পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ৰাম-মালিকা৷

ইঠাৱৰ ভক্ত সব ঋষি সম সব।
আমাক জানিবা সেই শুক পটন্তৰ॥
মাধৱ বান্ধৱ আদি ভকত আছয়।
একান্ত ভকতি কহি ছেদিলো সংশয়॥
শূদ্ৰ বুলি লোকে মোক কৰে উপহাস।
ব্ৰহ্মাৰো বাঞ্ছনি জন্ম তাকো কৰে নাশ॥
কহিলো সমস্ত ইটো মোহোৰ ব্যৱস্থা।
যাতে তাতে নকহিবা সাধে ইটো কথা॥
তাক পাইলে দৈৱকীৰ পুত্ৰকো নোশুধি।
আমাত কৰিবে লোকে ব্ৰহ্ম হেন বুদ্ধি॥
আপোনাকে মই আকে ভাণ্ডিলো আপুনি।
নমানিবে ইটো দুষ্টে ইটো কথা শুনি॥
বুলিবেক শূদ্ৰে ইটো কৱে কৈৰ কথা।
দশম কন্ধক চাই দেখিয়োক তথা॥
বৃন্দাবন বিপ্ৰ সব আৰু কংস দেখা।
ক্ৰমে শিশুপাল জৰাসন্ধ লোৱা লেখা॥
শ্ৰীমদে কৃষ্ণক নমানি ভৈলা অন্ধ।
নাৰায়ণে দেখি তাৰ ছেদিলন্ত কন্ধ॥
কৃষ্ণকে নসহে দেখা আন কোন হয়।
স্বভাৱে কলিৰ লোক মলীন নিশ্চয়॥
ইটো মানবীক ৰূপ আমি আছো ধৰি।
চাৰি অস্ত্ৰ হাতে লৈ যদি ৰাখে হৰি॥