সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
[৩য় অঙ্ক
নগা কোঁৱৰ

মথি অমৃত পান কৰাই মোৰ হৃদয়ত অমৰৰ শক্তি সঞ্চাৰ কৰাইছা? জানো তোমাক—তুমি—তুমি—প্ৰজাপতিৰ অমূল্য দান, জন্মজন্মান্তৰৰ সঞ্চিত পুণ্যৰ ফল—মোৰ জীৱনৰ পথনিদৰ্শক ঈশ্বৰ প্ৰেৰিতা দূতী তুমি—তুমি যদি বিহ্বল হোৱা ক’ত মোৰ জুৰাবৰ স্থান প্ৰিয়তমে!

 মূলা—বিহল নহওঁ নাথ। বাধা নিদিওঁ। হাঁহি মুখে বীৰ সাজে সজ্জিত কৰি স্বামীক ৰণলৈ পঠিয়াম। ক্ষত্ৰিয় ৰমণী মই—ৰণ শুনি কাতৰ হম! ইমাম দুৰ্ব্বল আপোনাৰ মূলা নহয় নাথ।

 চাও—জানো মূলা তুমি মহৎ! তোমাৰ হৃদয় অতি উচ্চ! বিৰাটকন্যা উত্তৰাই হাঁহিমুখে স্বামীক ৰণলৈ পঠিয়াইছিল।

 মূলা—বিৰাটকন্যা মোৰ আৰ্হি নহয় নাথ। স্বামীক ৰণলৈ পঠিয়াই কণ্টক শয্যাত দেই পুৰি মৰিবৰ সেই মনৰ বল সেই ধৈৰ্য্য মোৰ নাই। স্বামীৰ লগত ছাঁয়াৰ দৰে ৰণে বনে দুৰ্গমে ফুৰিবলৈ হে মূলাই বাঞ্চা কৰে!

  চাও—কি ক’লা প্ৰিয়তমে! চাওৰ সঙ্গিনী হৈ সমৰ ক্ষেত্ৰত সেই দানবৰ লীলাভূমিত পিশাচৰ তাণ্ডব নৰ্ত্তন চাবলৈ যাবৰ বাঞ্চা কৰা! তোমাৰ কোমল প্ৰাণত সমৰক্ষেত্ৰৰ সেই নিৰ্ম্মম দৃশ্য যে সহ্য নহ’ব প্ৰিয়তমে।

 মূলা—আপোনাৰ সহধৰ্ম্মিনী মই। আপোনাৰ প্ৰাণত যদি সহ্য হয় মোৰ প্ৰাণত সহ্য নহব কিয় নাথ?

 চাও—নাৰী স্বভাৱতে কোমল প্ৰকৃতি। চাওৰ জীৱন