তেনে পিতাৰ প্ৰতি কল্পনাতে বিদ্বেষ ভাবৰ আশ্ৰয়
নিদিব। দোষ কৰিলেও, পিতাৰ দোষ বিচাৰিবৰ অধিকাৰ
পুত্ৰৰ নাই। বন্দীৰ অপৰাধ নলব কেঁৱৰ। অসংযত
ভাবে বহুত কথা কলো। হয়তো কব নলগীয়া কথাও
কৈছোঁ। যোৱা ৰাতি এটা দুঃস্বপ্ন দেখিছিলো, তাৰ
দুশ্চিন্তাই মোক এতিয়াও বিকল কৰিব লাগিছে। প্ৰতি
মুহূৰ্তে কিবা অমঙ্গল আশঙ্কা কৰিব লাগিছে! সঘনে
বাঁও বাহু লৰিছে-বাঁও চকু পৰিছে, মাজে মাজে বুকু
কঁপি উঠিছে। মোৰ কি হৈছে কোঁৱৰ?
চুক্লেন—একো হোৱা নাই ডাঙৰীয়। দিনে দিনে
অক্লান্ত পৰিশ্ৰম কৰি-পৰিশ্ৰম জোখাৰে বিশ্ৰাম নেপাই
শৰীৰ দুৰ্বল হৈ বাহু লৰিছে। সামান্য দুৰ্বলতা, বিশ্ৰাম
কৰিলেই আঁতৰ হব।
চাও-নহয় কোঁৱৰ। বিশ্ৰামৰ অভাবত মোৰ এনে
হোৱা নাই। মোৰ বিশ্বাস হৈছে, ই মোৰ কিবা অমঙ্গলৰ
সূচনা। আজি মনত পৰিছে মোৰ মূলাৰ কথা। মনত
পৰিছে মূলাৰ সেই বিদায়ৰ আগৰ মুখ খনি,---সেই বিদায়ৰ
আগৰ সতৰ্ক বাণী! আজি যদি মূলাৰ এষাৰ মুখৰ
মাত এই সময়ত শুনিবলৈ পালোঁহেতেন, হয়তো মোৰ এই
দুৰ্বলতা এক মুহূৰ্ততে ভষ্মিভূত হলহেঁতেন!