সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
[৩য় অঙ্ক
নগা কোঁৱৰ

ভৰিত ধৰি ক’ম। লাগিলে নিজেও গৈ স্বৰ্গদেওক চুলিচিঙি কাতৰ কৰি জনাম গৈ।

[ মুহিলাৰ প্ৰবেশ ]

 মুহিলা—ডাঙৰীয়া আহিছে গাভৰুদেও।
 মূলা—বুলনীতে হাতমুখ ধুবলৈ পানী দেগৈ যা। কবি, মাৰলত আইচুদেউতা আছে।
 হেলা—নেলাগে বাইদেও, আহক ডাঙৰীয়া ইয়ালৈকে, মই নিজে এবাৰ কৈ চাম যদি কিবা সুফল ফলে!

[ মুহিলাৰ প্ৰস্থান আৰু বৰগোঁহাইৰ লগত পুনঃ প্ৰবেশ।
হেলা আৰু মূলা আসন এৰি উঠে।]

 চাও—আজি আমাৰ কি সৌভাগ্য মূলা! আমাৰ ঘৰ আজি ভাবী ৰাজমাওৰ পদধূলি পৰি পবিত্ৰ হ’ল।
 হেলা—মোক অপমান নকৰিব ডাঙৰীয়া। ৰাজমাও হবৰ আকাঙ্খা মই নকৰোঁ। মই ৰাক্ষসী হয়তো ডাঙৰীয়াৰ সুখৰ ঘৰত সোমাই অমঙ্গল চপাইছোঁ!
 চাও—এনে অমঙ্গল যেন মোৰ দিনে দিনে হয়—কি কোৱা মূলা! এনে অমঙ্গল আমি আগ্ৰহেৰে বৰি আনিম।
 মূলা—সেইবোৰ কথা এক ডাঙৰীয়া। এতিয়া আইচুদেউতা অহাৰ প্ৰয়োজন শুনক।
 চাও—শুনিছোঁ সকলে।
 হেলা—মোৰ কপাল ভাগিছে ডাঙৰীয়া। মোৰ যে কোনো নাই। মোক এই বিপদত ডাঙৰীয়াই উদ্ধাৰ নকৰিলে যে