অহা আহোমৰ যুৱৰাজৰ লিগিৰা সোমাইছে! তাৰ সময়ো
আজিকালি খুব কম।
তুৰ—আচ্ছা বেচ! পিছত সময় বুজি দেখা দিলেও হব। তাক মই খুব খুছি কৰি বকচিচ, দিম! বাৰু সেইবোৰ কথা যাওক। এতিয়া আমাৰ যুদ্ধৰ বিষয়ে পৰামৰ্শ কৰিব লাগে। নবাবৰ পৰা খবৰ পাইছোঁ সেনাপতি বীৎমালেকৰ হাতত আৰু সৈন্য পঠাইছে। সিহঁত আহি ভৰলীৰ ওচৰ পাইছেহি। আমি খবৰ পঠালেই আগ বাঢ়িব। মোৰ মনে তেওঁলোেক এতিয়া তাতেই থাওক। আমি যদি প্ৰয়োজন দেখোঁ পিছত মাতিম।
কাছি—জনাবে ঠিক কৈছে। এতিয়া তেওঁলোকক মাতিবৰ কোনো প্ৰয়োজন নাই। আহোমেও বুজি থাওক আমাৰ নতুন সৈন্য সামন্ত একো অহা নাই। যি আছে তাৰেই যুদ্ধ চলাব লাগিব। তেতিয়া সিহঁতে যুদ্ধৰ আয়োজন ডাঙৰ নকৰে।
তুৰ-বাৰু সেয়ে হব। মই সেই খবৰ আজিয়েই বীৎ- মালেকলৈ পঠাম। এতিয়া আমি কালিলৈ যুদ্ধৰ কি আয়োজন কৰিম তাৰ মীমাংসা কৰোঁহক। আমি সিহঁতক কোন ফালৰ পৰা আক্ৰমণ কৰিম আৰু কিমান সৈন্য কাৰ নেতৃত্বত পঠাম?
কাছি—মোৰ মনে জনাব, আক্ৰমণটো আমি বাদ দিওঁ। শত্ৰুপক্ষই আমাক আক্ৰমণ কৰক। আমি কেবল প্ৰস্তুত থাকিমহঁক।