পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮ম দৃশ্য ]
১৬১
নগা কোঁৱৰ

যে কি দাবানল জ্বলিব লাগিছে এবাৰ ভাবি চাওক। দেশৰ এনে দুৰ্দিনত বিপদৰ উপৰি বিপদৰ হেঁচাত কৰ্তব্যৰ অনুৰোধত পুত্ৰক দণ্ড দি কি অনুতাপানলত পিতাৰ অন্তৰ দগ্ধ হব লাগিছে এবাৰ ভাবি চাওক। পিতাৰ ওপৰত অভিমান নকৰিব।

 চুক্লেন—পিতাৰ বিষয়া আপুনি, পিতাৰ পক্ষ নলৈ, পিতাৰ হকে নকৈ, মোৰ পক্ষে কবনে? পিতাৰ দোষ দেখিবনে?

 চাও—মই ভৃত্য অপোনাসবৰ। আজি স্বৰ্গদেওৰ কালিলৈ আপোনাৰ। দেহত শক্তি থাকে মানে প্ৰভু সেৱা কৰিম! প্ৰভুৰ গুণাগুণ বিচাৰি কাম কৰা ভৃত্যৰ কৰ্তব্য নহয় কোঁৱৰ।

 চুক্লেন—আপুনি মহৎ। আপোনাৰ হৃদয় অতি উচ্চ। সেই কাৰণেই আপুনি কাৰো দোষ নেদেখে। আপোনাৰ দৰে প্ৰভুভক্ত বিষয়া আছে বুলিয়েই পিতা আজি স্বৰ্গদেও, নহলে! বাৰু, যাওক সেইবোৰ কথা। এতিয়া ব’লক ডাঙৰীয়া, অলপ বিশ্ৰাম কৰেগৈ।

 চাও---নহলে,—কি ক'ব খুজিছিল কোঁৱৰ? আপুনি যেন পিতাকৰ প্ৰতি কিবা বিদ্বেষ-ভাৰ পোষণ কৰিছে! কি যেন কব খুজি ৰৈ গ'ল। চিত্ত সংযত কৰক কোঁৱৰ। প্ৰবৃতি দমন কৰক। যদি কল্পনাতো কেতিয়াবা, পিতাৰ প্ৰতি কলুষ ভাবৰ প্ৰশ্ৰয় দিছে, তাৰ প্ৰায়শ্চিত্ত নাই। জন্ম জন্মান্তৰ নৰকত পচিলেও সেই পাপ ধৌত নহয়! পিতা পৃথিবীৰ স্বৰ্গ-গিতা পুত্ৰৰ ঈশ্বৰ!

 ১১