আহি ৰণক্ষেত্ৰ পাইছোহি! মোৰ সৌভাগ্য, আপুনি আকৌ বন্দী কৰি ৰাজধানীলৈ পঠাই দিয়া নাই।
চাও—অপোনাৰ কুঁৱৰী সেই নাৰীৰূপে শাপভ্ৰষ্টা দেবীৰ
পদধূলি শিৰত লৈ, মই যদি আপোনাক আকৌ বন্দী কৰি
নপঠোৱাৰ বাবে মৰণকো বৰিব লাগে, হাঁহি মুখে বৰণ কৰিম
কোঁৱৰ। স্বৰ্গদেৱৰ সেইদিনা, চিন্তাই দুৰ্ভাবনাই চিত্ত স্থিৰ
নাছিল। এতিয়া সেই দেবীৰ পতিভক্তি দেখি, আপোনাৰ
দেশপ্ৰেম দেখি, স্বৰ্গদেৱে নিশ্চয় অনুতাপ কৰিব। হয়তো
মাজিউ কোঁৱৰো লগতে মুক্ত হব।
চুক্লেন—সেইবোৰ কথা আৰু নুলিয়াব ডাঙৰীয়া। ব’লক
শিবিৰলৈ যাওঁ। সেইবোৰ ভাবিলে, মন মোৰ বিদ্ৰোহী হৈ
উঠে। হিতাহিত বিবেচনাৰ শক্তি নেথাকে।
চাও—ভাবক কোঁৱৰ, সেই সতীৰ কথা ভাবক। মন পবিত্ৰ
হব। শৰীৰৰ ক্লান্তি অৱসাদ দূৰ হব। এনে পতিব্ৰতা, এনে
পতিভক্তিৰ জ্বলন্ত দৃষ্টান্ত, জগতত বিৰল—ইতিহাসত-
অতুলনীয়। ভাগ্যবান তেওঁ—এনে সতীৰ যিজন স্বামী।
চুক্লেন—ভাগ্যবান! পুত্ৰ হৈ পিতাৰ চকুৰ শূল!
ডেকাৰজাহৈ নিজৰ বন্দীশালত বন্দী! মূৰৰ ওপৰত খৰ্গ! কোন
সময়ত মৃত্যুক বৰিব লাগে নিশ্চয়তা নাই—ভাগ্যবান পৃথিবীত
মোতকৈ কোন আছে ডাঙৰীয়া!
চাও—অভিমান কৰিছে কোঁৱৰ! পিতাকৰ ওপৰত
অভিমান কৰিছে! এবাৰ ভাবি চাওক কোঁৱৰ স্বৰ্গদেওৰ
মানসিক অৱস্থা! পুত্ৰৰ ওপৰত দণ্ড বিহি পিতাৰ অন্তৰত