ৰাম-মালিকা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

[  ]

ৰাম-মালিকা


শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ দ্বাৰা ভণিত

অধুনা ৺চুপহা সত্ৰৰ
শ্ৰীৰেৱকান্ত ডেকা অধিকাৰ
গোস্বামীৰ দ্বাৰা প্ৰকাশিত
যোৰহাট - হামদৈ

 

প্ৰথম তাঙ্গৰণ


 

ৰাম-মালিকা প্ৰাপ্তিৰ ঠিকানা
শ্ৰীযুক্ত তীৰ্থনাথ গোস্বামী
ধলৰসত্ৰ, যোৰহাট-গটঙ্গা

 

[  ] কিন্তু ইয়াৰ দ্বাৰা বুজিব পাৰিলো এই পুথিখনি নিতান্ত জন সমাজে ভকত, বৈষ্ণৱ, সাধু,মহন্তৰ প্ৰয়োজন। সেই কাৰণে অতি আগ্ৰহেৰে নিজে সাঁচি পতিয়া পুথিৰ পৰা নকল কৰি সাধ্যমত বৰ্ণাশুদ্ধিও কৰি দিলো। আৰু আমি যি পুথিৰ পৰা নকল কাৰলো তাত বৰ্ণাশুদ্ধি দোষ বিস্তৰ আছিল; আৰু কোনো কোনো ঠাইত আখৰ একেবাৰে মাতিব নোৱাৰা আছিল সেই ঠাইত যি পাৰিলো মনেতে পোন কৰি দিছো। যিটো একে বাৰে কোনো অথ কৰি মাতিব পৰা নায় তাৰ কোনো লৰচৰ নকৰি তেনে দৰেই তুলি দিলো। কোনো পদৰ অমিশ্ৰক্ষেৰ হলে অলপ লৰচৰ কৰি মিশ্ৰক্ষেৰ কৰিও দিয়া হৈছে। এই পুথিৰ আৰু এখন চানেকি পোৱা হেতেন মিই চাবৰ বৰ মন আছিল, কিন্তু পাবলৈ নাই গতিকে মনৰ খুকুৰি মাৰিব নোৱাৰিলো এতেকে বিজ্ঞ পাঠক মহোদয় সকলে কোনো ঠাইত দোষ পালে শুধৰাই আমাক যনালে অন্তৰত তেওঁৰ শলাগলৈ অপ্যায়ীত হম।  এই “ৰাম মালিকা” পুথি খনিত ৺শ্ৰীশ্ৰীশঙ্কৰ দেৱে ৺ শ্ৰীমাধৱ দেৱত সকলো ভক্তিৰ তত্ত্ব বোৰ ভাঙ্গি দেখুৱাইছে আৰু শ্ৰীকৃষ্ণৰ লীলা বিলাকৰ তাবৎ বোৰ লীলাৰ পৰমাৰ্থ স্বৰূপে ক্ষুদ্ৰ বিৰাট-এই মনুষ্যতনুতে সকলো ভাঙ্গি দেখাইছে। ইয়াৰ বাজে অনেক পৰমাৰ্থ কথাৰে এই পুথি ভৰা। এতেকে সন্ত মহন্ত বৈষ্ণৱ সকলে ইয়াৰ কথা জানিব লগীয়া নিতান্ত আবশ্যক। আৰু এই পুথিত ছবি, পদ, ডুলৰী, লেছাৰী, ঝুনা, ঝুমুৰী এই বিলাকৰ নাম কেলৈ হল? এই বিলাক কোন হৈছে? ইয়াক পড়িলে কি ফল হয় এই কথাবোৰ বিশেষ কৈ ভাঙ্গি লে খিছে। [  ] এনে বিলাক প্ৰয়োজনীয় কথা ভালকৈ নেজানিলে আন পুথিৰ পদ, ছবি, ডুলৰী পাঠ কৰাত দোষহে হয়।

 ৺ শ্ৰীশ্ৰীশঙ্কৰ দেৱে, ৺শ্ৰীমাধৱ দেৱক ঘোষা ৰচনা কৰি ঘোষাত, ভজন, নমস্কাৰ, শৰণ, উপদেশ, নিন্দা, নাম মহিমা, যুগধৰ্ম্মৰ নিৰ্ণয়, ঈশ্বৰ নিৰ্ণয় আত্মা উপদেশ, পাৰ্থনা তাৎপৰ্য্য, মহিষা, স্তুতি, আশ্ৰয়, প্ৰসংশা, খেদ, ঘোষা চণ্ড, কাৰুণ্য, কাকুতি, নামচন্দ, ইত্যাদি বিলাক ঘোষাত দিবলৈ আদেশ কৰি তাৰ অৰ্থ বিলাক এই পুথিত বিশেষকৈ ভাঙ্গি কৈছে এই বিলাক নিৰ্ণয় ভালকৈ, নেজানিলে নামৰ মূলত বহি ঘোষা পাঠ কৰা দোষহে ঘটে। এতেকে লাগতীয়াল ৰত্ন স্বৰূপ কথা বিলাক ধৰ্ম্মানুৰাগী সকলে বুজিবৰ অৰ্থে এই পুথি একোখানি গ্ৰহণ কৰি পাঠ কৰিলেই হিন্দু ধৰ্ম্মৰ ভক্তিৰ উন্নতি হল বুলি আশা কৰিম। এতেকে সকলোৱে একোখনি ভাঙ্গি ধৰি যেন ধৰ্ম্মৰ হিত সাধন কৰিব এয়ে আমাৰ আশা।

 সব শেষত কওঁ; এনে লুপ্ত ৰত্নক উদ্ধাৰ কৰিবৰ অৰ্থে ধোঁৱা চাঙ্গৰ পৰা আনি আমাৰ আত্মীয়বৰ শ্ৰীযুত ৰেৱকান্ত ডেকা অধিকাৰ গোসাঞীয়ে জন সমাজৰ আতক গুছাবৰ কাৰণে নিজৰ অৰ্থ ব্যয় কৰি এই পুথিখনি প্ৰকাশ কৰাত তেখেতক অন্তৰে সৈতে ধন্য়বাদ দিছো। ভবিষ্যত এই দৰে ৰেৱ গোসাঞী দেৱে লুপ্ত শাস্ত্ৰ বিলাক বিছাৰি আনি প্ৰকাশ কৰি যেন অস- মীযাৰ সাহিত্যৰ ভৰাল পুৰ কৰি ৰাখিবলৈ যেন পাছ নপৰিব এয়ে আমাৰ আশা। ইতি

১৮৩৯ শক।
শ্ৰীতীৰ্থনাথ গোস্বামী

ধলৰসত্ৰ, যোৰহাট, গটঙ্গা পো:।

 
[  ]

[  ]

ৰাম-মালিকা।

শ্ৰীশ্ৰী কৃষ্ণায় নমঃ।

⸺⸺⸺

পদ।

জয় নমো যাদৱ মাধৱ জনাৰ্দ্দন।
জয় ঋষিকেশ সদাশিৱ সনাতন॥
যিটো পূৰ্ণ সনাতন দৈৱকী নন্দন।
তাহান চৰিত্ৰ কথা শুনা দিয়া মন॥
পৰম অমূল্য ইটো কথা মনোৰম।
প্ৰসিদ্ধ অমৃত ইটো নুহি কয় সম॥
মহামুখ্যত্তম ইটো কৃষ্ণৰ চৰিত্ৰ।
কৰ্ণ ভৰি আক পান কৰা প্ৰতিনিত॥
বেদ বেদান্তয়ো আক নুহি সমসৰ।
অমৃত সাগৰ মহা কথা মনোহৰ॥
ভকত জনৰ কৃষ্ণ কথা সে জীৱন।
হৃদি ভণ্ডাৰত চিত্তে কৃষ্ণৰ চৰণ॥

[  ]

সমস্ত সমাজে আৰু শুনিয়ো সাদৰি।
হৰি গুৰু পদ সেউৱা হৃদয়ত ধৰি॥
শ্ৰৱণ কীৰ্ত্তন বিনে ধৰ্ম্ম নাহি আন।
কৈলা কৃষ্ণে ব্ৰহ্মাত ভকতি মহাজ্ঞান॥
ভাৰত পুৰাণ টিকা ভাষ্য অৰ্থ যত।
উদ্ধাৰি সবাৰো সাৰ কৰিবো বেকত॥
আৰম্ভৰ হৌক সিদ্ধি হৰিক স্মৰণে।
একচিত্তে শুনিয়োক সভাসদগণে॥
ৰাম নাম বিনা নাহি কলিত নিস্তাৰ।
হেন জানি কৃষ্ণৰ নামক কৰা সাৰ॥
প্ৰথমতে শুনা কহো চৈতন্যৰ মত।
যেন মতে মহা ধৰ্ম্ম কৰিলা বেকত॥
একজন ভক্ত আছে নামে ৰামানন্দ।
হৰি ভক্তি কৈলা তান্ত কৰিয়া প্ৰবন্ধ॥
বোলে আমি আগ ধৰি জানো ইটো নাম।
আত কৰি আছে যদি কয়ো অনুপাম॥
শুনিয়া চৈতন্য গোসাই মহা দুঃখ কৰি।
আপোনাৰ গালে চৰ মাৰিলন্ত ধৰি॥
বোলে আত কিবা হেতু কৈলো ইটো নাম।
কৰিলোহো কিনুবৰ গৰিহীত কাম॥
লজ্যা হুয়া সিয়ো উঠি গৈলা সেহিতাল।
বাতে বাতে জান্তে তাৰ উখহিল গাল॥

[  ]

হেন দেখি পুনৰ্ব্বাৰ ফিৰি আসিলন্ত।
কৰিয়া কাৰুণ্য দণ্ডৱতে পৰিলন্ত॥
তথাপিতো তাঙ্ক প্ৰতি ভৈলন্ত সদয়।
থাকিলন্ত তাৰ সঙ্গে কৰিয় বিনয়॥
সেহি ধৰি ষোল নাম মন্ত্ৰ কহিলন্ত।
দিলা উপদেশ পাছে হৰি ভক্তিপন্থ॥
চাৰিজন ভক্ত সঙ্গে বৃন্দাবনে গৈলো।
পথত আসন্তে চৈতন্যক লাগ পাইলো॥
মোক দেখি তুতি নতি কৰিলা অনেক।
শ্বেত মনি ৰাজা কথা কহিলো যতেক॥
শ্বেত মনি শক্তি বুঝি জানিব চৈতন্য।
দৈব কৰ দেখিয়োক আদি নিৰঞ্জন॥
বাপ সনাতন শুদ্ধ মণ্ডলিৰ সঙ্গে।
মহা ধৰ্ম্মশীল সাধু জগতে প্ৰশংসে॥
হৰৰ শক্তিয়ে ভৈলা বৃন্দাবন দাস।
সৰ্ব্বদায়ে হৰি নাম নোগুছে অভ্যাস॥
প্ৰণামো পৰম গুৰু অনন্ত শকতি।
তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণতি॥
নন্দেৰ নন্দন সৰ্ব্ব গুণৰ ঈশ্বৰ।
ব্ৰহ্মা মহেশ্বৰো যাৰ চৰণ কিঙ্কৰ॥
তুমি নাৰায়ণ জগতৰ আদিভূত।
ৰূপে ভৈলা প্ৰভো দৈবক নৰ সূত॥

[ ১০ ]

সৃষ্টি স্থিতি জগতৰ তুমি আদি দেৱ।
এতেকে তোমাত বিনে আন নাহি কেৱ॥
নমো নমো কৃষ্ণ মোৰ অগতিৰ গতি।
মোক উপদেশ দেৱ দিয়োক সম্প্ৰতি॥
মহা ভকতৰ যিটো হৃদয় ৰঞ্জন।
মই পতিতক প্ৰভো হুয়োক প্ৰসন্ন॥
তোমাৰ মায়ায়ে মই পৰম অজ্ঞানী।
ভ্ৰমোহো সংসাৰ পথে তোমাক নজানি॥
পৰম পতিতো তৰে তযু নাম গাই।
হেন জানি আমি ভজিলোহো তুৱা পায়॥
শ্ৰৱণ কীৰ্ত্তন কৰিয়োক সৰ্ব্বক্ষণ।
অমৃত সমান ইটো কথা যে গহন॥
হৃদয়ত চিন্তে যিটো গুৰুৰ মুৰুতি।
যাচি কৃষ্ণ কথা তাত কহিবে যুগুতি॥
কৃষ্ণৰ কিঙ্কৰে কৰি শঙ্কৰে প্ৰণতি।
তাৎপৰ্য্য কথা কহো শুনিয়ো সম্প্ৰতি॥
প্ৰথমতে পদ ছবি দুলড়ীৰ কথা।
পৰম হৰিষ মনে শুনিয়ো সৰ্ব্বথা॥
বৈকুণ্ঠৰ পদ পাইবা সবে আক শুনি।
আতপৰে ধৰ্ম্ম নাই হোৱা মনে গুনি॥
একচিত মনে আক শুনে যিবাজনে।
বাঢ়িব ভকতি তাৰ কৃষ্ণৰ চৰণে॥

[ ১১ ]

বাহ্ৰয় কন্ধৰ শঙ্কা শুনা সৰ্ব্বজনে।
কৃষ্ণৰ কিঙ্কৰে পদ বন্ধে কথা ভনে॥
মহা যত্ন কৰি আবে যিজনে শুনয়।
অপ্ৰয়াসে মহা দুঃখ সংসাৰ তৰয়॥
পদৰ অৰ্থক সাৱধানে শুনিয়োক।
শাস্ত্ৰ বিচাৰিয়া পাছে নিন্দিবাহা মোক॥
যিটো কৃষ্ণ পদ চিন্তে মুখ্য পদ পাই।
দুৰ্ল্লভ মুকূতি আৰু হাততে মিলাই॥
পৰম গতিক আবে পাৱে আক চিন্তি।
কৃষ্ণৰ দুই পাদ পদ কহিলো সম্প্ৰতি॥
দুলৰীৰ অৰ্থ আবে শুনা সৰ্ব্বলোক।
মহা গুহ্যত্তম কথা কহো শুনিয়োক॥
দুৰ্ল্লভ আনন্দ মিলে ইহাক স্মৰণে।
তাতে সে দুলৰী বোলে শুনা একমনে॥
চক্ষুৰ পটল ছয় গুছে যাক চাইলে।
সংসাৰৰ দুখ দূৰ কৰে আক কৈলে॥
ঝুমুৰীৰ কথা আবে শুনিয়ে লোকাই।
তৰয় সংসাৰ সিন্ধু দুৰ্গতি এৰাই॥
এক মনে শুনিলে কৃষ্ণলীন৷
তাতে সাধু সবে আক ঝুমুৰী বীণ৷৷
পাপৰ বাসনা এড়ে দেহ-হোৱে শূনা।
এহিসে কাৰণে জানা বুলি কয় ঝুনা॥

[ ১২ ]

নিজ ভকতৰ পদ ৰজ আতিশয়।
আক পদ বুলি জানা মহাজনে কয়॥
নিবিড় কৰিয়া চিত যিটো পদ গাৱে।
মহা দুখ শোক এৰি মুখ্য পদ পাৱে॥
কৃষ্ণৰ দুগুটি বাহু মহা ৰুচি কৰ।
দুলৰী পটল ভৈল জানা নিৰন্তৰ॥
চৈতন্য গুৰুৰ শক্তি জানা সিটো হয়।
সেহি গুণে ছবি ভৈলা শুনা আতিশয়॥
মহা কাল চক্ৰে যেন লোক সংহৰয়।
নিজ ভকতৰ ধূলা চক্ৰ যেন নয়॥
সেহি ভকতৰ ধূলা ঝুমুৰী পটল।
তাক মাথে লৈলে লোক হোৱয় নিৰ্ম্মল॥
শৰণ লৈলে সে পাপী সবে হোৱে শূনা।
এহিসে কাৰণে আক বুলি কয় ঝুনা॥
পাঞ্চয় নিৰ্ণয় কৈলো শুনিয়ো সম্প্ৰতি৷
পাঞ্চো পাঞ্চ প্ৰকাৰে সাধয় মহাগতি
ইসব নিৰ্ণয় আবে এহি মানে থওঁ।
শুনা সমাজিক জন এক কথা কওঁ॥
শুনিয়ো মাধৱ মোৰ কথা আবে তুমি।
ঘোষা কৰিবাক আজ্ঞা দিলো আবে আমি।
যিটো অৰ্থ সব শাস্ত্ৰে আছে গুৰুতৰ।
বেদ শিৰু ৰত্ন মন্ত্ৰ উপনিষদৰ॥

[ ১৩ ]

শুনি আনন্দিত ভৈলা মাধৱৰ মন।
চৰণত পৰি তুতি কৰিলা তেখন॥
যতেক পটল আছে অৰ্থ কহিয়োক।
আনজনে নিন্দা যেন নকৰয় মোক॥
কহিবা পটল অৰ্থ সাৰক উদ্ধাৰি।
পৰম গহন অৰ্থ শুনা কৰ্ণ ভৰি॥
দেহত ইন্দ্ৰিয়গণ যতেক আছয়।
শৰণ খন্দায়া যেবে সবাকো ছেদয়॥
দেৱৰ দুৰ্ল্লভ যিটো দুখানি চৰণ।
তাহাঙ্ক চিনিলে জানা বোলয় শৰণ॥
ভজনৰ কথা শুনা সমাজিক জন।
একচিত কৰিয়া আনত নিদি মন॥
যাক ধৰি মনে পাৱে সংসাৰৰ পাৰ।
মহা সুখে তৰে যত ভক্ত নিৰন্তৰ॥
ভজনেসে অভয় ব্ৰহ্মক দৰশাৱে।
ব্ৰহ্মক সমাধি ধৰি ভজে শুদ্ধ ভাৱে॥
উৰ্দ্ধপদ বৈকুণ্ঠক যিহেতু থকাৱে।
মহন্ত উদ্ধৱে উপাসন্ত যাৰ পাৱে॥
সেহি চৰণক দিগপালে উপাসয়।
গুৰু ইষ্ট বন্ধু বুলি এতেকে কহয়॥
সেহি উপদেশ পদে উপদশ ভৈল৷
সি কাৰণে উপদেশ পটল কহিল॥

[ ১৪ ]

নমস্কাৰ পটলক শুনা কৰ্ণ দিয়া।
যি মতে কৰয় নমস্কাৰ শুদ্ধ হিয়া॥
গুৰু পদে নমস্কাৰ সদায়ে কৰয়।
সেৱায়ে পটল বুলি জানিবা নিশ্চয়॥
জীৱক নিন্দয় পৰমাত্মা রূপ ধৰি।
কৃষ্ণক নভজি মৰে আত্মাঘাত কৰি॥
নিন্দা শুনি জীৱৰ যে আত্মা বোধ হয়।
আক নিন্দা বলি যেন মহন্তে কহয়॥
পাৰ্থনা পটল আবে শুনা আতপৰে।
গুৰু পাৱে পড়ি যিটো সদা সেৱা কৰে॥
যিটো মহা জ্ঞানী গুৰু চৰণতে পাৰ্থে।
পাৰ্থনা পটল জানা এহি মান অৰ্থে॥
আশ্চৰ্য্য মহিমা দেখা হৰিৰ নামৰ।
দেখিয়ো মহিমা দেৱ গুৰু ভকতৰ॥
আবে আত্মা নিন্দাৰ যে শুনিবা পটল।
মায়াবদ্ধ হুয়া জীৱে ভুঞ্জে পাপ ফল॥
বিষয়ৰ সুখে যত্ন কৰে নিৰন্তৰ।
স্বৰূপক এৰে জীৱ অনৰ্থ নকৰ॥
মায়া-মোহ-জালে পৰি মিছাতে মৰস।
কৃষ্ণৰ চৰণ সদা কিয় নিচিন্তস॥
লয়ো কথা ইটো আবে নিন্দা পটলৰ৷
এহি বুলি জীৱক নিন্দয় নিৰন্তৰ॥

[ ১৫ ]

নিন্দা শুনি গুৰুক ভজয় কৰি খেদ।
তেৱে জীৱ হুৱে শুদ্ধ দিলো পৰিছেদ॥
যাত হতে লোক হয় আত্মা পৰিচয়।
আমাক জানিলে তেবে হোৱয় নিৰ্ভয়॥

⸺⸺

আত্মা উপদেশ

উপদেশ আত্ম বোধ গুৰুত লভয়।
গুৰু উপদেশে সে কৃষ্ণক পাৱয়॥
সুদৃঢ় বিশ্বাসে গুৰু ভজা সৰ্ব্বক্ষণ।
তেবেসে বাঢ়িব ভক্তি কৃষ্ণৰ চৰণ॥

⸻⸻

বস্তু প্ৰকাশ।

 বস্তু প্ৰকাশক আবে শুনা যেন নয়।
 গুৰু পদ প্ৰসাদেসে বস্তুক লভয়॥
 হৰি ভক্তি মহাৰত্ন যিটো হিৰা বিত।
 গুৰু কৃপাতেসে পাৱে কিন্তু বিপৰীত॥
প্ৰশংসা—জগতৰ আদি মুল যিটো কৃষ্ণ দেৱ।
 প্ৰশংসে যিজনে তাঙ্ক সম নাহি কেৱ॥
 পৰম ভৃতজ্ঞ কৃষ্ণ প্ৰভো ভগৱন্ত।
 তান গুণলীলা যিটো জনে প্ৰশংসন্ত॥

[ ১৬ ]

 প্ৰশংসিয়া তাহাঙ্ক পৰম পদ পাই।
 গুৰু বিনে সংসাৰ মধ্যত গতি নাই॥
 এতেকে তাহান যশ কীৰ্ত্তন কৰিয়া।
 তুষ্ট হুৱা কৃষ্ণ তেবে বৈকুণ্ঠক নিয়া॥
নাম— অচ্যুতৰ নাম মাত্ৰ স্মৰয় সৰ্ব্বথা৷
 তাহাৰ ভাগ্যৰ আমি কি কহিবো কথা।
 তান নাম গাই বিষ্ণু পদক লভয়।
 নাম পটলৰ এই জানিবা অন্বয়॥
হৰবাৰ—হৰবাৰ নামৰ যে শুনিয়ো মহিমা।
 ব্ৰহ্মা আদি দেৱে যাৰ নপাৱন্ত সীমা॥
 ভকতৰ মহা পাপ যিহেতু সংহৰে।
 হৰবাৰ নাম আসি ভৈলা তাতে হৰে॥
অনুধিত্যো—শুনিয়োক আবে অনুধিত্যোৰ লক্ষণ।
 জগতকে অনুকুল কৰা নাৰায়ণ॥
 অনুকুল হুয়া জগতে নিস্তাৰয়।
 এতেকেসে সাধু সবে ক্ষণাৰ্দ্ধো নেৰয়॥
 গুৰুৰ চৰণ অনুক্ষনেকো নেৰিবা।
 অনুধিতা বোলে আক এতেকে জানিবা॥
 ভৈল অনুধিত্য গুৰু কহিলো সাৰ।
 মহাহিতকাৰী গুৰু বিনে নাহি আৰ॥
নিবেদন—ঈশ্বৰৰ পাৱে যিটো কৰে নিবেদন।
 ভজে শুদ্ধ হুয়া তেবে কৃষ্ণৰ চৰণ॥

[ ১৭ ]

 দেহ ধন ঈশ্বৰৰ পাৱত অৰ্পিবা।
 নিবিড় স্বপে হৃদিপদ্মত চিন্তিবা॥
 ভকতেসে জানা নেবে গিৰি নৈবেদ্যৰ
 কহিলোহে নীতি ইটো প্ৰসিদ্ধ শাস্ত্ৰৰ॥
খেদ —খেদৰ কাৰণ কহো শুনিবা হৰিষে।
 কহন্তে শুনন্তে যেন অমৃত বৰিষে॥
 মই মহা পাপী বুলি খেদ কৰিবেক।
 খেদ কৰি গুৰু পাৱে শৰণ লৈবেক॥
 খেদসে কঠিয়া তাৰ ভৈলা শুনা আসি।
 গুৰু পাৱে ভক্তি তাৰ থাকয় প্ৰকাশি॥
 কাৰুণ্য পটল কহো শুনিয়ো সাম্প্ৰতে।
 সৎসঙ্গে কাৰুণ্য বুলি কহে ভাগৱতে॥
 সৎসঙ্গেসে ভূমি তাক জানা নিষ্ট কৰি।
 মহা মুখ্যত্তম পথ নাই আক স্মৰি॥

⸻⸻

অনুনাথনা—

জগতকে অনুদায়া কৰে নাৰায়ণ।
অনন্ত শয্যাত হৰি কৰন্ত শয়ন॥
অনুকুল বায়ু বাত হন্ত সংসাৰত।
গুৰুরূপ হুয়া দায়া সবাশো কৰন্ত॥

[ ১৮ ]

পৰম ঈশ্বৰ হৰি কৃপাৰ সাগৰ।
অন্তৰ্য্যামী রূপে ব্যাপি আছা নিৰন্তৰ
আপুনি ঈশ্বৰ আসি হৈয়া অবতাৰ।
অনুকুল হৈয়া ভক্তি কৰন্ত প্ৰচাৰ॥

⸺⸺

ঈশ্বৰ নিৰ্ণয়।

ঈশ্বৰক চিনি বাহা কৰিয়া নিৰ্ণয়।
ব্ৰহ্মা বিষ্ণু হৰে যাৰ চৰণ চিন্তয়॥
তাহাঙ্ক ঈশ্বৰ বুলি ভাগৱতে কয়।
বেদ শিৰু ৰত্নে যাক সদা উপাসয়॥
ব্ৰহ্মা বিষ্ণু হৰে সেই শক্তি পুৰুষৰ।
এতেকেসে উপাসয় চৰণ কৃষ্ণৰ॥
ঈশ্বৰক চিনিবাক এতেকে লাগয়।
তাঙ্ক নিচিনিয়া পাপী সংসাৰে ভ্ৰময়॥
সবে লয় যাই সেই ব্ৰহ্মৰ শৰীৰে।
আন দেৱতাক সেউৱা কৰি তভো মৰে॥
পুৰুষ প্ৰকৃতি হৰি প্ৰকৃতিতো পৰ।
স্ৰজন পালন আদি অন্ত জগতৰ॥
ভকত বৎসল দেৱ দৈৱকী নন্দন।
ব্ৰহ্মা-বিষ্ণু সেবে নিতে তাহান চৰণ॥

[ ১৯ ]

তাৰা সবে সেৱা কৰে নিৰ্ণয় জানিয়া।
শুনা সাৱধানে গুৰু হৃদয়ে ধৰিয়া॥
শুনা সমাজিক ইটো কথা নিৰন্তৰে।
পুৰুষ লক্ষন কহো শুনা আত পৰে॥
পৰম ব্ৰহ্ম ঈশ্বৰৰ পুৰুষ লক্ষন।
শুনা এক তাক কৰি নিৰূপণ॥
একাধি বিংশতি চিহ্ন যাহাত আছয়।
যাহাক স্মরণে লোক মুখ্যকো লভয়॥
চৈধ্যয় ভূবনে যত ঈশ্বৰ আছয়।
হেনয় লক্ষন চিহ্ন কতো নাহি কয়॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যাত লয় যাই।
তান্ত বিনে পুৰুষ আৱৰ আন নাই॥
তাহাকে পুরুষ কহে ভাগৱত গ্ৰন্থ।
তাহুন্তাত কহন্ত হৰি ভকতিৰ পন্থ॥
বেদ শাস্ত্ৰগণো যাতো তাঙ্ক উপাসয়।
এতেকেসে তাঙ্ক স্মৰি মুখ্যকো লভয়॥

⸻⸻

যুগ ধৰ্ম্মেৰ নিৰ্ণয়।

কলি ধৰ্ম্ম যুগ ধৰ্ম্ম দুইৰো সম্ভেদ।
শুনা সমাজিক দিবো তোৰ পৰিছেদ॥

[ ২০ ]

 সত্যে ধ্যান কৰি লোক স্বৰ্গে চলি যাই।
 দ্বাপৰত পূজা কৰি সেহি ফল পাই॥
 ত্ৰেতাত যজিয়া যজ্ঞ তৈতে হোৱে ঠান।
 কলিত কীৰ্ত্তন বিনে গতি নাহি আন॥
 পৰম গতিক পাৱে কলিত কীৰ্ত্তনে।
 এতেকে প্ৰশংসা তাক কৰে সাধুজনে॥
 গুৰু মুখে নিজ ধৰ্ম্ম বুজিয়া যেহেতু।
 তাল অংশে নিজ ধৰ্ম্ম জানিবা সিহেতু॥
 কলিৰ পৰম ধৰ্ম্ম কীৰ্ত্তনে সে জানা।
 সাধুৰ সঙ্গেসে শ্ৰেষ্ঠ তথাপিতো মানা॥
 কলিৰ স্বধৰ্ম্ম আৰু জানা হৰি নাম।
 সৎসঙ্গ লভিয়া লৈলে সাধে মুখ্য কাম॥
কৃপা⸻কৃপাময় কৃপাৰ সাগৰ যদুত্তম।
 পাপ পুণ্যৱন্ত প্ৰভো সমস্ততে সম॥
 আদ্যে কৃপা কৰি দেখা দিল নৰকাই।
 সাধু সঙ্গ লৈয় সুখে ফুৰে নাম গাই॥
 ধন্য ধন্য মহাধন্য কিনে কলিকাল।
 নৰ দেহা ভাৰত বৰিষ ধন্য ভাল॥
 কৃষ্ণৰ কৃপাত দেখা পাইলে হেন জন্ম।
 নকৰয় তথাপিতো হৰি ভক্তি ধৰ্ম্ম॥
বিৰকতি—বৈৰাগ্যে সে ভাগ্য তাৰ কহো শুনিয়োক।
 গুৰু মুখে ভক্তি লভি দুৰ্গতি খণ্ডোক॥

[ ২১ ]

 বিষয়ৰ বৈৰাগ্য কৰয় যিটো জানি।
 বিৰকতি বিষয়ত সেই তত্ত্ব জ্ঞানী॥
 গুৰুৰ চৰণ পদ্ম হৃদয়েত ধিয়াই।
 পৰম্পদ বৈকণ্ঠক পাৱে সিটো যাই॥
 প্ৰবেধিত যেন জানা তাক সম নাই।
 মহা বিৰকত ভক্ত তান্ত বিনে নাই॥
 হৰি পদ পঙ্কজত নিবিৰ ভকতি।
 মজি থাকে প্ৰেমানন্দে জানিয়া সম্প্ৰতি॥
 এতেকে বৈৰাগ্যে সাৰ জানিবা নিশ্চয়।
 তাহাকে সে বিৰকতি বুঝিয়া কহয়॥
মহিমা—কৃষ্ণপদ পঙ্কজত সদা কৰে ৰতি।
 মহিমা শুনিয়া মিলে আনন্দ সম্প্ৰতি॥
 ভকতৰ সঙ্গে সদা পুৰুষাৰ্থ পাই।
 কৌতুক কৰয় বৰ হৰি নাম গাই॥
 কৃষ্ণৰ নামৰ বৰ মহিমা জানয়।
 সাধু সঙ্গ বিনে সাৰ কিছু নেদেখয়॥
 একক্ষণ মানে যদি সাধু সঙ্গ পাৱে।
 তৰয় সংসাৰ সিন্ধু সাধু পদ নাৱে॥
 মহিমা পটল আবে এহি মানে গৈল।
 পৰমাৰ্থ পটলক কহিবাক গৈল॥
 মাধৱৰ নাম যিটো লৱয় সদাই।
 হৃদয়ত মাধৱক সমৰে সৰ্ব্বদাই॥

[ ২২ ]

গুৰুমুখে পৰমাৰ্থ তত্ত্বক জানয়।
তাকে পৰমাৰ্থ বুলি ভাগৱতে কয়॥

⸻⸻

সাৰ নিৰ্ণয়।

 কৃষ্ণৰ নামক যিটো জানে মাত্ৰ সাৰ।
 শুনিবাক উদ্যম কৰয় মন তাৰ॥
 তেতিক্ষণে তাৰ যত পাপহত কৰে।
 নিৰ্ম্মল হইয়া সুখে সংসাৰক তৰে॥
 তনু চিত মন তাৰ শুদ্ধতা হোৱয়।
 নামৰ প্ৰসাদে সিটো মুকুতি পাৱয়॥
নাম অন্বয়। কৃষ্ণৰ নামৰ যিটো তত্ত্বক জানয়।
 তাকে বুলি কয় শাস্ত্ৰে নামৰ অন্বয়॥
 নিৰ্ণয় কৰিয়া হৰি গুরুকে ভজিবা।
 এক গুরু একদেৱ আন নেদেখিবা॥
 মুখ্যৰূপে ইটো কথা বুজিবহা দাঠি।
 নিৰি চাৰি লৈলে পুনু লাগিবেক ঘাটি॥
 এহিমানে গৈল ইটো নামৰ অন্বয়।
 আরু পটলক শুনা সভাসদ ছয়॥
নাম মহিমা। হৰি গুরু ভকতৰ নিৰ্ম্মল চৰিত্ৰ।
 নাম ভক্ত একে বস্তু পৰম পবিত্ৰ॥

[ ২৩ ]

 তাহাৰ মহিমা যিটো জানে আতিশয়।
 অপ্ৰয়াসে সিটো মুখ্য পদক লভয়॥
নিন্দা৷ ৰাম বুলি তৰে মহাপাপ অন্ত্য জাতি।
 যিটো নাম নলৱে হিনতোহীন আতি॥
 উত্তম ব্ৰাহ্মণ জন্ম পায়া আছে যিটো।
 দ্বিজ হুৱা আন ভজে হৰিক দেখি সিটো॥
 ডোম চাণ্ডালটো কৰি সিটো বৰ হীন।
 ফোঁট মাৰি ফুৰে নাই ভকতিৰ চিন॥

⸻⸻


মহিমাযুক্ত উপদেশ।



 যত মহোৎসৱ ভক্তে আনন্দে বাৰাই।
 হেন মহিমাক ভক্তে বেঢ়ি বেঢ়ি চাই॥
 হেনয় মহিমা দেখি কতো মোহ হয়।
 মহাযুক্ত হৈয়া পাছে উপদেশ লয়॥
মহিমা—মহিমা জানিয়া যিটো হৰি গুণ গাই।
 তাত পৰে কৃষ্ণৰ পৰম পূয় নাই॥
 ভৈল ভগৱন্ত প্ৰভো আধীন তাহাৰ।
 ৰামকৃষ্ণ হৰিনাম মুখে থাকে যাৰ॥
 কতো জনে নাম যুগধৰ মতে গাই।
 মহিমা নেজানে গুৰু উপদেশ নাই॥
প্ৰশংসা—গুৰুৰ যশস্যা যিটো প্ৰশংসা কৰয়।
 ধন্য ধন্য ভাৰতত জনম নিশ্চয়॥

[ ২৪ ]

 হৰিৰ কীৰ্ত্তন কৰে ভক্ত নিৰন্তৰে।
 তাক শুনি অভিনন্দা কৰে যিটো নৰে॥
তাৎপৰ্য্য—তাৎপৰ্য্য সাৰ গুৰু দেৱ নাম ভক্ত।
 ইহাৰ তত্ত্বক মাত্ৰ গুৰুসে জানন্ত॥
 গুৰু উপদেশ তাৎপৰ্য্য কথা সাৰ।
 একান্ত ভক্তৰ সঙ্গ ফল মাত্ৰ সাৰ॥
 এতেকে সবাকো তেজি গুৰু পাৱে ধৰা।
 তাৎপৰ্য্য জানি আক সবে পৰি হৰা॥
তুতি— কৃষ্ণেসে পৰমদেৱ ধৰ্ম্ম অৰ্থ কাম।
 গুৰুসেৱা ধৰ্ম্মসাৰ মহা অনুপাম॥
আশ্ৰয়—কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ ছয়
 একে ভগৱন্ত হৰি সেৱাৰ আশ্ৰয়॥
 হেন জানি গুৰুত আশ্ৰয় আৰে কৰা।
 একান্ত শৰণে হৰি গুৰু পাৱে ধৰা॥
 নোহন্ত ঈশ্বৰ কৃষ্ণ কাহাৰো আশ্ৰয়।
 অন্তৰ্য্যামী ৰূপে তেহো সবাতো আছয়॥

⸻⸻


মহিমাযুক্ত কীৰ্ত্তন প্ৰশংসা।


 যিদিশত কৃষ্ণৰ কীৰ্ত্তন ভক্তে কৰে।
 সিদিশত নমস্কাৰ কৰে যিটো নৰে॥
 দুৰ্ঘোৰ সংসাৰ সিটো প্ৰয়াসে তৰৈ।
 অচ্যুত স্বৰূপ আপুনি গৈয়া ধৰৈ॥

[ ২৫ ]

 প্ৰেমযুক্ত হুয়া গুৰু ভক্তক বৰ্ণাৱে।
 নামৰ প্ৰসাদে মুখ্য মুকুতিক পাৱে॥
লেছাৰী—ইসব পটল আবে থৈলো এহিমানে।
 লেছাৰী পটল আবে শুনা সাৱধানে॥
 অৱতাৰ হুয়া লক্ষ্মীপতি নাৰায়ণ॥
 উপাসয বেদগণে তাহান চৰণ।
 লেছাৰী পটল আসি ভৈলা বেদগণে।
 পৰম ৰহস্য কথা শুনা এক মনে॥
চণ্ড— আবে চণ্ড পটলৰ শুনিয়ো আশয়।
 আক পাইলে সংসাৰৰ জীৱ নিস্তৰয়॥
 মহামুখ্যত্তম দেখা গুৰু শিক্ষা ইটো।
 পৰম ৰহস্য ভক্তি গুৰুসে অজিতো॥
 পৰমাত্মা জীৱ মোৰে যদি সেউৱা কৰে।
 দুৰ্ঘোৰ নৰক দুখ তেবেসে নিস্তৰে॥
 আক পাইলে জীৱ মোৰ চিন্তে কম্ম বন্ধ।
 এহিসে কাৰণে আক বুলি আছে চণ্ড॥
 ঈশ্বৰ সমুখ হোৱে গুছে তাৰ চণ্ড।
 কোটি কোটি জন্মৰো গুছয় তাৰ বন্ধ॥
 ইসব পটল যত মহাসাৰ তত্ত্ব।
 ঘোষা শাস্ত্ৰ মাজে মাধৈ কৰিবা বেকত॥
 শৰণ ভজন চণ্ড লেছাৰী পটল।
 আক পায় জীৱ সব তৰয় সকল॥

[ ২৬ ]

শুনা সভাসদ সব ইটো কথা সাৰ।
এহিসে তাৰিবে ঘোৰ সংসাৰ নিকাৰ॥
হৰৈ কপিমল কৃষ্ণ কথা কীৰ্ত্তনত।
মহাপুণ্য ৰাশি আসি ওপজে লগত॥
যাহাক স্মৰিলে সিদ্ধি হোৱে সৰ্ব্বকাম।
পৰম সম্পদ মাধৱৰ গুণ নাম॥
কৃষ্ণ কথা শুনা আবে কৰিয়া প্ৰবন্ধ।
গুৰু শিক্ষা অস্ত্ৰে ছেদ কৰিয়োক কন্ধ॥
আত-অনন্তৰে কথা শুনা সাৱধানে।
কৃষ্ণৰ কীৰ্ত্তন কৰা প্ৰাণ থাকে মানে॥
ৰহস্যতো ৰহস্য পৰম ৰুচিকৰ।
প্ৰসিদ্ধ অমৃতো আক নুহি পটন্তৰ॥
শুনা সভাসদগণ পৰিয়া নিৰূম।
একচিত মনে শুনা কথা মনোৰম॥
শুনিয়োক কহো আবে সাধুৰ লক্ষণ।
সংসাৰ ব্যাধিৰ ইটো ঔষধ প্ৰধান॥
হীৰা মৰকত ৰত্ন যাহাত থাকয়।
মহাশ্ৰী সম্পত্তিয়ো তাতে লব্ধ হয়।
তাহাঙ্কে আশ্ৰয় কৰি সুখী হোৱে লোক।
যেই যিবা খোজে দেই তাক দেখিয়োক॥
এতেকেসে সাধু তাক বোলে সৰ্ব্বজন।
মহাভাগৱত ইটো সাধুৰ লক্ষণ॥

[ ২৭ ]

পৰম অমূল্য ইটো হৰি ভক্তি ৰত্ন।
কহে সাধুজনে আক কৰি মহাযত্ন॥
এতেকেসে সাধুজন আন নুহিকন্ত।
সাধুৰ লক্ষণ ইটো কহে ভাগৱত॥
সাধুৰ সম্বন্ধ যত গুৰুতেসে ঘটে।
সব ভক্ত নাশ হোৱে গুৰু মনকষ্টে॥
দুই তোলা সুবৰ্ণক তৰ্যুত যুখিব।
অগ্নিত খপিয়া তাক প্ৰমাণ কৰিব॥
যোখত পোৰাত যদি সমানে ৰহয়।
তেবে সদাগৰে তাক কিনিয়া সেৱয়॥
যদি এক ৰাতি তাত যোখত টুটয়।
এহি তোলা মন্দ বুলি কেহু নলৱয়॥
হেন সম দৃষ্টি যদি হোৱে সাধুজন।
বিষমতা ভৈল নুহি সাধুৰ লক্ষণ।
নিমিৰ আগত সিদ্ধে কৰিলে দঢ়াই
হোৱে নোহে লোৱা সাক্ষী নৱ সিদ্ধ চাই॥
শুনি মহাজন নকৰিবা অসন্তোষ।
মই অধমৰ কিছু নধৰিবা দোষ॥
সভাসদ যাক বুলি শুনা তাৰ কথা।
যিটো গুৰু পাৱে মনে নেৰয় সৰ্ব্বকথা॥
গুৰুক হৃদয়ে ধৰি সন্ত কথা কয়।
সৰ্ব্বদায়ে নাম মুখে হৰিক চিন্তয়॥

[ ২৮ ]

আমাৰ সঙ্গত আছে তক্ত যত যত।
মৰি আদি সভাসদ কৈলো ইটো তত্ত্ব॥
গুৰু ভক্ত দুয়ো যাতে সম তুল্য হয়।
সভাসদ বুলি দেখা এতেকে কহয়॥
মহন্তৰ কথা কহো শুনা এবে তাক।
যিবা হেতু মহন্ত বোলয় তাসম্বাক॥
কৃষ্ণ কথা মৃততে অলঙ্কাৰ তাসম্বাৰ।
সাধুৰ আলাপ ৰস কথা মহন্তৰ॥
যাতো তাঙ্ক ভকত সকলে উপাসয়।
গুৰুকে মহন্ত বুলি ভাগৱতে কয়॥
সংসাৰৰ বন্ধ ছেদ কৰয লোকৰ।
ইসব লক্ষণ আতে কৈয়ো মহন্তৰ॥
সৰ্ব্বগুণে সুমণ্ডিত শৰীৰ যাহাৰ।
পৰম গম্ভীৰ কৃষ্ণ কথা ৰস সাৰ॥
কৃষ্ণ কথা সৰ্ব্বস্বক হৃদি ভণ্ডাৰত।
যিটো সৰ্ব্বদায়ে তাক ক্ষনাৰ্দ্ধো নেৰন্ত॥
কৃষ্ণৰ নিৰ্ম্মল নদী পবিত্ৰ অনন্ত।
সৰ্ব্বজান গুৰুতৰ ৰসক পীৱন্ত॥
ব্যাপক স্বৰূপে গুৰু সবাতো আছন্ত।
ভাল মন্দ কথা তেহো সবাৰে জানন্ত॥
নিৰ্গুণ কৃষ্ণৰ যিটো গুণ আতিশয়।
এতেকে সে সৰ্ব্বজান গুৰুক বোলয়॥

[ ২৯ ]

উপদেশ দিয়া মাত্ৰ হিতক চিত্তয়।
সেহি তত্ত্ব কহি গুৰু লোক নিস্তাৰয়॥
গুৰু সেউৱা সুমঙ্গল সৰ্ব্বসিদ্ধি কাম।
তান্ত বিনে সংসাৰত নাহি মুখ্যত্তম॥

⸻⸻



সমাজিকজনৰ কথা।


সমাজিক জনৰ কহিবো কথা আবে।
সমস্ত প্ৰাণীক সম দেখিবেক যেবে॥
তাকে সমাজিক বুলি জানিব স্বৰূপে।
লোক প্ৰবৰ্ত্তাৱে গুৰু শিষ্য একৰূপে॥
গুৰু চৰাচৰ আত্মা গুৰু নিজ বন্ধু।
কৰয় গুৰুসে পাৰ মহাঘোৰ সিন্ধু॥
আপদ নদীত গুৰু কৰয় নিস্তাৰ।
গুৰু বিনে ত্ৰৈলোক্যত বন্ধু নাহি আৰ॥
কীটপটঙ্গত তেহৈ সবাতো সমান।
বিষমতে বুদ্ধি কদাচিতো নাহি তান॥
জীৱ সকলৰ সুখ মুখ্যকো সাধন্ত।
সংসাৰ সাগৰে পাৰ গুৰুসে কৰন্ত॥
নিজপদ বৈকুণ্ঠক যিহেতু দিৱন্ত৷
এহি কাৰ্য্যে সমাজিক গুৰুক বোলন্ত॥

[ ৩০ ]

আপোনাৰ সঙ্গী যত সমস্ত সমাজ।
ইসবৰ কথা আবে কহিবোহো কাজ॥
বুধজান যাক বলে শুনিয়ো আশয়।
বুধমতে মাত্ৰ সিটো সদা প্ৰবৰ্ত্তয়॥
তাৰ কোন ভাগ্যেদযে পাইলে গুৰু লাগ।
কোন বা জন্মৰ তাৰ আছে মহাভাগ॥
মহাজ্ঞান বোধ যদি দেই গুৰুজনে।
তথাপিতো ভাল তাৰ নমনায় মনে॥
তাক কৃপা কৰি তেভো দেই সদবুদ্ধি।
গুৰুৰ শুদৃষ্টি ভৈলে হোৱে তাৰ শুদ্ধি॥
অনাদি জন্মৰ তাৰ পাপ কৰি নাশ।
তেবে গুৰু ধৰ্ম্মে হৃদযত কৰে বাস॥
গুৰুৰ কৃপাত মহা বোধে লৱে লাগ।
বুধজন তাৰ নাম কৈলো মহাভাগ॥
মহাজ্ঞানে পাইলে তাৰ গুছয় দুৰ্ব্বুদ্ধি।
পাপৰ বাসনা এৰি চিত হোৱে শুদ্ধি॥
মহাধীৰ বুদ্ধি সন্তে বোলে ভকতক।
যাতো সদজ্ঞান দেই সমস্ত লোকক॥
বৈধ বুদ্ধি যত তাৰ সবে দূৰ গৈল।
গুৰুশিক্ষা অস্ত্ৰ পায় মত্ত সিংহ ভৈল॥
গুরু পদ প্ৰসাদে তৰয় মোহ মায়া।
উৰ্দ্ধবাহু লুয়া পাছে ফুৰে নাম গায়া॥

[ ৩১ ]

মহামূঢ় যাক বোলে তাহাক শুনিয়ো।
নুই নুই ইটো কথা মনে জিজ্ঞাসিয়ো॥
মূঢ়ৰ সদৃশ জানা মাধৱ আছিল।
ৰাম দাস সমে দেবী পূজিবে চাহিল॥
পূৰ্ব্বৰ সাধন আছে পাইলে গুৰু সঙ্গ।
দেবী পূজা কৰ্ম্ম যত সবে ভৈল ভঙ্গ॥
মূঢ়াত লাঙল যেন লাগিলেক যাই।
নলৰিলা মন মাধৈ হৰি ভক্তি পাই॥
জ্ঞান শূন্য মূঢ় নৰ অনেক আছয়।
গুৰু ধৰ্ম্ম সেউৱা সিটো কিছু নজানয়॥
আৰূঢ় মূঢ়ৰ কথা শুনা সমাজিক।
গুৰু বশ্য কৈলে যিটো তাৰ কৈবো কিক॥
তেবেসে হৈবেক গুৰু সেৱাত আৰূঢ়।
শৰণ ভজনি ভক্তি কৈলেসিটো দৃঢ়॥
ভক্তি ভৈলে সিজনৰ থিৰ হোৱে মতি।
আৰূঢ় মূঢ়ৰ কথা কহিলো সম্প্ৰতি॥
যেই সেই মূঢ় নাম নাম লৈবে নপাৰয়।
মূঢ় নাম মাধৱৰ জানিবা নিশ্চয়॥
যাত তাত নখটয় মূঢ় হেন নাম।
জগত প্ৰসিদ্ধ মাধৈ মূঢ় অনুপাম॥
মুৰুখ নামৰ আবে শুনিয়োক কথা।
কৃষ্ণৰ কীৰ্ত্তন যশ শুনে যথা তথা॥

[ ৩২ ]

নাম কীৰ্ত্তন শুনি হোৱয় আনন্দ।
গুৰু সেউৱা ভৈলে সুখ মিলে ব্ৰহ্মানন্দ॥
মুখ্যৰ পদক আবে দেঁও তাক নিয়া।
ইসব কথাৰ অৰ্থ কৈলো বিভাগীয়া॥
শুনা সভা-সদ ভাগৱত কথা সাৰ।
শঙ্কৰে ৰচিলা ৰাম-মালিকা পয়াৰ॥
ভাগৱত পুৰান ভাৰত টিকা যত।
সাৰক আনিয়া সবে কৰিলো বেকত॥
আৰু যিটো জনে পড়ে শুনে শুনাৱয়।
মহা গুপ্য কবি আক লিখিয়া ৰাখয়॥
কি কহিবো মই আবে তাহাৰ মহিমা।
আক মনে ধৰি পায় সংসাৰৰ সীমা॥
গুরুদেৱ নাম ভক্ত শিৰগত কৰি।
ফুৰিয়ো সদাই কৃষ্ণ নাম মুখে ধৰি॥
পুত্ৰ পত্নী বিষয়ত সদা আসকতি।
কৃষ্ণৰ চৰণে মোৰ নভৈল ভকতি॥
হে প্ৰাণ বন্ধু কৃষ্ণ কৰো নমস্কাৰ।
দীন অনাথক বাপ কৰিয়ো উদ্ধাৰ॥
কৃপা কৰা কৃপাময় তুমি দায়া নিধি।
কৰিয়োক সবে মনোৰথ মোৰ সিধি॥
হেন জানি নৰলোক এৰা আন কাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম॥

[ ৩৩ ]

ডুলৰী।

শুনিয়ো মাধৱ পৰম বান্ধৱ
 তুমি মহা পূয়ত্তম।
দানহীন হেন, নামৰ অন্বয়
 শুনা কেন মনোৰম॥
অন্ধকাৰ নাশি, বিদ্যান প্ৰকাশি,
 হিত উপদেশ দিবা।
গুৰুদেৱ নাম, ভক্তি অনুপাম,
 জগততে প্ৰকাশিবা॥
ঘোৰ সংসাৰৰ,  উপায় এৰায়া,
 গুছাইবা দুখ লোকৰ।
মহা অন্ধকাৰ,   দুৰ হোৱৈ যেন,
 উদয় ভৈল সূৰ্য্যৰ॥
দীন দুখীতক, কলিৰ লোকক,
 দিবা তুমি ভক্তি দান।
মহাজ্ঞান দাতা, ইতিনি লোকত,
 নাহিকে তুমি সমান॥
সমস্তকে জিনি,  কৰি বাহাহিনী,
 তাতে হৈবা হিন নাম!
সেৱক স্বৰূপে,  তুমি আসি মোৰ,
 কৰিলা দুষ্কৰ কাম॥

[ ৩৪ ]

হেনয় কিঙ্কৰ কৰ্ম্মক আৰকা,
 কৰন্তা নাহিকে আনে।
দীন হীন হেন,  নামৰ অন্বয়
 জানিবা এহি নিদানে॥
কহয় মাধব,  নাম শুনা আৰু,
 ভৈল আসি যিবা হেতু।
কৃষ্ণৰ ভকতি,  পন্থ প্ৰকাশিয়া,
 বান্ধিবা সংসাৰ সেতু॥
মাযাক জিনিয়া,  নিৰ্জ্জন কৰিয়া,
 ভকতিক প্ৰকাশিবা।
কহয় মাধৱ,  নাম সুখে কয়,
 লোকৰ হিত চিন্তিবা॥
এহি মানে থওঁ,  শুনা পুনু কওঁ,
 ইটো প্ৰসঙ্গিক কথা।
পৰম সুগম,  পন্থ মুখত্তম,
 শুনিবো আক সৰ্ব্বথা॥
কহিবো ৰহস্য,  কথা মনবশ্য,
 কৰি সবে একমতি।
যত বেদ শাস্ত্ৰ,  কৈবো-তাৰ অৰ্থ
 শুনিয়ো তাক সম্প্ৰতি॥
 প্ৰথম স্কন্ধৰ শঙ্কা৷

[ ৩৫ ]

আত্ত অনন্তৰ, শুনা সবে নৰ,
 নৈমিসা ক্ষেত্ৰ লক্ষণ।
শুনা যেন মতে,  বাতুল ঈশ্বৰে,
 কৰি সত্ৰ স্ৰজন॥
তাহাৰ চক্ষুৰ, নিমিষ মাত্ৰকে,
 তহিতে সত্ৰ কৰিলা।
ভাগৱত শাস্ত্ৰ, প্ৰবৰ্ত্তিবে মনে,
 তথাতে সত্ৰ পাতিলা॥
সত্ৰ হেন নাম,  যিহেতু বোলয়
 শুনিয়ো তাৰ অন্বয়।
ঋষিৰ শৰীৰ,  হোমৰ ধুঁৱাত,
 ভৈল সবে যেন নয়॥
বৈকুণ্ঠৰ শাস্ত্ৰ,  মহাভাগৱত,
 গুৰু তৈতে প্ৰকাশিলা।
সৰ্ব্ব পষাসিটো,  ঋষি সকলক
 মহা মূখ্য পদ দিলা॥
এহিসে কাৰণে,   সত্য নাম ভৈলা,
 ভাগৱতে শোভা কৈল।
তথাকে সত্ৰক, নিৰ্ম্মি নাৰায়ণে,
 নিজ থানে চলি গৈল॥
আত অনন্তৰে ,  শুনা সবে নৰে,
 যিমতে নাৰদে হৰি।

[ ৩৬ ]

মহাজ্ঞান দান, তাহাঙ্ক দিলন্ত,
 চাৰি সিদ্ধে কৃপা কৰি॥
ভক্তি ভাবে আতি, সেবিতা সম্বাক
 কৰিলা পৰম তুষ্ট।
যতেক অশুভ,  আছিলেক তান,
 সমন্তে কৰিলা নষ্ট॥
পৰম মহন্ত, চাৰি মহাসন্ত,
 কৃপালু কৰুণা কৰ।
বৰিস বাঞ্ছিয়া, গমন কৰিয়া,
 গৈলা চাৰি সিদ্ধেশ্বৰ॥
উচ্চিষ্ট লক্ষণ,  কহে শুনিয়োক
 যিমতে নাৰদে হৰি।
এৰয় উচ্চিষ্ট,  চাৰি মহামুনি,
 ভুঞ্জয় তাক সাদৰি॥
তেন মতে গুৰু, জ্ঞান উচ্চিষ্টক,
 মুখে বাজ কৰিদেন্ত।
যাতো গুৰু মুখে,  লভৈ মহাজ্ঞান,
 এতেকে মুখ্যক নেন্ত॥
পূৰণৰ সূৰ্য্য,  মহা ভাগৱত,
 যিহেতু বোলয় আক।
ইহাৰ অৰ্থক,   কহো শুনিয়োক,
 সাঙ্ক্ষেপ কৰিয়া তাক॥

[ ৩৭ ]

শুনা সমাজিক, থিৰ মনে আক,
 পৰম ৰহস্য কথা।
পৰম সুগম, কথা মুখ্যত্তম,
 শুনা আক যথা তথা॥
পুৰানৰ সূৰ্য্য,  পূৰ কৰি আনি,
 ভাগৱত ক্ষীৰ মথি।
যাক পান কৰি, মহা মই পাপী,
 বৈকুণ্ঠক কৰে গতি॥
শুনা যেন মতে, প্ৰকাশিয় সবে,
 অন্ধকাৰ দূৰ কৰে।
ভাগৱত শাস্ত্ৰ,  সহিতে জানিবা,
 অজ্ঞান আন্ধাৰ হৰে॥
পাঞ্চালিৰ পুত্ৰ,  যিবা বিশ্বদেব
 কাৰণ কহো তাহাৰ।
তাক মনে এৰি, মহাযত্ন কৰি,
 বুজাদেহে আপোনাৰ॥
ক্ৰোধে দ্ৰোণি শুনা, অহঙ্কাৰে খাণ্ডা
 মাঠাতাৰ ইহ গন।
দেহ গোট পাতি,  জানিবা ইহাক,
 কৰিলা তাতে শয়ন॥
চক্ষু নিমিষক, ৰহ বুলিকব
 কৈলো তাৰ অভিপ্ৰায়।

[ ৩৮ ]

মনে দুৰ্য্যোধন,  নৃপতি তাহাৰ,
 আগতে দিলেক যায়॥
অৰ্জ্জুনৰ জানা, অঙ্গীকাৰ ভৈল,
 পাৰ্থনা জীৱ সবৰ।
মহা শুদ্ধ পথ, অনুকূল কৃষ্ণ,
 সখা ভৈল অৰ্জ্জুনৰ॥
যদি জানা তাৰ, ভাৰ্য্যা পুত্ৰ আদি,
 তাতে জীৱ বধ হয়।
ভীমে নিন্দা জানা, বোধে যুধিষ্ঠীৰ,
 ধনঞ্জয়ে গুৰু নৱ॥
ভকতিৰ মাতৃ, দ্ৰোপদী সুন্দৰী,
 মায়া বাঙ্ক কাটিলন্ত।
কৃষ্ণ আজ্ঞা অস্ত্ৰ, ধৰিয়া অৰ্জ্জুনে,
 বিপ্ৰ মুণ্ড মুণ্ডিলন্ত॥
গুৰু শিক্ষা বোধ, তিক্ষ্নত্তৰ অস্ত্ৰ,
 ভৈল দেখা আসি আবে।
মহ অহমম, গুছেতে বেতাৰ,
 এহি বোধে পাৱে যেবে॥
শুনা সাধুজন, তেজি আন জন,
 কৃষ্ণৰ চৰিত্ৰ ছয়।
ইহাৰ শ্ৰবণ,  কীৰ্ত্তন কৰয়,
 সমস্তে পাতক ক্ষয়॥

[ ৩৯ ]

মাধৱৰ পাৱে, ভজা শুদ্ধ ভাৱে
 এৰিয়া বিষয় ধান্দা।
হুয়া একমন, কৰিয়া যতন,
 ৰাম নাম গলে বান্ধা॥
বিষয়ৰ সুখ, দুয়ো কৰি মুখ,
 ফুৰা নাম গাই মুখে।
যমৰ দুৰ্ঘোৰ, যাতনা তৰিবা,
 মুকুতি পাইবা সুখে॥
কৃষ্ণৰ চৰণে  হৃদয় পদ্মত,
 চিন্তিয়ো মনে সৰ্ব্বথা।
কৃষ্ণৰ কিঙ্কৰে,  ৰচিলা শঙ্কৰে,
 মহা ভাগৱত কথা॥
একচিত মনে, শুনিয়ো যতনে
 নকৰিয়ো আক হেলা।
চাৰিৰ সঞ্জোগে,  এক ঠাই ভৈল,
 অপেক্ষাৰো আৰু বেলা॥
পাৰিব অন্তক,  কৃষ্ণৰ নামক,
 সদায়ে নেৰিবা মুখে।
বৈকুণ্ঠ সম্পদ,  হাততে লভিবা
 পাইবা মুকুতিক সুখে॥
জানি বুধজনে, সাৱধান মনে,
 নেৰিবা মুখত নাম।

[ ৪০ ]

আল জাল এৰি  সমাজিক বেঢ়ি
 ডাকি বোলা ৰাম ৰাম॥

⸻⸻

পদ।

আত অনন্তৰে শুনা সভাসদ ছয়।
পুত্ৰ ভাৰ্য্যা বন্ধু যত অনাথ নিশ্চয়॥
হেন জানি সাধু সব কৃষ্ণ পাৱে ভজা।
যাগ যজ্ঞ কৰ্ম্ম তেজি মাধৱক পূজা॥
দ্ৰোণিক বোলয় কিবা হেতু লাঞ্জত কটা।
মহা দুৰ্ব্বিনয় দ্বিজ সিটো বৰ ঘণ্টা॥
প্ৰকৃতি পুৰুষ যত জীৱক স্ৰজিলা।
মহামায়া ঘোৰাঘোৰ মায়াক লাগদিলা॥
লাঞ্জত কটা ব্যাঘ্ৰ সংসাৰৰ জীৱ যত।
ইষ্টো কথা কহো তাৰ শুনিয়ো মহত॥
সংসাৰ বলত জীৱ পশু নিৰন্তৰ।
বন্দি ভৈলা পৰি মাখা পাশে ঈশ্বৰৰ॥
কলিযুগ অৰণ্যত জীৱ ভৈলা বাঘ।
মহামতোৱালে হুয়া ফুৰে কৰি ৰাগ॥
ইসব দৃষ্টান্ত যত জীবত বুজিবা।
সবে অৰ্থ আৰ আবে দেহতে জানিবা॥

[ ৪১ ]

ছয় গোটা শত্ৰু যিটো কহো প্ৰপঞ্ছিয়া।
কাক বোলে ছয় শত্ৰু শুনা মন দিয়া॥
ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ।
গুৰু শিক্ষা অস্ত্ৰে তাক কৰিয়ো উচ্চন॥
কৃষ্ণৰ নিৰ্গুণ আন কাহাক বোলয়।
যৈত কৃষ্ণ কথা যশ নাম প্ৰকাশয়॥
জগন্নাথ চৰিত্ৰ যথাত প্ৰকাশন্ত।
সেহিসে নিৰ্গুণ সাধু সবেয়ো কহন্ত॥
জগন্নাথ ভাগৱত দিয়া পঠাইলন্ত।
বৰদোৱা গ্ৰামে জগদীশে কহিলন্ত॥
বৰদোৱা থান মোৰ জানিবা নিৰ্গুণ।
কহিলো ৰহস্য ভক্তি ভকতে নিপুণ॥
আমাৰো জনম তাতে ভক্তৰে নিবাস।
মহা স্বধৰ্ম্মত তাত ক{{বঙালী ৰি}লো প্ৰকাশ॥
যেন সূৰ্য্য উদয় ভৈলেক পূৰ্ব্ব দিশে।
নাম সূৰ্য্য প্ৰকাশিলো গৈল দশোদিশে॥
যাতো সেই ধৰ্ম্ম তাতে উৎপত্তি ভৈলন্ত।
ভাৰতবৰিষ মধ্যে বৈকুণ্ঠ বোলন্ত॥
ইহাৰ তত্ত্বক আনে নজানন্ত কেৱ।
একান্ত শৰণ এক গুৰু নাম দেৱ॥
যুগধৰ্ম্ম মহিমাত যতো নাম গাই।
নামত বিশ্বাস ভৈলে মুকুতিক পাই॥

[ ৪২ ]

শৰণ ভজন ভক্তি যিজনে জানয়।
সৎসঙ্গ লভিয়া মুখ্য গুৰুক পাৱয়॥
জানিয়া ভক্তিয়ো দেৱ দৈৱকী নন্দন।
লৈযো দৃঢ়মনে তান্ত একান্ত শৰণ॥
কৃষ্ণে মোৰ আত্মা কৃষ্ণে সুহৃদ নিশ্চয়।
কৃষ্ণক ভজিলে অনুমাত্ৰো নাহি ভয়॥
যুগধৰ্ম্ম মহিমাত কতো নাম গাই।
ভক্তৰ পিড়ীতি সৎসঙ্গত ৰতি নাই॥
ভকতক বোলে যিবা হেতু চক্ৰ পাণি।
শাস্ত্ৰত প্ৰসিদ্ধ ইটো আছে বেদবাণী॥
পৰম গম্ভীৰ অস্বৰিৰ মহামতি।
আশি বিধ কৃষ্ণ পাৱে কৰন্ত ভকতি॥
বলিকো দেখিযো আৰু মহন্ত গম্ভীৰ।
পৰম বৈষ্ণৱ যাক সম নাহি ধীৰ॥
ভকতিৰ বশে চক্ৰে থাকন্ত উপসি।
গদা ধৰি হৰি দ্বাৰ পাল ভৈলা আসি॥
চক্ৰপাণি বিষ্ণু ভকতৰ ভৈলা দৃষ্টি।
তাতে চক্ৰপাণি বুলি কৈলো নিস্তে নিষ্ট॥
ত্ৰৈলোক্যতো নাহি সম মহন্ত বিশিষ্ট।
জ্ঞানীতো কৰ্ম্মিতো কৰি ভকতি গৰিষ্ট॥
ভ্ৰমৰৰ বধু যেন পাৰিজাত পাই।
মধু লোভে পুনু বৃক্ষক নেজাই॥

[ ৪৩ ]

বধু ভৈলে হিম ৰূপে স্বামিক সেবয়।
ভকত জনৰ হৰি বধু বুলি কয়॥
গুৰু ভৈলা পাৰিজাত শিক্ষা তাৰ ফল।
ভকত ভ্ৰমৰা মধু ৰসিক সকল॥
সঞ্চৰে যাহাৰ ঘোড়া আকাশৰ পথে।
জিনিলন্ত জম্বুদ্বীপ ৰাজা একেৰথে॥
মহা ধৰ্ম্মশীল ৰাজা পৰম মহন্ত।
ৰথ খান শুনা তাৰ যি আসি ভৈলন্ত॥
দেহত ইন্দ্ৰিয়গণ যতেক আছয়।
ই সবকে ৰথ কৰি বুলিয়া কহয়॥
নাৰী সব ভৈলা সিটো ৰথৰ জুঁৱলী।
মনকে চাবুক কৰিলন্ত মহা বলী॥
আপোনাৰ মনগোট ভৈল ৰথ ধ্বজ।
প্ৰবটিলা সাতো দ্বীপ যেন মত্ত গজ॥
পৰীক্ষিত নাম তাৰ তৈলা যিবা হেতু।
বৈকুণ্ঠৰ খসাইলন্ত গৰুডৰ কেতু॥
পৰোক্ষ নাম পৰ্শেদ বৈকুণ্ঠ আছিল।
ধৰ্ম্মক ৰাখিবে মানিগ্নিয়ে পঠাই দিল॥
কলিত নিগ্ৰহি তাতে ৰাখিলন্ত ধৰ্ম্ম।
কি কহিবো তান মহা বিপৰীত কৰ্ম্ম॥
পৰিক্ষীয়া কলিত দেখিয়া মহা গুন।
প্ৰশংসে কলিক সাধ দেখি মহা পুণ্য॥

[ ৪৪ ]

অধৰ্ম্মৰ গোষ্টি কলি ভৈল পাপ জন্ম।
ব্ৰহ্মৰ পিঠিত যিটো আছিল অধৰ্ম্ম॥
সেই অধৰ্ম্মৰ পুত্ৰ ভৈল ইটো কলি।
গুণ দেখি তাক ৰাখিলন্ত মহা বলি॥
যি কাৰণে ধৰ্ম্ম তাতে বৃষৰূপ ভৈল।
ধনুৰূপ পৃথিবীও যিবা কাৰ্য্যে হৈল॥
সত্যৰূপ ধৰ্ম্ম জাতো তাতে শুক্লবৰ্ণ।
ক্ষমা, দয়া সত্যশৌচ, পদ বিতোপন॥
বৃষৰূপ ধৰি ধৰ্ম্মো লোচক ভাণ্ডিলা।
মহাৰাজা পৰিক্ষীতো দেখিয়া চিনিলা॥
মহা ভাৰ পৃথিবীয়ে সহিবে নপাৰি।
ধনুৰূপ ভৈলা পাছে তৈতে চদ্ম কৰি॥
কাল বৰ্ণ কলিঘোৰ দুৰ্ব্বাৰ শৰীৰ।
গুন দেখি তাহাক ৰাখিলা মহাবীৰ॥
যাক বুলি কলি তাৰ শুনা অভিপ্ৰায়।
পাপকেসে বুলি কলি জানা সমূদাই॥
গুৰু ভৈল ৰাজা গুৰু শিক্ষা খাণ্ডা পাই।
তাক ধৰি ৰাজা তাক কাটিবাক যাই॥
হেন দেখি কলিৰ লাগিল গৰ্ভত্ৰাস।
গুৰু শিক্ষা অস্ত্ৰে মোক কৰিবে বিনাস॥
এক পাপী পুৰুষত লৱৈ গৈয়া ঠাই।
সাধু বৈষ্ণৱক কোনো ভাগ্য বশে পাই॥

[ ৪৫ ]

মনত বোলয় পাপে কৰো কোন কৰ্ম্ম।
কিনু মই মন্দ ভাগি ধীক পাপ জন্ম॥
গুণি গুণি পাৰ কিছু নপাৱয় পাপে।
বোলে আৰু নিকটত ৰৈবো কাৰ বাপে॥
গুৰু শিক্ষা দেখি পাপে কাম্পে তৰতৰি।
মাগিলন্ত থান মোত দান্তে তৃণ ধৰি॥
হেন দেখি মোৰ বৰ দায়া সম্পজিল।
তুতি নতি পাৱে পৰি বিস্তৰ কৰিল॥
হেন বিমৰিষি তাক বুলিলো বচন।
শুন শুন পাপ তই পৰম দুৰ্জ্জন॥
নদহো তোহাক অৰে শুন বোলো মই।
যত লাগে ধান আৰে লৱ গৈয়া তই॥
যিটো হৰি নভজে অধম দুৰাচাৰ।
বুলিলো নিশ্চয়ে তই গাৱে থাক তাৰ॥
আনদেৱ পূজে যিবা কাটে হাংস ছাগ।
অধৰ্ম্মকে ধৰ্ম্ম বুলি মানে মহাভাগ॥
জ্বৰ তাপে পীড়া যদি কৰয় দেহত।
তেভো বিভিচাৰ তাত কৰে নানা মত॥
এই পঞ্চ পাপীত থাকিবি পাপতই।
থাকিবাৰ ঠাই আবে দিলো তোক মই॥
পুনৰপি পাপে তুতি কৰিলা দুনাই।
বংশ মোৰ অধিক ইঠানে নুকুলাই॥

[ ৪৬ ]

হেন দেখি ময়ো তাক বুলিলো বচন।
হৰিক নভজে যিটো অধম দুৰ্জ্জন॥
কৃষ্ণৰ ভকতি পন্থ কৰয় উচ্ছাদ।
তৰ্ক শাস্ত্ৰ গৰ্ব্বে ইষ্টে কৰি ফুৰে বাদ॥
স্ত্ৰী বুলি জানিবা তাকে সে ইটো তত্ত্ব।
মহা শুদ্ধ ধৰ্ম্ম ভক্তি নাই সি সবত॥
শুনা তাতে ঠাই তোক দিলো পাপী বৰ।
পাপৰ কলিৰ জানা সেহি পটন্তর॥

⸻⸻

গুৰুদেৱ নাম ভক্ত

ৰাজাৰ দৃষ্টান্ত যত গুৰুতে বুজিবা।
কলিৰ যতেক দোষ পাপকে জানিবা॥
কলিৰ আছিল যত ৰাজ অলঙ্কাৰ।
ৰজাক ভৰিয়া দেখি খসাইলন্ত গাৰ॥
গুৰুদেব নাম ভক্ত জানে যিটো নৰ।
পাপ অলঙ্কাৰে তেবে বেৰে নিৰন্তৰ॥
পাপ যেবে থাকয় অধৰ্ম্মে লৈবে ৰাজ।
এতেকেসে কহিলোহো ভকতিৰ বাজ॥
হেন শুনি পাছে পাছে তৈব অস্তৰিল।
পাপীৰ শৰীৰে গৈয়া নিবাস কৰিল॥

[ ৪৭ ]

নিগ্ৰহিয়া পাপক দেশৰ বাজ কৈলো।
মহা মুখ্য পদ পাবে ভকতক দিলো॥
কলিৰ দৃষ্টান্ত আবে এহি মানে থওঁ।
ভাগৱত কথা শুনা আতপৰে কওঁ॥
সাগৰত থাকে যদি মহাৰত্ন ছয়।
তেবেকি শামুকে তাত নকৰে আশ্ৰয়॥
ইহাৰ দৃষ্টান্ত শুনা সমাজিক জন।
গুৰুকে সাগৰ কহে নামেসে ৰতন॥
হীৰা ৰত্ন ভকতক বোলে দেখা আকে।
শামুক বুলিয়া কৈলো আন দেবতাকে॥
গুৰু সমুদ্ৰত জানা বিয়াহ কলাই।
অন্য দেৱ পূজি ভৈলা শামুক পৰাই॥
মোৰ মহা প্ৰিয়তম ভক্ত সিটো আতি।
তথাপিতো দেখা তাৰ কেন ভৈলা শাস্তি॥
বসুমতি ধৰ্ম্মক কৰিলা নমস্কাৰ।
চলি গৈল ৰাজা পাছে ঘৰ আপোনাৰ॥
ইটো পৰমাৰ্থ তত্ত্ব এহিমানে গৈলা।
কৃষ্ণৰ কথা অমৃতক পুনু কৈবে লৈলা॥
কৃষ্ণ সূৰ্য্য নাম ধৰ্ম্ম কৰিলো উদয়।
লোকৰ খণ্ডিলো সংসাৰৰ দুখ ভয়॥
কৃষ্ণৰ একান্ত ভক্ত কৰিয়া নিস্তাৰ।
তেবেসে বৈকুণ্ঠ যাইবা বৈলো সাৰে সাৰ॥

[ ৪৮ ]

সবাকো জীয়াইলা মহা অমৃত ঔষধ।
হেন নাম নধৰিয়া আত হোৱে বধ॥
অজামিল মহা পাপী যম দুতে নেই।
নাম লৈল মাত্ৰ তাক ৰাখিলেক গই॥
নাৰায়ণ নাম দ্বিজে লৈলে যেতিক্ষণ।
যমৰ এৰাইলা হাত ছুৰিয়া বন্ধন॥
তাক মৰা বুলি দেখা নামে জীৱইলন্ত।
ইদানীক সাক্ষী আবে লৈয়ো ইঠানত॥
ৰঘুপতি ৰজকৰ শুনা কহো কথা।
গৃহে মৰি আছে ভক্ত দেখিলেক তথা॥
ভক্ত সমে আমি তাৰ গৃহে গৈলো লৰি।
সবেও দেখিলো সিটো আছে পৰি মৰি॥
ভক্ত সকলৰ নাম লৈয়া দিলা ডাক।
জাগিয়া বসিলা পাছে লভিয়া শ্ৰেষ্টাক॥
দ্বিতীয় দিনৰ পৰা, তভো সিটো জিলে।
নামৰ মহিমা বৰ সবেয়ো দেখিলে॥
সৌনকাদি মহা মহা মুনিগণ যত।
মধ্য কৰি সুতক যে আসন দিলন্ত॥
অপবিত্ৰ সুত তেহো মহা অকুলীন।
চাৰিয়ো জাতিত কৰি সিটো বৰহীন॥
তথাপিতো শুক দেৱে তাঙ্ক আদেশিলা।
ঋষি সমজ্যাত তভো আশ্চাৰ্য্য পাতিলা॥

[ ৪৯ ]

ইঠাৱৰ ভক্ত সব ঋষি সম সব।
আমাক জানিবা সেই শুক পটন্তৰ॥
মাধৱ বান্ধৱ আদি ভকত আছয়।
একান্ত ভকতি কহি ছেদিলো সংশয়॥
শূদ্ৰ বুলি লোকে মোক কৰে উপহাস।
ব্ৰহ্মাৰো বাঞ্ছনি জন্ম তাকো কৰে নাশ॥
কহিলো সমস্ত ইটো মোহোৰ ব্যৱস্থা।
যাতে তাতে নকহিবা সাধে ইটো কথা॥
তাক পাইলে দৈৱকীৰ পুত্ৰকো নোশুধি।
আমাত কৰিবে লোকে ব্ৰহ্ম হেন বুদ্ধি॥
আপোনাকে মই আকে ভাণ্ডিলো আপুনি।
নমানিবে ইটো দুষ্টে ইটো কথা শুনি॥
বুলিবেক শূদ্ৰে ইটো কৱে কৈৰ কথা।
দশম কন্ধক চাই দেখিয়োক তথা॥
বৃন্দাবন বিপ্ৰ সব আৰু কংস দেখা।
ক্ৰমে শিশুপাল জৰাসন্ধ লোৱা লেখা॥
শ্ৰীমদে কৃষ্ণক নমানি ভৈলা অন্ধ।
নাৰায়ণে দেখি তাৰ ছেদিলন্ত কন্ধ॥
কৃষ্ণকে নসহে দেখা আন কোন হয়।
স্বভাৱে কলিৰ লোক মলীন নিশ্চয়॥
ইটো মানবীক ৰূপ আমি আছো ধৰি।
চাৰি অস্ত্ৰ হাতে লৈ যদি ৰাখে হৰি॥

[ ৫০ ]

তাহাকো নমানি যিটো পাপী ৰণ্ড।
আমাক মানিবেকিক পৰম পাষণ্ড॥
এহি হেতু মোক অংশ বুলিয়া কহিবা।
নিপুণ যিজন ভক্ত তান্ত নভাণ্ডিবা॥
অপবিত্ৰ বুলি জানা সুতকে কহন্ত।
শুকৰ প্ৰসাদে তাৰা পবিত্ৰ ভৈলন্ত॥
ইদানীক অপবিত্ৰ শুনা সৰ্ব্বজন।
মোহোৰ কৃপাত ভৈল ভকত গহন॥
মিৰী আহোম আদি ভোট যে যৱন।
কছাৰী সহিতে অপবিত্ৰ ছয়োজন॥
আত অনন্তৰে আৰু শুনা নিৰন্তৰে।
মহা মহা পাপ আক স্মৰণতে হৰে॥
পলাই মৃগ গোট যেন বিজুলী ছটক।
তাৰ পাছ লাগি ৰাজা খেদন্ত ঘোটক॥
মায়া তাৰ ঘোটক ইন্দ্ৰিয় পশুগণ।
দেহকে অৰণ্য বুলি কহে সাধুজন॥
ব্ৰহ্মক লাগিয়া যদি জীৱ কৰে খেদ।
তাকেসে বোলয় সৃজনতো তত্ত্ব ভেদ॥
মহা প্ৰেমযুক্ত হৈয়া পুছিলা নৃপতি।
কৃষ্ণ কথা পান কৰি ভৈলন্ত তৃপীতি॥
ক্ষুধায়ে তৃসায়ে যিবা ৰাজাক পিড়ীলা।
শুকদেৱে সেই মন বাঞ্ছিত পুৰিলা॥

[ ৫১ ]

গুৰু মুখে পীয়া লোক কৃষ্ণ কথামৃত।
মোহ মায়া তৰয় হোৱয় কৃত্য কৃত্য॥
গুৰু শিক্ষা স্মৰি তাতেসে নমাতিল।
ক্ৰোধে শৃঙ্গি বুলি জানা তাহাকে কহিল॥
জ্ঞান মৰা সাপক নৃপতি দিলা আসি।
মনে ভৈল তক্ষক যে কহিলো প্ৰকাশি॥
ভিন্ন দেহা গোটাক বুলি আবে চাই।
গুৰু ভৈলা শুক মনে ছোৱা অবগাই॥
চিন্তা মোহ জৰি জানা লোভে ভৈল দ্বিজ।
অঙ্কুশি আক্ৰোশ পুত্ৰ ভাৰ্য্যা বিষ বীয্য॥
গৃহৰ অশুভ যত মিলয় কন্দল।
খণ্ডিয়া বুলিয়া কৈলো ইসব সকল॥
ৰাম নাম,ঔষধক বৈদ্যে তাক দিলা।
জন্মেজয়ে আতি সন্ত সএক পাতিলা॥
অথৰ্ব্বেদ দিয়া বিপ্ৰ যত নিৰন্তৰ।
গুৰু বুলি তাসম্বাক দিলো পটন্তৰ॥
সংসাৰৰ তিনি তাপ-ঐত ভৈল সাপ।
শুদ্ধ সত্ব ধৰ্ম্ম ভষ্ম কৰো মই পাপ॥
গুৰু শিক্ষা ধৰণকে ধনু বুলি কয়।
ইন্দ্ৰকে ব্ৰহ্মাণ্ড বুলি জানিবা নিশ্চয়॥
পুৰুষৰ শৰীৰত আছে পাপ যত।
নাদ অগ্নি দহি ভষ্ম কৰয় সতত॥

[ ৫২ ]

সেই পাপ সৰ্প দেহে ব্ৰহ্মাণ্ডে আছিল।
নাম অগ্নি পায়া দুইকো দহিয়া পেলাইল॥
সৰ্পকে ইন্দ্ৰকে যিটো নিৰ্ভয় দিলন্ত।
বৃহস্পতি ৰূপে আসি হৰে ৰাখিলন্ত॥
এতেকে সে বাৰে বাৰে দেৱ ত্ৰিনয়ন।
আগম বিহিয়া ধৰ্ম্ম কৰিলা উচ্চন্ন॥
পাষণ্ড সবৰ বঢ়াৱন্ত গৰ্ব্ব মদ।
এতেকেসে মহন্তৰ বুদ্ধি কৰে ভেদ॥
বৈষ্ণৱৰ প্ৰতিবন্ধ তাতে সে আছৰে।
পাষণ্ড মতক সদা ৰক্ষা কৰে হৰে॥
সমাজিক জন ইটো কথাক শুনিয়ো।
এক চিত মনে হৰি গুৰুক ভজিয়ো॥
মৃত্যুকালে পৰিক্ষীতে পাইলা গুৰু লাগ।
পূৰ্ব্বজনমৰ তাৰ আছে মহাভাগ॥
মণি মাধৱৰ পাৰিষদ আছিলন্ত।
অহৰ্নিশে হৰি পদ সদায়ে সেবন্ত॥
একদিনা পৰোক্ষ যে বৈকুণ্ঠে আছন্ত।
লক্ষ্মীক ক্ৰীড়ন্তে প্ৰভো তৈতে দেখিলন্ত॥
ক্ৰোধে লক্ষ্মী বোলে আৰ বোলো তোক।
কদৰ্থিলি পাপী কিক তই আবে মোক॥
হেন শুনি পৰোক্ষৰ ধাতু গৈল উৰি।
স্তুতি কৰি ৰহিলা তাহাত কৰ যোৰি॥

[ ৫৩ ]

কৰিলা অনেক তুতি পৰি দণ্ডৱতে।
হেনয় কাকুতি তাৰ শুনি মনিমন্তে॥
লক্ষ্মীক বোল তয় কি কাম কৰিলি।
অনাদোষে ভকতক কিসক সাপিলি॥
মনিমন্তে বোলে তোক দেঁৱো সুপন্থ।
যিটো ভাগৱত নাৰায়ণে কহিবন্ত॥
শুক হেন নাম মোৰ হৈবে জগতত।
মহা ভাগৱত গ্ৰন্থ লভিবো ব্যাসত॥
তই জন্মি বিহি যাই পাণ্ডৱৰ ঘৰে।
গৰ্ভতে ৰাখিবে গদা ধৰি দামোদৰে॥
মহাপুৰুষক তৈতে পাবি দৰশন।
ভাগৱত প্ৰচাৰিতে মোৰ আছে মন॥
কৃষ্ণ পৰশনে তোৰ হৈবে সৰ্ব্ব সিদ্ধি।
ভাগৱত সাগৰত পাইবি নব নিধি॥
হুইবে পৰিক্ষীত নাম পৃথিবীৰ পতি।
দশোদিশে ব্যাপিবেক তোহোৰ ভকতি॥
তোৰ মোৰ সম্বাদত হিত হুইবে বৰ।
তাক শুনি লোকৰ গুছিবে কৰ্ম্ম জৰ॥
পাৰি বৈকুণ্ঠক সিদ্ধি হৈবে তোৰ কাম।
তোৰ মোৰ চৰিত্ৰক গাইবে কৰি নাম॥
এহি বুলি পৰোক্ষক মৌন হুয়া ৰৈল ৷
মনি মাধৱৰ কথা এহি মানে গৈল॥

[ ৫৪ ]

অমৃত তোধীতি ইটো কথা মহা ৰত্ন৷
সাধু সঙ্গ লৈয়া এবে কৰা সবে যত্ন॥
দুৰ্ঘ্যোৰ কলিত তেবে তৰিবাহা সুখে।
সৎসঙ্গ লভিয়া নাম গাই ফুৰা মুখে।
আত অনন্তৰ আৰ শুনিয়ো সম্প্ৰতি।
দ্বিতীয় কন্ধৰ কথা শুনা একমতি॥
বিশ্বামিত্ৰ পৰাশৰ আদি মনিগণ।
জল বায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন॥
কামিনী জনৰ মুখ পদ্ম সুললিত।
তাক দেখি তাৰা সবো হোৱয় মুহিত।
কোনবা কামিনী কাৰ মনক মোহয়।
বাক বুলি মুনি তাৰ শুনিয়ো আশয়॥
জিতেন্দ্ৰিয় হৰকো কামিনী মুহিলন্ত।
অনন্ত কৃষ্ণৰ মায়া কোনে পাৱে অন্ত॥
ৰাম নাম ভাস্কৰ যে আদি ভক্তগণ।
তেসেম্বো অহিত মুনি শুনা সৰ্ব্বজন॥
বেদ শাস্ত্ৰ তাৰা সবে জানে যত যত।
জল বায়ু পত্ৰ তাক বুলিয়া কহন্ত॥
ভকতৰ কামিনী বুলিয়া গুৰুজন।
মুখ-পদ্ম বুলি কৃষ্ণ চৰিত্ৰ কীৰ্ত্তন॥
ভকতৰ কামনাক গুৰু সে পুৰন্ত।
এতেকে কামিনী জানা গুৰু সে বোলন্ত।

[ ৫৫ ]

শ্ৰবণ কীৰ্ত্তন আক এক কৰা অনুক্ষণ৷
পৰম অমৃত ইটো কথা বিতোপন॥
ইটো সৰ্ব্বশাস্ত্ৰ সাৰ ভক্তৰ সৰ্ব্বস্ব।
অমৃততো ধীক ইটো কৃষ্ণ কথা ৰস॥
দ্বিতীয় কন্ধৰ শঙ্কা এহি মানে থওঁ৷
ষষ্ঠ কন্ধ শঙ্কা কিছু আতপৰে কওঁ॥
অজামিল ব্ৰাহ্মণৰ শুনা কওঁ কথা।
পূৰ্ব্বজন্মে তেহো যিবা আছিলেক তথা॥
সুধামতি নামে জানা ভক্ত মহা দ্বিজ।
মহাশান্তি সুচ্চৰিত্ৰ আছে ভাৰ্য্যা নিজ॥
চতুৰ্থ হাজাৰ যুগ আৰাধিলা হৰি।
ভাৰ্য্যা সমে দুয়ো মহা কষ্ট ব্ৰত কৰি॥
তাৰ পাছে প্ৰভো পাছে দেখাদিলা আসি।
বিপ্ৰক বুলিবে লৈল বাক্য হাসি হাসি॥
কিবা কাৰ্য্যে আমাকে আরাধ্য দ্বিজবৰ।
হেন শুনি বিপ্ৰে পাছে দিলন্ত উত্তৰ॥
অপুত্ৰক পুত্ৰ দান দিয়ো নাৰায়ণ।
পুত্ৰ দান দিয়া মন কৰিয়ো পুৰণ॥
তোমাৰ সদৃশ এক গুটি পুত্ৰ হোক৷
কৃপা কৰি হৰি দিয়া এহি দান মোক॥
হৰি বোলে ব্ৰাহ্মণ পুৰিবো তোৰ কাম৷
মৎস্য কুৰ্ম্ম নৰসিংহ আদি দশ নাম॥

[ ৫৬ ]

ইসবৰ অংশে তুমি পুত্ৰক লভিবা।
মোৰ নিজ শক্তি নাৰায়ণত ৰহিবা॥
তাম্বুল স্বৰূপে যাইবা দেখিবা আপুনি।
মোক পূজিবাক থৈয়া ভুঞ্জিবা ব্ৰাহ্মণী॥
তাৰ এক শুবা থাকিবেক অৱশেষ।
পূজিবি বিষ্ণুক তাক কৰিয়া বিশেষ॥
নব গুটি গুৱা নপাই ওপজিবে কোপ।
ক্ৰোধ কৰি ভাৰ্য্যাক যে দিবা পাছে শাপ
সনাতন সতানন্দ নামে ৰাম দাস।
হৰি ৰাম স্মৰণে অচ্যুতৰ বাস॥
লক্ষ্মী কমলাকান্ত একজন পদ্ম।
নৱ নামে নৱ যাইবে কৰি ছদ্ম॥
বয়সেৰ গুৱা আদি দিবি ঈশ্বৰক।
তেবে পুত্ৰ পাইবি নাৰায়ণ মাধৱক॥
গো বধ ব্ৰহ্মবধ পাপ আছৰিবি।
চুৰ কৰি ডকা দিয়া বেশ্যাক পূজিবি॥
ধৰি তোক যমদূতে বান্ধি দৃঢ় কৰি।
ডাকিবি পুত্ৰক তই নাৰায়ণ স্মৰি॥
ৰাখিবেক তোক আসি চাৰি পাৰিষদ।
বৈকুণ্ঠক যাইবি তই তৰিয়া আপদ॥
যথাৰ্থ পতিত পাপী পৰম দুৰ্ব্বোধ।
নাৰায়ণ নাম স্মৰি ভৈল সিটো শুদ্ধ॥

[ ৫৭ ]

পাপৰ ভাণ্ডাৰ মহা পাতক দুৰ্ঘোৰ।
হৰিল সমস্ত নাৰায়ণ নামে চুৰ॥
ইটো পৰমাৰ্থ প্ৰসঙ্গৰ কথা গৈল।
অষ্টম কন্ধৰ শঙ্কা শুনা যেন ভৈল॥
শ্ৰৱণ কীৰ্ত্তন আক কৰা সৰ্ব্বদাই৷
ভকতৰ পৰম সৰ্ব্বস আন নাই॥
শুনা সভাসদ পদ মহা ভাগৱত॥
যত অৰ্থ গুঢ় শঙ্কা দেখিয়ো দেহত॥
তিনি তাপ বহ্নি ইটো সদা হৃদি দহে।
বন্দি ভৈল যত লোক পৰিয়া বিমোহে॥
ইন্দ্ৰে বুলিলন্ত যেনে ব্ৰহ্মাৰ আগত।
শুনা প্ৰজাপতি মোৰ কথা ভৈল যত॥
দেখা দেখা ব্ৰহ্মা মোৰ কেন দিন পাতি।
বোজাৰ ওপৰে যেন দিল আক আঁটি॥
ইহাৰ আশয় শুনা সমস্য়ে সমাজে।
তাত্ পৰ্য্য কথা আক বোলে এহি কাজে।
কোন বোজা প্ৰজাপতি শুনা এক মনে॥
বেদে মোহ পাশ আৰু শ্ৰবণ কীৰ্ত্তনে।
দেহ গোটে পাছি বোজা পুত্ৰ ভাৰ্য্যা ছয়৷।
তিনি তাপে ভৈল আক আঁটিব আনয়॥
কাম প্ৰজাপতি দেৱতাতে ইন্দ্ৰিগণ।
মহা জ্ঞান বোধ কৰে তিলকে উচ্ছন॥

[ ৫৮ ]

হাতে নমাৰিয়া কাক মাৰিলন্ত ভাতে।
কহিলন্ত ব্ৰহ্মা যেন সবে দেৱতাতে॥
ব্ৰহ্মা কৃষ্ণ যৱনক হাতে নমাৰিল।
ভাণ্টা ভৈল মচুকুণ্ড তাহাক বধিল॥
গুৰু কৃষ্ণ শৰীৰৰ বাসনা যৱন।
শিখা ভাত দিয়া তাক কৰিলে উচ্চন্ন॥
আপদে মগন হৈয়া যেন কোন জন।
অধম ছাগৰো দেখা পখালে চৰণ॥
ছাগ যিবা জন আবে শুনা তাৰ কথা।
ব্ৰহ্মকে বুলিয়া ছাগ জানিবা সৰ্ব্বথা॥
দেহত বিচাৰি আবে দেখা সমস্তক।
গুৰু পাৱে দিয়া চিত্ত দমিয়া মনক॥
যিটো ঘৰ জজ্ঞা ইটো তিনিয়ো একটা।
তাৰ কথা কহো শুনা বাৰ যিবা বেটা॥
প্ৰথমৰ বৰ জজ্ঞা পুত্ৰ এক ভৈল।
তাক নিয়া একজন ঘৰত ছুপাইল॥
তাহাৰ তনয় আৰু ভৈলা অন্তৰে।
সেহিমতে দিল নিয়া গৃহস্থৰ ঘৰে॥
ধনে ধান্যে আঢ়্যৱন্ত ভৈল সিটো পাছে।
এক ক্ষুদ্ৰ আধে ৰান্ধিলেক তাৰ কাছে॥
তপ, যপ, যাগ তিনি ঘৰ জজ্ঞা ভৈলা।
এহি তিনি বিধ ব্ৰাহ্মনানি সুখী কৈলা॥

[ ৫৯ ]

সেহি থান মধ্যে এক শৱ পৰি আছে।
নখাৱয় গৃধ্ৰে তাক হেন দেখি পাছে॥
সেই পথে এক বিপ্ৰ চলন্ত হৰিষে।
মাতিলন্ত গৃধ্ৰে যেন অমৃত বৰিষে॥
আমাৰ বচন শুনা তুমি দ্বিজবৰ।
এহি শৱ গোট ফেলি দিয়োক সত্বৰ॥
অমাতৰ মাত সবে কহো তোত আমি।
শৱ অন্তৰাই বাপ দিয়ো আবে তুমি॥
গৃধ্ৰৰ বচন শুনি বিপ্ৰে মনে গুণি।
পেলাইলা টানিয়া হাতে হেন শুনি॥
কহিলন্ত অমাতৰ মাত তেবে পক্ষী৷
ইটো কথা আনত নকৈবা তুমি সখী॥
কহা যদি তেতিক্ষণে হুইবে তযু মৃত্যু।
এহি বুলি গৈলা দ্বিজ কহি তাৰ হেতু॥
পৰুৱা পিম্পৰা আদি যত বাক্য ভাসে।
সবাৰো মাতক সিটো কহে অপ্ৰয়াসে॥
একদিনা তাত পাছে পুছিলা ব্ৰাহ্মণী।
ইসব কথাৰ স্বামী কহিয়ো কাহিনী॥
পৰম বিচিত্ৰ ইটো কথা পাইলা কৈত।
কহিয়োক কথা ইটো শিখিলাহা যৈত॥
দ্বিজে বোলে কথা শুনা মোৰ প্ৰিয়া।
কহো কথা সত্যে তুমি আত মন দিয়া॥

[ ৬০ ]

কহিলো মাত্ৰকে মোৰ মৃত্যু হুইবে এথা।
সুমৰন্তে ত্ৰাস লাগে কৈবো কিবা কথা॥
হেন শুনি বিপ্ৰ পাছে কৰি মন থিৰ।
এৰাইবে নপাৰি চলি গৈলা নদী তীৰ॥
চিতা খান সাজিলেক অগ্নিক জ্বালিয়া।
বোলে যদি মৰো মই দিবা তুলিয়া।
নদী পাৰ হৈয়া পাছে আইলা এক ছাগ।
কোনবা জন্মৰ তাৰ আছিলেক ভাগ॥
সিপাৰৰ পৰা তাক মাতিলন্ত ছাগি।
আমাক তেজিয়া তুমি গৈলা কৈক লাগি॥
আপুনি আসিয়ো বুলি ছাগ মাতিলেক।
পুনু গৈলে মোৰ জানা মৰণ হৈবেক॥
স্ত্ৰীৰ বচনে ইটো মৰে মন্দ ভাগি।
কেন কোন জনে কটা যাই গৈয়া মাগি ॥
অদ্যাপিত খেদে গৈয়া ছাপৰেক দিয়া।
নিন্দিল অনেক ছাগে তাহাক হাসিয়া।
ছাগৰ বচন শুনি বিপ্ৰে মনে গুনি।
তিনি গোটা কলিতাইক দিলা হেন শুনি॥
মোক প্ৰাণ দান বাপ দিলা তুমি আসি।
মই আবে কিবা দিবো বুলিলন্ত হাসি॥
কৰিলা মিনতি আৰু দণ্ডৱতে পৰি।
তেতিক্ষণে তাৰ চিন্তি গৈল কৰ্ম্মজৰি॥

[ ৬১ ]

অনন্তৰে পখালিয়া চৰণৰ ধূলি।
মাঠাত চড়াইলা নিয়া পাদোক-তুলি॥
আৰ অৰ্থচয় আবে শুনা নিৰন্তৰ।
ইহাক শ্ৰৱণে পাই পাৰ সংসাৰৰ॥
যিবা কৰ্ম্ম কান্তি বিপ্ৰে শৱ ঠেলিদিল।
সেই দ্বিজ বুলি শুনা গুৰুতে ঘটিল॥
বাসনাক শৱ বুলি শুনা সৰ্ব্বজন।
ইসব কথাৰ আবে কহিবো কাৰণ॥
গুৰু সেউৱা বোধেসে বাসনা ক্ষয় যাই।
সখা গৃধ্ৰে ভুঞ্জি তাক কৰিলেক ঠাই॥
অমাতৰ মাত যত গৃধ্ৰে কহিলন্ত।
কৃষ্ণৰ নামক শাস্ত্ৰ মাতে বুলিলন্ত॥
তৰ্পনাদি শুনা তাৰ যত ব্ৰহ্মচৰ্য্য৷
তাকেসে পিম্পৰা বুলি শুনিয়ো আশ্চৰ্য্য॥
তহিৰ কথাক আবে এহি মানে থওঁ।
ব্ৰাহ্মণ ব্ৰাহ্মণী যিবা তাৰ কথা কওঁ॥
মনক পুৰুষ বুলি স্ত্ৰী তাৰ বুদ্ধি৷
কিনা ভৈল মহা বোধ কৰিলো শুদ্ধি॥
চিতাখান দেহ ইটো অনৰ্থৰ ঘৰ।
হেন দেখি ভৈলা খেদ মনে ব্ৰাহ্মণৰ॥
জ্ঞানে পাত্ৰ প্ৰেমে জল তাহাতে ভৰিলা।
সেহি জলে অজৰ যে পদ প্ৰক্ষালিলা॥

[ ৬২ ]

মহামায়া প্ৰকৃতিকে বোলয় ছাগিণী।
পাৰ ভৈল নদী সিটো ইন্দ্ৰিয়ক জিনি॥
সংসাৰকে নদী কয় জানা সাৰে সাৰ।
মাতিলেয়ো ব্ৰহ্ম দেখা নকৰিলে পাৰ॥
ছাগ ছাগিনীৰ যত দিলো পটন্তৰ।
আপোনাৰ দেহে দেখা বাস ইসবৰ॥
কাল শত্ৰু কান্ধে কাক লৈলে কোনজন।
শুনা সভাসদ তাৰ কহিবো লক্ষণ॥
দেখা কৃষ্ণে সুদামাদি গোপক বহিল।
জিনিয়া কৃষ্ণক তৈত কান্ধত চড়িল॥
শত্ৰুক পাৰিয়ো আবে কৰিয়ো নিজস্ত্ৰ।
তৰিবা কলিত যেবে যপা নাম মাত্ৰ॥
ছয় উৰ্ম্মি মহা শত্ৰু জানা নিস্ত কৰি।
ইটো বৈৰী সব ফুৰে কান্ধে দিয়া ভৰি॥
যেবে গুৰু শিক্ষা সিটো ধৰে শুদ্ধ ভাৱে।
সকল ইন্দ্ৰিয় তাৰ এৰিয়া পলাৱে॥
কুলন চৰিত্ৰ আবে শুনা দুৰ্জ্জনৰ।
পাৱে বন্দি কান্ধে চড়ে অধম পামৰ॥
কহো মহা মুনি এক আছিলেক পূৰ্ব্বে।
মুমুক্ষক বিদ্যা দূৰ গৈলা তৈক তেবে॥
মহা ধূৰ্ত্ত বিদ্যাধৰে ধৰি ঋষি বেশ।
চাতু নাটু কৰি বাক্য বোলয় বিশেষ॥

[ ৬৩ ]

কৰন্ত কাতৰ তান চৰণত ধৰি।
নজানয় ঋষি তাক গৈলা ছদ্ম কৰি॥
কপট বোলন্ত যত মানে আলোচিয়া।
বুলিলা বচন ঋষি দায়ায়ে চাহিয়া॥
সাধিবোহো কাৰ্য্য বুলি মনে কৰে ৰঙ্গ৷
তুমি কোন মুনি দেখো খোজা মোৰ সঙ্গ॥
আলিঙ্গিয়া তাত পাছে ধৰিলা সাবটি।
সিটো বিদ্যাধৰ বৰ পৰম কপাটি॥
সখি বুলি বিদ্যাধৰে তাঙ্ক ধৰিলন্ত।
হেন দেখি তাত পাছে বাক্য বুলিলন্ত॥
তুমি আসা আবে বসি কৰো দুয়ো ধ্যান।
বসিলন্ত দুয়ো পাছে ব্ৰহ্মে দিয়া জ্ঞান॥
যেবে ঋষি মন গৈয়া লাগিল ব্ৰহ্মত।
তেবে বিদ্যাধৰে যাই চড়িলা কন্ধত॥
দুৰ্জ্জনৰ ভাৱ কেন দেখিয়োক তথা।
মুনি সকলক হেন কৰয় অবস্থা॥
হৰি পূজা বস্তু যত ঋষিৰ আছিল।
চাউল পাই তাক পাছে তাহাক ভুঞ্জিল॥
সমাধি ভাগিল ঋষি তাহাতে পুছিল।
আমাৰ তণ্ডুল সখি কেনে নেজানিল॥
হেন শুনি বিদ্যাধৰে গলে ধৰি বান্ধি।
অনেক কৰিলা স্তুতি আৰু কান্দি কান্দি॥

[ ৬৪ ]

ধ্যানত জানিলা পাছে তাৰ কথা ঋষি।
মোক ছদ্ম কৰে দেখো বিদ্যাধৰে আসি॥
ঋষি নুহি ইটো বিদ্যাধৰ মহামন্দ।
মায়া কৰি ঋষিৰূপে কৰে চণ্ড বন্ধ॥
মোৰ কান্ধে চড়িবাৰ দিবো আজি ফল।
ৰাক্ষস যোনিক চল পাপীষ্ঠ নিৰ্বল॥
শুনিয়া সুতুস্ম পাছে তান পাৱে ধৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥
দিয়ো শাপ অন্ত বাপ মোক মুনিৰাজ।
মই মহা পাপীবৰ কৰিলো অকাজ॥
কাকুতি দেখিয়া ঋষি ভৈলেক প্ৰসন্ন।
শুন বিদ্যাধৰ তই অধম দুৰ্জ্জন॥
মাৰীচ নামত তই লঙ্কাত জন্মিবি।
ৰাম শৰে পৰি পুনু স্বৰ্গে চলে যাবি॥
ইহাক বিভাগ কৰি দেওঁ আবে লেখা।
আপোনাৰ শৰীৰতে সমস্তকে দেখা॥
গুৰু চলা কান্ধ শিক্ষা ৰাক্ষস শিষ্যৰ।
বিমৰিষ কৰি ছোৱা কথা গুঢ়তৰ॥
চাউল ৰত্ন মহাধন লভি গুৰু মুখে।
অপাৰ সংসাৰ সিন্ধু তাৰৈ মহাসুখে॥
হেন বস্তু পায়া গুৰু নিন্দে যিটো জন।
কান্ধে চড়া তাকে বুলি সেহিটো দুৰ্জ্জন॥

[ ৬৫ ]

অবিশ্বাসে যিটো জনে গুৰুক পাৰ্থয় ৷
পাৱে বন্দা বুলি তাক কহিলো নিশ্চয়॥
শুনা সভাসদ ইটো ভাগৱত মত।
ৰামকৃষ্ণ নাম সদা নেৰিবা মুখত॥
ৰাম কৃষ্ণ নামেসে চিন্তয় মায়া বন্ধ।
জানি নাম লয়ো সবে কৰিয়া প্ৰবন্ধ॥
সাধু সঙ্গ বিনে আক কহিতো নপাই।
এক চিতে ফুৰা নাম হৃদয়ে ধিয়াই॥
বিষয়ৰ যত সুখ এৰা মোহ পাশ।
কৃষ্ণৰ চৰণ মাত্ৰ কৰিয়া বিশ্বাস॥
দুৰ্ঘোৰ যাতনা দুখ সব মনে স্মৰি
হৃদয়ে চিন্তিয়ো সদা হেন মহা হৰি॥
পৰম অমূল্য ইটো হৰিভক্তি ৰত্ন।
সাধুৰ সঙ্গত আক কৰি লৈয়ো যত্ন॥
শ্ৰৱণ কীৰ্ত্তন ইটো ভকতি প্ৰধান।
সাধুসঙ্গ বিনে নাহি উৎপত্তিৰ থান॥
অনাদি জন্মৰ পাপ সংঘৰয় নামে।
হেন নাম নলৈয়া মৰয় কোন কামে॥
অসাৰ সংসাৰ মুখে আতে মন মজি৷
মায়া মোহে বন্দি ভৈলে তোমাক নভজি॥
চিত থিৰ কৰি মন দিয়ো কৃষ্ণ পাৱে।
কাল অজগৰে নতু নতু ধৰে ৰাৱে॥

[ ৬৬ ]

যাহাৰ মুখত ৰাম নাম প্ৰকাশয়।
যম কাল মায়া মৃত্যু কাকো নাহি ভয়॥
হেন জানি যতনে তেজিয়ো আনকাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম॥

⸻⸻

ছবি।

আত অনন্তৰে আবে,  শুনিয়োক কথা সবে,
 সৰ্পৰ মুৰ যেন কথা।
অম্ৰাৱতী পুৰে এক,  আছিলেক বুঢ়া গোম,
 বলিতাক যেন কৈল তথা॥
মহামন্ত্ৰ বলি বৈদ্যে,  ফেটিক ভৰায়া তাত,
 থৈলা মহাযত্ন কৰি বান্ধি।
সপুত্ৰ বান্ধৱে তৈতে,  সুখে তৈতে ফুৰেচৰি,
 দেখি সৰ্প মাতে কান্দি কান্দি॥
শুনিয়োক কহো মুশ, আপদে উদ্ধাৰা মোক,
 কৰা তুমি আমাক উদ্ধাৰ।
অনেক কাকুতি কৰি,  বোলন্ত তাহাৰ আগে,
 কৈত মিত্ৰ ফেটিৰ আমাৰ।
ফেটিৰ কাতৰ শুনি,  কাটি বান্ধ তেতিক্ষণে,
 কৰিলা তাহাৰ তেবে বাজ৷

[ ৬৭ ]

অনেক দিনৰ ক্ষুধা  পেতত মগনি জলে,
 কামোৰ দিলেক গল মাজ॥
সবংশকে খাইলে খেদি  কৈলোকো বৃত্তান্ত তাৰ
 গৰ্ত্ত পশি যত পাইল মানে।
সৰ্পৰ মুশৰ যত,  কহিলোহো কথা ইটো,
 দেহতে দেখিয়ো বিদ্যমানে॥
ভকতেসে ফেটিজান,  ভৈলা বেদে আবৰণ,
 আগমে ভৈলেক ৰজু গাছ।
মহা ধৰ্ম্ম গোমময়  আমি জানা মুশ প্ৰাই,
 ইটো কথা কৈলো সাঞ্ছে সাঞ্ছ॥
শক্তি তাৰ দন্তগণ,  ফেটি কাটি কৈলা চন্ন,
 গোম ধৰ্ম্ম ভৈলেক উদাস।
সেহি গোমে লাগ পাই,  তেজ মাংস চুসি খাই,
 শুদ্ধ সত্ব ৰৈল মোৰ বাস॥
যিবা হেতু ভক্ত পেৰা,  শুনা কহো তাৰ উৰা,
 আনে ৰাখিবাকন পাৰন্ত।
শিব ভক্ত মহাবৰ,  তেন্তে জানা পেৰা দৃঢ়,
 হৰি হৰি অভেদ দুই হন্ত॥
ভকতৰ ইন্দ্ৰিগণ,  খাই সবে কৰে চন্ন,
 হৰি ভক্তি গোম মহা চণ্ড।
যত দুষ্ট দুরাশয়,  পাষণ্ড সকল ছদ্ম,
 মৰ্দ্দি তাক কৰিলন্ত দণ্ড॥

[ ৬৮ ]

ইসব কথাক আবে,  শুনা সভাসদ সবে,
 দিয়া হৰি চৰণত চিত্ত।
দিয়া মন আবে আত,  সংসাৰৰ পাপ যত,
 শ্ৰবণ কীৰ্ত্তন কৰা নিত॥
প্ৰেম ভক্তি ৰজ্জু যত,  নাম ভক্ত হৃদিগত,
 গোমৰূপে পশিল ভিতৰ।
ধাকন ৰাখন্তা এন্তে,  দিয়া আৰু জানা তেন্তে
 কৃষ্ণৰ সেৱাক শ্ৰেষ্টত্তৰ॥
শঙ্কৰ স্বৰূপে আসি,  তান নাম ধৰি আবে,
 মুণ্ড ভাঙ্গি গোম মেলি দিলো।
হৰি ভক্তি মহাৰত্ন,  প্ৰচাৰি সমস্ত লোক,
 সংসাৰ সাগৰ পাৰ কৈলো॥
ককাই বুলিবাৰ হেতু,  শুনা আবে সব লোক,
 সাক্ষী আমি দিবো ইসবৰ।
জাতো ধৰ্ম্ম শ্ৰেষ্ঠত্তৰ,  ককাই নাম তেবে আৰ,
 দেখা বৰ মহিমা নামৰ॥
ধৰ্ম্ম সমে সাজু ভৈলো, তাতে সাজি নাম কৈলো,
 হয়ো আসি ভৈলো একখান।
নাম অমৃতক পীয়া,  কলিৰ লোকৰ আৰে,
 সাধিবেহো সবাৰে কৈল্যান॥
শুনা আবে সৰ্ব্বলোক,  কলিত সদগতি হোক,
 কৃষ্ণ কথা শুনা এক চিতে।

[ ৬৯ ]

হৃদয়ে কৃষ্ণক ধৰি,  শুনা সবে কৰ্ণ ভৰি,
 শ্ৰৱণ কীৰ্ত্তন কৰা নিতে॥
হৃদয় পদ্মত সদা,  কৃষ্ণৰ চৰণ চিন্তি
 ৰাম নাম অভেদ কৱচ।
ভকতৰ সঙ্গ পাই,  ইটো আয়ুৰাৰ্ধে যাই,
 ৰাম নাম শাস্ত্ৰৰ ৰহস্য॥
নমো নমো হৃদিশ্বৰ,  দেৱ দেৱ মহেশ্বৰ,
 ভকতৰ দুখহাৰী দেৱ।
তাতপৰ্য্য কথা ছবি,  ৰচিলা শঙ্কৰে কৰি,
 কৃষ্ণৰ চৰণ কৰি সেৱ॥
হুয়া আতি নিশবদ,  শুনা সবে সভাসদ,
 কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ।
পৰোক পাপৰ দাম,  ডাকি বোলা ৰাম ৰাম
 হয়ো সুখে সংসাৰৰ পাৰ॥

⸻⸻⸻

ছবি।

ক্ষুধাৰ তৃষ্ণাৰ আবে শুনা যেনে গুনা।
হুই নুই মনে গুনি আৰু সবে শুনা॥
অনেক কালৰ খেদ যিহেতু আছিল।
লোক নিস্তাৰিয়া সেই ক্ষুধা সাম্ফলিলা॥

[ ৭০ ]

ভক্তি মৃত পান যাতো লোকক কৰাইলে।
তাতেসে ইহাক মই ক্ষুধা বুলি কৈলো॥
দেৱ দৈত্যে অমৃতক পাইলা যেন মতে।
প্ৰথমতে ধন্বন্তৰী উঠিলা মথন্তে॥
পৃথিবী সাগৰ ভৈল শুকে ধন্বন্তৰী।
ভাগৱত ঘট নাম মৃতে আছে ভৰি॥
মায়াযে মোহিনী দেৱে শুদ্ধ জীৱ যত।
যমৰ কিঙ্কৰে দৈতাগণ ইথাৱত॥
যেন শুকে ধৰ্ম্ম আসি কৰিলো বেকত।
মাধৱ মোহিনী আবে দেখা ইঠাৱত॥
ভাগৱত বিচাৰিয়া অমৃত মথিলো।
সেই নামমৃত মাধৱৰ হাতে দিলো॥
কৰাইবাহা বাপ তুমি সমস্ত লোকক।
নিশ্চযে বুলিলো ইটো কথা মাধৱক॥
ভকতক দেৱ বুলি মানিবা মনত।
পাষণ্ড সকলো দৈত্য জানিবা সাক্ষাত॥
অমৃত ন পাইলা দৈত্য আশা ভৈল ভঙ্গ।
পাষণ্ডে ন পাইলেক ভকতৰ ৰঙ্গ॥
যেন মতে হৰে হলা হলক ভুঞ্জিলা।
যোগ বলে বিষ দেখা নিৰ্জ্জান কৰিলা॥
সেহি মতে পাপময় বিষম বপুৰি।
ভকতৰ বাসনাৰ মাৰিলন্ত গুৰি॥

[ ৭১ ]

পাছে পাছে খেদে হৰি নাম মহাসিংহ।
মহা ভয়ে ত্ৰাস হুয়া পলাই দিয়া ৰিঙ্গ॥
হৰি নামে খেদন্ত পাপৰ পুৰী নাই।
নামে লাগ পায়া পুৰি কৰিলেক চাই॥
যিমতে কৰিলা পান বিষদেৱ হৰ।
ইসৱ কথাৰ আবে সেই পটন্তৰ॥
তযুভক্ত গোবিন্দক খাইবন্ত সাপে।
তাকো ক্ষয় কৰিবন্ত নাম মন্ত্ৰ যাইপে॥
হেন শুনি বিষ ৰাজা কৰিব ভোজন।
মহা নাম মন্ত্ৰ স্মৰি কৰিবে মোচন॥
হৰি নাম মহা অগ্নি আসি ভৈল হৰ।
হলাহল বিষৰ এহিসে পটন্তৰ॥
জিহ্বায়ে মন্দৰ প্ৰেম ভৈলন্ত বাসুকী।
তাত পাছে শুনা আৰু কথাক উৎসুকি॥
ইন্দ্ৰ শৰে পৰি যেবে মৰিলন্ত বলি।
বলৰ উঠায়া শুক্ৰে তৈকে গৈল চলি॥
দেখাবৰ আথান্তৰ মলিল বলিৰ।
লাগিল মনত দুখ দেখিয়া ঋষিৰ॥
আথে বেথে সঞ্জ মনি কৰিবে লাগিল।
কতো বেলি পাছে বলি উঠিয়া বসিল॥
কোন সঞ্জমনি ইটো নাম মহাবলি।
নাম লৈয়া যাই পাপী বৈকুণ্ঠক চলি॥

[ ৭২ ]

শুক্ৰ পটন্তৰ আবে মোক হেন জানি।
মৃত্যুক তৰিবে লোকে ইটো বেদ জানি॥
ভকতকে বলি বুলি জানা সাৰে সাৰ।
সকলো শাস্ত্ৰৰ ইটো কহিলো বিচাৰ॥
পৰম অমৃতময় কথা ভাগৱত।
জাক জানি শুনি লোকে হোৱে কৃত কৃত॥
বটু বেশে প্ৰভো দেখা আছে কেন কৰি।
বলিৰ সম্পত্তি লীলা ছদ্মৰূপ ধৰি॥
শুক্ৰে যেন মতে বিশ্বজিত কৰিলন্ত।
বলিযো যিমতে অম্ৰাৱতীক পাইলন্ত॥
স্বৰ্গ মৰ্ত্ত্য সমস্ত লোকক লৈলা জিনি।
এতেকেসে বিশ্বজিত বোলে তাক তিনি॥
ৰথ ধনু টোন বান আৰু ধজ গোট।
অগ্নিৰ মধ্যত উঠিলেক বৰ ছোট॥
দুনাই বলিক যেন শুক্ৰে উপাৰ্জ্জিল।
কুসুমকে শুক্ৰ বুলি পটন্তৰ দিল॥
তান্ত হন্তে দেখা আবে মোৰ জন্ম কৰ্ম্ম।
অগ্নিৰূপ জানা মোক প্ৰচাৰিলো ধৰ্ম্ম॥
ৰথধ্বজ টোন বান যিবা ধনুতাৰ।
চাৰিটি শৰণ ইটো দৃষ্টান্ত তাহাৰ॥
এহি চাৰি অন্ত্ৰ আমি দিলোহো তোমাক।
পাষণ্ডক জিনা আবে শুনা মোৰ বাক॥

[ ৭৩ ]

বলিৰ দৃষ্টান্ত আবে আপোনাতে বুজা।
হৃদয় পদ্মত নিতে মাধৱক পূজা॥
বলিৰ দৃষ্টান্ত দিয়া কৈলো মাধৱক।
মোৰ পদ পাইল দেখা চাৰি শৰণক॥
শুক বিনে ধৰ্ম্ম পূৰ্ব্বে নজানন্ত কেৱ।
তান মুখে লোকে পাছে চিনিলন্ত দেৱ॥
কলিৰ লোকৰ আবে শুনা মোত বিনে।
নাই নাই তৰনি নহোব একদিনে॥
শুক্ৰে বলিক যেন বুলিলন্ত তথা।
নিজম পৰিযা আবে শুনা তাৰ কথা॥
অনন্ত কন্দলি আদি কৰি বিপ্ৰ যত।
তাৰা সবে কৰে বাদ শাস্ত্ৰৰ গৰ্ব্বত॥
বামনক শুক্ৰে যেন দান দিবে নেদে।
বিপ্ৰসবো ভক্তি পন্থ নিন্দে অবিচেদে॥
শুক্ৰ বুলি কহিলোহো যত বিপ্ৰগণ।
কৃষ্ণৰ ভকতি পথ বাধে সৰ্ব্বক্ষণ॥
বলি যেন মতে দান দিলা বামনক।
সেহি মতে বুজা ইটো কথাৰ তত্ত্বক॥
কৃষ্ণৰ সেৱক যত ভকত মহন্ত।
ভক্তিৰ প্ৰদীপ বুলি মহাজনে দেন্ত॥
উৎস্বৰ্গীয়া যিবা জল বিন্ধ্যাবলী দিল।
সেহি জল পাত্ৰ বেদ মাৰ্গকে কহিল॥

[ ৭৪ ]

বিন্ধাৱলী দৃষ্টান্ত সকলো মাধৱত।
সেহি প্ৰেম জল জানা কহিলো সাম্প্ৰত॥
ইটো তৈলা বন্তিক মাধৱ তুমি দিবা।।
অজ্ঞান আন্ধাৰ যত লোকৰ খণ্ডিবা॥
ভক্তি কুশ লৈয়া চক্ষু ঘুষিবা বিপ্ৰৰ।
ধৰ্ম্মকে বুলিবা কুশ দিলো পটন্তৰ॥
সিটো নাগ পাশৰ কথাক শুনিয়োক।
প্ৰেম ভক্তি বুলি তাকে সভাসদ লোক॥
ভকতৰ বশ্য যিটো প্ৰভো ভগৱন্ত।
সেহি প্ৰেম জৰিযে যশোদা বান্ধিলন্ত॥
বিন্ধ্যাৱলী বামুনক কৰিলন্ত তুতি।
ভৈলোহো তুষ্ট মই তোহাৰ ভকতি॥
শুনা তোক বোলো আবে তোক বিন্ধ্যাৱলী।
স্বামী ভাৰ্য্যা দুয়ো হেৰা মুখ্যক চলিলি॥
বলিৰ হুইবেক আবে দ্ৰোণ বসু নাম।
তান ভাৰ্য্যা ধাৰা হৈবে অতি অনুপাম॥
সুতলত নিজৰূপে প্ৰজাক পালিবি।
দুইৰো অংশ শক্তি গৈয়া তহিত জন্মিবি॥
তপে তুষ্ট হৈয়া ৰাজা দুইকো দিবা বৰ।
তৈৰ পৰা গকুলক আসিবা সত্বৰ॥
বসু নাম গুছি পাছে হুইবে নাম নন্দ।
বৈকুণ্ঠ সম্পদ বৰ লভিব আনন্দ॥

[ ৭৫ ]

তযু নাম ভিত পাছে যশোদা বুলিবা।
মহা পুৰুষক তুমি গৃহতে লভিবা॥
যিটো পদৰজ ব্ৰহ্মাদিয়ো নপাৱন্ত।
হাততে লভিবা তুমি হেন ভগৱন্ত॥
দৈৱকীৰ ঘৰে জন্মিবন্ত গৈয়া হৰি।
ছদ্মৰূপে পুনু বামনৰ ৰূপ ধৰি॥
কংস ভয়ে বসুদেৱ থৈক তাঙ্গ নিয়া।
আনিবেক সলাই পুনু যোগ মায়া লৈয়া॥
ভাঙ্গিবেক দধি হাণ্ডি পটা পুত্ৰ হানি।
বান্ধিবা কৃষ্ণক তুমি প্ৰেম ৰজু আনি॥
শুনি হেন বিন্ধ্যাৱলী স্তুতি বিনাৱন্ত।
মোক মহা মুখ্য দিয়া প্ৰভো ভগৱন্ত॥
হেন শুনি বুলিলা বামন বনমালি।
কৰিয়ো আনন্দ সতী তই মুখ্য পালি॥
বিন্ধ্যাৱলী বৰ আবে এহি মানে থওঁ।
শুনিয়ো ইসৰ কথা প্ৰপঞ্ছিয়া কওঁ॥
সমাজিক জন আবে শুনা মন ৰঙ্গে।
একচিত্ত মনে বসি ভকতৰ সঙ্গে॥
বামনৰ বাক্য আবে সাফলিবো আমি।
ইটো সব কথাক মাধৱ শুনা তুমি॥
আৰু কথা বুলিলা বামন দেৱ হৰি।
সেই কৃষ্ণ জন্মিব শঙ্কৰৰূপ ধৰি॥

[ ৭৬ ]

কামৰূপে বড় দোৱা গ্ৰামে যাই।
তোৰা দুয়ো যাইবা ততে বুলিলো দঢ়াই॥
সত্য সন্ধ্য়া কুসুম হুইবেক দুইৰো নাম।
মোহোৰ প্ৰসাদে ভক্তি পাইবা অনুপাম॥
শঙ্কৰত হন্তে মুখ্য পাইবিহি নিশ্চয়।
হেনয় বৰক তোক দিলো আতিশয়॥
শুন বিন্ধ্যাৱলী আবে বোলো তোক আমি।
মহামুখ্য দাতা শঙ্কৰে সে স্বামী॥
মাৱ বুলি শঙ্কৰো তোমাক দিবে ডাক।
বৈকুণ্ঠক যান্তে পাছে মাতিয়া যাইবেক॥
বামনৰ বাক্য আবে এহি মানে থওঁ।
যাক বুলি তিনি পদ তাৰ কথা কওঁ॥
তিনিও ত্ৰৈলোক্য বলি পাইলা তিনি পদ।
বামনক দিয়া পাছে এৰাইলা আপদ॥
ইটো তিনি পদ মই ভকতক দিলো।
সংসাৰৰ পাৰ কৰি বৈকুণ্ঠক নিলো॥
ভকতি মুকুতি সবে পাইলন্ত সম্বুধি।
গুৰুদেৱ নাম ভক্ত মহানৱ নিধি॥
শ্ৰৱন কীৰ্ত্তন ধৰ্ম্ম কৰে মহাসুখে।
ভকতৰ ভাগ্য কি কহিবো মোৰ মুখে॥
তাসম্বাৰ মুখ যেন মহা বিপৰীত।
নামক কীৰ্ত্তন কৰি তৰিবে কলিত॥

[ ৭৭ ]

আত অনন্তৰে শুনা কথা নিৰন্তৰে।
তাক পাছে দৰিশন ভৈল বিদ্যাধৰে॥
দৈত্য বেশ ধৰি পাছে ডৰুবাইল বেৰি।
মহাকোপে চাইলা মুনি সমাধিক এৰি॥
শুন বিদ্যাধৰ তই পৰম দুৰ্জ্জন।
অসুৰ যোনিক গৈ ভুঞ্জা পাপগণ॥
হেন শুনি বিদ্যাধৰে বিনাৱন্ত স্তুতি।
শাপ অন্ত দিয়া বুলি কৰন্ত কাকুতি॥
বলিৰ সভাত গৈ হুইবি মুখ্য দৈত্য।
দেৱৰ নিমিত্তে কৰি বধিবন্ত তৈত॥
মালি সুমালিনী মাল্যৱন্ত নিমিকাল।
সমৰ মাজত তোক মাৰিব গোপাল॥
কংসে কাল নিমি ভৈল চানুৰে সুমনি।
মাপিয়ে তোষল কৃঞ্চে মাৰিলা আম্ফালি॥
অধি মাল্যৱন্ত যিবা তাৰ নাম কেশী।
পঠাইলন্ত নাৰায়ণে যমপুৰে পশি॥
সবাকো বধিয়া কৃষ্ণে সাৰুপ্যক দিবা।
পৰম মুকতি পাই বৈকুণ্ঠে থাকিবা॥
সমাজিক জন শুনা থিৰ কৰি বুধি।
ইহাক শ্ৰবণে সবে হুইবা মহা শুদ্ধি॥
হৰক মুহিলা যেন মতে নাৰায়ণ।
মহাধৰ্ম্মে মোহ ভৈলা দেৱ ত্ৰিনয়ন॥

[ ৭৮ ]

দশ দিগ পালে যাৰ চৰণে উপাসে।
হৰো মহা যোগী কি কৰিব মায়া পাশে॥
মোৰ শুদ্ধ ধৰ্ম্মে মুহিলেক সমস্তক।
হৰৰ প্ৰকাৰ বুদ্ধি বাহা ভকতক॥
বিষ্ণু বুলি মাধৈ তুমি আত্মাকে জানিবা ৷
বৈকুণ্ঠৰ সুখ বৰ দোৱাতে দেখিবা॥
চৌধ ভূবনত হৰে কন্যাক খেদিল।
দশোদিশে মোৰ বৰ যশস্য উঠিল॥
উঠিলেক মোৰ আৰু আতি কাৰ্ত্তি যশ।
একান্ত ভকতে পান কৰে ভক্তি ৰস॥
অসমৰ দেশ কামৰূপ বেহাৰৰ।
ৰাজা প্ৰজা ভাগি সবে ভৈলা একতৰ॥
মোৰ কাৰ্য্য দেখি সৰ্ব্বলোক মোহ ভৈলা।
আৰু কীৰ্ত্তি যশ দিশ দিশান্তৰে গৈলা॥
পৰম দুৰ্লভ ভক্তি মায়া বুলি কৈলো।
দুখী দৰিদ্ৰকো মহা সম্পদক দিলো॥
অষ্টম কন্ধৰ কথা এহিমানে গৈল।
শুনা সমাজিক কথা আৰু যেন ভৈল॥
বেদেয়ো নজানে সীমা মহিমা যাহাৰ।
হেন বামনৰ বাক্য শুনিয়োক আৰ॥
যিসব বচন বিন্ধ্যাৱলীক বুলিল।
তাক সাম্ফলিবে আবে মোহোৰ লাগিল॥

[ ৭৯ ]

আমি জন্মিবাৰ পঞ্চদশ নাম ভৈল।
এতেকতে মাতৃ মোৰ পৰলোক গৈল॥
ইসব কথাক মাধৈ থাকিবা আকলি।
বৈকুণ্ঠে যাহন্তে যাইবে বিন্ধ্যাৱলী বুলি॥
ইটো বৰ দোৱা মোৰ ক্ষেত্ৰ অনুপাম।
যাহাক স্মৰণে সিদ্ধি হোৱা মনস্কাম॥
হেন বৰদোৱা মই গুণেৰ সাগৰ।
যাহাক আশ্ৰয় ভৈল ভক্ত নিৰন্তৰ॥
এহি হেতু বৰ দোৱা বুলিয়া কহিল।
বৈকুণ্ঠ সম্পত্তি আসি লোকৰ মিলিল॥
একদিনা ভক্ত সবে আছা দুখ মনে।
বোলে কোনে বঞ্চে জল নাহি ইটো থানে॥
হেন কথা ভক্তে আবে কৈলা মোৰ আগে।
গুচিবাক খোজো বাপ কৰা যেন লাগে॥
তাসম্বাক চাই পাছে বুলিলো বচন।
কৃষ্ণক আৰাধি বৰ মাগো এতিক্ষণ॥
হেন শুনি ভক্ত সবে কৈলা হৰিধ্বনি।
সেহি নিশা ভাগে জল ভৈলেক আপুনি॥
এহি এক অৰ্ণয় শুনিয়ো সভাসদ।
যাহাৰ স্মৰণে পায় বৈকুণ্ঠ সম্পদ॥
ইহাৰ মহিমা মই কি কহিবো আৰ।
যাক সেউৱা কৰি পাৱে সংসাৰৰ পাৰ॥

[ ৮০ ]

দ্বিতীয় অন্বয় আবে শুনা সাধু সবে।
কৃষ্ণ সেৱা কৰা নিতে মোক পাইবা যেবে॥
শিৱক পূজিয়া পিতৃ মোক লভিলেক।
সেহি গ্ৰামে লোক সব আছিল যতেক॥
পুনু ভক্ত সবে তাতে পাৰ্থিলন্ত বৰ।
দুইবাৰ দোৱা নাম ভৈল গুৰুত্তৰ॥
বাসনা সকল সবে কৰিলন্ত ক্ষয়।
শ্ৰৱণ কীৰ্ত্তন কৰি ভক্ত সমস্তয়॥
বৈগুন কুবুদ্ধি সবে লোকৰ গুছন্ত।
এতেকে সে বৰদোৱা বুলিয়া কহন্ত॥
বৈকুণ্ঠৰ শক্তি বৰদোৱা ভৈল আসি।
মহাধৰ্ম্ম শুদ্ধ তাতে কহিলো প্ৰকাশি॥
যেন সূৰ্য্য উদযে চক্ষুৰ দেখে অন্ধ।
তেন মতে লোকৰ ছেদিলো কৰ্ম্ম বন্ধ॥
সেই বাসুদেৱ আসি অৱতাৰ ভৈলো।
অষ্টম নামৰ শুনা অন্বযক কৈলো॥
বাৰ ভাঙ্গি জীৱক অভয় দান দিলো।
ৰাজ মাৰ্গ পথক জীৱক দেখাইলো॥
বাৰে বাৰে পৃথিবীৰ খণ্ডিলোহো ভাৰ।
ইবেলিসে গুৰুৰূপে ভৈলো অৱতাৰ॥
এহি দশ নাম বৰদোৱা ভৈল আসি।
ভাগৱত ধৰ্ম্ম তাতে কহিলো প্ৰকাশি॥

[ ৮১ ]

শুনা সৰ্ব্বজন ইটো কথা মানোহৰ।
একমনে শুনি তৰা পাতক সাগৰ॥
জগন্নাথে ভাগৱত পঠাইলন্ত দিয়া।
জগদিশ মিশ্ৰে দিলে আমাক আনিয়া॥
তথাপিতো ব্ৰাহ্মণৰ ফুটিলেক আখি।
ব্ৰহ্মানন্দ সন্ন্যাসীত আৰু লৈয়ো সাক্ষী॥
ৰত্নাৱলী শাস্ত্ৰ কণ্ঠ ভুষনত কৰি।
আমাক লাগিয়া পঠাই দিৱন্ত সাদৰি॥
বদৰীকাশ্ৰমে আৰু উদ্ধৱ মহন্ত।
মহাৰোমাৰঞ্চে মোৰ বাৰ্ত্তা পুছিলন্ত॥
মনমেৰি গীতক গাইলন্ত মহাভাগে।
মোহোৰ বৃত্তান্ত কহিলন্ত তান আগে॥
অনেক ভকতি ভাৱে কৰি মহা তুতি।
পঠাইলা উদ্ধৱে কৰি অনেক প্ৰণতি॥
বহুত্তৰ বাদ কৰি কন্দলি অনন্ত।
স্বপ্নক দেখিয়া পাছে শৰণ লৈলন্ত॥
তথাপিতো বিপ্ৰে দেখা বিমোহিত হুই।
মোৰ কথা শুনি যেন গাৱে লাগে জুই॥
জয় জয় কৃষ্ণ জগতৰ আদি ভুত।
নৰৰূপ ধৰি ভৈলা দৈৱকীৰ সুত॥
কৰিয়া অনেক লীলা মনুষ্যৰ চলে।
তৰ্কিবে নপাৰে তাক কুবুদ্ধি সকলে॥

[ ৮২ ]

হেন পূৰ্ণ ব্ৰহ্ম কৃষ্ণ জগতৰ পতি।
তাহান চৰণে কৰি শঙ্কৰে প্ৰণতি॥
যশ বিস্তাৰিলা গকুলত অবতৰি।
তাৰ গুন চৰিত্ৰক শুনা কৰ্ণ ভৰি॥

⸻⸻

দশম কন্ধব শঙ্কা কথা।

ভজন প্ৰকাৰে বুজা।

দশম কন্ধব কথা শুনা সভাসদ।
যাক শুনি পাৱে লোক পৰম সম্পদ॥
আৰ অৰ্থ অদভূত শুনিতে বিস্ময়।
স্মৰণতে হোৱে মহা পাপৰ প্ৰলয়॥
আশ্চৰ্য্যটো আশ্চৰ্য্য শুনি বিপৰীত।
ব্ৰহ্মা হৰ অনন্তেয়ো হোৱয় মুহিত॥
প্ৰথমতে দশ গোটা লক্ষণক শুনা।
তাতেসে দশম বোলে আক মনে গুণা॥
দৈৱকীৰ গৰ্ভে পূৰ্ণ ব্ৰহ্ম অৱতাৰ।
নৰৰূপ ধৰি খণ্ডিলন্ত ভূমি ভাৰ॥
এগোটা অন্বয় আক ইহাক বোলয়।
আৰু দামোদৰ নাম শাস্ত্ৰতো কহয়॥
দায়াময় সমস্তক কৰিলন্ত সম।
এহিসে কাৰণে আক বোলয় দশম॥

[ ৮৩ ]

আত অনন্তৰে কথা শুনা নিৰন্তৰ।
কোন মুক্তি মৃত্যুকালে দেখয় যমৰ॥
কোন যম দেখিয়া চেতন কাৰ হৰে।
যাহাক বোলয় যম শুনা আতপৰে॥
গৰিষ্ট মহন্ত যিটো মহা ধৰ্ম্ম ৰাজ।
সঞ্জমনি পূৰে থাকে পাতিয়া সমাজ॥
পাতকী সকলে তাঙ্ক দেখিতে নপাৱে।
তান বাক্যে দুত পাপী নৰক ভুঞ্চাৱে॥
বিংশতি অপাৰ ভুঞ্জে আছয় যাহাৰ।
তাৰে নাম যশ সিটো মহা অনিৰ্ব্বাৰ॥
ঘোৰ মূৰ্ত্তি ধৰি সিটো হোৱে উপসন্ন।
মহাপাতকীৰ দেখি হৰয় চেতন॥
মহা দূৰ পথ যিটো নেই যম দূত।
ঘোৰ যমপুৰী সিটো দেখিতে অদ্ভুত॥
যিটো ভক্ত তৰি গৈল শুনা তাৰ কথা।
জয় বিজয়ত সাক্ষী দেখিয়েক তথা॥
মাধৱৰ পাদপদ্ম নৌকা সাৰ।
অপ্ৰয়াসে তৰি গৈল দুৰ্ঘোৰ সংসাৰ॥
এক দিন চাৰি সিদ্ধ গৈলা সেহি ঠাই।
নজা নজা বুলি দুযো মাতে গেৰিয়াই॥
লক্ষ্মীতো লগালে ঘাটি গৰ্ব্বে হুয়া বন্ধ।
বুলিলেক চাৰি সিদ্ধ শুনা মহানন্দ॥

[ ৮৪ ]

অসুৰ যোনিক দুয়ো চলা এতিক্ষণ।
নিষ্ট কৰি বোলো হেৰা অধম দুৰ্জ্জন॥
সসব দৃষ্টান্ত আবে অহিতে শুনিয়ো।
ব্যাস কলাইত যত সকলে দেখিয়ো॥
মোৰ পদ সেউৱা নৌকা পায়া তথাপিতো।
মায়ায়ে মুহিত হুয়া ভ্ৰষ্ট ভৈল সিটো॥
ৰাম নাম বিনে আন নাহিকে বান্ধৱ।
নাম লৈলে ৰক্ষা আসি কৰন্ত মাধৱ॥
অনন্তৰে শুনা সবে সমাজিক জন।
শুনা কৃষ্ণ কথা ইটো অমৃত সমান॥
ভকতি আনন্দ সিন্ধু কৃষ্ণৰ চৰিত্ৰ।
কৰ্ণ ভৰি পান সদা কৰা প্ৰতিনিতি॥
সবে জ্ঞানময় ইটো কথা মনোহৰ।
শুক দেৱে কৈলা ইটো কথা সাৰোত্তৰ॥
যত দৈত্য দানৱ বধিলা দেৱ হৰি।
আপোনাৰ দেহ মধ্যে আশা কৰি॥
কৃষ্ণ যিটো পুতনাৰ শুষিলন্ত প্ৰাণ।
সিসব কথাক আবে শুনা দিয়া মন॥
তাইক মাৰি জননীৰ গতি দিলা হৰি।
ইহাৰ আশয় শুনা এক মন কৰি॥
পিতক দমিলো যেবে পুৰুষ নিশ্চয়।
মহাঅহমদ দৰ্প হোৱে তেবে ক্ষয়॥

[ ৮৫ ]

পিশাচীক বুধি মন আশাক তেজিল।
পসুস্যাদি ইৰিসাকো সমস্ত্ৰে এৰিব॥
দেহাকে পৃথিবী বুলি সাধু সবে কয়।
পৃহা শূন্য হুয়া পাইবা মহাধৰ্ম্মচয়॥
প্ৰীতি কৰিবাক তেবে ভক্তত সদাই
পূৰ্ণ হৈবে জীৱ গুরু শিক্ষা বোধ পাই॥
পৰম পদক পায় সিসবক দমি।
পাৱে গুৰু সেৱা সুখ মনক নিয়মি॥
পতিত পাতকী সিটো আছিল পূৰ্ব্বত।
পাছে গুৰু সেৱা দুগ্ধ পান কৰাইলন্ত॥
ধৰ্ম্ম দুগ্ধ ভুঞ্জি সিটো জ্ঞান লভিলেক।
ক্লেশ তৃষ্ণা জিনি বহু কৈলে পুতনাক॥
কংস আজ্ঞা ভৈল গুরু মহাধৰ্ম্মগণ।
কৰ্ণে সুখে ভক্তে তাক কৰয় ভোজন॥
সৎসঙ্গে ভক্তিক সিটো কৰিলেক ৰক্ষা।
মন ৰাক্ষসীৰ কথা কহিলোহে সংখ্যা॥
পিশাচী বুধিক মনে নেৰে সৰ্ব্বদাই।
মনক জিনিলে পিশাচীক জিনা যাই॥
ধৰ্ম্ম জীৱ দুই ঈশ্বৰত জন্মিলন্ত।
হৰি গুরু একে বস্তু ভিন্ন নাহি হন্ত॥
নিজ পিতৃ গুরু সঙ্গ দেন্ত ভকতক।
ভকতৰ বন্ধু গুরু সংসাৰ তাৰক॥

[ ৮৬ ]

ভকতৰ সঙ্গ জাতো গুৰুসে দিৱন্ত।
জননীৰ গতি শুনা তাহাক বোলন্ত॥
শকটত বসিলন্ত শকট অসুৰ।
তাতে চৰণৰ আগে কৰিলন্ত দূৰ॥
ইসব কথাক আবে দেহ মনে দেখা।
ভাগ ভাগ কৰিয়া তাহাৰ লৈয়ো লেখা॥
অনেক দুৰ্গম দেহ বিমাৰ্গে পৰম।
গুৰু উপদেশে কাটি কৰা তাক সম॥
কৃষ্ণ গুরু আদি তাৰ বাসনা শকট।
অনাদি জন্মৰ ভাঙ্গিলেক কটমট॥
গুরু সেৱা কৰি মনে আশা কৰে দূৰ।
দেহ শকট মন দুৰ্জ্জন অসুৰ॥
মন পাপীষ্ঠক ৰাজা সকলে দমিল।
সেহি মহাজ্ঞানী সেহি শকট ভঞ্জিল॥
মনৰ সঙ্কল্প যিটো তেজিল সমস্ত।
শকট অসুৰ তেবে কৰিলেক অন্ত॥
তৃণাৱৰ্ত্ত দৈত্য যেনমতে বধ যাই।
তাক বধ কৰি লোকে দুৰ্গতি এৰাই॥
কৃষ্ণে অহমম্ যিটো কৰিলেক দূৰ।
ইন্দ্ৰিয়ৰ বৃত্তিতো বশ ভৈল চুৰ॥
তিৰস্কাৰ অপমান আনে আছে যত।
তামসাদি গুছিবেক হুইবে মহাসন্ত॥

[ ৮৭ ]

ত্ৰিভুবন পতি যিটো প্ৰভো ভগৱন্ত।
মহাশুদ্ধ হুয়া পাছে তাহাঙ্ক পাৱন্ত॥
তিনিয়ো লোকৰ সুখ মিলৈ তাৰ মনে।
তৃণসম মুকুতিক কৰয় সিজনে॥
এহি ছয বিধি তৃণাৱৰ্ত্তৰ কহিলো।
ইন্দ্ৰিয়ক জিনিবাৰ উপায়ক দিলো॥
চক্ৰবাত কিবা হেতু বোলে শুনা তাক।
ব্ৰহ্মাকো মুহিমে মায়া আৰু শুধা কাক॥
ছদ্ম বুধি যাৰ সৰ্ব্বক্ষণে নছাৰয়।
চক্ৰবাত বুলি তাক কহিলো আশয়॥
বায়ু যেন শৰীৰত বেথিত কৰয়।
বায়ু নামে তাতে তাৰ সাধু সবে কয়॥
অসুৰীক বুদ্ধি যাৰ নছাৰে মনত।
চক্ৰবাত বুলি তাতে শুনিয়ো সাম্প্ৰত॥
ইসব দমনে বশ্য হোৱে দেৱ হৰি।
ভকতকে চক্ৰ প্ৰভো দেন্ত ৰঙ্গ কৰি॥
সেই চক্ৰ ধৰি ভক্তে ফুৰে লীলা কৰি।
বলি অম্বৰিস দুইকো দিয়া আছা হৰি॥
এহি দশ প্ৰকাৰে বুলি তৃণাৰ্ত্তক।
ইহাক জিনিলে পাই আন্তাত সুখক॥

⸺⸺

[ ৮৮ ]

ভজন

নমো নমো কৃষ্ণ প্ৰভো দৈৱকী নন্দন ৷
তোমাৰ চৰণে কৰো সদায়ে বন্দন॥
যাহাৰ মায়াত মৃত্যু কাম্পে তৰ তৰি।
তৰয় সংসাৰ সিন্ধু বাৰ নাম স্মৰি॥
দেবৰো দুৰ্লভ নৰ তনু অনুপাম।
হেন জন্ম পায়া আমি কৰো কোন কাম॥
মোৰ মোৰ কৰি মৰে কিনু মহামন্দ।
ৰাত্ৰি দিনে বিষয়ত কৰয় প্ৰবন্ধ॥
কিনু মহামুক্ষ সিটো পাতকী নিলাজ।
পশু যেন বন্দি ভৈল ইটো গৃহ মাজ॥
দুৰ্ঘোর সংসাৰ ইটো মহা অন্ধকুপ।
আক পাৰ হুয়া লগাই ভকতি প্ৰদীপ॥
কৃষ্ণ কথা বিনে নাই কলিত নিস্তাৰ।
মহা পাতকীকো নামে কৰয় উদ্ধাৰ॥
মহা পাপী অজামীল যাৰ নাম স্মৰি।
বৈকুণ্ঠে গৈলেক যম যাতনাক তৰি॥
হেন নাম নলৈ কিনু মহা মূৰ্খ।
ৰাত্ৰি দিনে কৰো যত্ন বিষয়ৰ সুখ॥
ইটো চিন্তা এৰি ভজা মাধৱৰ পাৱে।
মহাকাল সৰ্পে আসি নতু ধৰে বাৱে॥

[ ৮৯ ]

শুনা সভাসদ লোক ইটো কৃষ্ণ কথা।
মিছা কাৰ্য্য চিন্তামনি নকৰিয়ো বৃথা॥
হৃদয় পদ্মত কৃষ্ণ চৰণত ধৰা ৷
শ্ৰবণ কীৰ্ত্তন ভক্তি সৰ্ব্বদায়ে কৰা॥
নামক এৰিয়া কিসক কৰা আশ।
দিনে দিনে দেখা মৃত্যু ছাপি আসে পাশ॥
নাম সম বান্ধৱত ৰে আন নাই।
ৰাম নাম হেন ইটো পৰলোক পাই॥
কৃষ্ণৰ চৰণ বিনে নাহিকে তৰন।
একচিত্ত মনে কৰা শ্ৰৱণ কীৰ্ত্তন॥
কৃষ্ণ চৰণ পদ্ম চৰণত ধৰি।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি॥

ডুলৰী।

কৃষ্ণ যেন মতে, মাটি খাইলা তৈত,
 ভজন প্ৰকাৰে মানা।
মহা শুদ্ধ ধৰ্ম্ম,  মৃত্তিকা ভৈলন্ত,
 তাকে কৃষ্ণে খাইলে জানা॥
গুৰু কৃপা কৰি, ভকতক দিলা,
 মৃত্তিকা মহাধৰ্ম্মক।
শুনা কৰ্ণ ভৰি,  একচিত্ত কৰি,
 মৃত্তিকা বোলে দেহক॥
জীৱ কৃষ্ণ তাক,  ধৰ্ম্ম মৃত্তিকাক,
 লভিয়া মুকুতি ভৈল।

[ ৯০ ]

মায়া মোহ তাৰ,  সমন্তে নশিল,
 মহা বোধে লাগ লৈল॥
মাধৱৰ পদ,  পদ্ম মনে ভজি,
 বন্ধন চুৰ মায়াৰ।
মকুন্দৰ পাৱে,  ধৰি দৃঢ়ভাৱে,
 কৰিয়ো মাযা সংহাৰ॥
এহি দশ গোটা,  কৃষ্ণৰ মৃত্তিকা,
 অন্বয়ৰ কথা গৈল।
কৃষ্ণৰ পৰম,   নিৰ্ম্মল চৰিত্ৰ
 ভজন বুলিয়া কৈল॥
যিবা ফল স্তুতি, কিনিলন্ত কৃষ্ণে,
 পসাবাৰ শুনা নয়।
পাছি ধান্যৰত্ন,  যিবা যিবা ভৈল,
 তাহাৰ শুনা আশয॥
হৰ মহাদেৱে,   ফলক বিকিলে,
 ভকতিৰ থাপ ঘৰি।
তাতে আসি তৈত, দোকানী ভৈলন্ত,
 কৃষ্ণ হাতে দিলা ভৰি॥
নামৰ অন্বয় শুনা,  যি পেৰা ৰান্ধিল ,
 তাহাক পাছি বোলয়।
বৈকুণ্ঠৰ ফল,  আমোঘ আসিয়া,
 বদৰী ফল নিশ্চয়॥

[ ৯১ ]

আপোন দেহাৰ শক্তি গুণে কৃষ্ণে,
 ধান্যক হাতে লৈলন্ত ৷
সমস্ততে হিন,  ভকতি যিহেতু,
 তাতে তাই বুলিলন্ত॥
পূৰ্ণব্ৰহ্ম জাতো,  দোকানী চুইল,
 শক্তি গোট ভৈল ৰত্ন।
ভজন প্ৰকাৰে,   ইহাক জানিবা,
 কৰি দেহে দৃঢ় যত্ন॥
ইঠাৰত আবে,  আমাক দোকানী,
 শুনা সভাসদ কৈলো।
ফল মুখ্যত্তম,  ধৰ্ম্মৰ প্ৰসাৰ
 পাছে মুদা ভাঙ্গি দিলো॥
ফল ভক্তি ৰত্ন,  অৰ্দ্ধে আদি কৰি,
 ভকত সবে কিনিল।
শ্ৰবণ কীৰ্ত্তন,  ধ্যান সেউবাৰিনে,
 লোকৰ পাপ দহিল॥
মোৰ দেহাপাছি,  ভক্তি সবে ৰত্ন,
 ধৰ্ম্মফল ভুঞ্জিলন্ত।
কফ বাত আদি,  দম্ভদৰ্প সব,
 ফেলি দূৰ কৰি লন্ত।
ইস মদ গৰ্ব্ব,  দূৰ কৰি সবে,
 দেৱক মনে ভজিব।
ফল গুৰু সেউৱা,  দৃঢ় কৰি ধৰি,
 সংসাৰৰ পাৰ হইব॥
ফল আৰো পাইব,  তীৰ্থ ব্ৰত যজ্ঞ,
 ইসব ফলটো ধিক।

[ ৯২ ]

সমস্তে ধৰ্ম্মৰ, ফলক ভূঞ্জিয়া,
 পাইব সুখ একান্তিক ৷
ফল বুলি আক, সবি সৰে কহে,
 শুনা সবে সাৱধানে॥
এহি সমে দশ,  ফল অন্বয়ক,
 শুনিয়ো সবে যতনে॥
কোন বৃন্দাবন,  কৃষ্ণে প্ৰবেশিলা,
 তাক থিৰ মনে শুনা ৷
দেহ বৃন্দাবনে,  পশিলা ভকতি,
 ধৰ্ম্ম কৃষ্ণ মনে গুনা॥
বৈগুনাদি যত,  আছে শৰীৰত,
 ছায়া মনে অনুমানি।
বৈৰ বুদ্ধি এৰি,  কৃষ্ণ পাৱে ভজা ,
 মন কৰি এক জানি॥
বাসনা সকল,  দূৰ কৰিবেক
 এড়িবে মনে কপট।
বিষয়ৰ সুখ,  তৃষ্ণা আদি কৰি,
 ভকতি কৰিবে নষ্ট॥
বিষময় ইটো,  পুত্ৰ ভাৰ্য্যাধন,
 সমস্তকে পৰিহৰি।
বাসুদেৱ কৃষ্ণ, চৰণে শৰণ,
 লৈয়ো মহাযত্ন কৰি॥
বৃন্দাবন ভক্ত,  গুৰু ধৰ্ম্ম হুয়ো,
 যাৰ মনে প্ৰৱেশয়।
বৈকুণ্ঠ সম্পত্তি,  ব্ৰহ্মানন্দ সুখ,
 জানিবা তাৰ মিলয়॥

[ ৯৩ ]

এহি দশ গোটি, বাৰ অন্বয়,
 জানিয়া সবে ভজিয়ো।
তেবে বৃন্দাবন, প্ৰবেশিল সিটো,
 ভজন আবে দেখিয়ো॥
বৎস অসুৰক  যিমতে বধিলা,
 কৃষ্ণে কৰি মহা শীলা।
সিটো অসুৰৰ, শুনা যত আবে
 দেহ মাজে প্ৰবেশিলা॥
বহু ভাষ্য যত, বচন এৰিব,
 কৰিব ভক্তি নিশেষ।
গুৰু পাৱে মন, দিয়া সৰ্ব্বক্ষণ,
 কৰিয়ো চিত্ত প্ৰবেশ॥
বৃক্ষ শিফাসম, ইন্দ্ৰিয়ক দমি,
 মনক কৰিবে থিৰ।
বীৰ বুলি তাক, জানা বুধজন।
 ধৰ্ম্মলভি ভৈল বীৰ॥
বিপস্থ বিমাৰ্গ, এৰি হোৱে তেবে
 কৃষ্ণৰ সেৱাত ৰতি।
বাঢ়ে ভক্তিগণ, হোৱে শুদ্ধ মন,
 কৃষ্ণত মিলে ভকতি॥
বামনাদি শাস্ত্ৰ, মৰ্ত্তক তেজিয়া,
 কৰ্ম্মক কৰিবে নাশ।
বাহন নৌকাত, চৰিয়া তেখনে,
 পাইবেক তাৰ আপাস॥
আসুৰীক বুদ্ধি, মনে দূৰ কৰি,
 ভজিব কৃষ্ণৰ চৰণে।

[ ৯৪ ]

এহি ভাৱে বৎস,  অসুৰ জিনিব,
 শুনা সবে থিৰ মনে॥
কৃষ্ণ ভৈল-ধৰ্ম্ম, আমি গুৰুৰূপে,,
 বধাইলো পাপ অসুৰ।
ইটো দশ গোটা, বৎসৰ আসয়,
 বধ গৈল বৎসাসুৰ॥
আৰু বকাসুৰ, বধিয়ো লোকাই,
 গুৰু শিক্ষা খাণ্ডা ধৰি।
ইহাৰ দৃষ্টান্ত,  কহিবো সকলে,
 ইটো কথা হিতকারী॥
বক্ৰ বুদ্ধি সদা, মনত নেদয়,
 অহম্বুধি শৰীৰত।
বীৰভদ্ৰে যেন, বিপক্ষ জিনিলা,
 দেখা আক চতুৰ্থত॥
বানক প্ৰহাৰি, শত্ৰ সমস্তক,
 যেন নিপাতিলা কন্ধ।
বান অস্ত্ৰ হৰি, ভক্তিক প্ৰচাৰি,
 বধিয়ো কৰি প্ৰবন্ধ॥
বাসা ঘৰ যত,  জানিবা দেহত,
 পাপৰ পৰ্ব্বত ঘোৰ।
কৰিবাক ঠাই, তাকে সবে পাই,
 নাম বলৱন্ত মোৰ॥
বাৰুণী সুৰাক, পান কৰি যেন,
 অসুৰ উন্মত্ত ভৈল।
ৰজ বুধি চোৰ, হটো ঘোৰা যোৰ,
 মন তেন মতোবাল॥

[ ৯৫ ]

বাসনায়ে ধৰ্ম্ম,   দূৰ কৰৈ কৰ্ম্ম,
  ভজৈ মাধৱৰ পাৱে৷
গুরুৰ চৰণে,   পশিয়ো শৰণে,
  ভজিয়ো সুদৃঢ় ভাৱে॥
বকাসুৰ বধ,   শুনা সৰ্ব্বজন,
  বাৰ ইটো বধ গৈল৷
কৃষ্ণ পাৱে মন,   দিবো সৰ্ব্বক্ষণ,
  বক তেবে বধ ভৈল॥
কৃষ্ণ জানা গুরু,   বক বুলি বাপ,
  ভকতৰ অন্তৰাইলো৷
গুৰু ৰূপে তাক,   পাপ বাসনাক,
  ব্ৰহ্মাণ্ডৰ বাজ কৈলো॥
অঘৰ মুক্ষন,   জীৱৰ তাৰণ,
  কহো আবে শুনা বুধ৷
আক্ৰোসক যিবা,   জিনিয়া আছয়,
  হোৱে তাৰ চিত্ত শুদ্ধ॥
আসকতি ভ্ৰান্তি,   এৰি যিবাজনে,
  আশা সব কৰে দূৰ৷
কহিলো ইহাক,    শুনা সামাজিক
  হোৱে মদগৰ্ব্ব চুৰ॥
অত্যান্তিক সুখ,   কৃষ্ণপদ সেৱা,
  পাইবেক গুৰুৰ সঙ্গ৷
আপদ এৰাই,   পাইবে পৰম্পদ,
  আশাক কৰিয়া ভঙ্গ॥
অজ্ঞান আন্ধাৰে,   নাম হোৱে তেবে,
  দূৰ কৰে আত্ম বুদ্ধি৷

[ ৯৬ ]

আলাস তেজিয়া,  হৰিক ভজিয়ো,
 চিত্তক কৰিয়ো শুদ্ধি॥
এহি দশবীৰ,  আৰ আশা এৰি,
 কৰিয়োক তাক বধ।
ভজন বুলিয়া,  কহয় ইহাকে,
 শুনা সবে সভাসদ॥
ধৰ্ম্ম-কৃষ্ণ জানা, আক্ৰোশ অঘক,
 মাৰিলা তাক সমস্ত।
ভকত সবক,  মুক্ষ দিয়া আমি,
 পাপৰ কৰিলো অন্ত॥
শুনা সভাসদ, হুয়া নিশৰদ,
 মৰণ আগে নেদেখা।
কাল ব্যাঘ্ৰ দেখা,  চুলে ধৰি আছে,
 সম্প্ৰতে তাহাক দেখা॥
ইটো তনুৰত্ন,  সেস্থৰে ন পাই,
 দেৱৰো বাঞ্ছনি জন্ম ৷
ভাৰত বৰিষ, কলিযুগ নাম,
 গুৰু সেউৱা অনুপাম॥
কৃষ্ণক খাদয়, পদ্মত ধৰিয়া,
  ফুৰা ৰাম নাম গাই।
ভেবে সে সংসাৰ,  তৰিবাহা সুখে,
 যমৰো এড়াইবা দাই॥
কৃষ্ণৰ ভকতি,  পথত আপুনি,
 সহায় হন্ত ঈশ্বৰ।
শ্ৰবণ কীৰ্ত্তন,  কৰিবো কলিত,
 বিঘাত হোক পাপৰ॥

[ ৯৭ ]

কৃষ্ণৰ চৰণ,  চিন্তিয়া সদাযে,
 ধৰিয়ো হৃদয় মাজ।
দিনে দিনে দেখা,  ডুবিয়া আসিল,
 আৰো চিন্ত আনকাজ॥
বাল্মীকি দুৰ্ঘোৰ,  আছিলন্ত চোৰ,
 পাতকী দ্বিজ অধম।
হেনয় পাপীয়ো   তৰিলেক দেখা,
 নাই পাপী যাক সম॥
হেন প্ৰাণবন্ধু,   মাধৱৰ নাম,
 কেনে হেনকৰা জানি।
পৰম বান্ধৱ,   সবাৰো ঈশ্বৰ,
 ভজাদেৱ চক্ৰপানি॥
ভকত গুৰুক,   কৰা কৰ্ণধাৰ,
 কৃষ্ণপদ মহানাৱ।
ধৰা দৃঢ় কৰি   একচিত্তে ধৰি,
 জানিয়া নামক গাৱ॥
প্ৰভো হেন কৰা,   আপোনা নিস্তৰা,
 এৰা সবে আল জাল।
বিষয়ৰ আশা,   দূৰ কৰি সবে,
 হেৰা আসি পাইলে কাল॥
হেন জানি আন,   কৰিয়া যতন,
 এৰা ভাষ ভুষ কাম৷
কৃষ্ণৰ কিঙ্কৰে,   ৰছিলা শঙ্কৰে,
 ডাকি বোলা ৰাম ৰাম॥

[ ৯৮ ]

ব্ৰহ্মাৰ মোহন স্তুতি।

ব্ৰহ্মাক মুহিলা যিটো দেৱ ভগবন্ত।
তাকে সাধু সবে জানা ভজন বোলন্ত॥
কৃষ্ণক বুলিয়া গুৰু ব্ৰহ্মা ভৈলা ভক্ত।
ভকতৰ চিত্ত গুৰু মুহিলেক যত॥
বৈৰ বুদ্ধি বৈগুনাদি দুইকো প্ৰথমতে।
সকলো ইন্দ্ৰিয় বশ্যা হোৱে ভজনতে॥
বাক্যে কৃষ্ণ কথা কহে দমিয়া মনক।
দেৱ বুদ্ধি কৰি ভক্তে ভজয় কৃষ্ণক॥
ব্ৰহ্মা হেন কৰি গুৰু ভজিলেক যেবে।
নামকো ভজিবে মনে ব্ৰহ্ম কৰি তেবে॥
ব্ৰহ্ম বুলি ভকতৰ ভজিবে চৰণে।
তেবে মন মুহিবেক গুৰু ধৰ্ম্মগণে॥
কৃষ্ণৰ অসংখ্য মুৰ্ত্তি চতুৰ্ভূজ ৰূপ।
ব্ৰহ্মাদেৱে দেখিতাক ভৈল মহাচুপ॥
কৃষ্ণৰ ব্ৰজত গুণে ভৈল সিটো মূৰ্ত্তি।
জীৱৰ কাৰুণ্য খেদে বুলি ব্ৰহ্ম তুতি॥
চৌবিছ তত্ব ইটো গোপ গৰু নিৰন্তৰ।
দেহা গোট দেখা ইটো গিৰিৰ গহ্বৰ॥
যিবা মায়া কৰি ব্ৰহ্মা গৰু গোপ থৈল।
মোহ অহঙ্কাৰ দ্বেষ শুনা তাক কৈল॥
পাপশিলা খণ্ডে আবে বাকি ইন্দ্ৰিয়ক।
শৰীৰ আত্মাক বুলি জানি সমস্তক॥
ব্ৰহ্মা মহা মুক্ষত্তম ভকত মহন্ত।
যাতেক কৰিলা স্তুতি তাৰো নাই অন্ত॥

[ ৯৯ ]

চাৰি শৰণৰ গুনে ভৈলা চাৰি মুখ ৷
ভজনে আৱৰ মুখ দেই যাতো সুখ॥
ব্ৰহ্মাণ্ডৰ লোক সবে এহি ধৰ্ম্ম পাই।
চৰাচৰ স্তুতি বুলি কহিলো দধাই॥
ব্ৰহ্মাৰ মোহন স্তুতি আতেসে বোলয়।
ভকত সবক যাতো মুহিলো নিশ্চয়॥
যেন মতে কৃষ্ণে তাল ফলক ভুঞ্জিল।
গোপ সকলক কৃষ্ণ তাক বাটি দিল॥
তালৰ লক্ষণ আবে শুনা সভাসদ।
দেহ মধ্যে বুজি তাৰ সংসাৰ আপদ॥
অমূল্য ৰত্নৰ পেৰা যি পূৰ্ব্বে আছিল।
তাল বৃক্ষ পটন্তৰ তাহাকে কহিল॥
গুৰু ব্ৰহ্ম ভৈলা তাল বৃক্ষৰ পৰাই।
মহাধৰ্ম্ম ফলৰস ভক্ত শিশু খাই॥
গুৰু বিনে ভকতে আনত নেদে মন।
ইসব প্ৰকাৰ সবে জানিবা ভজন॥
যতেক ইন্দ্ৰিয় ইটো ধেনুকৰ নয়।
গুৰু কৃষ্ণ ভক্ত দিয়া বধিল নিশ্চয়॥
ত্ৰাস ভয় যত মানে সবে দূৰ কৰি।
ভজিবে দেৱৰ পাৱে মহা যত্ন কৰি॥
পাতক তৰিবে মহা সংসাৰৰ তিনি।
ভজিবো কৃষ্ণৰ পাৱে ইন্দ্ৰিয়ক জিনি॥
তামসাদি সমস্ত ইন্দ্ৰিয় জিনিবেক।
ভক্তি ৰস ভুঞ্জিবেক ভকত যতেক॥
পাঞ্চ ভাৰষায়ে এহি তালৰ কথা গৈল।
পুনু ধনুকাৰ কথা কহিবাক লৈল॥

[ ১০০ ]

শৰীৰৰ ধেনু যত আছে পুৰুষৰ।
গুৰুশিক্ষা অস্ত্ৰে কাটিবেক নিৰন্তৰ॥
ধাৰণাদি যোগে তাতে নকৰিবা ৰতি।
গুৰু-পাদ পদ্মত মাত্ৰ কৰিবাহা মতি॥
এই পাঞ্চ প্ৰকাৰে ধেনুক মাৰে যাই।
দেৱৰ চৰণ ভজিবেক সৰ্ব্বদাই॥
ইন্দ্ৰিয় দমনে ধেনুকৰ বধ বুলি।
ধৰ্ম্ম লভি তালফল ভুঞ্জিবে সমূলি॥
যেন মতে কৃষ্ণে হ্ৰদ নিৰ্ম্মল কৰিলা।
মহাবিষধৰ কালি তাকো গতি দিলা॥
ক্ৰোধ সব শৰীৰত আছে যত যত।
গুৰু ভক্তি ক্ৰোধ কালি কৰিবেক হত॥
কৃষ্ণ গুৰুৰূপে ক্ৰোধ কালিক বধিল।
দেহৰ বিকাৰ সব নিকালি খেদিল॥
দেহহ্ৰদ মধ্যে মহাকালি লৈলা বাস।
গুৰু ধৰ্ম্ম লাগ পাই কৰিলে বিনাশ॥
নাগ-পত্নী প্ৰায় যত ভকত সকল।
কদম্বকে কল্পতৰু শুনা মহাবল॥
কালিৰ শিৰত যিবা ৰৈল চিহ্ন পঞ্চ।
চাৰি শৰণৰ শক্তি তাৰ মাথে সাঞ্চ॥
দেৱক ভজনে ভৈল, আৰু সাঞ্চ যাই।
গুৰু ভজনেসে ঐকান্তিক সুখ পাই॥
যি সব ৰুধিৰ কালি মুখে ভৈলা বাজ।
সেই বিষণৰ দেখা বিষৰ সমাজ॥
ক্ৰুৰবুদ্ধি এৰি যিটো হৈবে চিত্ত শুদ্ধি।
দেৱক ভজিলে দূৰ কৰিবে বিবুদ্ধি॥

[ ১০১ ]

কাম ক্ৰোধ জিনি হুইব নিৰ্ম্মশ্বৰ।
কোপ ছয় এৰি সেউৱা কৰিবে কৃষ্ণৰ॥
কৰ্ম্মমল চিন্দে আৰু আছে যত যত।
কপটিক বুদ্ধি ছয় গুছিবে সমস্ত॥
কাটিবেক গুৰু শিক্ষা অস্ত্ৰে সমস্তক।
দহিবেক জানা তেবে কালি পাপীষ্ঠক॥
এই দশ প্ৰকাৰে কালিক জিনা যাই।
মজলয় মন তেৰে গুৰু সেউৱা পাই॥
নাগ পুত্ৰ প্ৰায় সংসাৰৰ জীৱ যত।
ইন্দ্ৰিয় সকল কালি ফনা বুলি তাত॥
বিষময় হ্ৰদ সিটো ভাল নিৰন্তৰ।
অজন্মৰ বাটনাৱে জল পটন্তৰ॥
চৌবিশ তত্ব গোপ গৰু বুলিয়া কহিল।
বিষয় বাসনা জল ভুঞ্জিয়া মৰিল॥
জীৱ সব নাশ ভৈল সেহি পানি খাই।
জীয়াইলন্ত গুৰু নামে অমৃত পীয়াই॥
আৰু বনাগ্নিক কৃষ্ণে কৰিলন্ত পান।
তাৰ কথা কহো আবে শুনা যেন থান॥
ইটো তিনি তাপ সংসাবেৰ মহা বহ্নি।
সেহি দুখে পরিয়তে মৰে সবে প্ৰাণী॥
সেহি অগ্নি পান কৰি গুৰুদেৱ হৰি।
ইন্দ্ৰি গোপ গোপী দেহে আছয় আবৰি॥
কৃষ্ণ গুৰু বণাগ্নিৰ তৈল তাপ ছয়।
ভকতৰ তাপ সব কৰিলন্ত ক্ষয়॥
বাসনা অগ্নিক মনে গুৰুক ভজিয়ো।
বিষয়ক তেজি মায়া জাৰিক চিন্তিয়ো॥

[ ১০২ ]

বিষ্ণু যাসা লৈল আসি তাহাৰ হৃদয়ে।
এহি পাঞ্চ অন্বয়ক কহিলোহো এহি ভাৱে
প্ৰীতি ভাৱে কৰিবন্ত ভকতৰ পাৱে ৷
তেবেসে হৈবন্ত শুদ্ধি ভজি এহি ভাৱে॥
প্ৰীতি ভাৱে ভজি মন হুইব শুদ্ধ চিত্ত।
শ্ৰবণ কীৰ্ত্তন ভক্তি কৰিব সতত॥
মুঞ্জবন মায়াতাক দেখিয়ো সম্পত্তি।
মোহ মায়া এৰি কৰা কৃষ্ণত ভকতি॥
মোহে বন্দি হুয়া ফুৰে ঘোৰ সংসাৰত।
মধুমতি মায়া সব তেজিয়ো সাম্প্ৰত॥
মাংসপুঞ্জ শৰীৰৰ এৰা তার আশ।
গুৰুৰ চৰণ মাত্ৰ কৰিযো বিশ্বাস॥
চাযাবাক্য গুরুক যে বুলিয়ো কপট।
তাক এৰি ভজা সবে গুরু চৰণত॥
মোহ মায়া এৰি ভজা কৈলো সভাসদ।
কৃষ্ণক ভজিলে পাই বৈকুণ্ঠ সম্পদ॥
হেন জানি সৰ্ব্বজনে শুনা মন কৰি।
পাতক চাড়োক ডাকি বোলা হৰি হৰি॥

⸺⸺


সম্পূৰ্ণ৷

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )