চুক্লেন—দহোটাই একেলগে এজনক আক্ৰমণ কৰি বীৰত্বৰ পৰিচয় দিবলৈ আহিছ নৰাধমহঁত!
[ কোঁৱৰে নছৰৎ খাঁৰ ডিঙিত ধৰি ঘাপ মাৰিব ধৰে আৰু তেনেতে বন্দুকৰ আৱাজ হয় আৰু গুলি আহি কোঁৱৰৰ বাহুত লাগি কোঁৱৰ পৰি যায়। হাতত বন্দুক লৈ কাছিতাৰা, তুৰ্বক আৰু পাঠান সেনা কেটামানৰ প্ৰবেশ ]
পাঠানসেনা—আল্লাহু আকবৰ!
[ কাছিতাৰা, তুৰ্ব্বক আৰু সেনাবোৰেও বৰগোহাঞীক আক্ৰমণ কৰে। কেটামান সৈন্যক পেলাই বৰগোঁহাই পৰি যায় ]
চাও—বিশ্বাসঘাতক পাঠান! উস্—এইদৰে শত্ৰু শালিলি। নৰকীহঁত—উ-স্ স্বৰ্গ-দেও—নো-ৱা-ৰি-লোঁ—মূ-লা মূ-লা-ঈ-শ্ব-ৰ-
নেপথ্যত—জয় স্বৰ্গদেওৰ জয়! জয় আহোমৰ জয়!
[ বৰবৰুৱা আৰু আহোম সেনাবোৰ সোমাই আহে আৰু তুৰ্ব্বক কাছিতাৰাকে আদি কৰি পাঠানবিলাক পলায়]
বৰবৰুৱা—কি কৰিলা প্ৰভু! ডাঙৰীয়া আৰু নাই- কোঁৱৰৰ এই অৱস্থা।
[ এবাৰ ডাঙৰীয়াক চাই কোঁৱৰৰ ওচৰত বহে গৈ ]। এতিয়াও নিশ্বাস আছে! পানী আন! বেগাই! কোঁৱৰ! কোঁৱৰ!
[ এটা সৈন্য পানী আনিবলৈ যায়।]