সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
১২৭
নগা কোঁৱৰ

 মূলা-বাৰু—অলপ বিশ্ৰাম কৰি সুস্থ হওক। তাৰ পিছত যি হয় কৰিম।

[ কণচেঙৰ প্ৰবেশ ]

 কণচেং—কোন আপোনালোক? ক'ৰ পৰা আহিছে?

 মূলা—আমি বহুত দূৰৰ মানুহ! ভৈয়ামৰ।

 কণচেং—কাপোৰকানি দেখিয়েই বুজিছে। ভৈয়ামৰ। আপোনালোকৰে কোনোবাই সৌ হাবিত চিঞৰি কি কৈছিল? ইকি, কাপোৰত সৌৱা তেজো দেখিছোঁ।

 মূলা—হয়। কোনোবা নিষ্ঠুৰ মানুহে মোৰ এই ভনিটিলৈ লক্ষ্য কৰি কাঁড় মাৰিছিল, ভাগ্যে কাঁড় বুকুত নেলাগি বাহুত লাগিল। এইয়া ঘৰ তোমাৰে বোধকৰোঁ। অলপ পানী আমাক দিব নোৱাৰানে?

 কণচেং-[ স্বগতঃ ] বুজিছোঁ লুকু। তোৰে এই কাম!

[ প্ৰস্থান আৰু বাঁহৰ চুঙাত পানীলৈ পুনঃ প্ৰবেশ ]

 মূলা—তোমাৰ আহিলাপাতি ঘৰ দুৱাৰ সাজ পাৰ সকলো দেখিছোঁ। নগাৰ নিচিনা কিন্তু কথাবিলাকত তো অকণো ভাঁজ নাই! একেবাৰেই নিখুঁত। তুমি নগা নোহোৱা নে কি?

 কণচেং-নহয়—হয়—মই নগা।

 মূলা-থমক খালা কিয়? আমাক প্ৰবঞ্চনা নকৰিবা কোৱা সঁচাকৈয়ে তুমি নগা নোহোৱা?

 কণচেং-সঁচাকৈয়ে কৈছোঁ মই নগা। এতিয়া আপোনা-