পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪ৰ্থ দৃশ্য ]
১৩৭
নগা কোঁৱৰ


 লুকু—তাৰ আৰু নায়ে বুবু! অউ আবি আবি লৰি কুছি ক’ল। ইমান পৰ আমাৰ দেকি পাইছে বুবু! তাৰ কুছি ক’ল! তাৰ আৰু নায়ে বুবু! আমাৰয়ে তাৰ কেদিলে। বুবু! কাকাটি পালে আমাৰয়ে কেদিলে।

 খুণ–তুৰ কি কেদিব লুকু! তাৰ এনে যাইছে আক’ আয়িব। আ লুকু, নামি আ।

 লুকু—আমাৰ কেদি পাইছে বুবু। আমাৰ কেদিছে। কাকাটি জানি পালে, তাকে নিব বাবি, অঅম মানু আমাৰ দেনু লকতে মাৰিছে। কাকাটি য়েই মানু পালে কেদি কুছি ক’ল!

 খুণ-লুকু।

 লুকু-বুবু!

 খুণ—আ লুকু, নামি আ! তাৰ পালে আমাৰ আনিব যাম। ইতিয়া যাম!

 লুকু—উঃ! আমাৰ দেনু লকতে মাৰি তানতৰ আবি আবি কিমান বিচাৰি দেকি নাপালে। ইয়াত পৰা দেকি পাইছে কুছি কল! তানতৰ পিছ পিছ কাকাটি কুছি কল! কাকাটি আৰু নায়ে বুবু!

 খুণ—আয়িব লুকু! নামি আ!

 লুকু—তুৰ গৰ যাবি বুবু।

 খুণ–তুৰ নায়িলে আমাৰ নাযায় লুকু!

 লুকু—যা বুবু, আমাৰ নাযায়।

 খুণ-ইয়াতে ৰকি তাকি কি অব লুকু! আ!