পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭ম দৃশ্য ]
১৪৯
নগা কোঁৱৰ
সপ্তম দৃশ্য
চুক্লেন কোঁৱৰৰ শিবিৰ
[ ৰতিমন অকলে ]

 ৰতি---হা অদৃষ্ট! মোৰ কি এনেকৈয়ে দিন যাব! যলৈকে গৈছোঁ ততে ব্যৰ্থমনোৰথ হৈছোঁ। কি আছিলোঁ কি হলোঁ! হে মোৰ প্ৰাণৰ দেৱতা! তোমাৰ সন্ধান কি নেপাম! দেশে বিদেশে কিমান ঘূৰিলোঁ! শেষত ইয়ালৈ আহিলোঁ ইয়াতো নাই! ক’ত লুকালো দেৱতা?

 মাতৃ! আজিও তোমাৰ অন্তিমৰ অনুৰোধ বুকুত জ্বলিব লাগিছে। সেয়ে যেন শিথিল। কি এক দুৰ্দ্দমনীয় আকাঙ্খ্যাৰ হেঁচাত শিথিল! কিমান দৃঢ়কৈ মন বান্ধিবৰ যত্ন কৰে। কিন্তু, সেই মুখখনিৰ চিন্তাত ক’ৰ বন্ধন কেনি গুচি যায়! শৰীৰত ক্লান্তি আহি পৰে। সকলো পাহৰি যাওঁ থাকা তুমি, আৰু থাকে তোমাক পাবৰ একেটি চিন্তা। কিয় তুমি মোৰ মানস পটত উদয় হৈ মোৰ সৰ্ব্বস্ব নিলা। যদি উদয় হলা কিয় মোৰ বুকু ভাঙ্গি গুচি গলা! চকুৰ অদৃশ্য হলা, কিন্তু মনৰ অদৃশ্যততা হব নোৱাৰা! ক’ত লুকালা দেৱতা! মনৰ কথা এবাৰ মুখ খুলি কবৰ অবসৰ নেপালো! তুমি মহৎ! অভাগিনীৰ কথা শুনিলে হয়তো তোমাৰ দয়াও উপজিলহেঁতেন। কি কৰিলা! তুমিয়েই মোক কৰ্তব্যভ্ৰষ্ট কৰিলা! তুমিয়েই মোৰ সৰ্ব্বনাশ কৰিলা! যদি এবাৰ দেখা পাওঁ—যদি অভাগিনী বুলি স্নেহৰ চকুৰে চাব পাৰা---