পৃষ্ঠা:ৰাম-মালিকা.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

কিন্তু ইয়াৰ দ্বাৰা বুজিব পাৰিলো এই পুথিখনি নিতান্ত জন সমাজে ভকত, বৈষ্ণৱ, সাধু,মহন্তৰ প্ৰয়োজন। সেই কাৰণে অতি আগ্ৰহেৰে নিজে সাঁচি পতিয়া পুথিৰ পৰা নকল কৰি সাধ্যমত বৰ্ণাশুদ্ধিও কৰি দিলো। আৰু আমি যি পুথিৰ পৰা নকল কাৰলো তাত বৰ্ণাশুদ্ধি দোষ বিস্তৰ আছিল; আৰু কোনো কোনো ঠাইত আখৰ একেবাৰে মাতিব নোৱাৰা আছিল সেই ঠাইত যি পাৰিলো মনেতে পোন কৰি দিছো। যিটো একে বাৰে কোনো অথ কৰি মাতিব পৰা নায় তাৰ কোনো লৰচৰ নকৰি তেনে দৰেই তুলি দিলো। কোনো পদৰ অমিশ্ৰক্ষেৰ হলে অলপ লৰচৰ কৰি মিশ্ৰক্ষেৰ কৰিও দিয়া হৈছে। এই পুথিৰ আৰু এখন চানেকি পোৱা হেতেন মিই চাবৰ বৰ মন আছিল, কিন্তু পাবলৈ নাই গতিকে মনৰ খুকুৰি মাৰিব নোৱাৰিলো এতেকে বিজ্ঞ পাঠক মহোদয় সকলে কোনো ঠাইত দোষ পালে শুধৰাই আমাক যনালে অন্তৰত তেওঁৰ শলাগলৈ অপ্যায়ীত হম।  এই “ৰাম মালিকা” পুথি খনিত ৺শ্ৰীশ্ৰীশঙ্কৰ দেৱে ৺ শ্ৰীমাধৱ দেৱত সকলো ভক্তিৰ তত্ত্ব বোৰ ভাঙ্গি দেখুৱাইছে আৰু শ্ৰীকৃষ্ণৰ লীলা বিলাকৰ তাবৎ বোৰ লীলাৰ পৰমাৰ্থ স্বৰূপে ক্ষুদ্ৰ বিৰাট-এই মনুষ্যতনুতে সকলো ভাঙ্গি দেখাইছে। ইয়াৰ বাজে অনেক পৰমাৰ্থ কথাৰে এই পুথি ভৰা। এতেকে সন্ত মহন্ত বৈষ্ণৱ সকলে ইয়াৰ কথা জানিব লগীয়া নিতান্ত আবশ্যক। আৰু এই পুথিত ছবি, পদ, ডুলৰী, লেছাৰী, ঝুনা, ঝুমুৰী এই বিলাকৰ নাম কেলৈ হল? এই বিলাক কোন হৈছে? ইয়াক পড়িলে কি ফল হয় এই কথাবোৰ বিশেষ কৈ ভাঙ্গি লে খিছে।