পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬ষ্ঠ দৃশ্য ]
১৪৩
নগা কোঁৱৰ


আৰু তাৰ লগৰ সৈন্য আটাইবিলাকেই ৰণত পৰি কেবল সিয়েই অকলে যুঁজি আছিল। বৰ তাজ্জব কথা।

 কাছি-শুনা কথা জনাব, শুনা কথা!

 হুছেন—বাস্তবিক জনাব, শুনা কথাত কি বিশ্বাস। এশ পাঠান সৈন্য পলাই আহিব এটা আহোমৰ ভয়ত। হয়তো আমাৰ সৈন্যই তাক অকলশৰীয়া দেখি যুদ্ধ কৰিবলৈ ভাল নাপাই গুচি আহিল।

 তাজু-নহলে কি সি চয়তান আছিল নে কি? এক শ পাঠানৰ লগত এটা আহোমে যুঁজিব। পাঠান সেনাই তাক মেহেৰবানি কৰি নেমাৰিলে জনাব!

 কাছি—আৰু জনাব, এশ নেলাগে দুই চাইটা পাঠানৰ লগত একেলগে যুঁজিবলৈ তাৰ তো আৰু চাৰিখন হাত নহয় যে চাৰিখন তাৰোৱাল ধৰিব!

 তুৰবক—যেতিয়ালৈকে তাৰ লগত নিজে যুদ্ধ কৰি নেপাওঁ কব নোৱাৰি কাৰ বাহুত কিমান জোৰ।

 হুছেন—খালি জোৰ হলেই তো যুদ্ধ নহয় জনাব! বুদ্ধিও তো লাগে। মই দেখিছে। এই আহোমবিলাকৰ এক একটা ম'হৰ সমান একো একোটা মানুহৰ জোৰ কিন্তু বুদ্ধি হলে একো নাই। বুদ্ধিও ঠিক সেই ম'হৰে নিচিনা।

 তুৰ-যেই হওক আমাৰ হুচিয়াৰ থকা ভাল।

 কাছি—অৱশ্যে জনাৰ অৱশ্যে। আৰু জনাব এইটো কথাও ঠিক-যিমানেই তাৰ জোৰ থাকক বা যিমানেই