পৃষ্ঠা:ৰাম-মালিকা.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ৰাম-মালিকা ৷

সেহি থান মধ্যে এক শৱ পৰি আছে।
নখাৱয় গৃধ্ৰে তাক হেন দেখি পাছে॥
সেই পথে এক বিপ্ৰ চলন্ত হৰিষে।
মাতিলন্ত গৃধ্ৰে যেন অমৃত বৰিষে॥
আমাৰ বচন শুনা তুমি দ্বিজবৰ।
এহি শৱ গোট ফেলি দিয়োক সত্বৰ॥
অমাতৰ মাত সবে কহো তোত আমি।
শৱ অন্তৰাই বাপ দিয়ো আবে তুমি॥
গৃধ্ৰৰ বচন শুনি বিপ্ৰে মনে গুণি।
পেলাইলা টানিয়া হাতে হেন শুনি॥
কহিলন্ত অমাতৰ মাত তেবে পক্ষী৷
ইটো কথা আনত নকৈবা তুমি সখী॥
কহা যদি তেতিক্ষণে হুইবে তযু মৃত্যু।
এহি বুলি গৈলা দ্বিজ কহি তাৰ হেতু॥
পৰুৱা পিম্পৰা আদি যত বাক্য ভাসে।
সবাৰো মাতক সিটো কহে অপ্ৰয়াসে॥
একদিনা তাত পাছে পুছিলা ব্ৰাহ্মণী।
ইসব কথাৰ স্বামী কহিয়ো কাহিনী॥
পৰম বিচিত্ৰ ইটো কথা পাইলা কৈত।
কহিয়োক কথা ইটো শিখিলাহা যৈত॥
দ্বিজে বোলে কথা শুনা মোৰ প্ৰিয়া।
কহো কথা সত্যে তুমি আত মন দিয়া॥