কৰ ক'লা ডাৱৰে আহি এই নিৰ্ম্মলতা চুৰমাৰ কৰি দি গুচি যায়। সেই দৰে আমাৰো এই অনাবিল শান্তি যেন কোনোবা দিনা ভাগি চিগি চুৰমাৰ হৈ যাব। এনে সুখ হয়তো আমাৰ নেথাকিব লুকু!
লুকু—এনে কতা নাবাবিবি কাকাটি। মুৰ বৰ বয় লাকে।
বৰ দুক লাকে। আমাৰ দুক কিয় অব কাকাটি! আমাৰ কাৰো
পালে দুক দিয়া নাই কাৰ একো কৰা নাই!
কণচেং---বনৰ হৰিণীয়ে কাৰ কেতিয়া কি অনিষ্ট কৰে
লুকু? তথাপি তাইক ব্যাধে আহি নীৰলে হাবিৰ মাজত
শুই থকাতে হত্যা কৰেহি! ডালৰ কপৌ জুৰিয়ে কি এনে
লোকৰ অনিষ্ট কৰে যে তাতে আহি সিহঁতৰ শান্তি নষ্ট কৰি
দিয়েহি ব্যাধে?
লুকু---কাকাটি, তুৰ এনে কতা উনিলে মুৰ বৰ বয় লাকে
কাকাটি। নকবি কাকাটি! যেই দিন অঅম মানু পৰ্পত
যাইছে। বুবু দেকি পাই উদিছে। আক’ তানতৰ উবটি
কেদাইছে।
কণচেং—অহম মানুহ! হয়তো মোকে বিচাৰি
আহিছিল!
লুকু—তুৰ পালে কিয় বিচাৰিব আয়িব কাকাটি? আমাৰ
অলে কেতিয়া তানতৰ আয়িপ নিদিয়ে। আমাৰ দেকি পালে
অলে দেনু লকতে বউ দূৰতে কেদিম।
কণচেং—লুকু! লুকু! ইমান সৰল অন্তৰ তোৰ। মোক বিচাৰি আহিব বুলিয়েই তাহাঁতক ধেনুৰে মাৰিৰি। মোৰ