সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ৰাম-মালিকা।

সবাকো জীয়াইলা মহা অমৃত ঔষধ।
হেন নাম নধৰিয়া আত হোৱে বধ॥
অজামিল মহা পাপী যম দুতে নেই।
নাম লৈল মাত্ৰ তাক ৰাখিলেক গই॥
নাৰায়ণ নাম দ্বিজে লৈলে যেতিক্ষণ।
যমৰ এৰাইলা হাত ছুৰিয়া বন্ধন॥
তাক মৰা বুলি দেখা নামে জীৱইলন্ত।
ইদানীক সাক্ষী আবে লৈয়ো ইঠানত॥
ৰঘুপতি ৰজকৰ শুনা কহো কথা।
গৃহে মৰি আছে ভক্ত দেখিলেক তথা॥
ভক্ত সমে আমি তাৰ গৃহে গৈলো লৰি।
সবেও দেখিলো সিটো আছে পৰি মৰি॥
ভক্ত সকলৰ নাম লৈয়া দিলা ডাক।
জাগিয়া বসিলা পাছে লভিয়া শ্ৰেষ্টাক॥
দ্বিতীয় দিনৰ পৰা, তভো সিটো জিলে।
নামৰ মহিমা বৰ সবেয়ো দেখিলে॥
সৌনকাদি মহা মহা মুনিগণ যত।
মধ্য কৰি সুতক যে আসন দিলন্ত॥
অপবিত্ৰ সুত তেহো মহা অকুলীন।
চাৰিয়ো জাতিত কৰি সিটো বৰহীন॥
তথাপিতো শুক দেৱে তাঙ্ক আদেশিলা।
ঋষি সমজ্যাত তভো আশ্চাৰ্য্য পাতিলা॥