পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
[ ৩য় অঙ্ক
নগা কোঁৱৰ


 মূলা—নিমাত হলা কিয় যুৱক? তোমাক ইমান উত্তেজিত দেখিছোঁ কিয়? মুহুৰ্ততে তোমাৰ মুখ শেঁতা পৰি গ'ল। আকৌ মুহুৰ্ততে কি উত্তেজনাত ৰঙা হৈ উঠিল। কোৱা যুৱক যদি তেওঁৰ কিবা সন্ধান জানা?

 কণচেং—দেবী, মোক ক্ষমা কৰক। বিবেক মোৰ অসংযত। মোৰ মনুষ্যত্ব লুপ্ত! মই প্ৰবঞ্চক! মই পিশাচ! মোক ক্ষমা কৰক।

 মূলা—তোমাৰ কথাত যে আচৰিত হৈছোঁ যুবক। তোমাৰ অপৰাধ কি যে তোমাক ক্ষমা কৰিম। তুমি ইমান উত্তেজিত হৈছা কিয়?

 কণচেং-মোৰ অপৰাধ অতি গুৰুতৰ দেবী। মই এক অতি হীন অতি হেয় নৰকৰ কীট! কব নোৱাৰোঁ-কোন আপোনালোক—কোন ভাগ্যবানৰ গৃহলক্ষ্মী—! তপাপিও মাতৃ বুলি সম্বোধন কৰিছোঁ। মাতৃ, মোৰ অপৰাধ ক্ষমা কৰক।

 মুলা—আমি যে একো বুজিব পৰা নাই, তোমাৰ এই ক্ষমা ভিক্ষাৰ কাৰণ! তোমাক আমাৰ পৰিচয় দিবলৈ একো শঙ্কা নাই যুৱক। আমাৰ পৰিচয়—এওঁ আহোম ৰাজকুঁৱৰী ডেকাৰজা চুক্লেনৰ পত্নী আৰু মই,—আহোম ৰাজমন্ত্ৰী চাওফ্ৰাচেংমুং বৰগোঁহাই মোৰ স্বামী।

 কণচেং-আৰু এই নৰাধম,-অসূৰ্যম্পশ্যা আহোম কুললক্ষ্মী সকল যাৰ অন্বেষণত আজি বনচাৰিণী, সেই মনুষ্য আকৃতি দানৱ নগা কোঁৱৰ।