এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
[ ৩য় অঙ্ক
নগা কোঁৱৰ
লুকু-উঃ! অউ! অউ আবি পালে কাকাটি কলেকৈ
আৰু তাৰ দেকি নাপাওঁ বুবু।
খুণ-কানিছ লুকু। তুৰ কানিলে আমাৰ মৰিব অমান দুক পায়। নাকানিবি লুকু!
লুকু-নাকানু বুবু! যাম!
খুণ-ক'ত যাবি লুকু?
লুকু—[ আকাশৰ ফালে আঙুলিয়াই ] অউ তাতে যাম বুবু- তাত পৰা অদায় দিন কাকাটি পালে দেকি তাকিম।
খুণ-লুকু! লুকু! মুকে তুৰ অউ দেনু লকতে মাৰি পেলা লুকু! মাৰ! তাৰ পিছে তুৰ যি মন লাকে কৰি তাক্ লুকু!
লুকু-কাকাটি! কাকাটিক মই বৰ বাল পাওঁ বুবু।
[ পৰ্বতৰ টিঙৰ পৰা লুকুৱে তললৈ জাপ মাৰি দিয়ে। খুণবাৱে লুকু লুকু বুলি চিঞৰি কোলাকৈ ধৰেগৈ। ]