পৃষ্ঠা:ৰাম-মালিকা.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ৰাম-মালিকা ৷

পাছে পাছে খেদে হৰি নাম মহাসিংহ।
মহা ভয়ে ত্ৰাস হুয়া পলাই দিয়া ৰিঙ্গ॥
হৰি নামে খেদন্ত পাপৰ পুৰী নাই।
নামে লাগ পায়া পুৰি কৰিলেক চাই॥
যিমতে কৰিলা পান বিষদেৱ হৰ।
ইসৱ কথাৰ আবে সেই পটন্তৰ॥
তযুভক্ত গোবিন্দক খাইবন্ত সাপে।
তাকো ক্ষয় কৰিবন্ত নাম মন্ত্ৰ যাইপে॥
হেন শুনি বিষ ৰাজা কৰিব ভোজন।
মহা নাম মন্ত্ৰ স্মৰি কৰিবে মোচন॥
হৰি নাম মহা অগ্নি আসি ভৈল হৰ।
হলাহল বিষৰ এহিসে পটন্তৰ॥
জিহ্বায়ে মন্দৰ প্ৰেম ভৈলন্ত বাসুকী।
তাত পাছে শুনা আৰু কথাক উৎসুকি॥
ইন্দ্ৰ শৰে পৰি যেবে মৰিলন্ত বলি।
বলৰ উঠায়া শুক্ৰে তৈকে গৈল চলি॥
দেখাবৰ আথান্তৰ মলিল বলিৰ।
লাগিল মনত দুখ দেখিয়া ঋষিৰ॥
আথে বেথে সঞ্জ মনি কৰিবে লাগিল।
কতো বেলি পাছে বলি উঠিয়া বসিল॥
কোন সঞ্জমনি ইটো নাম মহাবলি।
নাম লৈয়া যাই পাপী বৈকুণ্ঠক চলি॥