰজন্মতো যেন তোমাৰ চৰণ তলত স্থান পাওঁ।
[চাওদাংহঁতে দুয়োকে নি শালত পেলায়। মূলা আৰু মুহিলাই মুখ ঢাকি কান্দে। চাওদাহঁতে একেলগে দুয়োকো কাটিবলৈ কুঠাৰ ডালে আৰু ঠিক তেনেতে লৰি কণচেঙৰ প্ৰবেশ]
কণচেং--সাৱধান। সাৱধান! কুঠাৰ পেলা। ক্ষান্ত হ! যদি মৰিবৰ ভয় আছে কুঠাৰ পেলাই দুৰত থিয় হ। নহলে এই
জাঠিৰে দুয়োৰে শেষ কৰিম। [ ১৬৮ ]১ম চাওদাং। স্বৰ্গদেওৰ হুকুম। কোন তই বাধা দিবলৈ আহিছ?
কণচেং—যেয়ে নহওঁ! ক্ষান্ত হ! কুঠাৰ মোক দে।
২য় চাওদাং—তোৰ কথাতেনে! ধৰ ইয়াক। ইয়াকে আগেয়ে বলি দিওঁ।
কণচেং—এতিয়াও কৈছোঁ, অবাবত নিজৰ প্ৰাণ নষ্ট নকৰিবি। কুঠাৰ মোক দে। ময়ে এই দণ্ড ৰহিত হোৱা আজ্ঞা আনি দিম।
১ম চাওদাং—কোন তই। তোৰ কথাতেই ৰজাৰ হুকুম অমান্য কৰি আমিও প্ৰাণ দিব লাগিবনে?
কণচেং-মই বিদ্ৰোহী। যি ৰজাই নাৰীহত্যা, অবিচাৰত পুত্ৰহত্যা কৰে, মই সেই ৰজাৰ দ্ৰোহী! যদি এই দণ্ডৰ ৰহিতাজ্ঞা আনি দিব পাৰোঁ, তহঁতৰ কোনো ভয় নাই। যদি নোৱাৰো, মই তহঁতক ৰক্ষা কৰিম। কোনো ভয় নাই— দে কুঠাৰ মোক দে।
কণচেং—এতিয়া যা,--ৰজাক বাতৰি দে গৈ। কবি, প্ৰাণ লৈ পলাই আহিছোঁ--; হয়তো পুৰষ্কাৰ পাবি—যা! এওঁ- লোককলৈ ময়ো যাব লাগিছোঁ
[ চাওদাংহঁতৰ প্ৰস্থান] [ ১৬৯ ] [ শালৰ পৰা বান্ধ মােকোলাই কণচেঙে হেলাৰ মূচ্ছিত দেহ ভাঙি আনে। মূলা আৰু মূহিলা ওচৰ চাপি আহে ]
কণচেং-কি হল! নােৱাৰিলোঁ! প্ৰাণবায়ু হয়তাে আগেয়েই বাজ হ’ল !
মূলা -- মূৰ্চ্ছা গৈছে, একো হােৱা নাই। আকৌ জ্ঞান আহিব।
কণচেং---তেন্তে আহক, অলপ শুশ্রষা কৰক।
[ মূলাই হেলাৰ মূৰ কোলাত লৈ পানী দিয়ে, মুহিলাই আঁচলেৰে বিছে। কণচেঙ্গে চুৰেঙ্গক শালৰ পৰা মােকোলায় ]।
চুৰেং—আপুনি দেৱতা! মােৰ ভ্ৰম ভাগিছে। আজি আপোনাক চিনিছোঁ। মই যে আপােনাৰ পৰম শত্ৰু।
কণচেং-তুমি মােৰ পৰম মিত্র কেঁৱৰ !
চুৰেং—দেৱতা, দেৱতা আপুনি মহৎ ! কিন্তু, আপুনি বােধহয় নেজানে কি অন্যায় মই আপােনাৰ কৰিছোঁ!
কণচেং---মই জানিবৰ ইচ্ছাও নকৰো কোঁৱৰ! যিহকে নকৰা—মােৰ প্ৰাণ লবৰো—যদি ইচ্ছা কৰিছিল—বা এতিয়াও কৰা, তথাপিও তুমি মােৰ পৰম মিত্র! তুমি মােৰ পৰম উপকাৰী—!
চুৰেং—মই যে আপােক হত্যা কৰিব খুজিছিলো—! আপােনাক জীৱন্তে দগ্ধ কৰিব খুজিছিলো !
কণচেং---মােক সৎ পথলৈ আনিবৰ যত্ন কৰিছিলা— তােমাতকৈ ডাঙৰ বন্ধু মােৰ কোনো নাই। তুমি মােৰ পৰম সুহৃদ। [ ১৭০ ] চুৰেং---আপুনি দেৱতা। মোৰ সেৱা লওক। মোক ক্ষমা কৰক।
কণচেং-বন্ধু ভাবে আলিঙ্গন দিয়া ভাই। তোমাৰ ঠাই তাত নহয়।
এতিয়া ব’লা! এবাৰ তোমাৰ পিতাৰ সাক্ষাৎ কৰি আহে। বিদ্ৰোহীৰ দৰে তোমালোক মুক্ত কৰিছোঁ, ৰাজ আজ্ঞাৰ অপেক্ষা কৰা নাই। আৰু এক মুহূৰ্ত পলম হোৱা হলে, ইয়াকো-কৰিব নোৱাৰিলোহেতেন। ব’লা কেৱৰ। এবাৰ সুধি চাওঁগৈ—তোমালোকৰ দণ্ডাজ্ঞা ৰহিত কৰেনে নকৰে।
চুৰেং—যদি নকৰে!
কণচেং—যদি নকৰে! একো ভয় নাই। অন্য ব্যবস্থা হব। ব’ল, এবাৰ সুধি চাওঁ। যদি অলপ সুস্থ হৈছে সৌ দেবীকো লৈ যাওঁ।
মূলা—সুস্থ অলপ হৈছে।
হেলা---বাইদেউ। মই ক’ত? কি হ’ল!
মূলা—একো হোৱা নাই; দেৱতাই আপোনাক ৰক্ষা কৰিলে। আপুনি এতিয়া মুক্ত।
হেলা—মোৰ এনে সুখৰ মৰণত কিয় বাধা দিলে
বাইদেও! [ ১৭১ ] মূলা—বাধা ঈশ্বৰে দিছে গাভৰুদেও। অৰণ্যে কাননে
ঘূৰি ফুৰিও যাক আনিব নোৱাৰিলো—আজি অজাচিতে আহি
ধৰা দিছে। তেৱেই শুভ মুহুৰ্তত আহি ঘাতকৰ কুঠাৰাঘাতৰ
পৰা আপোনালোকক ৰক্ষা কৰিলেহি।
হেলা—মোৰ যে মৰণেই মঙ্গল আছিল বাইদেউ!
কণচেংমোক ক্ষমা কৰা আই! হয়তো বা ময়ে তোমাৰ
এই কঠোৰ দণ্ডৰ বাবে দায়ী।
হেলা— [উঠি বহে ] আপুনি মোৰ পিতাৰ স্বৰূপ! মোক
অপৰাধী নকৰিব। মোৰ সেৱা গ্ৰহণ কৰক।
কণচেং—যদি সুস্থ বোধ কৰিছা-বলা-আই, এবাৰ ৰজাৰ ওচৰত গৈ তোমালোকৰ দণ্ডাজ্ঞা ৰহিত কৰিবৰ যত্ন কৰোঁগৈ। যদি এতিয়াও শৰীৰ দুৰ্বল অনুভব কৰিছা—আহাঁ ময়ে ডাঙ্গি নিও! পিতৃ সম্বোধন কৰিছা, তুমি মোৰ কন্যা। আহা, মইয়ে ডাঙ্গি তোমাক ৰাজ সভালৈ লৈ যাওঁ।
হেলা—নেলাগে। মই এতিয়া সম্পূৰ্ণ সুস্থ। মই নিজেই
যাব পাৰিম।
কণচেং-তেন্তে ব’লা। ব’লা কোঁৱৰ।
হেলা-বাইদেও!
মূলা-আহক গাভৰুদেও।
[ সকলোৰে প্ৰস্থান]
--আঁৰ কাপোৰ--
[ ১৭২ ]দ্বিতীয় দৃশ্য
[ স্বৰ্গদেও চুহুং। জনদিয়েক বিষয়া আৰু ওচৰতে কটকী আঠুলৈ থাকে]
চুহু—শুনিলা! শুনিল সভাসদ! শুনিল বিষয়া সকল। ৰণৰ বাতৰি শুনিল! বৰগোঁহাই চাওফ্ৰাচেংমুং হত—ডেকাৰজা চুক্লেন কোঁৱৰ আহত! সৈন্য ছত্ৰভঙ্গ!
ঠিক কৈছা কটকী!—মোৰ চুক্লেন কেঁৱৰ যুদ্ধক্ষেত্ৰত। যুদ্ধ কৰি আহত হৈছে।
কটকী—বন্দীয়ে ঠিক কৈছে স্বৰ্গদেও! ডেকাৰজাই পাঁচদিন অসীম সাহসেৰে যুদ্ধ কৰি প্ৰায় দুশ পাঠান সেনাৰৰ ওপৰ বন্দী কৰিছিল!
চুহু—আৰু মই কি কৰিছে৷ জানা। তাৰ সহধৰ্ম্মিণী—মোৰ
সতীলক্ষ্মী পুত্ৰবধুক তাৰ অপৰাধৰ বাবে পতিব্ৰতাৰ পতিভক্তিৰ
বাবে প্ৰাণদণ্ড দিছে। মোৰ দ্বিতীয় পুত্ৰক প্ৰাণদণ্ড দিছে।
কি চমৎকাৰ বিচাৰ কৰিছে। কোনে কেতিয়া এনে বিচাৰ
কৰিছে? পিতা! পিতা! তুমি সতীক নিৰ্বাসন দিছিলা।
তাৰ শাস্তি ভুঞ্জিছিলা,-আততায়ীৰ হাতত মৃত্যু। আৰু মই
সতীলক্ষ্মীক,ঘাতকৰ কুঠাৰাঘাত হত্যা কৰিছোঁ। মোৰ শান্তি
-মোৰ শাস্তি কি? উ-স! কি কৰিলে—আই মোৰ—চুৰেং [ ১৭৩ ] মোৰ—চুক্লেন মোৰ—আহ!-গাই গাই—অস্ত্ৰ লৈ আহ!
মোক-- হত্যা কৰ হি!
১ম বিষয়া—স্বৰ্গদেও, হোৱা হৈ গল! এতিয়া কাতৰ হলে
যে সমুখৰ কৰ্তব্যলৈ হেলা কৰা হয়।
চুহু---কৰ্ত্তব্য !ক’তা? এতিয়াও মোৰ পুত্ৰ পুত্ৰবধুৰ
কটামূৰ দেখা নাই! সিহঁতৰ কেঁচা তেজৰ গোন্ধ পোৱা
নাই।
২য় বিষয়া—স্বৰ্গদেও, বিহবল নহব। বিপদত ধৈৰ্য্যই
হে সাৰথী!
চুহু—ধৈৰ্য্য! ধৈৰ্য্য! কিহৰ ধৈৰ্য্য! পাঠানে ৰাজ্য নিব।
ক’ত খেলুং! ক’ত চাওফ্ৰাচেংমুং! ক’ত কণচেং? মাতা-
মাতা—মই কি? মই ৰজা! তিনিজনা প্ৰবীণ ডাঙৰীয়া
থাকোতে মই কি কৰিম! মাতি আন! মাতি আন। পাঠানৰ
হাতৰ পৰা ৰাজ্য ৰক্ষা কৰক!
২য় বিষয়া-স্বৰ্গদেও, অলপ বিশ্ৰাম কৰক! দুৱৰী!
বেজবৰুৱাক এই মুহূৰ্তে গৈ মাতি আন।
চুহু--হত্যা কৰিম! প্ৰাণদণ্ড দিম! পুত্ৰ পুত্ৰবধুক হত্যা
কৰিছে! কাকো নথম! কাকো নথম!
১ম বিষয়া-হায়-হায়! কি হ’ল। স্বৰ্গদেও!
[ ১৭৪ ]
চুহু---পলা! পলা! পাঠান! পাঠান! সৌৱা! সৌৱা
পালেহি! পালেহি!
১ম বিষয়া-ধৈৰ্য্য ধৰক স্বৰ্গদেও! এতিয়াও পাঠানে
আহোমৰ ৰাজ্যত পদাৰ্পণ কৰিব পৰা নাই। যুদ্ধ ৰাজ্যৰ সীমাত
হে চলিছে!
আহক ডাঙৰীয়া, স্বৰ্গদেও একেবাৰে বিহ্বল! ৰণৰ মৰ্মান্তিক
বাতৰি শুনি একেবাৰে অধীৰ হৈ পৰিছে!
চুহু---কোন? কোন? মোক হত্যা কৰিবি? হত্যা
কৰিবি?
বেজবৰুৱা—বন্দী---বেজবৰুৱা স্বৰ্গদেও!
চুহু---বেজবৰুৱা! কটা মূৰ জোৰ দিব পাৰা! কটা মুৰ
জোৰা দিব পাৰা।
আন! আন! কটামূৰ! মোৰ পুত্ৰবধুৰ কটামূৰ! মোৰ
চুৰেঙ্গৰ কটামূৰ!
বেজ---বন্দীয়ে এটোপা চৰপৎ আনিছে স্বৰ্গদেও! পান
কৰিলে অলপ সুস্থ বোধ কৰিব।
[ ৰজাই খায় আৰু বেজবৰুৱাই মূৰত তেল ঘঁহি দিয়ে আৰু চাওদাৎ
দুটাৰ প্ৰবেশ ] [ ১৭৫ ] চুহু—চাওদাং! হত্যা কৰি আহিছ! পিশাচ-
হঁত! নৰাধমহঁত! সেই কোমল শৰীৰত কেনেকৈ আঘাত
কৰিলি! দয়া নহ’ল! মায়া নহ'ল! পাষণ্ডহঁত! দূৰ হ!
দূৰ হ!
চাওদংহঁত—স্বৰ্গদেও—!
চুহু—দূৰ হ! দূৰ হ নৰাধমহঁত! ক’ত অস্ত্ৰ! কত মোৰ
হেংদান!
পলালি! পলালি। কলৈ পলাবি? কত সাৰিবি?
মোৰ পুত্ৰ পুত্ৰবধুক হত্যা কৰিছ! প্ৰতিশোধ লম! প্ৰতিশোধ
লম! সতীৰাণী আই মোৰ! চাই যোৱা! চাই যা চুৰেং।
তহঁতৰ হত্যাৰ এইয়া প্ৰতিশোধ!
[ হাতৰ হেংদান নিজৰ বুকুত বহুৱাব খোজে আৰু কণচে সোমাই
আহি হাতত ধৰি বাধা দিয়েহি। চুৰেং, মূলা, হেলা আৰু মুহিলাৰ প্ৰবেশ।
সভাসদবিলাক আচৰিত হয়]
কণচেং—কি কৰে স্বৰ্গদেও!
চুহু—বাধা নিদিবা-বাধা নিদিবা প্ৰায়শ্চিত্ত কৰিম!
প্ৰতিশোধ লম! পুত্ৰ পুত্ৰবধুৰ হত্যাৰ প্ৰতিশোধ লম।
কণচেং-কি কৰে স্বৰ্গদেও! এইয়া যে আপোনাৰ পুত্ৰবধু!
এইয়া যে আপোনাৰ পুত্ৰ!
চুহু—কোন তুমি! চিনিছোঁ! তুমি! তুমি নিৰুদ্দিষ্ট
ভাই মোৰ! আহিছ! আহিছ! মোৰ পুত্ৰ পুত্ৰবধুক
মৃত্যুৰ মুখৰ পৰা ফিৰাই আনিছ! আই মোৰ! পুত্ৰ মোৰ!
[ ১৭৬ ] মই পিশাচ! মই দানব! মই মহাপাপী! মোক ক্ষমা কৰ
বাছাহঁত!
[ মূলাৰ ফালে চাই ] সৌৱা কোন! গাভৰু দেও! উস্!
কিয় আহিলা! কোন মুখে বাৰ্তা দিওঁ! উস্! তোমাক
এই বাৰ্তা দিবৰ আগেয়ে মোৰ মূৰত বজ্ৰাঘাত নহ'ল কিয়?
তোমাৰ শিৰত বজ্ৰাঘাত হৈছে গাভৰুদেও! চাওফ্ৰাচেংমুং
বৰগোঁহাই আৰু নাই!
কণচেং
হেলা } কি! ডাঙৰীয়া আৰু নাই!
মূলা
চুহু—আৰু আই মোৰ! তুমিও কান্দা! তোমাৰ
স্বামী যুদ্ধত আহত! কান্দা গাভৰু দেও! কান্দা! আই
মোৰ! সতী তোমালোক—দেৱতুল্য স্বামী গঢ়ি তুলিছিল।
হাঁহিমুখে ৰণলৈ পাছিছিল! কান্দা আইহঁত! তোমা-
লোকৰ দীৰ্ঘশ্বাসে দাবানল জ্বলাওক—সেই দাবানলত পাঠান
পুৰি ভস্ম হওক।।
কণচেং—ভন্ম হব! ভস্ম হব! এনে দাবানল জ্বলিব,
পাঠান পুৰি ভস্ম হব! এইবাৰ! এইবাৰ! আমাৰ পাল।
উঠা কোঁৱৰ! উঠা ভাইহঁত! উঠা বন্ধুহঁত! বস্ত্ৰহাতেৰে
হেংদান ধৰা! এবাৰ বোলা-জয় জননী জন্মভূমিৰ জয়!
সকলোৱে-জয় জননী জন্মভূমিৰ জয়!
[ ১৭৭ ] কণচেং---আশীৰ্বাদ কৰক স্বৰ্গদেও! আশীৰ্বাদ কৰা
সতীলক্ষ্মী আইহঁত! তোমালোকৰ পদধূলি শিৰত লৈ এবাৰ
শত্ৰুৰ সম্মুখীন হওঁ! আহা ভাইহঁত সাহসেৰে বুকু বান্ধা
বজ্ৰমুঠিৰে তৰোৱাল ধৰা! ঈশ্বৰ সহায়! কুললক্ষ্মী সতীৰাণী
আই, বাই, ভনীহঁতৰ আশীৰ্ব্বচন, সাৰথী, আহা সেই বিশ্বাস-
ঘাতকী নৰকী পাঠান সমুচিত শাস্তি বিহি দেশৰ অপায়
অমঙ্গল দূৰ কৰোঁ আহা!
চুৰেং-আহা ভাইহঁত। এবাৰ বোলা সকলোৱে জয়
জননী-জন্মভূমিৰ জয়!
সকলোৱে—জয় জননী জন্মভূমিৰ জয়!
কণচেং—কিভয়! কিভয়! দেবঅংশে জন্মলভি দেৱতাৰ
আশীষ শিৰতলৈ, ইন্দ্ৰবংশী বিজয়ী আহোম তোমালোক,
—আহা সেই শক্তি পাঠানক দেখুৱাই, পাঠানৰ হৃদয়ত
হৃৎকম্প উপস্থিত কৰি দিয়া! বাৰে বাৰে-পৰাজিত
পাঠানে কি দুঃসাহসেৰে আকৌ আহোমক জোকাই লয়।
আই। ভাইহঁত, এবাৰ উঠা—এবাৰ তোমালোকৰ অন্তৰৰ
সুপ্তসিংহ জাগ্ৰত কৰি তোলা, শিয়ালৰ দৰে, পাঠান ৰণভঙ্গ
দি পলাব।
সকলোৱে—জয় জননী জন্মভূমিৰ জয়!
মূলা—[ উঠি ] আৰু কিয়! কিহৰ শোক। কাৰ কাৰণে?
এই ৰূপ—এই সৌন্দৰ্য্য কিয়? কাৰ কাৰণে?
[ কপাল সেন্দুৰ মছি পেলায়। হাতৰ খাৰু, ভিৰি মণি
সোলোকাই দলিয়াই পেলায়]
১২ [ ১৭৮ ] নেলাগে! নেলাগে! যা! যা! চকুলো! চকুলো!
নোলাবি! নোলাবি! চকু উঘালি পেলাম! হৃদয় বলিয়া
নহবি! শিলেৰে খুন্দিয়াই ভাজি পেলাম! কাৰ কাৰণে?
কিয়? কিয়? [ চকু ঢাকি আকৌ কান্দে ] মন!
উতলা নহবি! স্বামী! গুৰু! উস্! নহয়! নহয়!
কান্দোন নহয়। চকুলো নহয়! পতি গতি! পতি ধ্যান!---
পতিঘাতিৰ প্ৰতিশোধ! প্ৰতিশোধ!
আহাঁ শক্তি! আহাঁ বজ্ৰ! আহাঁ মৃত্যু! আহাঁ! আজি মূলাৰ হৃদয়ত স্থান লোৱাহি! আহাঁ ডাইনী! আহাঁ পিশাচী! আহাঁ! আজি মূলাৰ হৃদয় অধিকাৰ কৰাহি! সৌৱা, স্বামী মোৰ তেজেৰে ৰাঙলী! এতিয়াও কেঁচা তেজ ধোৱা, নাই! ৰবা, ৰবা, নাথ! মূলাই ধুৱাই দিব! পাঠানৰ কেঁচা তেজেৰে স্নান কৰি তোমাৰ ওচৰ চাপিম! নহলে শুদ্ধ নহম,---নহলে তোমাৰ পুণ্যদেহ স্পৰ্শ কৰিব নোৱাৰিম! স্বামী! গুৰু! গলা! মোক নিনি! দাসী বুলি চৰণ সেৱাৰ অৱসৰ নিদিলা! সৌৱা! সৌৱা! মাতিছ! হাঁহিছা! নাথ! ক্ষত বিক্ষত শৰীৰ লৈ হাঁহিছা! যন্ত্ৰণা নাই, ক্লান্তি নাই,-অৱসাদ নাই, হাঁহিছা---! বুজিছোঁ—কি ঈঙ্গিত কৰিছা---! হে দেৱতা—! হে গুৰু! বল দিয়া! শক্তি
দিয়া![ ১৭৯ ]
মুহিলা— দে মুহিলা— মোৰ কঙ্কণ দে— হাৰ দে!
গলপতা দে! খাৰু দে! কেৰু দে! মণি দে!
মোক সেন্দুৰ দে! জেতুকা দে! মই স্বামীৰ কাষলৈ
যাম! মাতি আন আয়তীহঁতক—!
[ দুলৰি, সৰাইত মাহ হালধি সেন্দুৰ ইত্যাদি লৈ আয়তী
বিলাকৰ প্ৰবেশ ]
আহিছা! উৰুলী দিয়া! মোক সজাই দিয়া।
এতিয়া হেংদান—! মোৰ হেংদান আন! ঢাল আন!
বৰ্ষা আন!
বিদায় স্বৰ্গদেও! বিদায়! আহাঁ আই! আহা বাই
আহা ভনীহঁত! এইবাৰ আমাৰ পাল! দেখক জগতে---
বুজক পাঠানে নাৰীৰ কিমান শক্তি! এবাৰ বোলা ভনীহঁত---
বোলা---সকলোৱে—জয় আহোমৰ জয়!
সকলোৱে—জয় আহোমৰ জয়!
[মূলা আৰু আয়তীহঁতে উলী দিয়ে আৰু তাৰ পিছত গীত গায়]
গা তুলিবৰে হ’ল অ আয়তী গা তুলিবৰে হ’ল ঐ
গা তুলিবৰে হ'ল!
ভটিয়া পানীতে নাও মেলিছিলোঁ।
নাও ভাগি চিগি গ'ল!
জোলোঙ্গা জুপুৰি না---নাৱৰীয়া
আথানি আবানি হ’ল!
দিহিঙে দিপাঙে গল ডেকা লৰা-
ছানে বানে উদি হ’ল—
তেজৰে সোতেৰে নৈ বৈ গ'ল— -
লুইতো ৰাঙলী হ’ল ঐ
লুইতো ৰাঙলী হ’ল!
দীঘল দহি-কটা চেলেং খনীয়া,---
বই বই পিন্ধোৱা গ'ল!
[ তোৰ ] ৰাঙলী শিৰৰে কাম সেন্দুৰৰে
ফোঁট মছিবৰে হ’ল!
আহ বাই ভনী জীয়ৰী---
বেলি ভটিয়াই গ'ল!
তাক এৰি তোৰ ইহাতে সিহাতে---
হেংদান লবৰে হ’ল ঐ
হেংদান লবৰে হ’ল!
[ গীত গাই গাই মূল হেলা মহিলা আৰু আয়তী হঁত যায় গৈ ]
কণচেং-এবাৰ বোলা ভাইহঁত—জয় জন্মভূমিৰ জয়-জয়
জন্মভূমিৰ জয়!
সকলোৱে—জয় জন্মভূমিৰ জয়!
কণচেং—আৰু ভয় নাই ভাইহঁত—এইবাৰ নাৰী শক্তি
[ ১৮১ ] জাগ্ৰত হৈছে! আহাঁ ভাই নিশ্চয় জিনিম! ৰণে বনে
ফেৰুদৰে পলাব পাঠান!
চুহুংম্মুং—যোৱা ভাই! এই লোৱা হেংদান মোৰ।
যোৱা বীৰহঁত! যোৱা চুৰেং! ক’ত আছে চুখ্ৰেং চুতেং
---যোৱা সকলোটি—যোৱা বন্ধুসব—আহোমৰ কীৰ্ত্তি ৰাখাগৈ!
এবাৰ বোলা সকলোৱে-জয় আহোমৰ জয়।
সকলোৱে—জয় আহোমৰ জয়---জয় স্বৰ্গদেও চুহুম্মুঙৰ
জয়।
[দিখৌ পাৰৰ এটা সৰু পঁজা ঘৰ। চেংদৈয়ে কোছত এটা কেচুৱা লৈ চাউল জাৰি থাকে]
চেংদৈ---হে’ পাহে কলৈনো গ’ল ঐ এতেসিনি পৰে! মোৰ নো ক’তে মৰিবৰ চিন হ’ল! কি কৰোঁ ।
এতে পৰে কোনোবাসিনি পালেগৈ চাগৈ। মোৰ নো কি
মৰিবৰ বাসনা হল! [ ১৮২ ] অ’ বলোঁ,-বেগাই আহাঁ! বেগাই আহা! মই
যামগৈ এতিয়ান!
ছেঃ হয় বালক! গাভৰুদেওহঁত চাগৈ কতসিনি পালেগৈ।
নাওদুনি য’ত যি আছিলে এটাইবোৰ মেলিলে! কি কৰোঁ--!
এই পাট! এই পাটহে কাল শনি! এই পাটৰ পৰাহে
যাব নোৱাৰা হলো—! নহলেনো মোৰ কি? মই মুসলৈ
চাই ৰৈ থকা তেনেজনী ---নহওঁ! আহি পোৱাহি হলে এই
পাটক কোনোমতে গটাই দি মই যাব পাৰিলোঁহেতেন! কি
আপদটে পালে।
অ’ বোলোঁ কলৈ গলা—আহিছানে?
নেপথ্যত
} গৈছোঁ। গৈছোঁ।
সোন্দৰ
ছেংদৈ—এতেসিনি পৰত তেওঁ ঘৰ বুলিবেলে মনত পৰিছে।
আহি পাওহিদিম শোকোতাটো।
সোন্দৰ---অ’ বোলো চেংদৈনে পেংদৈ। উসল মাসল
কৈননা যাবেলে ওলোৱা হৈছে কলেবালে? আৰু এনেকৈ টেটু
ফালিনো হাঁৱৰিয়াইছিলি কেলেই?
চেংদৈববালোঁ তেনেসন কৰি নাহিবা! এতেসিনি
পৰ বসি আছে—ঘৰ বুলিবেলেই—মনত পৰা নাই। তাৰ
[ ১৮৩ ] ওপৰত আকৌ—আহিয়েই এই সন। মোৰ সং উঠি আছে
জোকাই নলবা—বুলিছোঁ—সোন্দৰ নে বান্দৰ—চিটিকাই
দিম।
সোন্দৰ—উ! আজি একেবেলিয়েই ৰণলৈ ওলাই আছে!
মোতকৈ একাচি চৰা হে! শাম হে কাটিব লাগিল! বোলোঁ
হেৰেই! আজি আৰু জালসন ফালি যিটো বুঢ়া বৰালী সাৰিল,
তেনেতো বৰালী মাছ মই ধৰা যি নায়েই ইমানটো হলোহি
কোনো কালে দেসাও নাই। বেজাৰতে হেৰেই সুদা সালৈটো
লৈ গুচি আহিলোঁ। তোকো আহি হুতাহতে কিবাসন বুলিলোঁ
তাতে আৰু সংসন সালি।
চেংদৈ—হোঁৱা হোঁৱা কেচুৱা লোৱা! এই সনকে মোক
ভুৱা দিবেলে আহিছা নি, যোৱাটো মাছ সদায় ডাঙৰ! এইক
ৰাসা মই আৰু আহিলোঁহে। গাভৰুদেওহঁত চাগৈ কোনো
বাসিনি পালেগৈ ধাপলি ললেহে যদি ধৰিবগৈ পাৰোঁ।
(সোন্দৰে কেচুৱা লয়)
সোন্দৰ—কলৈনো যাৱ নি? কেতে সিনি পৰ কৰিবিগৈ।
চেংদৈ—ডাঙৰীয়ানীহঁত গৈছে যেতিয়ান কেই দিন হয়
কিনো ঠিকনা আছে। জীয়াৰী বোৱাৰী আটাইবোৰ জুমা
জুমে ওলাইছে। কালিৰে পৰা উৰুলী শুনা নাইনে? কোনো
নাৱে কোনো বামে কিমান যে গৈছে লেস জোস নাই।
সোন্দৰ—সিবিলাক যে গৈছে ৰণলৈ! তই যাৱ কলৈ?
চেংদৈ—কিয় আমাৰ হাত ভৰি নাইনে কি? আমি ৰণলৈ
ওলালে কিবা পাক লাগিবনে? [ ১৮৪ ] সোন্দৰ—হে বান্ধৈ, গেন্ধাইছে গা বোলোঁ তেহেলেকে যা।
তয়ো ৰণ কৰিবেলে যাৱ নি? বাৰু মোক কৈ যা চোন তই
গৈ কি কৰিবিগৈ। মই মতা মানুহটো যাওঁ যাওঁ বুলি যাব
নোৱাৰিলোঁ, এই অকল তোক এৰি যাব লাগে দেসিয়েই!
এতিয়ান এই পানী কেচুৱা-এৰি থৈ তই যাবেলে ওলাইছ ৰণলৈ
পিছেন ক’চোন বাৰু কি কৰিবিগৈ?
চেংদৈ—অত দা ডাঙৰীয়াৰ তিৰি তিৰোতা জীয়াৰী
বোৱাৰীহঁত ওলাইছে, সিবিলাকে যি কৰেগৈ ময়ো কৰিমগৈ তাকে।
সোন্দৰ—তই জানো দেসা নাই সিবিলাকে গাই পতি, দা,
জাঠি, ঢাল, হেংদান এইবোৰলৈ ওলাইছে। তোৰ মুসসনহে
আছে তাৰেই ৰণ কৰিবিগৈনে?
চেংদৈ—কেনে সন কৰে আকৌ। যাবেলে ওলাইছোঁ
ভাল মুসৰ মাত এষাৰ যি নায়েই আকৌ পেংলাইসনহে কৰে।
মই যাম বুলিছোঁ যামেই।
সোন্দৰ—কিনো পেংলাই সন কৰিছোঁ। সুধিছোঁ হে
সুদা মুসেনো ৰণলৈ যাবিনে? ঢেকি ঠোৰা টোকে বা মাছ
বচা মৈদা সনকে হলেও লৈ যা! সিবিলাকে হেংদানেৰে
কাটিব তই ঢেকি ঠোৰাৰে ককালৰ জোৰা চাই মাধমাৰ
সোধাই এফালৰ পৰা পেঠানৰ বাপেকে ককাল ভাঙ্গি যাবি।
চিনি পাই যক চুৱা শোৱাহঁতে কেনে জনী বুঢ়ী মাকৰ হাতত
[ নেপথ্যত—অ’ মাহিটি! আমি আহিলোঁ উ! ]
চেংদৈ—অ’ ৰবি ৰবি গৈছোঁ। ময়য় গৈছোঁ। নহয়
পাহে মোক ভালকৈ কোৱা চোন সঁচাকৈ কিবা নিব লাগিবনে
কি? গাভৰুদেহঁতে হলে দা জাঠি নিয়া দেসিছোঁ। কিয়
নিছে কি?
সোন্দৰ—পেঠানক কাটিবলৈ। কৈছোঁনো কি শুনিছনো
কি? যাবেলে ওলাইছ যেতিয়ান মইন তোক নেযা বুলি
কমনে, পিছেন আমাৰ দা নাই জাঠি নাই ঢেকি ঠোৰাকে
লইয়া!
চেংদৈ—মই বোলোঁ গাভৰুদেওহঁত ৰণ নে কি সেই সন
চাবেলে ওলাইছে। পিছেন বাৰু সেই পেঠান নে কি সেইবোৰ জানো মানুহ নহয়!
সোন্দৰ—মানুহ নহয় গৰু ছাগলীৰ লগত ৰণ দিবেলে
ওলাইছেনে? ক’ৰ আকৰী অ’ এই জনী, মই বোলোঁ চেংদৈয়ে
কথা জানে। পিছেন দেসিছোঁ ৰণলৈ যাওঁতে চকুৰ টিপতে
পেঠানে ধৰিয়েই নিব।
চেংদৈ—নিবতো চকুৰ টিপতে! দিম নহয় সোকোটাটো
মাক টিয়েকে! তুমি আনোতে নেপাইছিলা চেংদৈ কেনে
জনী!
সোন্দৰ—মই আনোতে ছালকি আছিলি ঐ বান্ধৈ ছালকি
আছিলি! মদোনদৰ বিষয়াৰ নাতিনিয়েক সোন্দবক তই
কম ঘূৰণ ঘুৰোৱা নাই চেংদৈ বান্ধৈ কম ঘূৰণ তই ঘূৰোৱা
নাই। [ ১৮৬ ] চেংদৈ—বাৰু সেইবোৰ এতিয়ান এৰা। পেঠানৰ সাত
পুৰুষৰ সাহ নাই চেংদৈক ধৰি নিয়ে, সেইটো ভয় নেসাবা!
পিছেন যদি পেঠান নে কি সেইবোৰ সঁচাকৈয়ে মানুহ—সেই
মানুহবোৰকে কাটিবনে?
সোন্দৰ—সুদাত নো তোক কথা নজনা বুলিছোনে চেংদৈ!
ৰণনো বুলিছে কিহক? মানুহ কটাই তো ৰণ। সেইবোৰকে
কাটিবলৈ তোন ওলাইছে ডাঙৰীয়ানী সকল কাছি পাৰি!
তয়ো যেতিয়ান ওলাইছ যা। মোৰ সেই জপাতে শেল দিয়া
এৰিয়াৰ চুৰিয়া সন আছে সলাই ল। মূৰত পাগুৰী এগছ
মাৰি ল। ঢেকি ঠোৰাটো হাতত ল। তাৰ পিছত ৰামকৃষ্ণ
বুলি সুধি যা এফালৰ পৰা পেঠান।
চেংদৈ—গাভৰুদেওহঁতে দেসোন চুৰিয়া সলোৱা নাই!
ৰিহা মেসেলাৰেই গৈছে।
সোন্দৰ—চুৰিয়া জপাত নিছে তাত গৈ সলাবগৈ। তোক
ইয়াতে এতিয়ান সলাবলৈ কৈছোঁ কেনে দেসি সোন্দৰে এবাৰ
চাই লওঁ। আকৌ বা কেই দিনৰ মূৰত দেসা পাওঁ।
চেংদৈ—ইস্ আমি সেই সন নোৱাৰ পাহে! ৰণ সনকে
নেচাওঁ যদি নোৱাৰোঁ। বাৰেওটি কাল গ'ল চুৰিয়া সন
নিপিন্ধাকেই, এতিয়ান লাগিছে চুৰিয়া সন! বাৰু পিছেন
পেঠান মোসানো মতানে তিৰোতা নি!
সোন্দৰ—বাৰু তোৰ নে কেনে যেন মনে ধৰে? চুৰিয়া
বাৰু নিপিন্ধ এতিয়ান নেলাগে। তেও লগত হলে লৈ থবি,
তাতগৈ কৰবাত লাজত পৰিবিগৈ। [ ১৮৭ ] চেংদৈ—নেজানো দেসিন তোন্ সুধিছোঁ। সিহঁত মসানো
মতানে তিৰোতা নি?
সোন্দৰ—মাসেই তিৰোতা। তিৰোতা দেসিন তোন
ডেকালৰবোৰ বৈছাই পতি গৈছে আৰু উভটি আহিবেলে
মন কৰা নাই। যিহে মাণিকী মাকৰ কড়িয়া যেন মনসোৱা
মনসোৱা একোজনী গাভৰু! ডেকামাস গৈয়েই—আহোক
ৰণ কৰোক থাওক পৰি—দা সাপতে থাকে, মুসলৈৰ—লাগি চাই থাকোতেই লোকে আহৰি কৰে। আগে পিছে
জানো ৰণলৈ তিৰোতা মানুহ যোৱাৰ কথা শুনিছিলি? এইবাৰ
সেই দেসিন স্বৰ্গদেৱে গাভৰু সিনিক যাব দিছে। এইবাৰহে
কাঠক কাঠে পৰিছে।
চেংদৈ—পিছেন চোন ডেকাও গৈছে একা!
সোন্দৰ—গৈছে ভাত পানী ৰান্ধি দিবেলে, লাছনি
পাছনি সন কৰি দিবেলে! গাভৰু সিনিয়ে ৰণকে কৰিবনে
ভাতকে ৰান্ধিব।
চেংদৈ—ওঁ তোন! সিহঁতি সদায় একাল সুৱায়েই আছে!
এদিন একালে ইহঁতিও সুৱাওক! ভাত ৰন্ধাৰ দুস টো মতা
মানুহ সিনিয়ে পানী যেন বুলি ভাবে নহয়! এইবাৰ পাই
আহক শোকোতাটো! মই তেনে ওলাওঁয়েই এতিয়ান। চাওঁ
মোৰ মঙ্গহ দুসৰিক একোলা লৈ যাওঁ।
[ কেচুৱাটো সোন্দৰৰ হাতৰ পৰা লৈ চুমা খাই আকৌ সোন্দৰৰ হাত দিয়ে ]
যাওঁ গৈ! দেই! দেই!
সোন্দৰ—জাল সনে সালৈ টোৱে ভিতৰ সুমাই থ
হেৰেই। যাবিগৈ আৰু লাছনি সন কৰি দি যা। মোৰ
ধোঁৱা সোৱা টোৱে কাণী টেমা টোৱে লৈ আহিবি! হাতা
সনে সোলা সনেও আনিবি তাতে তেতিয়ান্ থৈছিলোঁ।
শোৱা পাটিসনৰ শিতাণতে পানো দুকণ আছে লৈ আহিবি।
[ খালৈ আৰু জাললৈ চেংদৈৰ প্ৰস্থান ]
বাৰু মোৰ চেংদৈ! তোকো মই ৰণলৈ যোৱাম! কাণী
পান এটিকিৰা মান সুৱাই লব পাৰিলে আৰু তৰিলোঁ। তেতিয়ান্
তয়ো গৈ থাক্।
[ হেতা, খোলা, হোকা, পান, কাণীটেমা ইত্যাদিলৈ চেংদৈৰ পুনঃ প্ৰবেশ ]
চেংদৈ—এইয়া এটাইসিনি জটাই দিলোঁ। মই আৰু যাওঁ
দেই।
সোন্দৰ—মোক পান কণ কুটি দি নেযাৱ। জুই কুড়াও
ধৰি দি যা। মইনো কেচুৱাটো নুশুলে কেই হাতে কৰিম!
চেংদৈ—এটাইবোৰ চাগৈ গলেই নহয়! মইনো ক’ত
লগ সন ধৰিবগৈ পাৰিম।
সোন্দৰ—কত বিলাকে এতিয়ানো সোৱা বোৱা কৰাই নাই!
পাবিগৈ হেৰেই! লাগে যেতিন ময়ো চাইটা মান পদূলি তোক
আগ বঢ়াই দি আহিম গৈ। [ ১৮৯ ] চেংদৈ—তেন্তে সৌ ভিতৰলৈকে ব’লা,—জুইয়ো আছেই।
মই পান কণ কুটিম তুমি সেকি মেলি লবা।
সোন্দৰ—বাৰু ব’ল। ভিতৰতে হলেও হব। পিছেন
এতিয়ান্ যাবেলেকো ওলাইছ, তোক আমনি সন কৰিবেলেকো
বেয়া লাগিছে। এফালে ওলালে, আগৰ বুঢ় মাসে কোৱা
কথাহে,—বোলে এটা বা এডোসৰ হলেও টিকিৰাত হোঁপা
টো মাৰি যাবা। যেনি যাবা জয় জয় ময় ময়। বাৰু ব’ল
ভিতৰলৈকে ব’ল!
[ হেতাখোলা আদিলৈ দুয়োৰে প্ৰস্থান। যাওঁতে সোন্দৰে গাই যায় ]
গীত
চেংদৈ বান্ধৈ! ভালেকৈ বুলিবি বাট!
পিছলি পৰিবি—বাৰুকৈ ধৰিবি
নহয় এলাপেছা ঘাট!
চেংদৈ বান্ধৈ! লাখুটি পিছলে তাত!
(তাৰ) নাও শুনি তল যাওঁ, তই থাক মই যাওঁ
ৰণৰ একাচেকা হাট!
চেংদৈ বান্ধৈ! গা চাই বুলিবি বাট।
[ প্ৰস্থান]
পট পৰে
⸻
চতুৰ্থ দৃশ্য
[পাঠান শিবিৰৰ ভিতৰৰ সুসজ্জিত ৰঙ্গমণ্ডপ]
[ তুৰ্ব্বক, হুছেন খাঁ, কাছিতাৰা, লেহিতিয়া তাজু খাঁ, গিয়াছবেগ, নছৎ খাঁ ইত্যাদি বহি থাকে ]
নৰ্ত্তকীবিলাকৰ গীত
আমি সুৰেৰে বিলাওঁ অমিয়া!
ৰূপেৰে বিলাওঁ ৰূপৰে মোহনি,
ভাগৰত জুৰণি দিয়া ঐ চেনেহী
ভাগৰত জুৰণি দিয়া।
চকুৰে বিলাওঁ মোহৰে মদিৰা—
হাঁহিৰে বিলাওঁ হিয়া ঐ চেনেহী
হাঁহিৰে বিলাওঁ হিয়া।
বুকুৰে বিলাওঁ বুকুৰে কথাটি,
কেতিয়া আহিব পিয়া ঐ চেনেহী
কেতিয়া আহিব পিয়া।
নছৰৎ—[ ৰুমালেৰে নৰ্তকীবোৰক ‘বিছি বিছি ] আহাহা!
একেবাৰে ঘামি জামি দম বন্ধ হোৱা যেন হৈ গৈছে! আহাহা
কি কষ্ট পাইছে! মই বিছি দিওঁ। মই বিছি দিওঁ! আহাহা!
কি খুবচুৰৎ তোমালোকৰ আওয়াজ! কি খুবচুৰৎ চেহাৰা!
ক খুবচুৰৎ তোমালোকৰ নাচ!
তাজু—খাঁ চাহাব দেখিছোঁ একেবাৰে—গলি গ'ল।
নছৰৎ—গলি নেষাবা! তোমাৰ দিলত আচল চিজেই [ ১৯১ ] নাই নহলে কি এনেকৈ থাকিব পাৰানে! আহাহা
চোৱাচোন চোৱা গান এটি তানিয়েই ভাগৰত একেৰাৰে পকা
বেদেনাটিৰ নিচিনা হৈ পৰিছে! অলপ জিৰাই জিৰাই গাবা
দিলজানহঁত!
হুছেন—নছৰৎ! সিহঁতক চৰবৎ দিয়া।
নছৰৎ—এই দিওঁ হুজুৰালি! ইস্ মই এক দম্ পাহৰি
গৈছিলোঁ।
[নৰ্ত্তকীবোৰক চৰবৎ দিয়ে]
আৰু নেপাহৰিমেই বা কিয়? তেওঁলোকৰ যি দিল্ ঠাণ্ডা
কৰা গান, নাচ, নজৰ, গাৰ লাচ্! তাত আৰু দোছোৰা চিন্তাৰ
ফুৰছৎ থাকেনে? খাই লোৱা দিলজানহঁত খাইবই বেছ জিৰাই
আকৌ লাগি যোৱা! হজুৰালিহঁতৰ যুদ্ধৰ ভাগৰ মাৰি একেবাৰে
দিল্ ঠাণ্ডা কৰি দিয়া।
তুৰ্ব্বক—নছৰৎ দেখিছোঁ এইবিলাক কামত খুব
হুঁছিয়াৰ!
নছৰৎ—হুজুৰালিৰ মেহেৰবানি!
তাজু—এইবিলাকত খুব হুঁচিয়াৰ কিন্তু যুদ্ধ বুলিলেই তেওঁ
একেবাৰেই বে চামাল।
নছৰৎ—বে চামাল! নহৰৎ খাঁ বে চামাল। কেইখন যুদ্ধ
দেখিছ—খাঁ চাহাব! কথা অলপ বুজি কব!
তাজু—বুজিয়েই কৈছোঁ খাঁ চাহাব! বিছ পঁচিশ খন যুদ্ধ
দেখিলেই যদি হয় তেন্তে বহুত আউৰৎ তোমাতকৈ ভাল
যুঁজাৰু হব!
[ ১৯২ ]
নছৰৎ—মুখ চম্ভালি কথা কবা খা চাহাব! তোমাৰ আক্কেল
খুব বাঢ়িছে! চিনি পাবা নছৰৎ খাঁ কেনেকুৱা।
তুৰ্ব্বক—আহা—তোমালোকে অলপ কথাতে এনে তোফা
আমোদটোত বাধা উপস্থিত কৰিছা! ইয়াত আমোদ কৰিবলৈ
আহিছা আমোদ কৰা! বাজে কথাত মিছামিছি সময় নষ্ট
কৰিছা কিয়?
নছৰৎ—বাৰু দেখক হুজুৰালি যুদ্ধ কথাটোৰ বানান জানেনে
নেজানে ঠিক নাই—তাৰ ওপৰত আকৌ ইমান ডাঙৰ কথা!
কোনে বাৰু সহি থাকিব পাৰে?
তাজু—কি লবি চাবানে কি? মুখৰ কথাত কাম নাই
তৰোৱালেৰে ঠিক হওক!
তুৰ্ব্বক—ছিঃ ছিঃ তোমালোকে কি এইবোৰ কাজিয়া
কৰিছা! ছিঃ ছিঃ যাবলৈ দিয়া, বাজে কথাত সময় নষ্ট
নকৰিবা! বহাঁ, বহাঁ, আকৌ নাচ চলক গান চলক! নছৰৎ!
নৰ্ত্তকীবোৰক কৈ দিয়া আকৌ গান হওক! যোৱা নছৰৎ,
লগাই দিয়া!
নছৰৎ—ভাল হুজুৰালি!
[নৰ্ত্তকীহঁতক উদ্দেশ কৰি ]।
উঠা দিলজানহঁত! আকৌ এবাৰ—খুব ভাল খুব— খুবচুৰৎ চাই এটি চলাই দিয়াহঁত! একেবাৰে মাৎ কৰি দিয়াহঁক চোন! উঠা! যদি চৰবৎ লাগে আৰু দিওঁ।
খাই লোৱা![ ১৯৩ ]
পদুম হেলনীয়া সাঁচে-সাঁচে
জোনবাই জুমি চাই নাচে।
মেঘৰে আঁৰতে তৰা চিকেমিকায় জোন নো কাচন কাচে,
বিলৰে বুকুতে কিহে চিকেমিকায় কোনে নো ফুটুকি বাচে।
হিয়া মোৰ লগতে নাচে।
কোনে নো বীণ বায় কোনে নো গীত গায়
কোনে নো নুচৱাই নাচে----
কোনে নো আঁকি যায় বুকুতে ছবিটি
হিয়ালৈ হিয়াটি যাচে—যাচে
সপোনৰ আঁচে---আঁচে।
খাই লোৱা দিলজানহঁত! খাই লোৱা! হুজুৰালিহঁত
খুব খুছি হৈছে! খুব খুছি হৈছে। ইমানপৰ মূৰ দুপিয়াই
তোমালোককে নজৰ কৰি আছে! বাঃ! কি তোফা গালা!
কি তোফা নাচিলা! একেবাৰেই যেন বেহেস্তৰ পৰী নামি
আহিল!
তুৰ্ব্বক—দোস্ত! একেবাৰেই দেখোন নিমাত! নাচ গান
বৰ ভাল লগা নাইনে কি?
লেহেতীয়া—খুব ভাল লাগিছে জনাব! খুব ভাল
লাগিছে।
১৩ [ ১৯৪ ] কাছিতাৰা —আমি নিমাতহৈ যিমান ভালকৈ উপভোগ
কৰিছোঁ—আমোদটো—জনাবহঁতে সিমান ভালকৈ উপভোগ
কৰিব পৰা নাইহে হবলা!
তুৰ্ব্বক—তেন্তে দেখিছোঁ—আপোনালোকহে আদত্,
সমজ্দাৰ্! আচ্ছা, আৰু চলিবনে কি?
কাছি—জনাবালিৰ ইচ্ছা। আমাৰ কি কথা!
তুৰ্ব্বক—ইহঁতো-দেখিছোঁ--- বৰ হায়ৰাণ হৈছে। আজিলৈ
মোৰ মনে ইমানতে শেষ কৰাইহে ভাল। নছৰৎ! আজিলৈ
আৰু নাচোৱালীহঁতক আৰাম কৰিবলৈ দিয়া! সিহঁতক খুব
ভালকৈ চৰবৎ আৰু খানা তানা দিয়াগৈ!
নছৰৎ—ভাল হুজুৰালি! ব’লা দিলজানহঁত! আজিলৈ
আৰু তোমালোক তক্লিফ্ নিদিওঁ!
[ নৰ্তকীহঁতকলৈ নছৰৎখাঁৰ প্ৰস্থান ]
তুৰ্ব্বক—তেন্তে, আমিও আৰু আৰাম কৰোঁগৈ, কি বোলে
জনাব? আৰু দোস্ত, আপুনি কি কয়?
লেহে—কি কম জনাব! ৰাতিও বহুত হৈছে। বিশ্ৰাম
কৰাই ভাল!
তুৰ্ব্বক—এতিয়াতো আৰু যুদ্ধৰ হুলস্থুল নাই। কালি
লৈকে আমি নিশ্চিন্তে আমোদ কৰিব পাৰিম। আহোমৰ
এইবাৰ ককাল ভাগি গৈছে—আকৌ পোণ হৈ যুদ্ধলৈ আহিবলৈ
দেৰী আছে। আহে কি নাহে—কিজানিবা সন্ধিৰেই প্ৰস্তাব
আহে, তাৰৰ ঠিক নাই!
কাছি—আহোম বৰ লেকেতীয়া শত্ৰু জনাব! একো [ ১৯৫ ] ঠিক নাই! মোৰ বিশ্বাস নহয় যে সিহঁতে ইমান সোনকালে ক্ষান্ত হব।
লেহে—হয় জনাব। আমি এতিয়াৰে পৰা নিশ্চিন্ত হলে
নহব! আমি প্ৰস্তুতহৈহে থাকিব লাগে আৰু পাৰিলে আগ
বাঢ়িবৰহে ব্যবস্থা কৰিব লাগে।
তুৰ্ব্বক—আপোনালোকৰ উপদেশ মতেই ইমান দূৰ আগ
বাঢ়িছোঁ। বাৰু, আপোনালোকৰ বুদ্ধি মতেই কাম কৰিব
লাগিব! ভাবি চাওঁ, কালিলৈ পৰামৰ্শ কৰিম। এতিয়া যাওক
আৰাম কৰকগৈ! আদাব!
[ সকলোৰে প্ৰস্থান ]
তুৰ্ব্বক—যি কৈছিল আপোনালোকে দোস্ত, সকলো ঠিক!
আপোনালোকৰ পৰামৰ্শ নোলোৱা হলে দেখিছে। সৰ্বনাশেই
হ'লহেঁতেন! এইবাৰ সিহঁতৰ আয়োজন দেখিছোঁ বেলেগ
ৰকমৰ। [ ১৯৬ ] হুছেন—কি বুৰ্ব্বক এই আহোম জাতিটো! আউৰৎ
পঠিয়াইছে যুদ্ধ কৰিবলৈ!
নছৰৎ-আৰু সিহঁত কি যেই সেই আউৰৎ হুজুৰালি!
একো একোজনী যেন এটা এটা জোৱান মৰদ হে! কি
তোফা তলোৱাৰ চলায়! দেখিলে চাই থাকিবৰ মন যায়
হুজুৰালি!
হুছেন—এবাৰ দেখিলে হয়! কি মস্কিলকে যে কৰিলে
ইহঁতে! আউৰৎ বুলিলে হাত তুলিব নেপায়,–এতিয়া
আকৌ সেই আউৰৎৰ লগত যুদ্ধ কৰিব লাগিব! কি কৰা
যায়!
তুৰ্ব্বক—সিওটো অৱশ্যে এটা ভাবিবৰ কথাই।
তাজু—কথাকি জনাব! চকুৰে দেখি মাৰিলে বেয়া লাগিব!
চকুমুদি তলোৱাৰ ঘূৰাই আগ বাঢ়ি যাব লাগে যি আগত পৰে
যাওক জহন্নামে!
নছৰৎ—যিমান ভাবিছা সিমান ঢিলা নহয় খাঁচাহাব! একো
একোজনীয়ে দশ বিশটা পাঠান মাৰিহে মৰিব! মৰদৰ যদি
ভাগৰ আছে—ইহঁতৰ মই ভাগৰ দেখা নাই!
তাজু—আচ্ছা—দেখা যাব। হুকুম কৰক জনাব! মই
সিহঁতক ঠিক কৰিম!
তুৰ্ব্বক---মই ভাবিছিলোঁ। হুছেন খাঁকে পঠাম। বাৰু
বেছ। তুমিয়েই যোৱা খাঁ চাহাব। আৰু দোস্ত আপুনিও
যাওক।
লেহে—জনাবৰ যি ইচ্ছা, মই প্ৰস্তুত! [ ১৯৭ ] তুৰ্ব্বক—মই, জনাব, আৰু হুছেন খাঁই সিহতৰ সেনাপতিক
আক্ৰমণ কৰিম। আপোনালোকে নাৰীসেনা দলক আক্ৰমণ
কৰকগৈ। যোৱা—তাজুখাঁ! যাওক দোস্ত! খুব হুচিয়াৰ!
তাজু—আদাব—হুজুৰালি!
তুৰ্ব্বক—আচ্ছা জনাব, আপোনাৰ সেই গুপ্তচৰ লৰাটো—
কলৈ গ'ল! সি নোহোৱাত এই কেইদিন আমি কোন ঠিক
খবৰ পোৱা নাই। আৰু সেই কাৰণেই বোধ কৰোঁ—আমাৰ
কাৰ্য্য—ভালকৈ চলা নাই। আমাৰ যিবিলাক গুপ্তচৰ আছে
মই দেখিছোঁ, কোনো কামৰ নহয়।
কাছি---ময়োতো—ভাবিছোঁ–জনাব---কলৈ গ'ল সেই
লৰাটো—! সি আছিলে সিহঁতৰ ৰজাৰ লৰা সেই চুক্লেনৰ
লিগিৰা। চুক্লেন সেই দিন গুলি খাই নমৰিল। ভাবিছোঁ।
সিও তাতে ব্যস্ত আছে!
তুৰ্ব্বক—মইতো শুনিছোঁ সেই ৰজাৰ লৰা, আহত হোৱাৰ
দুই চাৰিদিন বাদেই ৰাজধানীলৈ গল! তেন্তে কি সেই
লৰাটোও গ'ল!!
কাছি—হব পাৰে জনাব! অনুমান,---এৰাব—নোৱাৰি
যাবলৈ বাধ্য হ’ল! নহলে সি জৰুৰ আহিলহেঁতেন!
তুৰ্ব্বক—বাৰু যেই হওক। এতিয়া ব’লক আমিও যাওঁ;
আগেয়ে শত্ৰুৰ গতি লক্ষ্য কৰোঁগৈ। তাৰ পিছত চেগবুজি
আক্ৰমণ কৰিব লাগিব! আহক।
মূলা—মোৰ পিছে পিছে ফুৰি কিয় ইমান-কষ্ট কৰিছে
গাভৰুদেও! এতিয়াতে আপুনি মোৰ সমানে কষ্ট কৰিব
নোৱাৰিব! মই এতিয়া–চামুণ্ডা! মৃত্যু মোৰ বাঞ্চনীয়, মই
মৃত্যুক বিচাৰি ফুৰিছোঁ! আপুনি মোৰ অনুসৰণ কৰি কিয় কষ্ট
কৰিছে গাভৰুদেও! পত্নীৰ যে পতিসেৱা হে প্ৰথম কৰ্তব্য!
তাৰ পিছত আন।
হেলা—জানো বাইদেওঁ পতিসেৱাই পত্নীৰ প্ৰথম কৰ্তব্য!
সেই উদ্দেশ্যেই আপোনাৰ সঙ্গিনী হৈ ৰণস্থলত আহত পতিৰ
সেৱা কৰিম বুলি আহিছিলোঁ—কিন্তু স্বামী যে মোৰ আগেয়েই
ৰাজধানীলৈ যাত্ৰা কৰিলে!
মূলা—চুক্লেন কোঁৱৰ ৰাজধানীলৈ গ'ল! মোকতো
আপুনি—এই বাৰ্তা জানিব দিয়া নাই----। মই—আপোনাক
বাজধানীলৈ পঠোৱাৰ ব্যবস্থা কৰি দিলোহেতেন! মই আজিয়েই
সেই ব্যবস্থা কৰি দিম গাভৰুদেও! আপোনাৰ এই কৰ্তব্যতকৈ
সেই কৰ্তব্য ডাঙৰ গাভৰুদেও! আপুনি—আজিয়েই
ৰাজধানীলৈ যাত্ৰা কৰক।
মুহিলা—সৰ্বনাশ হ’ল গাভৰুদেও! পাঠানে চোৰাংকৈ
আহি আমাক আক্ৰমণ কৰিছে! সৌৱা এই পিনলৈকে সিহঁত
আহিব লাগিছে!
নেপথ্যত—আল্লাহু আকবৰ! [ ১৯৯ ] মূলা—সাজু হ মুহিলা! সাজু হ'ক, গাভৰুদেও!
মাতক সেই শক্তিময়ী মহামায়াক! মাতক! যাৰ শক্তি
প্ৰভাবত অসূৰ শক্তি কম্পিত হৈছিল! পাঠান কোন কুটা!
তাজু—এই যে ইয়াতে।
মূলা—ইয়াতে তোৰ যম। আহ নৰাধম! মাত
তোৰ ইষ্ট দেৱতাক।
মূলা—মৰ আজি নৰকী পাঠান!
তাজু---ইয়া—আ----ল্লা!
মূলা—কলৈ পলাবি কাপুৰুষ! ক’ত সাৰিবি? ৰক্ষা নাই! পলালেও নিস্তাৰ নাই।
খুণবাও---ক’ত চেংলুং! ক’ত তাকিছ! তুকে বিচাৰি আয়িছু! উনি পাইছু ইয়াতে আয়িছ ক’ত আৰিবি? লুকু! লুকু! এতিয়া তাকে দেকি পুৱা নাই! তই [ ২০০ ] কুছি কলি! তাৰ এতিয়া যুৱা নাই! তাকে তুৰ কুবিতে পতিয়াম! দেকি তাক! দেকি তাক লুকু! উ—বৰ দুক— বৰ দুক দি কুছি কলি লুকু! অদায় দিন অউ তাত পৰা তাকে দেকি তাকিব কলি। তই দেকি পাৱ। মই দেকি নাপাওঁ। দেকি পালে—এই জাতি এই জাতি লকতে তুৰ পালে ইমান দুক দিয়া, মুৰ পালে ইমান দুক দিয়া ওৰ তুলিম। তাকে তুৰ কুৰিতে পতিয়াম! দেকি তাক লুকু! ইয়াতে ই তাকিছে ইয়াতে তাক দেকি পাম! ইয়াতে তাৰ এষ কৰিম! য়েই দিন য়েই দিন তুৰ দুক যাব—মুৰ দুক যাব! ক’ত তাকিবি চেংলুং ক’ত লুকাবি! কত আৰিবি! দেকি পাম। দেকি পাম! (লাহে লাহে প্ৰস্থান)
(তুৰ্ব্বক, হুছেন, আৰু নছৰৎ খাৰ প্ৰবেশ)
নছৰৎ—সৰ্বনাশ—[ তাজুখাঁৰ মৃতদেহ দেখি ] সৰ্বনাশ! এইয়া কোন! অ’ খাঁ চাহাব!
তুৰ্ব্বক—তাজু খাঁ। তাজু! তাজু! উস! কোনে এই অৱস্থা কৰিলে!
নছৰৎ—চকু মুদি যুদ্ধ কৰিয়েই এনে অৱস্থা হ’ল!
তুৰ্ব্বক-নছৰৎ! তুমি অতি বদবখৎ!
নছৰৎ—গোস্তাখি মাফ হয় হুজুৰালি!
তুৰ্ব্বক—দ্বিতীয় বাৰ আৰু এনে কথা শুনিলে মাফ নকৰিম
নছৰৎ খাঁ! [ ২০১ ](বেগাই লেহেতীয়াৰ প্ৰবেশ)
লেহে-জনাব! এইবাৰ ৰক্ষা নাই! নাৰীসেনা একেবাৰে মতোৱাল হৈ এই ফাললৈকে আহিছে! প্ৰস্তুত হ’ক জনাব!
মূলা—ক’ত তুৰ্ব্বক! ক’ত হুছেন! ক’ত বঙাল! আহ নৰাধমহঁত! যদি সাধ্য আছে সম্মুখ হ! ৰক্ষা নাই! চামুণ্ডা নাৰীৰ আগত ৰক্ষা নাই!
লেহে—সেইয়া পালেহি জনাব! পালেহি!
[ খোলা তৰোৱাললৈ মূলা, হেলা, মুহিলা আৰু নাৰীসেনাৰ প্ৰবেশ ] মূলা—এইয়া যে ইয়াতে নৰাধমহঁত! নৰকী পাঠান! আহ কোন তুৰ্ব্বক! কোন হুছেন! কোন বঙাল! মাত নৰকীহঁত! এবাৰ ইষ্টদেবতাৰ নাম জপ কৰ!
হুছেন—এইয়া হুছেন তোৰ যম নাৰী! পাৰ যদি আত্মৰক্ষা কৰ!
মূলা—হুছেন! তয়েই হুছেন! পতিঘাতী দস্যু ল প্ৰতিফল!
[ মূলাই হুছেনক, মুহিলাই নছৰতক, হেলাই লেহেতীয়াক আৰু নাৰী- সেনাই তুৰ্ব্বকক আক্ৰমণ কৰে ]
মূলা—এইবাৰ নৰকী পাঠান ল ইষ্ট নাম।
[ হুছেন পৰে মূলাই বুকুত তৰোৱাল বহুৱাই দিয়ে ]
হুছেন—ইয়ে⸺খো⸺দা [ মৃত্যু ]
[ হুছেনক পৰা দেখি তুৰ্ব্বকে মূলাক আক্ৰমণ কৰে ] [ ২০২ ] তুৰ্ব্বক—ৰক্ষা নাই নাৰী! সাজু হ!
মূলা—তয়েনে তুৰ্ব্বক! লাগে! লাগে মোক তোৰে কেঁচা তেজ!
[ মূলা আৰু তুৰ্ব্বকে খুঁজি থাকোতেই মুহিলাৰ হাতত নছৰ পৰে। হেলাৰ হাতত লেহেতীয়া পৰে। লেহেতীয়াৰ বুকুত হেলাই তৰোৱাল বহুৱাই দিয়ে আৰু পিছ ফালৰ পৰা কাছিতাৰা আহি হেলাৰ পিঠিত তৰোৱাল বহুৱাই দিয়ে। ]
কাছি—এয়ে তোৰ শাস্তি পিশাচি!
হেলা-নৰাধম! উস্! স্বামী—গু—ৰু! [ মৃত্যু ]
[ মুহিলাই কাছিতাৰাক আক্ৰমণ কৰে ]
মুহিলা—মৰ নৰকী—মৰ এইবাৰ!
[ “আল্লাহু আকবৰ” বুলি কিছুমান পাঠান সেনাৰ প্ৰবেশ আৰু সকলোৱে মূল মুহিলা আৰু নাৰী সেনাক একেলগে আক্ৰমণ কৰি সকলোকে বধ কৰে ]
মূলা—বিশ্বাসঘাতক—নৰকতো ঠাই নেপাবি! নোৱাৰিলোঁ! কণচেং! চুৰেং! চুখ্ৰেং! বাকী তোমালোকে কৰিবা। যোৱা সতী—যা মুহিলা—জগতত অক্ষয় কীৰ্ত্তী ৰাখি গলা! স্বামী—গুৰু—তোমাৰ হত্যাৰ কণা মাত্ৰ শোধ কৰিলোঁ ! চৰণত ঠাই—দি—বা প্ৰ—ভূ। [ মৃত্যু]
তুৰ্ব্বক—আউৰৎ বিলাকেও যুদ্ধ কৰে! এনে তোফা! বাস্তবিক ইও এটা জাতি! জীৱনত এয়ে প্ৰথম দেখিলোঁ। এনে যুদ্ধত মৰিও গৌৰব!
⸺⸺
—অঙ্ক পতন-