পৃষ্ঠা:ৰাম-মালিকা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ৰাম-মালিকা।

পৰম অমূল্য ইটো হৰি ভক্তি ৰত্ন।
কহে সাধুজনে আক কৰি মহাযত্ন॥
এতেকেসে সাধুজন আন নুহিকন্ত।
সাধুৰ লক্ষণ ইটো কহে ভাগৱত॥
সাধুৰ সম্বন্ধ যত গুৰুতেসে ঘটে।
সব ভক্ত নাশ হোৱে গুৰু মনকষ্টে॥
দুই তোলা সুবৰ্ণক তৰ্যুত যুখিব।
অগ্নিত খপিয়া তাক প্ৰমাণ কৰিব॥
যোখত পোৰাত যদি সমানে ৰহয়।
তেবে সদাগৰে তাক কিনিয়া সেৱয়॥
যদি এক ৰাতি তাত যোখত টুটয়।
এহি তোলা মন্দ বুলি কেহু নলৱয়॥
হেন সম দৃষ্টি যদি হোৱে সাধুজন।
বিষমতা ভৈল নুহি সাধুৰ লক্ষণ।
নিমিৰ আগত সিদ্ধে কৰিলে দঢ়াই
হোৱে নোহে লোৱা সাক্ষী নৱ সিদ্ধ চাই॥
শুনি মহাজন নকৰিবা অসন্তোষ।
মই অধমৰ কিছু নধৰিবা দোষ॥
সভাসদ যাক বুলি শুনা তাৰ কথা।
যিটো গুৰু পাৱে মনে নেৰয় সৰ্ব্বকথা॥
গুৰুক হৃদয়ে ধৰি সন্ত কথা কয়।
সৰ্ব্বদায়ে নাম মুখে হৰিক চিন্তয়॥