কৰোঁ। আৰু সেই দেখিয়েই তোৰ গুৰিত মই পেটৰ কথা ভাঙ্গি কওঁ। তই এই কেইদিনতে মোক বৰ মৰম লগাইছ। তয়ো যদি মোৰ বিশ্বাস ৰাখ মই ৰজা হোৱালৈ বেছিদিন নেলাগে।
ৰতি—বাৰু কি কথা কব খুজিছিল? এজনী লিগিৰিৰ
চুক্লেন—কব খুজিছিলো, তোৰ দৰে বিশ্বাসী এটা লিগিৰা
যদি সেই সময়ত মোৰ থাকিলহেঁতেন, তাই মোক এনেকৈ বুকুত
শেল হানি যাব নোৱাৰিলেহেঁতেন! উস্! তাইক মই বৰ
ভাল পাইছিলোঁ ৰতিমন।
ৰতি—তাইনো লিগিৰি এজনী হৈ কোঁৱৰক ইমান নীহ
দেখিলেনে?
চুক্লেন—তাই দেখা নাই ৰতিমন। তাই বৰ ভাল আছিল।
তাইক মই হাতৰ মুঠিত পাইছিলোঁ।
ৰতি—তেন্তে আকৌ এৰি দি এতিয়া বেজাৰ কৰিছে
কিয়?
চুক্লেন—এৰি দিম! মই তাইক এৰি দিম! এৰি দিয়া
নাই ৰতিমন! শত্ৰু! শত্ৰু। শত্ৰুয়ে মোৰ সৰ্ব্বনাশ
কৰিলে।
ৰতি—শত্ৰু দেখোন ৰাজধানীৰ পৰা তিনি দিনৰ বাটৰ
আঁতৰত! সিহঁতে আকৌ ৰাজধানীত তাইক কেনেকৈ পালেগৈ?
আৰু পালেই বা, তাইনো নেযাওঁ বুলি নকলে কিয়? তাইৰ
আচলতে অপোনালৈ মন নাই কোঁৱৰ!
চুক্লেন---মন আছিল ৰতিমন। মই তাইৰ মন পাইছিলোঁ।