পৃষ্ঠা:নগা কোঁৱৰ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য]
১১৭
নগা কোঁৱৰ

 ৰতি—মোৰ নাম! মোৰ নামটোনা তোক কিয় লাগিছে?
 লুকু—এনেই। পাঅৰিলে না কি?
 ৰতি—নাম আকৌ পাহৰেনে কি? মোৰ নাম ৰতিমন।
 লুকু—অঃ নামো তিক অলাইছ!
 ৰতি—সলাইছে কি? মোৰ নামেই ৰতিমন। মোক তই কেতিয়াবা দেখিছিলি নে কি?
 লুকু—বৈয়াম মানু তকিব পাৰিবি কাবৰু, পৰ্ব্বত মানু কিনি অলে তকিব নুৱাৰ। তুৰ পালে আমাৰ কুন দিন দেকি পুৱা নাই—আমাৰ কেতিয়া বৈয়াম যুৱা নাই।
 ৰতি—তেন্তেনো কিহত বুজিলি মিতিনি যে মই মতা মানুহ নহয়।
 লুকু—নকা কিনি অলে আন নিচিনিলেও মতা কিনি আৰু মাইকী কিনি চিনি পায় কাবৰু। মতা অলে আজিলে পাৰিলেও মতা, মাইকী যিমান আজিলেও মাইকী! অঁচা অঁচা কবি কাবৰু তুৰ কাৰ বিচাৰি আয়িহে? কি দুকত নু গৰ এৰি আয়িছে?
 ৰতি—[হাঁহি] বাৰু কছোন মিতিনি তই কিহত বুজিলি মই তিৰোতা।
 পুকু—কিঅত জানিলে? তুৰ মাত কতা কুজ আটায়ো তিৰুতা। এটা এটা তুৰ উৱাই লৈছে বুকু অলে ওপন্দি ইমান ইমান অইছে। তুৰ পালে কুজ্, কাৰিছে বুকু অলে কঁপি বাইছে—বৰি পালে অউ জেতুকা পিনা—চিন্