পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য]
১২১
নগা কোঁৱৰ

 [প্ৰকাশ্যে] মই তেনে যাওঁয়েই মিতিনি, তোক বৰ আমনি কৰিলো, বেয়া নেপাবি।

 লুকু—যাবি দে কাবৰু একু বেয়া নেপায়। তুৰ এনে লুকাই অআ কতাও আমাৰ কাৰ পালে নকয়! তই বয় নাকাবি কাবৰু—যা!

 ৰেণু---কলেও মোৰ একো হানি নহয় বাৰু আহিলো, থাকিবি।

[ অহাবাটে গুচি যায়। লুকুয়ে বহুত দূৰলৈকে চাই থাকে।]

 লুকু—আয়ু দেয়ি। কম দুক পাইছে না! ইমান আবি আবি পুৰিছে—কাক বিচাৰিব আয়িছে তেউ নকয়! অউ---ক’ল! বউ দূৰ পালে। আৰু উবটি আয়িব না? নাই—আৰু নায়ে---

[ লাহে লাহে প্ৰস্থান ]

—পট পৰে —