ব্ৰহ্মাৰ মোহন স্তুতি।
ব্ৰহ্মাক মুহিলা যিটো দেৱ ভগবন্ত।
তাকে সাধু সবে জানা ভজন বোলন্ত॥
কৃষ্ণক বুলিয়া গুৰু ব্ৰহ্মা ভৈলা ভক্ত।
ভকতৰ চিত্ত গুৰু মুহিলেক যত॥
বৈৰ বুদ্ধি বৈগুনাদি দুইকো প্ৰথমতে।
সকলো ইন্দ্ৰিয় বশ্যা হোৱে ভজনতে॥
বাক্যে কৃষ্ণ কথা কহে দমিয়া মনক।
দেৱ বুদ্ধি কৰি ভক্তে ভজয় কৃষ্ণক॥
ব্ৰহ্মা হেন কৰি গুৰু ভজিলেক যেবে।
নামকো ভজিবে মনে ব্ৰহ্ম কৰি তেবে॥
ব্ৰহ্ম বুলি ভকতৰ ভজিবে চৰণে।
তেবে মন মুহিবেক গুৰু ধৰ্ম্মগণে॥
কৃষ্ণৰ অসংখ্য মুৰ্ত্তি চতুৰ্ভূজ ৰূপ।
ব্ৰহ্মাদেৱে দেখিতাক ভৈল মহাচুপ॥
কৃষ্ণৰ ব্ৰজত গুণে ভৈল সিটো মূৰ্ত্তি।
জীৱৰ কাৰুণ্য খেদে বুলি ব্ৰহ্ম তুতি॥
চৌবিছ তত্ব ইটো গোপ গৰু নিৰন্তৰ।
দেহা গোট দেখা ইটো গিৰিৰ গহ্বৰ॥
যিবা মায়া কৰি ব্ৰহ্মা গৰু গোপ থৈল।
মোহ অহঙ্কাৰ দ্বেষ শুনা তাক কৈল॥
পাপশিলা খণ্ডে আবে বাকি ইন্দ্ৰিয়ক।
শৰীৰ আত্মাক বুলি জানি সমস্তক॥
ব্ৰহ্মা মহা মুক্ষত্তম ভকত মহন্ত।
যাতেক কৰিলা স্তুতি তাৰো নাই অন্ত॥