অগ্ৰসৰ হম। নকবা নকবা মূলা, মোক আৰু সেই অনুৰোধ
কৰি বিচলিত নকৰিবা।
মূলা—নাথ, দিনমানৰ ৰণশ্ৰমত যেতিয়া ক্লান্ত পৰিশ্ৰান্ত
হৈ বিশ্ৰামৰ কাৰণে শয্যাত পৰিবহি তেতিয়াতে মূলাই
আপোনাৰ চৰণ সেৱা কৰি তিলমানো শ্ৰান্তি দূৰ কৰিব পাৰিব।
আকৌ নতুন উৎসাহ দি অহাদিনৰ ৰণলৈ সমৰ সাজে সজাই
পঠিয়াব পাৰিব।
চাও—জানো মূলা, চাওৰ শক্তি তুমি—জীৱনৰ সঞ্জবনী
তুমি। এনে শক্তি মোৰ নাই—তোমাৰ অনুৰোধ ঠেলি শত্ৰুৰ
সম্মুখীন হওঁ। গৃহলক্ষ্মী তুমি—গৃহটি শুৱাই থাকি পুজা দিয়া
গৃহদেৱতাক। তোমাৰেই পুণ্যৰ বলত ৰণ জিনি তোমাৰ
দুৱাৰলৈ উলটি আহিম। কোৱা মূলা, মোক হাঁহি মুখে
বিদায় দিবা?
মূলা—হাঁহি মুখে বিদায় দিম নাথ। যাওক, সমৰক্ষেত্ৰত
অক্ষয় কীৰ্ত্তি আৰ্জি মূলাৰ হৃদয়ৰ নিধি মূলাৰ বুকুলৈ আকৌ
ঘূৰি আহক গৈ। মূলাৰ কৰ্ত্তব্য আপোনাৰ গৃহতে থাকি
মূলাই কৰি থাকিব।
চাও—মূলা! মূলা! বাউসীত মোৰ মত্ত-মাতঙ্গৰ বল
দিলা! দুৰ্জ্জয় সমৰ নিশ্চয় জিনিম প্ৰিয়ে। ব’লা মূলা আজি
দুয়ো মিলি গৃহ-দেৱতাক পূজা দিওঁগৈ।
[দুয়োৰে প্ৰস্থান]
পট পৰে।