সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
[ ৩য় অঙ্ক
নগা কোঁৱৰ


দি বনবাস আশ্ৰয় কৰিছোঁ। কোন মুখে উভটিম! কত থাকিব মোৰ মনুষ্যত্ব?

 মূলা—যদি পুৰুষহৈ এগৰাকী দুৰ্বলা বিপদগ্ৰস্তা ৰমণীৰ উদ্ধাৰৰ চেষ্টা নকৰি তেওঁৰ বধৰ ভাগী হয়, তেন্তে, তাতেই নেকি পুৰুষৰ পুৰুষত্ব—মানুহৰ মনুষ্যত্ব?

 কণচেং–মিছা কথা দেবী, মই মনুষ্য নহয় মই পশু। পশুৰ আকৌ মনুষ্যত্বৰ বৰাই কিয়? মই মনুষ্যত্ব পুৰুষত্বৰ বৰাই নকৰোঁ।

 হেলা—মই যে বৰ অভাগিনী! দয়া কৰক। এবাৰ ভাবি চাওক অভাগিনীৰ কপালৰ কথা। মোৰ যে কোনো নাই! [ কান্দে ]

 মূলা—বলক গাভৰুদেও, কান্দিলে কি হব! পুৰুষৰ নিৰ্যাতন সহিবলৈকে নাৰীৰ জন্ম। নাৰীৰ শক্তিৰে যি অসাধ্য তাকো কৰিলে। তথাপিও যদি পুৰুষৰ পাষাণ প্ৰাণত এধানিমান দয়াৰ সঞ্চাৰ নহয় কান্দি কি কৰিব? উঠক গাভৰুদেও! আহক! পৰ্ব্বতৰ শিল আছে। দিখৌৰ পানী আছে—ককালৰ হেংদান আছে,—এইবিলাকেতো নাৰীৰ অন্তৰৰ ব্যথা বুজিব! এইবিলাকেতো উপেক্ষা নকৰে।

[ যাব খোজে]

 হেলা—অভাগিনীৰ তেনে কোনো উপায় নাই।

 মূলা—মিছা আশাত কান্দি লাভ কি হব ভনীটি? পুৰুষে নোৱাৰে, আমি পাৰিম আহক। উপায় মহাশক্তিয়ে দিব। আপোনাৰ স্বামীক মুক্ত কৰিব নোৱাৰিব পাৰোঁ, কিন্তু, সেই