পৃষ্ঠা:নগা কোঁৱৰ.djvu/১২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৮
[৩য় অঙ্ক
নগা কোঁৱৰ

কিনি বয়ি বয়ি আছে। কুজ কিনি অলে দিবই নুৱাৰে— একুজ দুকুজ য়ে আয়িছে! তুৰ পালে কাৰ মতা মানু বুলিব কাবৰু?
 ৰতি—ভৈয়ামলৈ তই যোৱা নাই, আমাৰ ভৈয়ামৰ মানুহ তই দেখা নাই আজলী নাগিনী। তোৰ ভুল হৈছে। ভৈয়ামৰ মানুহে তহঁতৰ নগাৰ দৰে দুক কৰিব নোৱাৰে সেই দেখি অলপতে ভাগৰ লাগে। সেই দেখি মোক ভাগৰত ইমান বুকু ফুলাই উশাহ লোৱা দেখিছ। খোজ কাঢ়োঁতে হাবিৰ কাঁইটে বিন্ধি ভৰিয়েদি তেজ বিৰিঙি ওলাইছে সেই দেখিয়েই ভালকৈ খোজ কাঢ়িব পৰা নাই। মইতে আৰু কেতিয়াও এনেকৈ হাবিত ফুৰা নাই। মোক যাবলৈ দে মিতিনি?
 লুকু—মই কেতিয়াও তুকে যাব দিব নুৱাৰে। তই গূৰি যা কাবৰু।
 ৰতি—আকৌ মোক গাভৰু বুলিছ কিয়? মোক তো নাম কাঢ়িয়েই তই মাতিব পাৰ।
 লুকু—অ’ পাঅৰিলে। বাৰু দে নাম কাৰিয়েই কব। ইতিয়া অলে যাবি দেই কাবৰু। নঅয় আক পাঅৰিলে। বাৰু যাবি দেই ডেকাটু।
 ৰতি—মোৰ নাম ৰতিমন। এতিয়াই পাহৰিলিনে?
 লুকু—আমাৰ নকা অলে ডানৰ মানু নাম নকয়। অমন কিনিহে দৰি কয়। বাৰু দে তুৰ পালে বেয়া নাপায় যদি নাম কাৰি কব। বাৰু যাবি দে ৰতিমন।