পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
[ ৩য় অঙ্ক
নগা কোৱৰ


লোকৰ পৰিচয় দিয়ক। আপোনালোক দেখিছোঁ কোনোবা সম্ভ্ৰান্ত আহোম ডাঙৰীয়ানী। আপোনালোকৰ এইদৰে হাবিয়ে বননীয়ে ফুৰাৰ উদ্দেশ্য!

 মূলা—তুমি যথাৰ্থ অনুমানকে কৰিছা। আমাৰ উদ্দেশ্যৰ কথাও তোমাক জনাবলৈ অকণো আপত্তি নাই। বৰং তোমাক জনাই তোমাৰ সহায় প্ৰাৰ্থী হম বুলিহে মনে মনে সংকল্প কৰিছিলোঁ।

 কণচেং—কওক কি আপোনাসকলৰ উদ্দেশ্য?

 মূলা—আমাক তুমি কেইটিমান বাতৰি দিব লাগে। সেয়ে হলেই আমাক যথেষ্ট সহায় কৰা হব।

 কণচেং-সাধ্যমানে আপোনালোকৰ আজ্ঞা পালিবৰ যত্ন কৰিম।

 মূলা—কব পাৰা নে এই পিনে আহোমৰ এজন ডাঙৰ বিষয়া আহিছিল নে?

 কণচেং—এই পিনে! আহোমৰ ডাঙৰ বিষয়া! কি প্ৰয়োজনত?

 মূলা—প্ৰয়োজনৰ কথা কব নোৱাৰোঁ। কিবা বিৰাগত। বিষয় আশয় উচ্চ অভিলাষ মান সম্মান সকলো পৰিত্যাগ কৰি গুচি আহিছে।

 কণচেং—আপোনালোক তেওঁৰ আত্মীয়?

 মূলা—আত্মীয় নহওঁ। কিন্তু তেওঁৰ অভাবত তেওঁৰ আত্মীয়তকৈও বেছি সন্তপ্ত।

 কণচেং-কোন সেই হতভাগ্য এনে সম্পদ ভৰিৰে ঠেলি