[ কণচেঙৰ প্ৰস্থান। আন ফালৰ পৰা মূলাৰ গাত ভৰ দি বাহুত
বিন্ধি থকা কাড়েৰে সৈতে হেলাৰ প্ৰবেশ ]
মূলা—কোনে এই কাম কৰিলে? উস্ কি নিষ্ঠুৰ। মানুহৰ ঘৰ দেখি আহিলোঁ কিন্তু কাৰো দেখো সাৰ সঁহাৰি নাই। ইয়াতে অলপ জিৰাওঁ গাভৰু দেও। অলপ পানী যদি পাওঁ আপোনাৰ হাত মুখ আৰু ঘা ডোখৰো ধুৱাই দিওঁ।
হেলা—মোৰ আঘাত একো বেছি হোৱা নাই বাইদেও। আপুনি মোৰ কাৰণে চিন্তা নকৰিব। স্বামীৰ মঙ্গলৰ অৰ্থে মোৰ এই ক্ষুদ্ৰ প্ৰাণ গলেও খেদ নাই। আপুনি মোৰ কাৰণে ব্যস্ত নহব, বৰং যাতে আমাৰ সোনকালে কাৰ্য্য সিদ্ধ হয় তাৰ বাবে যত্ন কৰক।
মূলা-যত্নৰ তো ত্ৰুটি কৰা নাই। তথাপিও যে আমাৰ পদে পদে বিঘিনি পদে পদে বিপদ হে উপস্থিত হৈছে। স্বৰ্গদেওৰ কটকী চোৰাংচোৱা জোৰ জোৰে আহিছে, জোৰা জোৰে বিফল মনোৰথহৈ উভটি গৈছে। আমি যে সেই কাৰ্য নিৰ্বিঘ্নে সাধিব পাৰিম তাৰ কি আশা আছে। তাৰ উপৰি এই বিপদ!
হেলা-বাইদেও সেই বুলিয়েই আমি হাত সাবটি বহিম, নে? এবাৰ যেতিয়া ঘৰৰ বাজ হৈছোঁ৷ কাৰ্য্য শেষ নকৰাকৈ উভটিম নে?
মূলা—কিন্তু, ভাবিছোঁ আপোনাৰ এই শৰীৰলৈ হাবিয়ে বননীয়ে বাট বুলিব কেনেকৈ?
হেলা—মই পাৰিম বাইদেও।