সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য ]
১৩৯
নগা কোঁৱৰ


পঞ্চম দৃশ্য
বন্দীশাল
[চুক্লেনকোঁৱৰ মৌন হৈ বহি থাকে।]

 চুক্লেন-হা অদৃষ্ট। কপালত ইও আছিল। পিতা। পিতা! এই বিচাৰকে কৰিছা ৰাজদণ্ড হাততলৈ! ভবা নাই কাক দণ্ড দিছা। ভবা নাই কালিলৈ কি হব পাৰে! হব পাৰা ৰজা! হব পাৰা পিতা! কিন্তু, যদি দিন পাওঁ। যদি কোনো উপায়ে মুক্তি পাওঁ! পিতা, এই অবিচাৰৰ পৰিণাম ভুঞ্জিব লাগিব! পুত্ৰ বুলি এবাৰ ভাবি চোৱা নাই—পিতা বুলি সেই দিন পুত্ৰৰো ভাবিবৰ অবসৰ নহব! দিন পালে এনেদেৰে—ঠিক এনেদৰে—পুত্ৰও অবিবেকী হব পিতা! সেই দিন আহিব! আহিবনে? সেই সৌভাগ্য মোৰ হবনে? অবিবেকী পিতাৰ অবিচাৰৰ পৰিণাম ভুঞ্জাবৰ ভাগ্য মোৰ হবনে? উস্! কোনে মোক মুক্ত কৰি দিব! যদি ৰজা হওঁ-ৰাজ্য দিম সম্পদ দিম সকলো দিম! চিৰ জীৱন কৃতজ্ঞ থাকিম!

[ আকৌ মৌন হয় আৰু হেলাগাভৰু সোমায়]

 হেলা—স্বামী! প্ৰভু!

 চুক্লেন—কোন? হেলা? তুমি ইয়াত! হেলা! হেলা। মোৰ প্ৰাণাধিক হেলা! মোক এটা মুক্তিৰ বাট—দিব নোৱাৰা হেলা।

 হেলা—তাৰ চেষ্টাতেই আজি ইমান দিন আহাৰ নিদ্ৰা মান সম্ৰম সকলো এৰি হাবিয়ে বননীয়ে ঘূৰি ফুৰিও অৱশেষত