পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭ম দৃশ্য ]
১৫৫
নগা কোঁৱৰ

হত্যা কৰা একো আচৰিত নহয়! আপোনাক নিশ্চয় হত্যা কবিলেহেঁতেন! তাত কোনো—সংশয় নাই! পিছে আপুনি পলাল কেনেকৈ?

 চুক্লেন—পলালো কেনেকৈ? তোক মিছা কথা কি কম ৰতিমন, মোক মোৰ কুঁৱৰীয়ে পলুৱাই দিলে। কুঁৱৰীৰ পোছাক মই পিন্ধি পলাই আহিলো। কুঁৱৰী মোৰ পোছাক পিন্ধি বন্দীশালত থাকিল।

 ৰতি—কি সৰ্বনাশ! আপুনি কুঁৱৰীক তাতে এৰি পলাই আহিল! আপোনাক কুঁৱৰীয়ে ৰক্ষা কৰিলে, আৰু তেনে কুঁৱৰীক ৰক্ষা কৰিবৰ আপুনি একো যত্ন নকৰাকৈ গুচি আহিল।

 চুক্লেন—কিজানি যুদ্ধ জিনি কুঁৱৰীক উদ্ধাৰ কৰিব গৈ পাৰোঁ। সেই বুলিয়েই ক’তো নৰই বাজে বাজে যুদ্ধক্ষেত্ৰলৈ আহিছোঁ।

 ৰতি—আৰু যদি এতিয়ামানে কুঁৱৰীক হত্যা কৰিছে। তেনেহলে কি হব?

 চুক্লেন-তেনেহলে হত্যাৰ প্ৰতিশোধ হত্যা!

 ৰতি—ঠিক কৈছে কোঁৱৰ, হত্যাৰ প্ৰতিশোেধ হত্যা। মোৰ মনৰ কথাষাৰ টানি আনি কৈছে।

 চুক্লেন—তোৰে মোৰে কথা এনেকৈ মিলে বুলিয়েই তোলৈ এই দুদিনৰ চিনাকীতে ইমান মায়া হৈছে ৰতিমন।

 ৰতি—কোঁৱৰৰ অনুগ্ৰহ।

 চুক্লেন—সেই দেখিয়েই তোক কৈছোঁ‌ ৰতিমন, মই