সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
[ ৩য় অঙ্ক
নগা কোঁৱৰ

 তুৰ—মই দেখিছোঁ। আপুনি আৰু আমাৰ এই দোস্ত সহায় নোহোৱা হলে আমি কোনোবা দিনাই উভটি যাব লাগিলহেঁতেন! মই কেবল নামতহে। পাঠানৰ খোছনাম ৰাখিছে আপোনালোকে। মই জৰুৰ নবাবক আপোনালোকৰ এই উপকাৰৰ কথা ভালকৈ কমগৈ।

 লেহে—সেইটো জনাবৰ অনুগ্ৰহ।

 কাছি—এতিয়া জনাব আমি উঠিবহে লাগে। সকল বন্দৱস্ত ৰাতিয়েই কৰি থব লাগে। পুৱালৈ থলে একো কাম নহব।

 তুৰ—ঠিক কৈছে। সকলোৱেই নিজৰ নিজৰ ফৌজ হুচিয়াৰ ৰাখিব—নিজেও প্ৰস্তুত থাকিব। কাৰ নেতৃত্বত কোন ফৌজ ৰাতিয়েই গৈ লুকাই থাকিব লাগিব মই এতিয়া নকওঁ। সেই কাম অতি গোপনে হব লাগিব যাতে আমাৰ পক্ষৰে সৈন্যই সেই কথাৰ গম নেপায়। সকলো প্ৰস্তুত থাকিব, মই সময় বুজি কমগৈ। যাকে পঠিয়াম তৎক্ষণাৎ সেয়ে যাত্ৰা কৰিব লাগিব। এতিয়া সকলে নিজৰ নিজৰ কামলৈ যাওক। আদাব! আদাব!

[ সকলোৰে প্ৰস্থান ]
—পট পৰে—