মোক বাহিৰৰ শত্ৰুয়েও একো কৰা নাই। ঘৰৰ শত্ৰু, ৰতিমন। ঘৰৰ শত্ৰুয়ে মোৰ এনে সৰ্ব্বনাশ কৰিলে। নহলে তাইক মই পাইছিলোঁ ৰতিমন।
ৰতি—ঘৰৰ শত্ৰুনো আকৌ কোন কোঁৱৰ? ঘৰতো
অপোনাৰ শত্ৰু আছেনে? আপুনি ৰাজকোঁৱৰ, সিহঁতৰ মূৰ
কিটা ডিঙিৰ পৰা আঁতৰাই থব নোৱাৰিলেনে? হায়, হায় মই
নেথাকিলোঁ কোঁৱৰ। মই থকা হলে চালোঁহেতেন আপোনাৰ
নো কোন সেই কিটা শত্ৰু ।
চুক্লেন—চুপ চুপ ৰতিমন । কোনোবাই যদি শুনে সৰ্ব্বনাশ
হব!
ৰতি—কি সৰ্ব্বনাশ হব কোঁৱৰ। শত্ৰুক কেতিয়াও লাই
দিব নেলাগে। মই নেপালো সিহঁতক।
চুক্লেন—উস্! ৰতিমন! শত্ৰুয়ে মোৰ কি নকৰিলে!
ৰতি—কি কৰিলে কোঁৱৰ? পিছে, সেই লিগিৰিজনী কলৈ
গলগৈ?
চুক্লেন—পাষণ্ডহঁতে মোক বন্দী কৰিলে!
ৰতি---বন্দী কৰিলে! উস্! আপুনি ৰাজকোঁৱৰ,
আপোনাকে বন্দী কৰিলে! আৰু তাইক?
চুক্লেন—মোক শত্ৰুয়ে বন্দী কৰাৰ পিছত তাইৰ কি হ’ল
কলৈ গল কব নোৱাৰোঁ।
ৰতি—তায়ো কিজানি কৰবাত আত্মঘাতিনী হ'ল।
আপোনাৰ কোন সেই শত্ৰু কোঁৱৰ? এতিয়াও সি জীয়াই
আছেনে?