পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
[ ৩য় অঙ্ক
নগা কোঁৱৰ

 চুক্লেন—আছে ৰতিমন! এতিয়াও সি জীয়াই আছে। তাক হত্যা কবিব নোৱাৰিলে মোৰ বুকুৰ জুই মুমুমায়!

 ৰতি--- ক'ত সি কোঁৱৰ? কোন সি? তাক হত্যা কৰাই যুগুত। যিমান সোনকালে হয় তাক হত্যা কৰক কোঁৱৰ! উস্! ইমান তাৰ সাহ! কোন সি কোঁৱৰ।

 চুক্লেন—কোন! সেই শত্ৰু মোৰ পিতা ৰতিমন। পিতা। যি পিতাৰ মুখ দেখিলেও পাপ হয়।

 ৰতি—বাস্তবিক। কোন পিতাই পুত্ৰক বন্দী কৰিব পাৰে?

 চুক্লেন—অকল বন্দী ৰতিমন! মই পলাই নহা হলে মোক হত্যাও কৰিলেহেঁতেন!

 ৰতি---হত্যা কৰিলেহেঁতেন! এনে পিতা শত্ৰু নহয় কি? আপোনাৰ অপৰাধ!

 চুক্লেন—অপৰাধ! একো নাই।

 ৰতি—একো নাই! তাতে হত্যা! বাৰু কোঁৱৰ সেই লিগিৰি জনী খুব ধুনীয়া আছিল নহয়নে?

 চুক্লেন—ধুনীয়া বুলি ধুনীয়া! সাক্ষাৎ যেন প্ৰতিমা।

 ৰতি-বাৰু, তাইক কেতিয়াবা আপোনাৰ পিতাকে দেখিছিল নে?

 চুক্লেন—কতবাৰ! কতবাৰ দেখিছে!

 ৰতি—তেন্তে আৰু কথা নাই! যি ভাবিছোঁ সেয়ে।

 চুক্লেন—কি ভাবিছ ৰতিমন?

 ৰতি---ভাবিছো,তাৰ পিছত,—পিতা হলেও আপোনাক